সম্পাদকীয়

কংকণা দাস

দ্য চীড – এ নেচাৰ্চ বেকন ব্লগে এবছৰ সম্পূৰ্ণ কৰিলে। নেচাৰ্চ বেকনৰ এই ব্লগৰ মূল উদ্দেশ্য হ’ল সাহিত্যৰ মাধ্যমেৰে পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰচাৰ কৰা। যোৱা বছৰত বিভিন্ন ধৰণে পৰামৰ্শ আগবঢ়োৱা আৰু আমাক উৎসাহিত কৰা দ্য চীডৰ সকলো শুভাকাংক্ষীলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। পৰিৱেশ সংৰক্ষণৰ আন্দোলনত পৰিৱেশ আৰু প্ৰকৃতি সাহিত্যৰ বিশেষ ভূমিকা আছে। সাহিত্যই নিৰৱতাৰে বিভিন্ন স্তৰৰ লোকৰ মাজত প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণ সম্বন্ধীয় মূল্যবোধৰ সৃষ্টি কৰে। পৰিৱেশৰ বিভিন্ন উপাদানৰ জ্ঞান আহৰণৰো উৎকৃষ্ট সমল পৰিৱেশ সাহিত্য। বৰ্তমান প্ৰেক্ষাপটত ইণ্টাৰনেটৰ মাধ্যমেৰে প্ৰকাশিত সাহিত্যৰ ভূমিকা যথেষ্ঠ শক্তিশালী। দ্য চীডৰ জৰিয়তে আমি প্ৰকৃতি সাহিত্যৰ ক্ষেত্ৰতো ইণ্টাৰনেটৰ মাধ্যমেৰে জনসমাজত এক সংৰক্ষণৰ বাৰ্তা দিবলৈ বিচাৰো। অনাগত দিনবোৰতো দ্য চীডৰ এই প্ৰকৃতি সংৰক্ষণ সচেতনতাৰ যাত্ৰা অব্যাহত থাকিব।

দুটা দশক ধৰি নেচাৰ্চ বেকনে অসমত অভয়াৰণ্য গঠন আন্দোলনৰ গুৰি ধৰি আহিছে। ইতিমধ্যেই এই অভয়াৰণ্য আন্দোলনৰ ধাৰাই অসমৰ প্ৰতিটো অঞ্চলতেই সফলতা লাভ কৰিছে। চক্ৰশীলা অভয়াৰণ্যৰ পৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ নেচাৰ্চ বেকনৰ এই যাত্ৰা গৌৰৱময়। বৰ্তমান নেচাৰ্চ বেকনৰ লক্ষ্য গোৱালপাৰা জিলাৰ দুখন অৰণ্য পঞ্চৰত্ন আৰু অজগৰক অভয়াৰণ্যৰ মৰ্যদা প্ৰদান কৰা। গোৱালপাৰা জিলা এসময়ত প্ৰাকৃতিক অৰণ্যৰে ভৰপুৰ আছিল। কিন্তু ভাৰতৰ স্বাধীনতাৰ ইমান বছৰ পিছতো অতি দুখজনক ভাৱে এই জিলাত এখনো অভয়াৰণ্যৰ মৰ্যদা পোৱা অৰণ্য নাই। গোৱালপাৰা জিলাৰ অৰণ্য সমূহ হাতীৰ বাবে  যথেষ্ঠ গুৰুত্বপূৰ্ণ।  এনে স্থলত এই দুখন অৰণ্যই অভয়াৰণ্যৰ মৰ্যদা পালে অসমৰ প্ৰাকৃতিক সম্পদত দুখন আপুৰুগীয়া অৰণ্য সম্পদৰ সংযোজন হ’ব লগতে হাতীৰ বিচৰণস্থলীও সংৰক্ষিত হ’ব। ইতিমধ্যেই অসম চৰকাৰে অজগৰ অৰণ্যক অভয়াৰণ্যৰ মৰ্যদা দিবলৈ যাৱতীয় কাম কাজ আগবঢ়াইছে। অতি শীঘ্ৰেই পঞ্চৰত্ন অৰণ্য সম্পৰ্কেও চৰকাৰে কাৰ্যপন্থা ল’ব বুলি আমি আশাবাদী। যোৱা ১০ বছৰ ধৰি নেচাৰ্চ বেকনৰ সদস্যই এই অৰণ্যত যাৱতীয় সৰ্বেক্ষণৰ কাম কৰি আছে। এই অৰণ্য সম্পৰ্কে বিভিন্ন স্তৰত, বিভিন্ন মাধ্যমেৰে সজাগতাৰ কামো চলি আছে। আমি আশাবাদী অসমৰ প্ৰতিখন আপুৰুগীয়া প্ৰকৃতি প্ৰদত্ত অৰণ্য অভয়াৰণ্যৰ  অথবা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যদাৰে প্ৰকৃতাৰ্থত সংৰক্ষিত হ’ব। প্ৰকৃতি সাহিত্যই এই ক্ষেত্ৰত আৰু অধিক শক্তিশালী ভূমিকা পালন কৰক। শেষত দ্য চীডৰ প্ৰতিগৰাকী শুভাকাংক্ষীলৈ আমি দ্য চীড পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ ফালৰ পৰা পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। অসমৰ প্ৰতিখন অৰণ্য সংৰক্ষিত হওক, প্ৰতিটো বন্যপ্ৰাণ সুৰক্ষিত থাকক।

দ্য চীডত আপুনিও প্ৰকৃতি সম্পৰ্কীয় বাৰ্তা-  লেখা, প্ৰবন্ধ, নিবন্ধ, কবিতা অথবা যিকনো সৃজনীশীল মাধ্যমত আমালৈ  তলৰ ই মেইলত পঠাব পাৰে। 👇

email: articlesnb@gmail.com

দ্য চীড- এ নেচাৰ্চ বেকন ব্লগৰ লিংক 👇

‘The seed’- a Nature’s Beckon’s Blog
ব্লগৰ লিংক : http://naturesbeckon.org/blogteam

শ্বেয়াৰ কৰক: