অসমত মুক্ত প্ৰকৃতিত শিক্ষাৰ সুযোগ

'Tapoban', an educational unit of Nature's Beckon, epitomise the ceaseless journey of the organisation in spreading the roots of forest based nature-conservation-education in Assam. PC: Jyotimoy Kalita.
Soumyadeep2

-       সৌম্যদ্বীপ দত্ত

প্ৰকৃতিৰ মুক্ত প্ৰাংগনত অৰণ্যত নদীৰ তীৰত বা গছৰ তলত বহি পাঠ দান আৰু পাঠ গ্ৰহণৰ পৰম্পৰাটো প্ৰাচীন ভাৰতৰ পৰম্পৰা৷ প্ৰাচীন ভাৰতত ৰজা–মহাৰজাৰ সন্তানবোৰো শিক্ষা গ্ৰহণৰ বাবে অৰণ্যৰ আশ্ৰয়ত থকা গুৰু গৃহত যাব লগা হৈছিল৷ প্ৰকৃতিৰ প্ৰত্যক্ষ তথা অকৃত্ৰিম পৰিৱেশত থাকি শিক্ষা গ্ৰহণৰ ব্যৱস্থাটো অকল পুথিগত শিক্ষাৰ গণ্ডিত সীমাৱদ্ধ বা আৱদ্ধ নাছিল৷ পুথিগত বা আনুষ্ঠানিক শিক্ষাৰ লগে লগে মনুষ্যত্ব বিকাশৰ শিক্ষা যদি প্ৰশমিত নহয়, মানুহৰ অন্তৰত থকা সৎগুণবোৰৰ যদি বিকাশ সাধন নহয়, মানুহে যদি প্ৰকৃতিৰ অন্যান্য প্ৰাণী বা প্ৰাণৰ লগত নিজকে সংযুক্ত কৰিব নোৱাৰে, প্ৰকৃতিৰ সকলো পৰিস্থিতিৰ অনুকূলতা আৰু প্ৰতিকূলতাক যদি মনৰ মাজত সহজতেই গ্ৰহণ কৰাৰ ক্ষমতা অৰ্জিত নহয়, আনৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ আৰু সহানুভূতিৰ অনুভৱ যদি মনত সংপৃক্ত হৈ নাথাকে, তেনেহ’লে সেই ব্যক্তিক শিক্ষিক কোৱাতকৈ দক্ষতাপূৰ্ণ ব্যক্তি কোৱাটো অধিক যুক্তিপূৰ্ণ৷ আমাৰ সমাজত এনেকুৱা বহুত দক্ষতাপূৰ্ণ মেধাবী ব্যক্তি আছে যিসকলে প্ৰকৃত অৰ্থত শিক্ষিত নহয়৷ আকৌ আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যিসকল আক্ষৰিক নহয়, কিন্তু প্ৰচণ্ড শিক্ষিত৷ প্ৰকৃতিৰ অনুভৱ নোহোৱাকে প্ৰকৃতিৰ নিৰ্মলতাৰ প্ৰভাৱৰ অবিহনে মানুহ প্ৰকৃত ৰূপত শিক্ষিত হ’ব নোৱাৰে, অন্ততঃ মোৰ ব্যক্তিগত ধাৰণা তেনেকুৱা৷

