প্ৰস্তাৱিত পঞ্চৰত্ন আৰু অজগৰ অভয়াৰণ্যৰ কথা

Pancharatna

সৌম্যদ্বীপ দত্ত

ভাৰতৰ স্বাধীনতাৰ পিছত অসমত সৰ্বাধিক অৱহেলিত অঞ্চল হ’ল গোৱালপাৰা অঞ্চল। গোৱালপাৰা জিলা অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল হোৱাৰ পিছতো গোৱালপাৰা অঞ্চলৰ প্ৰতি চৰম অৱহেলাৰ ফলত আজি গোৱালপাৰা অঞ্চলে তাৰ প্ৰাচীন গৌৰৱ হেৰুৱাবলৈ ধৰিছে। এছিয়া মহাদেশৰ বৃহত্তৰ শাল অৰণ্য আছিল গোৱালপাৰা অঞ্চলত, গোৱালপাৰা জিলাৰ প্ৰাকৃতিক বিল, আৰ্দ্ৰভূমিবোৰ ভাৰতৰ উৎকৃষ্ট আৰ্দ্ৰভূমি । ভাৰত তথা অসমৰ প্ৰধান বনৰীয়া হাতীৰ বাসভূমি আমাৰ গোৱালপাৰা অঞ্চল। কিন্তু চৰম অৱহেলাৰ বাবে প্ৰাচীন কামৰূপ তথা বৰ্তমানৰ অসমৰ এই অঞ্চল আজি বিধ্বস্ত। এছিয়া মহাদেশৰ বৃহৎ শাল অৰণ্য আজি চিন্ন-ভিন্ন হৈ পৰিছে, বাসস্থানৰ অভাৱত আজি গোৱালপাৰাৰ বনৰীয়া হাতীবোৰৰ চৰম দুৰ্যোগ, সকলো আৰ্দ্ৰভূমি আজি বেদখলকাৰীৰ কবলত। গোৱালপাৰা জিলাৰ প্ৰাকৃতিক সম্পদ আজি লুণ্ঠনকাৰীৰ কবলত।

গোৱালপাৰা জিলা প্ৰাচীন কামৰূপ আৰু বৰ্তমান অসমৰ প্ৰাচীনতম অঞ্চল। প্ৰাচীন ভাৰতৰ গৌৰৱময় সভ্যতা আৰু সংস্কৃতিৰ লগত অত্যন্ত শক্তিশালী ৰূপত গোৱালপাৰা সংযুক্ত হৈ আছিল। গোৱালপাৰা অঞ্চলত আৱিষ্কৃত হোৱা প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ, শিলালিপি, প্ৰাচীন মুদ্ৰা, শৈলস্তুপ, শিলৰ ভাস্কৰ্য্য আৰু অন্যান্য প্ৰত্ন সামগ্ৰীয়ে এই কথা ঐতিহাসিক ৰূপত প্ৰতিপন্ন কৰিছে যে ভাৰতৰ নন্দবংশৰ পৰা আৰম্ভ কৰি মধ্য যুগ, গুপ্ত যুগ, পাল যুগ আনকি কামৰূপৰ সকলো যুগতে গোৱালপাৰা আছিল অত্যন্ত গুৰুত্বপূৰ্ণ তথা সমৃদ্ধশালী অঞ্চল। প্ৰায় দুই হাজাৰ বছৰৰ আগৰে পৰা ভাৰতীয় বিভিন্ন পৰম্পৰাৰ লগত গোৱালপাৰা অঞ্চল প্ৰৱলভাৱে সংপৃক্ত হৈ আছিল। গোৱালপাৰাৰ প্ৰাচীন গণেশ মন্দিৰ, শ্ৰীসূৰ্য পাহাৰ আদি তাৰে প্ৰাচীনতম উৎকৃষ্ট নিৰ্দশন। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত প্ৰাচীন কামৰূপৰ এই জনপদ, বাণিজ্যিক আৰু ভৌগোলিক প্ৰাচীন বন্দৰ ৰূপেও বিখ্যাত আছিল। কামৰূপ, কোচ-কমতা যুগতো এই অঞ্চল আছিল অত্যন্ত গুৰুত্বপূৰ্ণ তথা সমৃদ্ধশালী অঞ্চল। প্ৰাকৃতিক সমৃদ্ধি, অৰণ্য সম্পদ আৰু বন্যপ্ৰাণীৰ বৈচিত্ৰ্যত এই অঞ্চল আছিল অতুলনীয়। প্ৰাচীন কামৰূপৰ জনগোষ্ঠীসকল আছিল এই অঞ্চলৰ স্থায়ী বাসিন্দা। ভাৰতত উপনিৱেশ স্থাপন কৰিবলৈ অহা পৰ্তুগীজ, ব্ৰিটিছ আদিয়ো এই অঞ্চলত খোপনি পুতিছিল, আনকি ফ্ৰান্স আৰু জাৰ্মানীৰ বেপাৰীয়েও গোৱালপাৰাক অৱলম্বন কৰি ব্যৱসায়-বাণিজ্য কৰিছিল। অৰ্থাৎ গোৱালপাৰা অঞ্চল আছিল অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল। কিন্তু পৰৱৰ্তী সময়ত গোৱালপাৰা অঞ্চল অৱহেলিত হ’বলৈ আৰম্ভ কৰে। ভাৰত স্বাধীন হোৱাৰ পিছত অধিক অৱহেলিত হ’বলৈ ধৰে গোৱালপাৰা। ভাৰত স্বাধীন হোৱাৰ সময়ত মুছলিম লীগৰ প্ৰচেষ্টাত গোৱালপাৰাক পূৰ্ব-পাকিস্তানৰ লগত সংযোগ কৰাৰ বহুত চেষ্টা চলিছিল কিন্তু গোৱালপাৰাৰ হিন্দু জমিদাৰসকলৰ প্ৰচেষ্টাত মুছলিম লীগৰ পৰিকল্পনা সফল হ’ব পৰা নাছিল।

গোৱালপাৰা জিলাৰ সৰ্বাধিক সমৃদ্ধশালী অঞ্চল আছিল গোৱালপাৰাৰ অৰণ্য অঞ্চল আৰু তাত থকা বন্যপ্ৰাণী। গোৱালপাৰা অঞ্চল আছিল স্থানীয় জনগোষ্ঠীসকলৰ অঞ্চল আৰু ইয়াৰ জনসংখ্যা আছিল যথেষ্ট সেৰেঙা। গোৱালপাৰা অঞ্চলৰ অধিকাংশ অঞ্চল আছিল অৰণ্যৰে পৰিপূৰ্ণ। গোৱালপাৰাৰ অৰণ্য অঞ্চল আছিল বনৰীয়া হাতীৰ প্ৰধান বাসস্থান। হাতীৰ বাহিৰেও বিভিন্ন বন্যপ্ৰাণীৰ বাসস্থান আছিল গোৱালপাৰাৰ অৰণ্য। এটা সময়ত গোৱালপাৰাৰ অৰণ্যত আছিল প্ৰচুৰ পৰিমাণে হলৌ বান্দৰ। আমি সকলোৱে জানো যে হলৌ বান্দৰ হ’ল ভাৰতৰ একমাত্ৰ বনমানুহ। এই গোৱালপাৰাৰ অৰণ্যত ইমানে হলৌ বান্দৰ আছিল যে বৰ্তমান গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা এখন পাহাৰৰ নাম হলৌ কান্দা পাহাৰ। কিন্তু অৰণ্য ধ্বংস তথা বাসস্থানৰ ধ্বংসৰ বাবে লগতে অৰণ্যভূমি বেদখলৰ ফলত বৰ্তমান গোৱালপাৰাৰ অৰণ্য হলৌ শূন্য। এটা সময়ত গোৱালপাৰাৰ অৰণ্যত প্ৰচুৰ পৰিমাণে বনৰীয়া গৰু বিচৰণ কৰিছিল। গোৱালপাৰা অঞ্চলৰ এটা বিশেষ অঞ্চলত ইমানে বনগৰু আছিল যে সেই অঞ্চলটোক স্থানীয় মানুহে ‘বন গাই’ গাঁও বুলি কৈছিল। যিটো অঞ্চলক আমি আজিকালি বহুতে ‘বঙাইগাঁও’ বুলি কওঁ। বনগাই গাঁৱৰ উচ্চাৰণৰ সামান্য তাৰতম্য হৈ বৰ্তমান বঙাইগাঁও হৈছে। বৰ্তমান গোৱালপাৰা জিলাৰ পৰা বঙাইগাঁৱক পৃথক কৰা হ’লেও কেইবছৰমান আগলৈকে এই অঞ্চল গোৱালপাৰা জিলাৰে অংশ আছিল। গোৱালপাৰাৰ সকলো অৰণ্য অঞ্চলত বনগৰু বিচৰণ কৰিছিল। বনগৰুৰ আন এটা নাম গৌৰ (Gaur), বৈজ্ঞানিক নাম হ’ল—Bos gaurus. বৰ্তমানে গোৱালপাৰাৰ অৰণ্যত বনগৰু নাই। এই বনৰীয়া গৰুবোৰক হত্যা কৰি ইহঁতৰ মাংস খাই আৰু অৰণ্য তথা বনগৰুৰ বাসস্থান ধ্বংস কৰি গোৱালপাৰাৰ অৰণ্যৰ পৰা বনৰীয়া গৰুবোৰক নিশ্চিহ্ন কৰি দিয়া হৈছে। পূৰ্ব-পাকিস্তানৰ পৰা অহা জনস্ৰোতে গোৱালপাৰাৰ অৰণ্যৰ ব্যাপক ক্ষতিসাধন কৰিছে। এই জনস্ৰোতৰ ফলত গোৱালপাৰাৰ অৰণ্যবোৰৰ অবিচ্ছিন্নতাৰ ব্যাপক ক্ষতিসাধন হৈছে। বিচ্ছিন্ন হৈ পৰিছে অৰণ্যবোৰ। অৰণ্য অপসাৰণ, বেদখল, বন্যপ্ৰাণী হত্যা, খেতি-মাটি মোকলোৱা, গাঁও আৰু বসতি স্থাপনৰ বাবে গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীৰ অপূৰণীয় ক্ষতি হৈ গৈছে। যি নামমাত্ৰ বনভূমি আৰু বন্যপ্ৰাণী এতিয়াও গোৱালপাৰাত আছে তাক স্থায়ী ৰূপে সংৰক্ষিত কৰাটো অত্যন্ত প্ৰয়োজন।

গোৱালপাৰাৰ দুখন সমৃদ্ধশালী অৰণ্যৰ নাম পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্য। এই অৰণ্য দুখন বৰ্তমানেও অত্যন্ত সমৃদ্ধশালী হৈ আছে। বৰ্তমানেও এই দুখন অৰণ্যত বহুত আপুৰুগীয়া বন্যপ্ৰাণীয়ে বসবাস কৰে। এই দুই অৰণ্য বন্যপ্ৰাণী আৰু গোৱালপাৰাৰ আদিম অৰণ্যৰে পৰিপূৰ্ণ হৈ আছে। পঞ্চৰত্ন আৰু অজগৰ অৰণ্য গোৱালপাৰাৰ বনৰীয়া হাতীবোৰৰ শেষ আশ্ৰয়স্থল। উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ এটা দলে যোৱা দহ বছৰ ধৰি এই অঞ্চলৰ বন্যপ্ৰাণীবোৰৰ ওপৰত অধ্যয়ন চলাই আহিছে। বনৰীয়া হাতীৰ চাল-চলন, প্ৰব্ৰজন আৰু স্বভাৱ অধ্যয়ন কৰিছে নেচাৰ্চ বেকনৰ কৃপালোচন দাস নামৰ প্ৰকৃতিবিদজনে। গোৱালপাৰা অঞ্চলৰ বনৰীয়া হাতীবোৰৰ ওপৰত কৰা তেওঁৰ পৰ্যবেক্ষণৰ পৰা এই কথা পোহৰলৈ আহিছে যে—পঞ্চৰত্ন পাহাৰ তথা অৰণ্য হ’ল বনৰীয়া হাতীৰ সন্তান প্ৰসৱ কৰাৰ বাবে এটা নিৰ্দিষ্ট স্থান। হাতীবোৰে পৰম্পৰাগতভাৱে পঞ্চৰত্নৰ অৰণ্যত সন্তান প্ৰসৱ কৰে। বৰ্তমান বনৰীয়া হাতীৰ বাসস্থান আৰু সন্তান প্ৰসৱ কৰাৰ ঠাইবোৰ প্ৰায় ধ্বংসপ্ৰাপ্ত হৈছে; সেয়েহে বৰ্তমান পঞ্চৰত্নৰ অৰণ্য, যিটো নেকি বৰ্তমানেও পৰিপূৰ্ণ ৰূপে বনৰীয়া হাতীবোৰে সন্তান প্ৰসৱৰ ঠাই ৰূপে ব্যৱহাৰ কৰি আছে। এই অৰণ্যক  স্থায়ী ৰূপে সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজন। আমি মনত ৰাখিব লাগিব যে বনৰীয়া হাতীবোৰৰ সন্তান প্ৰসৱ কৰাৰ বাবে পৰম্পৰাগতভাৱে কিছুমান নিৰ্দিষ্ট স্থান তথা নিৰ্দিষ্ট অৰণ্য আছে। সমগ্ৰ গোৱালপাৰা অঞ্চলৰ ভিতৰত পঞ্চৰত্ন পাহাৰ তথা অৰণ্য, তেনেকুৱা এটা অৰণ্য। বনৰীয়া হাতীৰ বাহিৰেও পঞ্চৰত্নৰ অৰণ্য বহুত আপুৰুগীয়া বন্যপ্ৰাণীৰ বাসস্থান। স্তন্যপায়ী বন্যপ্ৰাণীৰ ভিতৰত—লাজুকী বান্দৰ (Slow Loris), নাহৰফুটুকী বাঘ (Leopard), গোধাফুটুকী (Clouded Leopard), সোণালী মেকুৰী (Golden Cat), লতামাকৰি (Leopard Cat), সুগৰী পহু (Barking Deer), টাপৰী (Hog-Badger), গেন্দেৰা (Large Indian Civet) বনৰৌ (Indian Pangolin) আদি অসংখ্য স্তন্যপায়ী বন্যপ্ৰাণী এই অৰণ্যত বসবাস কৰে। বনৰীয়া চৰাইৰ ক্ষেত্ৰতো পঞ্চৰত্ন অৰণ্য অত্যন্ত সমৃদ্ধ। নেচাৰ্চ বেকনৰ প্ৰকৃতিবিদসকলে ১৬৮ প্ৰজাতিৰ বনৰীয়া চৰাই পঞ্চৰত্নৰ অৰণ্যত নথিভুক্ত কৰিছে। গোৱালপাৰাৰ অজগৰ অৰণ্যও অত্যন্ত সমৃদ্ধশালী অৰণ্য অঞ্চল। অজগৰ অৰণ্য বনৰীয়া হাতীবোৰৰ স্থায়ী বাসস্থান আৰু প্ৰব্ৰজনৰ প্ৰধান বাট। অজগৰ অৰণ্যৰ দক্ষিণ অঞ্চল গাৰো পাহাৰৰ লগত সংযুক্ত হৈ আছে। সেয়েহে অসমৰ পৰা মেঘালয়ৰ অৰণ্যত বনৰীয়া হাতীবোৰৰ অহাযোৱাৰ অন্যতম প্ৰধান অঞ্চল হ’ল অজগৰ অৰণ্য। অজগৰ অৰণ্যৰ মাজত বিস্তৃৰ্ণ ঘাঁহনি অঞ্চল আছে য’ত বনৰীয়া হাতীবোৰে স্থায়ীৰূপে বসবাস কৰে। হাতীৰ আদৰ্শ বাসস্থানৰ বাবে কাঠনিৰ অৰণ্য আৰু তৃণভূমিৰ সহৱস্থান অত্যন্ত প্ৰয়োজন। অজগৰ অৰণ্যত এই অৱস্থাটো বৰ্তমানেও বিৰাজ কৰিছে। আমাৰ অজগৰ পাহাৰৰ অৰণ্যত অনুসন্ধানৰ ফলত অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহে। অজগৰ পাহাৰত ৩৬ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণীৰ সন্ধান পোৱা হৈছে। যোৱা দহ বছৰ ধৰি নেচাৰ্চ বেকনৰ প্ৰকৃতিবিদসকলে অজগৰ অৰণ্য আৰু পঞ্চৰত্নৰ অৰণ্যত বন্যপ্ৰাণী অনুসন্ধানৰ কাম অব্যাহত ৰাখিছে। অজগৰ অৰণ্যত বনৰীয়া হাতীৰ উপৰি মাটি ভালুক (Sloth Bear), বিণ্টুৰং (Binturong), বনৰৌ (Indian Pangolin), কেঁকোৰা খোৱা নেউল (Crabeating Mongoose), বাংকেক (Particoloured Flying Squirrel) আদিৰ দৰে লুপ্তপ্ৰায় স্তন্যপায়ী বন্যপ্ৰাণীয়ে বসবাস কৰে। বনৰীয়া চৰাই ক্ষেত্ৰতো অজগৰ অৰণ্য অত্যন্ত সমৃদ্ধ। এতিয়ালৈকে ১৯৬ প্ৰজাতিৰ বনৰীয়া চৰাইক নেচাৰ্চ বেকনৰ ক্ষেত্ৰভিত্তিক অধ্যয়নকাৰী দলে নথিভুক্ত কৰিছে আৰু এই কাম বৰ্তমানেও চলি আছে। গোৱালপাৰা জিলাৰ ‘পঞ্চৰত্ন অৰণ্য’ আৰু ‘অজগৰ অৰণ্য’ক এই মুহূৰ্তত স্থায়ীৰূপত সংৰক্ষিত নকৰিলে অসম তথা ভাৰতৰ দুখন অসাধাৰণ অৰণ্যক ৰক্ষা কৰিব পৰা নাযাব। অবৈধ বেদখল, কাঠৰ চোৰাং কাৰবাৰ আৰু বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত লোকসকলে পঞ্চৰত্ন আৰু অজগৰ অৰণ্যকো ধ্বংসৰ গৰাহত নিক্ষেপ কৰিব। সেয়েহে পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্যক স্থায়ী ৰূপত সংৰক্ষিত কৰাৰ স্বাৰ্থত এই দুই অৰণ্যক অতি সোনকালে অভয়াৰণ্য ৰূপে সংৰক্ষিত  কৰাটো অতি প্ৰয়োজন। পঞ্চৰত্ন