The Seed, a Nature’s Beckon Blog

চৰাই পৰ্যবেক্ষণ

কিশোৰ কুমাৰ চৌধুৰী চৰাই প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত চৰাইৰ ভূমিকা বহুত। আমাৰ দেশ ভাৰতবৰ্ষ তথা আমাৰ ৰাজ্য চৰাইৰ ক্ষেত্ৰত সমৃদ্ধিশালী। আমি অৰ্থাৎ নেচাৰ্চ বেকনে জন্মলগ্নৰ (ইং ১৯৮২ চন) পৰা অসমত বনৰীয়া চৰাইৰ সংৰক্ষণৰ হকে কাম কৰি আহিছো, লগতে ‘চৰাই পৰ্যবেক্ষণ’ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে কাৰ্যসূচী গ্ৰহণ কৰি আহিছো। অসমৰ গাওঁ নগৰ …

চৰাই পৰ্যবেক্ষণ Read More »

জলাশয়ৰ সংৰক্ষণৰ গুৰুত্ব আৰু লক্ষীমপুৰৰ অন্যতম সুন্দৰ জলাহভূমি শতজান পক্ষী উদ্যান।

যুগল বৰা, উত্তৰ লখিমপুৰ প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখৰ বিশ্ব জলাহভূমি দিৱস বা আৰ্দ্ৰভূমি দিৱস হিচাপে পালন কৰা হয়। আচলতে বছৰ প্ৰায়ভাগ সময়তে যিবোৰ দ ঠাইত পানী জমা হৈ থাকে তেনে পানীৰে আৱৰা ভূমি ভাগকে জলাহভূমি বুলি কোৱা হয়।Wetland বা জলাহভূমিসমূহ আৰু মানুহৰ মাজত অতীজৰে পৰা নিবিড় সম্পৰ্ক আছিল। আগতে মানুহৰ বসতি কম থকা হেতুকে …

জলাশয়ৰ সংৰক্ষণৰ গুৰুত্ব আৰু লক্ষীমপুৰৰ অন্যতম সুন্দৰ জলাহভূমি শতজান পক্ষী উদ্যান। Read More »

তিব্বেতৰ মুক্তিৰ সপোন

বিকাশ বৰদলৈ অৰুণাচলৰ পাহাৰৰ ওখ শিখৰৰ পৰা এটা ৰিং মাৰিলে যি খন দেশৰ শীতল পৰ্বতমালাত ঠেকা খাই প্ৰতিধ্বনিত হৈ উঠে সেইখনেই হ’ল তিব্বেত। আমাৰ নিচেই কাষৰ, সেই দেশৰ শুষ্ক আৰু শীতল বতাহে নিতৌ আমাক চুমি যায় আৰু লুইতৰ বুকুয়েদি বৈ অহা স্ফটিকৰ দৰে জলধাৰাই জীপাল কৰি ৰাখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জীৱন আৰু সভ্যতা। আমাৰ প্ৰকৃতি, আমাৰ …

তিব্বেতৰ মুক্তিৰ সপোন Read More »

সম্পাদকীয়, ফেব্ৰুৱাৰী

কংকণা দাস ফেব্ৰুৱাৰী বুলিলেই যেন বই প্ৰেমময় এজাক মৃদু বতাহ। প্ৰেম, ভালপোৱা জীৱৰ অন্তৰৰ নিভৃত কোণৰ অনুভূতি। প্ৰকৃতিৰ সৃষ্টিৰ প্ৰতিটো উপাদানত প্ৰেম নিহিত হৈ আছে। সূক্ষ্ম দৃষ্টিৰে আমি প্ৰতিজনেই এই কথা উপলব্ধি কৰিব পাৰো। প্ৰকৃতিৰ অইন সন্তানৰ দৰে মানুহৰ অন্তৰো প্ৰেমেৰেই পৰিপূৰ্ণ। ভোগবাদী আধুনিকতাৰ ৰাগীত কিছু সংখ্যক মানুহে হয়তো প্ৰেমৰ সংজ্ঞা পাহৰিছে, নতুবা একাংশই  প্ৰেমৰ …

সম্পাদকীয়, ফেব্ৰুৱাৰী Read More »

ধেমাজি জিলাৰ প্ৰাকৃতিক পৰিৱেশ আৰু ‘পবা’ বৰ্ষাৰণ্য

যুগল সন্দিকৈ অসমৰ উত্তৰ প্ৰান্তীয় সীমান্তৱৰ্তী জিলা ধেমাজি ঠেক সমতলীয় ভূখণ্ডৰে আবৃত৷ ৩২৩৭ বৰ্গ কিল’মিটাৰ মাটিকালিৰে আবৃত এসময়ৰ শস্যে-মৎস্যে ভৰপূৰ তথা প্ৰাণময় জৈৱবৈচিত্ৰ্যৰ প্ৰাণ-প্ৰাচুৰ্যৰে মহীয়ান উত্তৰ অসমৰ অন্যতম এটি অঞ্চল এই ধেমাজি৷ ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, গাই, জীয়াধল, কুমতীয়া, গালি, চিমেন, লালিকে আদি কৰি বিভিন্ন সৰু-বৰ নদীয়ে অঞ্চলটোৰ ভূ-ভাগ জীপাল কৰি ৰাখিছে৷ মুঠৰ ওপৰত নদী তথা জলাহভূমিৰ …

ধেমাজি জিলাৰ প্ৰাকৃতিক পৰিৱেশ আৰু ‘পবা’ বৰ্ষাৰণ্য Read More »

Soumyadeep Datta Book

বিপদত ধৰিত্ৰী, সংকটত বন্যপ্ৰাণী

কিশোৰ কুমাৰ চৌধুৰী আমি বসবাস কৰা পৃথিৱীখনত জীৱৰ উৎপত্তি হোৱাৰ আৰম্ভণিৰ পৰা আজিলৈকে অসংখ্য প্ৰজাতিৰ জীৱৰ জন্ম হৈছে। তাৰ ভিতৰত কিছুমান প্ৰজাতিয়ে পৰিৱেশৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ ফলত বা জৈৱ বিৱৰ্তনৰ ফলত পৃথিৱীৰ পৰা চিৰদিনলৈ বিলুপ্ত হৈ গৈছে। কিন্তু আজি যিবোৰ প্ৰজাতি পৃথিৱীত জীয়াই আছে সেইবোৰৰ ভিতৰতো বহুত প্ৰজাতিয়ে পৰিৱেশৰ ভাৰসাম্য হীনতাত অৱস্থান কৰিছে। মানুহৰ অত্যধিক নিয়ন্ত্ৰণৰ …

বিপদত ধৰিত্ৰী, সংকটত বন্যপ্ৰাণী Read More »

সম্পাদকীয়

কংকণা দাস, সম্পাদক (দ্য চীড) ৰাজ্যত চৌদিশে এতিয়া নিৰ্বাচনৰ ঢৌ। বিভিন্ন ৰাজনৈতিক দলে নিজা নিজা বিষয় লৈ ৰাজনৈতিক প্ৰচাৰ কৰি ফুৰিছে। এই দল সমূহে অসমৰ বিভিন্ন সমস্যা সমূহৰ সমাধানৰ প্ৰতিশ্ৰুতি বছৰে বছৰে দি আহিছে। তাৰ কিছুমান হয়তো সমাধান হৈছে, কিছু সমাধানৰ পথত আৰু কিছুমান চিৰকাল সমস্যা ৰূপেই আছে। এই সমস্যা সমূহৰ ভিতৰত অসম তথা ভাৰতৰ …

সম্পাদকীয় Read More »