        আমাৰ দেশ ভাৰতবৰ্ষৰ জ্ঞান অণ্বেষণৰ অন্যতম এটা মাধ্যম আছিল – ভ্ৰমণৰ মাধ্যমেৰে শিক্ষা গ্ৰহণৰ পৰম্পৰা৷ প্ৰাচীন ভাৰতৰ জ্ঞানী তথা শিক্ষিত লোক সকলেই আছিল পৰিব্ৰাজক৷ বিভিন্ন সমাজৰ অভিজ্ঞতা আৰু মুক্ত প্ৰকৃতিৰ পৰ্যবেক্ষণৰ মাধ্যমেৰে যিসকলে জ্ঞান সংগ্ৰহ কৰিছিল তেওঁলোকেই পণ্ডিত বুলি বিবেচিত হৈছিল৷ এই পণ্ডিত সকলেই তেওঁলোকৰ অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ মাধ্যমেৰে সংগৃহীত জ্ঞানক লিখিত ৰূপত সংৰক্ষিত কৰে৷ তেনেকৈ পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ মাধ্যমেৰে সৃষ্টি হয় ভাৰতীয় প্ৰাচীন সাহিত্যৰ৷ ভাৰতৰ এই প্ৰাচীন সাহিত্যকেই আমি সনাতন ভাৰতৰ ধৰ্মগ্ৰন্থ বুলি অভিহিত কৰোঁ৷ ভাৰতৰ অন্যতম সন্যাসী, মহামুনী গৌতম বুদ্ধৰ জীৱন যদি আমি অধ্যয়ন কৰোঁ তেনেহ’লে আমি উপলব্ধি কৰিবলৈ সক্ষম হ’ম যে জ্ঞান বা সত্যৰ অনুভৱ উপলব্ধি তথা প্ৰয়োগৰ বাস্তৱতা, কোনো কক্ষৰ মাজত আৱদ্ধ থাকি অৰ্জন কৰাটো সম্ভৱ নহয়৷ সিদ্ধাৰ্থ  মহামুনী গৌতমলৈ ৰূপান্তৰিত হৈছিল –ৰাজমহলৰ কোঠাত নহয়৷ অৰণ্যৰ মুক্ত প্ৰকৃতিতেই সিদ্ধাৰ্থৰ জ্ঞান প্ৰাপ্তি হৈছিল । সিদ্ধাৰ্থ হৈছিল সকলো জ্ঞানৰ অধিকাৰী বুদ্ধ৷ ভাৰতবৰ্ষত জ্ঞান অৰ্জনৰ মূল লক্ষ্য জীৱিকা অৰ্জন নাছিল, সেইসময়ত অধিকাংশ জ্ঞানী ব্যক্তি বা শিক্ষক সকল আছিল ধনহীন, কাৰণ আৰ্থিক লাভালাভৰ বাবে জ্ঞান অৰ্জনৰ লক্ষ্য বা উদ্দেশ্যে তেতিয়া নাছিল ৷ প্ৰাচীন ভাৰতৰ আচাৰ্য সকল আছিল সাধু–সন্যাসী, ভান্তে বা ভিক্ষুক৷ ৰজা–মহাৰজা, বেপাৰী আৰু সদাগৰসকলৰ দানেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল৷ সমাজত কিন্তু তেওঁলোকৰ স্থান আছিল সৰ্বোচ্চ স্থানত ৷ ৰজা–মহাৰজা সকলেও আচাৰ্য তথা এই জ্ঞানী ব্যক্তি সকলৰ চৰণ বন্দনা কৰিছিল৷ গৌতম বুদ্ধৰ দৰে শিক্ষকৰ জীৱন আছিল সম্পূৰ্ণ অৰণ্যভিত্তিক । জীৱনৰ সামান্য সময় তেওঁ ৰাজপ্ৰাসাদত অতিবাহিত কৰিছিল৷ গৌতম বুদ্ধৰ জন্ম হৈছিল মুক্ত অৰণ্যত, জ্ঞান প্ৰাপ্তি হৈছিল অৰণ্যত আৰু তেওঁৰ জীৱনৰ পৰিনিৰ্বাণ প্ৰাপ্তিও ঘটে অৰণ্যত৷ ৰামায়ণ, মহাভাৰত ইত্যাদি প্ৰাচীন ভাৰতৰ মহাকাব্যবোৰত উল্লেখ থকা জ্ঞানী পণ্ডিত আচাৰ্য যেনে – বিশ্বমিত্ৰ, দ্ৰোণাচাৰ্য , কৃপাচাৰ্য ইত্যাদি প্ৰত্যেকেই আছিল অৰণ্য আশ্ৰিত অঞ্চলত৷ ভাৰতবৰ্ষৰ প্ৰাচীন পৰম্পৰাত ছাত্ৰ–ছাত্ৰী সকলৰ পৰা ধন লৈ শিক্ষা প্ৰদানৰ পৰম্পৰা নাছিল৷ সমাজৰ সাৰ্বিক মঙ্গলৰ বাবেই আচাৰ্য সকলে ছাত্ৰ–ছাত্ৰীক শিক্ষা প্ৰদান কৰিছিল৷ জ্ঞান প্ৰদান কৰিছিল৷ ছাত্ৰ–ছাত্ৰী সকলে জ্ঞান অৰ্জন কৰি, সমাজৰ মঙ্গল সাধন কৰাৰ নৈতিক দায়িত্ব আছিল নিজ নিজ সমাজৰ প্ৰতি ছাত্ৰ–ছাত্ৰীসকলৰ অঙ্গীকাৰ৷ ভাৰতৰ অন্যতম প্ৰাচীন বিশ্ববিদ্যালয়, বিখ্যাত নালন্দা বিশ্ববিদ্যালত শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ সকলক কোনো ধৰণৰ ধন প্ৰদানৰ নিয়ম বা ব্যৱস্থা নাছিল৷ গুৰু বা আচাৰ্য সকলৰ কোনো ধৰণৰ পাৰিশ্ৰমিক নাছিল৷ নালন্দাৰ চাৰিওফালে অৱস্থান কৰা প্ৰায় দুশখন গাঁৱৰ মানুহে নালন্দাৰ সকলো ছাত্ৰ আৰু গুৰু আচাৰ্যসকলৰ বাবে ভোজন ইত্যাদিৰ ব্যৱস্থা কৰিছিল৷ নালন্দাৰ শিক্ষাৰ অন্যতম লক্ষ্য আছিল প্ৰকৃতিৰ সুৰক্ষা আৰু প্ৰাকৃতিক বাতাবৰণত শিক্ষা প্ৰদানৰ ব্যৱস্থা৷