অৰণ্য আমাৰ পৰম্পৰাগতভাৱে প্ৰৱাহিত চেতনাৰ ধাৰাত হোৱা পবিত্ৰ অৰণ্য। ভাৰতীয় দৰ্শন, আস্থা আৰু সংস্কৃতিত পঞ্চৰত্নৰ স্থান মনকৰিবলগীয়া। ভাৰতৰ তথা প্ৰাচীন কামৰূপৰ সংস্কৃতিয়ে এই অৰণ্যক পঞ্চৰত্নৰ মৰ্যাদা প্ৰদান কৰিছিল, আমি আমাৰ অৱহেলা আৰু উদাসীনতাত এই পৰম্পৰাগত অৰণ্যক ধ্বংস হ’বলৈ দিব নোৱাৰো। দুৰ্ভাগ্যজনক কথাটো হ’ল, আমি আৰু আমাৰ ৰাজনৈতিক নেতাসকলে গোৱালপাৰাৰ অৰণ্য আৰু পৰম্পৰাগত সম্পদবোৰক সদায় অৱহেলা কৰি আহিছো। পঞ্চৰত্নৰ অৰণ্যক ‘পঞ্চৰত্ন অভয়াৰণ্য’ আৰু অজগৰ অৰণ্যক ‘অজগৰ অভয়াৰণ্য’ ৰূপে সংৰক্ষিত কৰাৰ বাবে ‘নেচাৰ্চ বেকনে’ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে পঞ্চৰত্নৰ অৰণ্য প্ৰায় ৯৭৬ হেক্টৰ বনভূমি আগুৰি আছে আৰু অজগৰ অৰণ্য ৪২৪০.০৮ হেক্টৰ বনভূমিক আগুৰি আছে। আমি অত্যন্ত আশাবাদী যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে পঞ্চৰত্ন অভয়াৰণ্য আৰু অজগৰ অভয়াৰণ্যৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিব। কালবিলম্ব নকৰাকৈ গোৱালপাৰা জিলাৰ এই দুই অৰণ্যক অভয়াৰণ্যৰূপে স্থায়ীভাৱে সংৰক্ষিত কৰিব। উল্লেখযোগ্য যে বন আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত অত্যন্ত সমৃদ্ধশালী হোৱাৰ পিছতো অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে গোৱালপাৰাৰ অৰণ্যক স্থায়ী ৰূপত সংৰক্ষিত কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই, সেইবাবে ঐতিহ্যমণ্ডিত গোৱালপাৰা জিলাত আজিলৈকে কোনো এখন অভয়াৰণ্যৰ জন্ম হোৱা নাই। যিকোনো মূল্যৰ বিনিময়ত গোৱালপাৰা জিলাৰ পঞ্চৰত্ন আৰু অজগৰ অৰণ্যক অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰিব লাগিব।

গোৱালপাৰা জিলাৰ অৰণ্যবোৰক চিৰস্থায়ীৰূপে সংৰক্ষিত কৰাৰ পিছত, গোৱালপাৰা জিলাৰ আৰ্দ্ৰভূমিবোৰ সুস্থ ৰূপত পৰিচালনা কৰি, প্ৰাচীন মন্দিৰ, মঠ আৰু প্ৰত্নতাত্তিক অঞ্চলবোৰক সামৰি আমাৰ প্ৰাচীন পৰম্পৰাক আমি বিশ্বৰ আগত তুলি ধৰিব লাগিব। ভাৰতীয় সংস্কৃতিৰ প্ৰাচীনতম নিৰ্দশন গোৱালপাৰা জিলাত সিঁচৰতি হৈ আছে। যিকোনো মূল্যৰ বিনিময়ত আমি তাক সংৰক্ষিত কৰিব লাগিব।

 

 

 

শ্বেয়াৰ কৰক: