হোমেন বৰগোহাঞিৰ ২০ বছৰ পূৰ্বৰ সম্পাদকীয় আৰু বৰ্তমানৰ দিহিং – পাটকাই অভয়াৰণ্যৰ ৫০০ বৰ্গ কিলোমিটাৰৰ প্ৰাসংগিকতা
সৌম্যদ্বীপ দত্ত, আজিৰ পৰা প্ৰায় ২৬ বছৰ আগতে আমি অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে সংকল্প লৈছিলো আৰু তেতিয়াৰ পৰা আজিলৈকে আমি এই অমূল্য বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে কাম কৰি আছো। ১৯৯৪ চনৰ পৰা অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে যি আন্দোলন হৈছিল তাৰ ফল হিচাবে আমাৰ প্ৰস্তাৱিত ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যক সামৰি যি অভয়াৰণ্যৰ দাবী কৰা হৈছিল তাৰে এটা …