Soumyadeep Datta continues to connect young students, and youths from across Assam, with various aspects of nature conservation through his innovative educational approach. PC: NB Archives.

 আধুনিক ভাৰতত প্ৰকৃতিৰ মুক্ত পাঠশালাত শিক্ষা প্ৰদানৰ ব্যৱস্থাক, বিশ্ববিদ্যালয়ৰ পৰ্যায়ত বাস্তৱতা প্ৰদান কৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে৷ ১৯২১ চনৰ ২৩ ডিচেম্বৰ তাৰিখে শান্তিনিকেতনত বিশ্বভাৰতী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়৷ বিশ্ব ভাৰতী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ মাজেৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰাচীন ভাৰতৰ প্ৰাচীন পৰম্পৰাক পুনৰ স্থাপনৰ চেষ্টা কৰিছিল৷

        মুক্ত প্ৰকৃতিৰ মাজত শিক্ষা গ্ৰহণৰ সৰ্বাধিক ধনাত্মক দিশটো হ’ল যে প্ৰকৃতিৰ সামগ্ৰিক পৰিস্থিতিক অনুধাৱন আৰু অভিজ্ঞতা গ্ৰহণৰ সুযোগ৷ প্ৰকৃতিৰ সংৰক্ষণৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মুক্ত প্ৰকৃতিত শিক্ষা গ্ৰহণৰ আৱশ্যকতা অত্যন্ত গুৰুত্বপূৰ্ণ৷ আধুনিক প্ৰাণী বিজ্ঞান, উদ্ভিদবিদ্যা বা জীৱ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে অৰণ্য তথা প্ৰাকৃতিক বাসস্থানৰ অধ্যয়ন, লগতে অৰণ্য যাপনৰ অভিজ্ঞতা অত্যন্ত প্ৰয়োজন৷ মোৰ ব্যক্তিগত ধাৰণাত, আমাৰ প্ৰত্যেকজন ছাত্ৰ–ছাত্ৰীৰ অৰণ্য যাপনৰ অভিজ্ঞতা থকাটো অত্যন্ত প্ৰয়োজন৷ বৰ্তমানে আমাৰ অসমত অসমীয়া সাহিত্যৰ ছাত্ৰ–ছাত্ৰীসকলে অৰণ্যত বাস্তৱ প্ৰশিক্ষণ, অভিজ্ঞতা আৰু প্ৰকৃতি সংৰক্ষণ তথা  বন্যপ্ৰাণী সংৰক্ষণৰ পাঠ গ্ৰহণ কৰি অসমৰ প্ৰকৃতি সংৰক্ষণ আন্দোলনত উল্লেখযোগ্য ভূমিকা পালন কৰি আছে৷ উদাহৰণ হিচাবে আমি নৰ্থ লক্ষীমপুৰ কলেজৰ অসমীয়া বিভাগৰ ছাত্ৰ–ছাত্ৰীসকলৰ কথা ক’ব পাৰো৷ যোৱা তিনিটা বছৰ ধৰি নৰ্থ লক্ষীমপুৰ কলেজৰ অসমীয়া বিভাগৰ ছাত্ৰ–ছাত্ৰী সকলে অকল অৰণ্য যাপনৰ মাধ্যমেৰে তথা অৰণ্যৰ অভ্যন্তৰত গৈ প্ৰকৃতি অধ্যয়নৰ শিক্ষাই গ্ৰহণ কৰা নাই, অসমীয়া বিভাগৰ এই ছাত্ৰ–ছাত্ৰী সকলে সমাজৰ বিভিন্ন স্তৰত গৈ, বিভিন্ন বিদ্যালয়ত আৰু গাঁৱৰ সমাজত প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা প্ৰদানৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে৷ এইক্ষেত্ৰত নৰ্থ লক্ষীমপুৰ কলেজৰ তথা অসমীয়া বিভাগৰ শিক্ষাগুৰু, শিক্ষয়িত্ৰী, আচাৰ্য সকলৰ উৎসাহ অৰিহণা কম নহয়৷

        আমাৰ অসমত ছাত্ৰ–ছাত্ৰী সকলক লৈ প্ৰকৃতিৰ মাজত গৈ পাঠদানৰ সুযোগ আছে যথেষ্ট৷ বাস্তৱ শিক্ষাৰ মাধ্যমে আমি আমাৰ শিক্ষাক, অধিক কাৰ্যক্ষম কৰি তোলাৰ সুবিধা আমাৰ ৰাজ্যত আছে যথেষ্ট৷ তথাপি আমাৰ শিক্ষা প্ৰতিষ্ঠানবোৰে বিষয়টোৰ প্ৰতি যিমান সুবিধা গ্ৰহণ কৰা উচিত আছিল সিমানটো আগ্ৰহ এতিয়ালৈকে দেখুওৱা নাই৷ অসমৰ কেইখনমান শিক্ষা প্ৰতিষ্ঠানে নিজৰ ছাত্ৰ–ছাত্ৰীৰ বাস্তৱ শিক্ষাক গুৰুত্ব প্ৰদান কৰি ইতিমধ্যে এই অনুশীলনত লিপ্ত হৈছে আৰু আশা কৰা ধৰণেৰে অগ্ৰগতি লাভ কৰিছে৷

Nature's Beckon has led Assam through an overhaul of nature-conservation based mass educational programs since its begining in the late 1970s. PC: NB Archives.

 ১৯৮২ চনৰ পৰা মুক্ত প্ৰকৃতিৰ মাজত থাকি অৰণ্য সংৰক্ষণৰ শিক্ষা তথা প্ৰশিক্ষণ দিয়াৰ কাম, আমি আমাৰ সংগঠন নেচাৰ্চ বেকনৰ তৰফৰ পৰা সংগঠিত কৰিবলৈ আৰম্ভ কৰো৷ অসমৰ প্ৰকৃতি সংৰক্ষণৰ চিন্তাক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে আমি অসমত প্ৰকৃতি শিবিৰ স্থাপন কৰিবলৈ আৰম্ভ কৰো৷ প্ৰথম অৱস্থাত আমি চক্ৰশীলাৰ অৰণ্যত মাউৰিয়া ঝৰাৰ ওচৰত আমাৰ প্ৰকৃতি শিবিৰ পাতিছিলো তেতিয়া চক্ৰশীলাৰ অৰণ্য অভয়াৰণ্য ৰূপে সংৰক্ষিত হোৱা নাছিল৷ প্ৰথম অৱস্থাত চক্ৰশীলা অৰণ্যৰ দাঁতিতে লাগি থকা গাঁওবোৰৰ যুৱক–যুৱতী সকলক আমি প্ৰকৃতি শিবিৰৰ মাধ্যমে অৰণ্য সংৰক্ষণৰ বাবে উপযুক্ত ৰূপে প্ৰশিক্ষিত কৰি তুলিছিলো৷ এই যুৱক–যুৱতীসকলকলৈয়ে আমাৰ চক্ৰশীলাৰ অৰণ্য সংৰক্ষণৰ আন্দোলন গঢ়ি উঠে৷ যাৰ পৰিণতীত সৃষ্টি হয় চক্ৰশীলা অভয়াৰণ্যৰ৷ পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক–যুৱতী সকলক চক্ৰশীলা প্ৰকৃতি শিবিৰত প্ৰশিক্ষণ দিয়া হয়৷ চক্ৰশীলা অভয়াৰণ্যৰ বাহিৰে অসম, অৰুণাচল আৰু মেঘালয়ৰ বিভিন্ন অৰণ্যত নেচাৰ্চ বেকনে প্ৰকৃতি শিবিৰৰ মাধ্যমেৰে অসমৰ যুৱক যুৱতী সকলক বাস্তৱ শিক্ষাৰ অভিজ্ঞতাৰে প্ৰশিক্ষিত কৰি তোলে৷ অৰণ্যত শিবিৰ পাতি বসবাস তথা শিক্ষা গ্ৰহণৰ পৰম্পৰা আৰম্ভ হয় নেচাৰ্চ বেকনৰ প্ৰচেষ্টাত৷ মুক্ত প্ৰকৃতিত শিক্ষাৰ অন্যতম প্ৰভাৱশালী অভ্যাস বা অভিজ্ঞতা হ’ল অৰণ্য যাপন যিটো প্ৰকৃতি শিবিৰৰ মাধ্যমেৰে ধুনীয়াকৈ অনুশীলন সম্ভৱ৷ অৰণ্যৰ বাতাবৰণত খোজকাঢ়ি ভ্ৰমণৰ শাৰীৰিক কষ্ট আৰু মানসিক সুখ, বন্যপ্ৰাণীৰ গতিবিধি পৰ্যবেক্ষণৰ মাধ্যমেৰে অভিজ্ঞতা সঞ্চয় কৰা আৰু নিজৰ নিৰাপত্তা নিশ্চিত কৰি অৰণ্যৰ মাজেৰে আগুৱাই যোৱাৰ অভিজ্ঞতা সঞ্চয়, অৰণ্য তথা প্ৰাকৃতিক অঞ্চলৰ শব্দ আৰু গোন্ধৰ লগত সংযুক্ত হোৱাৰ সুযোগ, স্বাভাৱিক অৱস্থাৰ তুলনাত প্ৰতিকূল অৱস্থাৰ পৰিৱেশত নিজক কিদৰে সুৰক্ষিত ৰাখিব লাগে তাৰ অভিজ্ঞতা সঞ্চয়, দলবদ্ধ হৈ কাম কৰাৰ আনন্দ আৰু সুবিধা, আনক সহযোগিতা কৰাৰ মানসিক প্ৰস্তুতি, অনিশ্চয়তাৰ লগত নিজৰ মনৰ সম্পৰ্ক স্থাপনৰ দক্ষতা, প্ৰকৃতিৰ হাজাৰ হাজাৰ প্ৰাণ আৰু পদাৰ্থৰ লগত প্ৰত্যক্ষ যোগাযোগৰ মাধ্যমে মনৰ উদ্ভাৱনী শক্তিৰ জাগৰণৰ  বিকাশ, চৰাইৰ মাতৰ বিভিন্ন মুহূৰ্ত, জিলিৰ শব্দ, বতাহ আৰু অৰণ্যৰ ঘৰ্ষণৰ শব্দ, নিজৰাৰ পানীৰ তৰঙ্গৰ ধবনি, ৰ’দ বৰষুণৰ অনুভৱ৷ সামগ্ৰিক ভাৱে প্ৰতিকূলতা, প্ৰাকৃতিকতা আৰু নিৰ্মলতাৰ লগত সহঅৱস্থানৰ মাধ্যমে যি মানসিক স্থিতিৰ সৃষ্টি হয়, তাৰ আধাৰত গ্ৰহণ কৰা শিক্ষা যে শ্ৰেণীকোঠাৰ শিক্ষাতকৈ অধিক শক্তিশালী, অধিক গতিশীল আৰু অধিক কাৰ্যকৰীভাৱে প্ৰভাৱশালী হ’ব তাত অকণো সন্দেহ নাই৷

        মুক্ত প্ৰকৃতিৰ বুকুত গ্ৰহণ কৰা শিক্ষাৰ কিছুমান মুহূৰ্ত বা কিছুমান ঘটনা মানুহৰ মনত তথা মানুহৰ স্মৃতিক এনেদৰে প্ৰভাৱিত কৰে যে– আজীৱন মানুহে সেই স্মৃতি ৰোমন্থনৰ মাধ্যমে সুখানুভূতিৰ আমেজত পৰিপূৰ্ণ হৈ থাকিব পাৰে৷ যিবোৰ ছাত্ৰ–ছাত্ৰীয়ে অৰণ্যৰ মাজত হলৌ বান্দৰৰ সমূহীয়া মাত শুনিছে, ৰাতিপুৱাৰ কুঁৱলীৰ বাতাবৰণত মৌৰা চৰাইৰ কেকা ধবনি শুনিছে, অৰণ্যত বাঘৰ গৰ্জন শুনিছে, চৰাইৰ মাতেৰে মুখনিত অৰণ্যৰ পৰিৱেশত সময় অতিবাহিত কৰিছে৷ সোণালী বান্দৰৰ চকুত চকু থৈ, এক দৃষ্টিত চাই থকাৰ অভিজ্ঞতা অৰ্জন কৰিছে, অৰণ্যত হাপা–বা বনবোন্দাৰ মাতত সন্ধিয়াৰ সময়ত চক খাই উঠিছে, অৰণ্যত সুগৰী পহুৰ মাত শুনিছে, শিমলু ফুলা বতৰত শিমলুৰ ডালত বহা মইনা চৰাইৰ সুহুৰিৰ শব্দত বিভোৰ হৈছে, আন্ধাৰ ৰাতি হুদুৰ মাত শুনাৰ অভিজ্ঞতা যিসকলৰ হৈছে, গভীৰ অৰণ্যত মুষলধাৰ বৰষুণত তিতাৰ অভিজ্ঞতা যি সকলৰ এবাৰ হৈছে – সেই কথা আজীৱন তেওঁলোকৰ মনত থাকি যায় আৰু সেই স্মৃতি আৰু অভিজ্ঞতাবোৰ অনুপ্ৰেৰণা হৈ মানুহক বহিঃমুখী কৰি তোলে৷ মানুহক বা আমাৰ ছাত্ৰ–ছাত্ৰীসকলক বহিৰ্মূখী কৰি তোলাৰ প্ৰচেষ্টাটো একধৰণৰ প্ৰাথমিক শিক্ষা৷ প্ৰকৃতি শিবিৰ এই বহিৰ্মূখী শিক্ষাৰ অনুপ্ৰেৰণাত, অনুঘটকৰ কাম কৰে৷

The first picture shows a group of students from the Department of Zoology, B. N. College (Autonomous), Dhubri at Chakrashila Wildlife Sanctuary, during their forest based learning module. The second picture shows students from the Department of Assamese, North Lakhimpur University, at Dihing Patkai National Park, during their field study. PC : NB Archives.

বহুত ল’ৰা–ছোৱালী বা বহুত ছাত্ৰ–ছাত্ৰী প্ৰত্যেক বছৰ বিভিন্ন সময়ত আমাৰ লগত অৰণ্যলৈ যায়৷ মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ লগত আমাৰ অভিজ্ঞতাটো হ’ল যে মহাবিদ্যালয়ৰ অধিকাংশ ছাত্ৰ–ছাত্ৰীৰ মুক্ত অৰণ্যত বিচৰণৰ অভিজ্ঞতা আমাৰ লগতেই প্ৰথম৷ অসমৰ দৰে ৰাজ্যত বসবাস কৰাৰ পিছতো নিৰ্মল অৰণ্য ভ্ৰমণৰ আনন্দৰ পৰা তেওঁলোক অধিকাংশ ছাত্ৰ–ছাত্ৰীয়ে নিজৰ জ্ঞাতে বা অজ্ঞাতে নিজকে বঞ্চিত কৰি ৰাখিছে৷ বাস্তৱ মুক্ত প্ৰকৃতিত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ ফলত অধিকাংশ ছাত্ৰ–ছাত্ৰীৰ প্ৰকৃত জ্ঞান অৰ্জন হোৱা নাই৷ আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ–ছাত্ৰী সকল অত্যন্ত মেধাবী তথা বুদ্ধিমন্ত কিন্তু মুক্ত প্ৰকৃতিত বাস্তৱ শিক্ষাৰ অনুশীলনৰ অভাৱৰ ফলত তেওঁলোকে নিজৰ অধ্যয়নৰ বিশেষ বিষয় পাঠ বা প্ৰসঙ্গ সম্পৰ্কে সঁচা অৰ্থত নিজকে পাৰদৰ্শী কৰি গঢ়ি তুলিবলৈ সক্ষম হোৱা নাই৷ আমি মন কৰিছো যে – বহুত ছাত্ৰ–ছাত্ৰী, বিশেষকৈ প্ৰাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ–ছাত্ৰীৰ প্ৰায় ৯৫ শতাংশ ল’ৰা ছোৱালী অত্যন্ত মেধাৱী, তেওঁলোকৰ পৰীক্ষাৰ ফলাফল তথা নম্বৰও বহুত ভাল কিন্তু বাস্তৱ অৰ্থত তেওঁলোকৰ শিক্ষাৰ কাৰ্যকৰীতা অত্যন্ত দুৰ্বল৷ প্ৰাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞান পাঠ কৰি থকা স্নাতকোত্তৰ ছাত্ৰ–ছাত্ৰীৰ যি সকলৰ নম্বৰ নব্বৈ শতাংশৰ ঘৰত, তেওঁলোকেও বনৰীয়া গছ–গছনী, উদ্ভিদ, পোক –পতঙ্গ, চৰাই, সৰীসৃপ বা বনৰীয়া স্তন্যপায়ী জীৱজন্তু ভালদৰে চিনি নাপায়৷ আমাৰ শিক্ষা ব্যৱস্থাত এই বাস্তৱতা অত্যন্ত দুৰ্ভাগ্যজনক৷ এই পৰিস্থিতিৰ বাবে ছাত্ৰ ছাত্ৰী সকলে অলপো দায়ী নহয়, আমাৰ ছাত্ৰ–ছাত্ৰীসকলক লৈ মুক্ত প্ৰকৃতিত অধ্যয়নৰ কোনো পৰিকল্পনা নথকাৰ বাবে বা পৰিকল্পনাৰ দুৰ্বলতাৰ বাবে আজি আমাৰ এই অৱস্থা৷ যিকোনো উপায়ে এই পৰিৱেশ আৰু অৱস্থাৰ পৰিৱৰ্তন ঘটাব লাগিব৷ বৰ্তমানৰ নতুন শিক্ষা নীতিৰ প্ৰৱৰ্তনৰ দ্বাৰা চৰকাৰে এই অৱস্থাৰ পৰিৱৰ্তনৰ চেষ্টা কৰি আছে কিন্তু আমাৰ সামগ্ৰিক সমাজখনে এই কথাটো অনুভৱ কৰিব লাগিব৷

        ১৯৮২ চনৰ পৰাই আমি প্ৰকৃতি শিবিৰৰ মাধ্যমে মুক্ত প্ৰকৃতিত শিক্ষা প্ৰদানৰ ব্যৱস্থাটো কাৰ্যকৰী কৰি ৰখাৰ উপৰি যোৱা পাঁচ বছৰ ধৰি অসমৰ কিছুমান অত্যন্ত গুৰুত্বপূৰ্ণ শিক্ষা প্ৰতিষ্ঠানৰ লগত একত্ৰিত ভাৱে [মুক্ত প্ৰকৃতিত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত] সেই শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ–ছাত্ৰীক লৈ অৰণ্যত বাস্তৱ প্ৰশিক্ষণ আৰু অনুশীলনৰ কামত আত্মনিয়োগ কৰিছো৷ এই কামটোত আমাৰ অনুভৱ অত্যন্ত ধনাত্মক৷ অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়, ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়, গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয় আৰু নৰ্থ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ লগত আনুষ্ঠানিক ভাৱে আমি কাম কৰি আছো৷ ভোলানাথ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগ, বি. বৰুৱা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজকৰ্ম বিভাগ আৰু নৰ্থ লক্ষীমপুৰ কলেজৰ অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰী সকলকলৈ আমি অৰণ্যৰ অভ্যন্তৰত শিক্ষা গ্ৰহণ, অৰণ্যৰ অভিজ্ঞতা সঞ্চয় আৰু প্ৰশিক্ষণৰ আয়োজন কৰিছো৷ এই ক্ষেত্ৰত ছাত্ৰ–ছাত্ৰী সকলৰ লগত আমাৰ অভিজ্ঞতা অসাধাৰণ আৰু এই মুক্ত প্ৰকৃতিৰ অনুশীলনত ছাত্ৰ–ছাত্ৰী সকলেও অত্যন্ত উৎসাহী৷

Students and faculty members from the Department of Botany, B. Borooah College (Autonomous), Guwahati, with Nature's Beckon, at Jayanti River in the Buxa Tiger Reserve, West Bengal, during their field based educational workshop in the heart of the Duars Himalayas. PC: Jyotimoy Kalita.

অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী সকলৰ মাজত যাতে মুক্ত প্ৰকৃতিত শিক্ষা গ্ৰহণৰ প্ৰৱণতা তথা আগ্ৰহ বৃদ্ধি পায় তাৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো৷ অসমৰ প্ৰায় সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী সকলৰ মাজতগৈ কথা–বতৰা পতাৰ সুযোগ বছৰত অন্ততঃ এবাৰ আমাৰ হয়৷ কিন্তু ছাত্ৰ–ছাত্ৰী সকলক মুক্ত প্ৰকৃতিত লৈ গৈ পাঠদানৰ বাস্তৱতা তেতিয়াহে সম্ভৱ যেতিয়া শিক্ষা প্ৰতিষ্ঠানৰ কতৃৰ্পক্ষ, অধ্যক্ষ বা বিভাগৰ মুৰব্বী সকলে এই বিষয়টোত আগভাগ ল’বলৈ ইচ্ছা কৰে৷ এই ক্ষেত্ৰত আমাৰ ছাত্ৰ–ছাত্ৰী সকলৰ পিতা–মাতা তথা অভিভাৱক সকলৰো এটা ডাঙৰ ভূমিকা আছে৷ আমাৰ সন্তান–সন্ততি, ছাত্ৰ–ছাত্ৰী তথা আমাৰ নতুন প্ৰজন্মক মুক্ত প্ৰকৃতিৰ মাজেৰে শিক্ষা গ্ৰহণৰ বাবে আমি উৎসাহ প্ৰদান কৰিব লাগিব, সুযোগ কৰি দিব লাগিব লগতে সহায় সহযোগিতাও কৰিব লাগিব৷

Nature's Beckon's 'Prakriti Shibir' provides a unique experince of holistic learning amid natural ambience of forests, mountains, rivers, and wilderness; its educational effectiveness is been curated and enhanced througout the past four and half decades of Nature's Beckon's journey in leading the biodiversity conservation movement of Assam through effective educational programs, and educational materials. PC : NB Archives.