কংকণা দাস
পৰিৱেশ দিৱসৰ শুভকামনা বোৰ আজিলৈ থাকক। নিজৰ ভিতৰলৈ ভুমুকিয়াই চাওঁ আহক। কিমান উন্নতি কৰিলো আমি? আমাৰ উন্নতিৰ জখলা ডাল বহুত দীঘল, কল্পনাৰো অগোচৰ। জখলাডাল দীঘলৰ পৰা অতি দীঘল হৈ গৈ আছে ক্ৰমাৎ নহয়নে! জখলা ডালত বগাবলৈ আমি আমাৰ কিমান সহোদৰৰ প্ৰাণৰ আহুতি ল’লো বাৰু!… দুহাত আজুৰি মানুহে সপোন দেখে। ভোগবাদী সপোনৰ কোবাল সোঁতত উটি যায় নদী, পাহাৰ, অৰণ্য, হাতী, বাঘ, হৰিণ, চৰাই সকলো। মানুহ কিন্তু থমকি নৰয়। দৌৰি দৌৰি মানুহ পৃথিৱীৰ সিপাৰ পোৱাৰ হাবিয়াস জাগে। পৃথিৱী এৰি মানুহৰ বিজ্ঞানে মহাকাশতো ধাতুৰ স্তূপ সাজি লয়। সপোনৰ পিছে পিছে গৈ মানুহে নিজৰ ঘৰত জুই লগাই দূৰৰ পৰা তাৰ উম লয়। হয় আজিৰ এই পৰিৱেশ দিৱসো মানুহৰেই অযথা সপোনৰ এটা ফল। মানুহে পাহৰে এজাৰফুলীয়া ৰঙবোৰ। সোণাৰুৰ হালধীয়া বোৰে অধিকাংশ মানুহকে আপ্লুত নকৰে। মানুহে নুশুনে চৰাইৰ বিননি, হাতীৰ চিঞৰবোৰ। মানুহে কেৱল ঘৰ সাজে, সপোনৰ ঘৰ অথচ মানুহ নিজৰ ঘৰৰেই নহয়।
কাৰোবাবে ওপৰৰ কথাবোৰ প্ৰলাপ যেন লাগিব পাৰে, কিন্তু এয়াই বাস্তৱ। মানুহ প্ৰকৃতিৰ পৰা আতৰি বিজ্ঞানৰ অহংকাৰত মত্ত। ৰ’ব, ভাবি নল’ব যে আমি বিজ্ঞান মানসিকতাৰ নহয়, কিন্তু আমাৰ বাবে ভালপোৱা বিজ্ঞানতকৈ সামান্য ওপৰত। বিজ্ঞান মানেই যদি সত্য, ভালপোৱা সেই সত্যৰ জীৱনীশক্তি । যি বিজ্ঞানত দয়া নাই তেনে বিজ্ঞান আমাৰ কাম্য নহয়। আমি মানে-আমি সকলো যিয়ে পৃথিৱীৰ পৰা খাই থকা ঋণৰ কথা অহৰহ মনত ৰাখো। যিয়ে বিজ্ঞানক লৈ অহংকাৰী নহয়। বাস্তৱত সমাজত এতিয়াও একাংশ মানুহ আছে যিয়ে নদীৰ লগত কান্দে, পাহাৰৰ সৈতে ভাঙে, হাতীৰ সৈতে হেৰোৱা ঘৰ বিচাৰি ফুৰে। মানুহৰ নৈতিক স্খলন কিন্তু আদিতে নাছিল, যেতিয়ালৈ মানুহ প্ৰকৃতিৰ সৈতে সহবাস কৰিছিল। ভাৰতবৰ্ষৰ মানুহৰ নৈতিক পতন হোৱাৰ ইতিহাসো কিমাননো পুৰণি । বুদ্ধক মনত আছেনে? হয় গৌতম বুদ্ধৰ কথাই কৈছো , যি গৰাকী মনিষীৰ ছাঁত ভাৰত বিশ্বগুৰু হৈছিল, সেই মনিষীয়ে প্ৰদান কৰা সম্যক সংস্কৃতিয়ে ভাৰতৰ ইতিহাস স্বৰ্ণময় কৰিছিল। প্ৰকৃতি সংৰক্ষণৰ চেতনা, জীৱ হত্যাৰ হিংসা, সম্যক আচৰণৰ শিক্ষাৰে বহু হাজাৰ বছৰ আগতেই ভাৰতক উজ্জীৱিত কৰিছিল।আজিৰ ভাৰতবৰ্ষ বুদ্ধৰ দৰ্শনক পাহৰাৰ এক অদেখা শিলালেখ। পৰিৱেশ সংৰক্ষণৰ শিক্ষা পাশ্চাত্যক বিলোৱা ভাৰতবৰ্ষৰ অৱস্থা চাওক আজি। ভাৰতৰ পথ, নদী, পাহাৰ, অৰণ্য প্লাষ্টিকৰ আৱৰণত আৱদ্ধ। আমাৰ এই দুৰৱস্থাৰ কাৰণ বহুতো। প্ৰকৃতিৰ পৰা আতঁৰি অধিকাংশ ভাৰতবৰ্ষৰ মানুহে শিকিলে চলনা, চাতুৰামী, ভোগবাদী সভ্যতা। আমি পাহৰি গ’লো নদীৰ সৌম্যতা সন্তানক শিকাবলৈ। পাহাৰৰ বিশালতা, অৰণ্যৰ গভীৰতাক শ্ৰদ্ধা কৰিবলৈ, বোধ কৰিবলৈ প্ৰজন্মৰ পিছত প্ৰজন্মই নিশিকিলোঁ , নিশিকালো। সেয়েহে চিন্তাত, কামত আমি পিছুৱাই গৈ আছো।
যোৱা ১৩ মে’ ২০২১ ত অসমৰ পৰিৱেশ প্ৰকৃতিত এটা নজিৰবিহীন ঘটনা সংঘটিত হ’ল। বামুনীপাহাৰত ১৮ টাকৈ হাতীয়ে মৃত্যুক সাৱটি ল’লে। লগে লগে কাৰণ দৰ্শোৱা হ’ল – এইয়া বজ্ৰপাতত মৃত্যু হৈছে। সকলো ব্যস্ত হৈ উঠিল হাতীৰ মৃত্যুৰ পৰা দায় সাৰিবলৈ। কিন্তু কিয়? বজ্ৰপাত নহয় বুলি কোৱা যুক্তি বোৰক খুব চাতুৰীৰে আওকাণ কৰি থকা হ’ল। ধৰি লোৱা হ’ল হাতীৰ মৃত্যুত কোনোৱে দোষী নহয়, কিন্তু পৰীক্ষা কৰি চোৱাত কি আপত্তি থাকে? আপত্তি তেতিয়া থাকিব যেতিয়া কোনো পক্ষ ইয়াত জড়িত থাকে। এইটো এটা উদাহৰণ মাত্ৰ। ইয়াৰ আঁৰৰ স্বাৰ্থ – একমাত্ৰ মানুহৰ অতি বিজ্ঞান আৰু দ্ৰুততৰ জীৱনৰ হাবিয়াস। অইন ঘটনাৰ দৰে বামুণীপাহাৰৰো হাতীবোৰে উচিত ন্যায় নাপাবলৈ বহু কাম কৰা হৈ থাকিব। এটা সময়ত হাতীৰ ঘৰবোৰ হৈ পৰিব কোনো ব্যৱসায়িক গোষ্ঠীৰ উৎপাদন ক্ষেত্ৰ। হাতীবোৰ হেৰাই যাব, মানুহৰ লালসা বোৰ লপলপাই থাকিব। গছৰ পাহাৰ গুচি পইছাৰ পাহাৰ হ’ব আৰু মানুহে কৃত্ৰিম অক্সিজেন কিনিবলৈ আগবাঢ়িব। বামুণীপাহাৰৰ ঘটনাটোত প্ৰশ্ন হয়- সচাঁকৈ বজ্ৰপাত হৈছে যদি মাটিৰ পৰীক্ষণ কৰা নহ’ল কিয়? অনুসন্ধান কমিটিত বিদ্যুৎ বিশেষজ্ঞ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ নাথাকিল কিয়? আমি এই প্ৰশ্ন বোৰৰ উত্তৰ নাপাওঁ কিয়?
এইবোৰ কামেৰে আমি পৃথিৱীক এক অসুখীয়া প্ৰজন্ম উপহাৰ দি থৈ যোৱাৰ বাদে কি কৰিব পাৰিম? য’ত অৰণ্যক সম্পদ বোলা হয় আৰু ভোগবাদকেই সম্পদৰ সূত্ৰ বুলি শিকোৱা হয়, তেনে সমাজৰ পৰিৱেশ, প্ৰকৃতিৰ সৈতে মানুহৰ সভ্যতাৰো সলিল সমাধি ঘটিব। পৰৱৰ্তী প্ৰজন্মক যদি আমি মৰম, দয়া, সহানুভূতি, সংৰক্ষণৰ শিক্ষা দিব নোৱাৰো আমাৰ ভেমৰ চকা বেছি দিন নুঘুৰিব। অৰণ্যৰ অৱগাহন, সৎ কামৰ উদাহৰণ নতুন প্ৰজন্মৰ বাবে আটাইতকৈ বেছি দৰকাৰী বিষয়বস্তু। কেৱল বিজ্ঞানেই সমাজ সুখময় কৰিব নোৱাৰে, বিজ্ঞানৰ লগত থাকিব লাগিব দয়া, মমতা, অহিংসাৰ পাঠ। সেয়েহে পৰিৱেশ দিৱসৰ শুভকামনা থাকক আজিলৈ। আজিৰ ৫ জুনত সংকল্প লওঁ- আগ পিছ নুগুনি দৌৰাৰ প্ৰতিযোগিতাত অংশ নলওঁ। আহক – অৰণ্যমুখী হওঁ, প্ৰেমৰ ৰেৱাজ কৰো, দয়াৰ শিলালেখ লেখো।
শ্বেয়াৰ কৰক: