সম্পাদকীয়- ডিচেম্বৰ

কংকণা দাস

শীতৰ আৰম্ভণিৰ লগে লগে অসমলৈ অলেখ আলহী পক্ষীৰ আগমন ঘটে। আমাৰ অৰণ্য সমূহ, গাৱেঁ ভূঞে থকা বিল, আৰ্দ্ৰভূমি সমূহে আমাৰ এই চৰাই বোৰক আতিথ্য প্ৰদান কৰে। অসমৰ প্ৰায় প্ৰতিখন গাৱঁতেই এই পৰিভ্ৰমী চৰাইবোৰ কম বেছি পৰিমাণে দেখা যায়। অসমৰ পৰিৱেশ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতাত এই পক্ষীসমূহে বিশেষ ভূমিকা পালন কৰে। আমাৰ স্থানীয় চৰাই সমূহৰ লগে লগে এই পৰিভ্ৰমী চৰাই সংৰক্ষণ কৰাটোও খুব গুৰুত্বপূৰ্ণ। অৰণ্য, আৰ্দ্ৰভূমিৰ সংকোচনৰ লগে লগে এই পৰিভ্ৰমী চৰাই সমূহৰ বিচৰণস্থলীৰ অভাৱ ঘটিছে। ঋতুৰ পৰিৱৰ্তনৰ লগে লগে বতৰৰ পৰিৱৰ্তন নোহোৱা ঘটনাই মানুহৰ সমাজত চিন্তাৰ সৃষ্টি কৰিলেও কাৰ্যক্ষেত্ৰত কিন্তু তাৰ প্ৰতিফলন খুব কম দেখা পোৱা গৈছে। বিশেষকৈ কোৰোণা মহামাৰীৰ লকদাউনৰ পিছত গাওঁৰ ভিতৰুৱা অঞ্চল সমূহত মানুহৰ ভ্ৰমণৰ প্ৰকোপ (উৎপাত?) বাঢ়িছে। অপ্ৰিয় হ’লেও সত্য যে আমি বেছিভাগ ভাৰতীয় মানুহৰ সামাজিক দায়বদ্ধতা খুব কম। ৰাস্তা ঘাট আদিৰে ধৰি সামাজিক সম্পত্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ ধনাত্মক মূল্যবোধ ব্যৱহাৰ নকৰো। সেয়ে বৰ্তমান কিছু সৌন্দৰ্য্যময় অঞ্চল কদৰ্যময় হৈ উঠিছে। উদাহৰণস্বৰূপে মই নিজেই বাস কৰা বৃহত্তৰ পলাশবাৰী অঞ্চল আৰু ইয়াৰ দাঁতিৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পাৰৰ অঞ্চলৰ কথা ক’ব পাৰি । চাই থাকোতেই যোৱা ডেৰ বছৰৰ ভিতৰত চৰাইৰ কাকলিৰে মুখৰিত এই অঞ্চল প্লাষ্টিকৰ আৱৰ্জনাৰ মাজত আবদ্ধ হৈ পৰিল। বালিমাহীৰ নাচোনেৰে আৰম্ভ হোৱা শৰৎ ঋতু, ব্ৰহ্মপুত্ৰৰ চাপৰিত চাকৈ চোকোৱাকে ধৰি বিভিন্ন পৰিভ্ৰমী হাঁহৰ বিচৰণস্থলী মানুহৰ অবাধ চেল্ফিয’ন লৈ পৰিৱৰ্তিত হ’ল। সুন্দৰ ৰাস্তা পথৰ দুয়োকাষে আৱৰ্জনা বাঢ়িল। স্থানীয় ৰাইজে কিছু ব্যৱস্থা গ্ৰহণ কৰিলেও সেয়া পৰ্যাপ্ত নহয়, যিহেতু এনে অঞ্চলৰ ৰাইজৰ মাজত ইকো টুৰিজিমৰ কোনো মানসিক ধাৰণা আৰু ব্যৱস্থা নাই। ইয়াক হঠাৎ উদ্ভৱ হোৱা এক সমস্যা বুলিয়েই স্থানীয় বাসিন্দা হিচাপে ক’ব খোজো। এইটো এক উদাহৰণ হে মাত্ৰ। এনেদৰে বহু গাওঁ, অঞ্চলে হয়তো নিজা নিজা সৌন্দৰ্য্য অতি কম সময়তে হেৰাই পেলালে। তথাকথিত মানৱ জীৱন বিকাশৰ নামতো অবাধ হাৰত গছ গছনি কটা হৈ আছে। মিৰ্জা চানডুবি পথ নিৰ্মাণৰ নামত বহু শ বছৰীয়া পুৰণি বৃহৎ ফিকাচ বোৰ নিৰ্মম ভাবে কটা হ’ল। প্ৰশাসনৰ সদ্দিচ্ছা আৰু নেতৃত্বৰ এনে ক্ষেত্ৰত প্ৰয়োজনীয়তা আছে। যিদৰে মুখ্যমন্ত্ৰীদেৱৰ হস্তক্ষেপত ডবকাৰ গছবোৰ নকটাৰ বিকল্প ব্যৱস্থা ওলাল। তেনেদৰে সকলোতে বিকল্প ব্যৱস্থাৰ কথা সংশ্লিষ্ট ব্যক্তি সকলে ভাবিব লাগে। সকলো কামত ৰাইজে প্ৰতিবাদ কৰাটোও সম্ভৱপৰ নহয়। বিভাগীয় ব্যক্তি সকলৰ পাৰিৱেশিক মূল্যবোধ থাকিলে এনে ধৰণৰ সমস্যাৰ উদ্ভৱ নহয়। এনে ধৰণৰ মূল্যবোধ সৃষ্টিৰ বাবে পাঠ্যক্ৰমত পাৰিৱেশিক জ্ঞান আৰু মূল্যবোধৰ পাঠ সন্নিৱিষ্ট কৰাটো নিত্যান্তই প্ৰয়োজনীয় হৈ পৰিছে।

