Month: June 2021

Dead elephants of Bamunipahar

কাক সুৰক্ষা দিবলৈ এই প্ৰতিবেদন? / ১৮ হাতীৰ কৰুণ হত্যা

বিকাশ বৰদলৈ নগাঁৱৰ বামুণী পাহাৰত যোৱা ১৩ মে’ত মৃত্যু হোৱা ১৮টাকৈ হাতীৰ তদন্তৰ প্ৰতিবেদন অসমৰ বনমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই প্ৰতিবেদন দেখাত এক বৈজ্ঞানিক ভিত্তি থকা বিশেষজ্ঞৰদ্বাৰা পৰীক্ষা-নিৰীক্ষাৰ অন্তত প্ৰকাশ কৰা দস্তাবেজ যেনহে লাগে। সামগ্ৰীক দৃষ্টিত প্ৰতিবেদনখনত কোনো খুট ৰখা হোৱা নাই যদিও আপুনি যদি বুদ্ধিদীপ্ত আৰু প্ৰজ্ঞাৰে সূক্ষ্মভাৱে নিৰীক্ষণ কৰে তেনে ইয়াৰ পাতে পাতে সমগ্ৰ …

কাক সুৰক্ষা দিবলৈ এই প্ৰতিবেদন? / ১৮ হাতীৰ কৰুণ হত্যা Read More »

হাবিখন হেটুলুকা উৰুঙা মাত এটাৰ বাহিৰে

(বামুণী পাহাৰৰ দুৰ্ভগীয়া হাতীবোৰৰ হৈ) তোষেশ্বৰ মিৰি আগৰৱালা হাবিখন হেটুলুকাৰ উৰুঙা মাত এটাৰ বাহিৰে নিজম হৈ আছিল। অভিমানী হাতী এজনী দুখ পোৱাৰ দৰে মাত দি কাণ-মুৰ জোকাৰি জোকাৰি নিৰৱে গুচি গৈছিল….. হয়তো মানুহে কেতিয়াও শেষ কৰিব নোৱাৰা আৰু এখন সেউজীয়া অৰণ্যৰ ঠিকনা বিচাৰি। বুকুখন বৰ উদং যেন লাগিছিল.. কাৰণ সেউজবৰণীয়া ৰঙত যে সংপৃক্ত ঘামে ধোৱা …

হাবিখন হেটুলুকা উৰুঙা মাত এটাৰ বাহিৰে Read More »

সম্পাদকীয়-জুন ২০২১

কংকণা দাস পৰিৱেশ দিৱসৰ শুভকামনা বোৰ আজিলৈ থাকক। নিজৰ ভিতৰলৈ ভুমুকিয়াই চাওঁ আহক। কিমান উন্নতি কৰিলো আমি? আমাৰ উন্নতিৰ জখলা ডাল বহুত দীঘল, কল্পনাৰো অগোচৰ। জখলাডাল দীঘলৰ পৰা অতি দীঘল হৈ গৈ আছে ক্ৰমাৎ নহয়নে! জখলা ডালত বগাবলৈ আমি আমাৰ কিমান সহোদৰৰ প্ৰাণৰ আহুতি ল’লো বাৰু!… দুহাত আজুৰি মানুহে সপোন দেখে। ভোগবাদী সপোনৰ কোবাল সোঁতত …

সম্পাদকীয়-জুন ২০২১ Read More »

১৮টা হাতীৰ মৃত্যুৰ বাবে অপৰাধী কোন?

সৌম্যদ্বীপ দত্ত অসমৰ নগাঁও জিলাৰ বামুনীপাহাৰ— তপতজুৰি অঞ্চলৰ অৰণ্যত ১৮টা হাতীৰ ৰহস্যজনক মৃত্যুৰ কথা আমি প্ৰত্যেকে অৱগত। বনবিভাগৰ তথ্য মতে ১২ মে’ ২০২১ত হাতীকেইটাৰ মৃত্যু হৈছিল। প্ৰথম দিনৰ পৰাই আমি সন্দেহ প্ৰকাশ কৰিছিলো যে, এই ১৮টা হাতীক কোনো দুষ্ট চক্ৰই হত্যা কৰিছে। অসমৰ বনমন্ত্ৰী শ্ৰীপৰিমল শুক্লবৈদ্য ডাঙৰীয়াই সেইদিনাই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে তিনি দিনৰ …

১৮টা হাতীৰ মৃত্যুৰ বাবে অপৰাধী কোন? Read More »