প্ৰকৃতি আৰু বিকাশ
ড° ইন্দিৰা শইকীয়া প্ৰকৃতি হৈছে এক অকৃত্ৰিম বা মৌলিক অৱস্থা। প্ৰকৃতি বুলি কওঁতে প্ৰধানকৈ বায়ু, পানী, মাটিৰে সৃষ্ট ভৌতিক প্ৰকৃতি আৰু জীৱকুল তথা গছ-গছনিৰে পূৰ্ণ জৈৱিক প্ৰকৃতিকে বুজা যায়। প্ৰকৃতিক মাতৃ বুলিও কোৱা হয়। কাৰণ প্ৰকৃতিৰ বুকুতেই জীৱ-জন্তু, তৰু-তৃণ, গছ-গছনি তথা মানুহৰ জন্ম হৈ শ্ৰী বৃদ্ধি ঘটে। মাটি, পানী, বায়ু অবিহনে একোৱেই বৰ্তি থাকিব নোৱাৰে। …