২০২১ বৰ্ষৰ বন্যপ্ৰাণী সপ্তাহ উপলক্ষে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত নেচাৰ্চ বেকন আৰু সাহিত্য অকাডেমিৰ উদ্যোগত অনুষ্ঠিত হোৱা পৰিৱেশ সংক্ৰান্তীয় আলোচনাচক্ৰতো এই সম্পৰ্কে বিস্তৃত আলোচনা হৈছিল। ভাৰতৰ প্ৰকৃতি আৰু পৰিৱেশ সাহিত্যৰ মাধ্যমেৰে বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে আলোচনা হোৱা সাহিত্য অকাডেমিৰ এইখনেই প্ৰথম অনুষ্ঠান আছিল বুলি ড° ধ্ৰুৱজ্যোতি বৰাই প্ৰকাশ কৰে। ড° বৰা সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক । আলোচনা চক্ৰখনত প্ৰতিগৰাকী ব্যক্তিয়েই পৰিৱেশ সাহিত্যক সংৰক্ষণৰ অৰ্থে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে বুলি সহমত প্ৰকাশ কৰিছিল। পৰিৱেশ সংৰক্ষণ অবিহনে মানৱ জাতিৰ আৰামদায়ক আৰু তীব্ৰবেগী জীৱনৰ কোনো মূল্য নাই। এই সত্যটোক প্ৰতিজন মানুহৰ মাজলৈ লৈ যোৱাতো পৰিৱেশ কৰ্মী সকলৰ দ্বায়িত্ব। পাৰিৱেশিক মূল্যবোধহীন কাম কৰি শৰৎৰ উৎকট গৰমত ইচ্ আচ কৰি থাকিলে অৱস্থাৰ কোনো পৰিৱৰ্তন নহ’ব। অৰণ্যৰ প্ৰকৃত অৰ্থত আইনগত সংৰক্ষণ কৰি , পৰৱৰ্তী প্ৰজন্মক পৰিৱেশ স্পৰ্শকাতৰ কৰি তুলিবলৈ প্ৰত্যেকেই নিজৰ নিজৰ মাধ্যমেৰে যত্নৱান হ’ব লাগিব। অন্যথা অলপতে UNDPৰ ভাইৰেল হোৱা ভিডিঅটোৰ সুৰেৰে সুধিব লাগিব, ” what’s your excuse for going extinct?”

শ্বেয়াৰ কৰক: