চৰাই পৰ্যবেক্ষণ

Kishore Choudhury Portrait

কিশোৰ কুমাৰ চৌধুৰী

চৰাই প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত চৰাইৰ ভূমিকা বহুত। আমাৰ দেশ ভাৰতবৰ্ষ তথা আমাৰ ৰাজ্য চৰাইৰ ক্ষেত্ৰত সমৃদ্ধিশালী। আমি অৰ্থাৎ নেচাৰ্চ বেকনে জন্মলগ্নৰ (ইং ১৯৮২ চন) পৰা অসমত বনৰীয়া চৰাইৰ সংৰক্ষণৰ হকে কাম কৰি আহিছো, লগতে ‘চৰাই পৰ্যবেক্ষণ’ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে কাৰ্যসূচী গ্ৰহণ কৰি আহিছো। অসমৰ গাওঁ নগৰ সকলোতে, মানুহে চৰাই সংৰক্ষণৰ হকে আগবাঢ়ি আহিছে।
 
প্ৰকৃতি অধ্যয়নৰ ক্ষেত্ৰত চৰাই পৰ্যবেক্ষণ অতি গুৰুত্বপূৰ্ণ অধ্যায়। চৰাই পৰ্যবেক্ষণ মানে মন মগজুৰে চৰাই অধ্যয়ন কৰা। চকুৰে চৰাই এটা দেখিলে চৰাই পৰ্যবেক্ষণ কৰা বুলি নকয়। চৰাই পৰ্যবেক্ষণ কৰোতে আমাৰ সকলো ইন্দ্ৰিয়ক সক্ৰিয়ভাৱে কামত লগাব লাগে। চৰাই পৰ্যবেক্ষণ বুলি ক’লে আমাৰ মনলৈ প্ৰথমে গভীৰ অৰণ্য, বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, পক্ষী অভয়াৰণ্য আদিৰ কথা মনলৈ আহিব পাৰে, কিন্তু আমাৰ চৌপাশে, আৱাসগৃহৰ ওচৰত, ঘৰ-বাৰী, ফুলনি-বাগিচা, নৈ-নিজৰা, খাল-বিল, জলাশয়, পিতনি খেতিপথাৰ ইত্যাদি সকলোতে চৰাই পোৱা যায়। সেইবোৰলৈ হয়তো আমি মনেই নকৰো। আমি চৰাই পৰ্যবেক্ষণ কৰিবলৈ হ’লে আমাৰ ঘৰৰ পিৰালিৰ পৰাই আৰম্ভ কৰিব লাগিব। আমি ভ্ৰমণ কালত গাড়ী মটৰ, ৰেল আদিৰে গৈ থাকোতেও বহু চৰাই প্ৰত্যক্ষ কৰো। আমাৰ চৰাইপ্ৰেমী যিসকলে  চৰাই পৰ্যবেক্ষণৰ বিষয়ে  অলপ জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে, তেওঁলোকে কিন্তু য’তে ততেই চৰাই দেখিবলৈ পায়। তেওঁলোকৰ চকুত চৰাইৰ অৱস্থিতি সোনকালেই ধৰা পৰে। চৰাই পৰ্যবেক্ষণ কৰিবলৈ ধৈৰ্য্য আৰু সময়ৰ প্ৰয়োজন। চৰাই এটা প্ৰত্যক্ষ কৰিলে প্ৰথমে চৰাইটো কোন প্ৰজাতিৰ জানিব লাগিব, তাৰ পাছত চৰাইটোৱে কি কৰি আছে, ক’ত আছে, চৰাইটোৰ মাত, বৰণ, আকৃতি, চৰাইটোৰ খোজকঢ়াৰ ধৰণ, উৰাৰ পদ্ধতি ইত্যাদি তন্ন তন্নকৈ লক্ষ্য কৰিব লাগিব। চৰাইৰ ঠোঁট আৰু ঠেং বিশ্লেষণ কৰিলে চৰাইৰ বাসস্থান, খাদ্যভাস নিৰ্ধাৰণ কৰিব পাৰি। চৰাই পৰ্যবেক্ষণৰ সময়, তাৰিখ, ঋতু, বতৰ, স্থান ইত্যাদি লিপিবদ্ধ কৰাটো অতি দৰকাৰী কাম। যিটোৱে চৰাই অধ্যয়নত আমাক যথেষ্ট সহায় কৰে। চৰাই পৰ্যবেক্ষণৰ সময়ত ক্ষেত্ৰ অনুশীলন পত্ৰ/তালিকা (field exercise chart ) প্ৰস্তুত কৰিব লাগে। অচিনাকী চৰাই হ’লে পৰ্যবেক্ষণ কৰা তথ্যসমূহ ‘ field guide book’ ৰ লগত মিলাই চাব লাগে। চৰাই পৰ্যবেক্ষণ কৰোতে সদায় মৌনতা অৱলম্বন কৰিব লাগে। মানুহৰ আগমনত যাতে সিহঁতৰ অসুবিধা নহয় সেইটো লক্ষ্য ৰাখিব লাগে, অন্যথা সিহঁতৰ স্বাভাৱিক আচৰণ বন্ধ হৈ যাব। তেতিয়া চৰাই অধ্যয়ন বিঘ্নিত হ’ব। চৰাই পৰ্যবেক্ষণ কালত পাতলীয়া বৰণৰ অৰ্থাৎ অনুজ্জ্বল বৰণৰ পোছাক পৰিধান কৰিব লাগে।
 
আমি সকলোৱে জানো যে অসমৰ সভ্যতা, কলা কৃষ্টিৰ লগত চৰাইৰ সম্পৰ্ক ওতপ্ৰোত। চৰাইকলৈ আমাৰ বহুত ৰীতি নীতি আৰু পৰম্পৰা আছে। অসম তথা উত্তৰ পূৰ্বাঞ্চল জৈৱ বৈচিত্ৰতাৰে ভৰপুৰ। চৰাইৰ বৈচিত্ৰতাও অসমত বহুত। চৰাই পৰ্যবেক্ষণৰ প্ৰতি থকা উৎসাহক আমি সদায়ে উৎসাহিত কৰি আহিছো। চৰাই অধ্যয়ন তথা চৰাই পৰ্যবেক্ষণ দুয়োটাই আমাৰ পৰিৱেশ সংৰক্ষণ আন্দোলনক বহু মাত্ৰাত আগবঢ়াই লৈ গৈছে। আমি বহুতকে দেখিছো যিয়ে চৰাই অধ্যয়নৰ জৰিয়তে প্ৰকৃতি ইতিহাসৰ অধ্যয়ন আৰম্ভ কৰে। আজিৰ যান্ত্ৰিক যুগত বিদ্যালয়, মহাবিদ্যালয় সমূহত প্ৰকৃতি অধ্যয়ন বিষয়টো পাঠ্যপুথিৰ অন্তৰ্ভুক্ত হওঁক বা নহওঁক, আমাৰ বাস্তৱ জীৱনত প্ৰকৃতি অধ্যয়ন অত্যাৱশ্যকীয় বিষয়।
 
চৰাই পৰ্যবেক্ষণ এটা উৎকৃষ্ট হবি(hobby) বা চখ। ই প্ৰকৃতি অধ্যয়নৰ এক উৎকৃষ্ট মাধ্যম। চৰাই প্ৰকৃতিৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান। জীৱ জগতত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত চৰাইৰ ভূমিকা অপৰিসীম। চৰাই পৰ্যবেক্ষণৰ সুফল বহুত। চৰাই পৰ্যবেক্ষণৰ জৰিয়তে চৰাই অধ্যয়ন কৰাৰ উপৰিও এই অভ্যাসে মানুহৰ ব্যক্তিত্বক প্ৰভাৱিত কৰে। চৰাই পৰ্যবেক্ষণ কৰিলে মানুহ ধৈৰ্যশীল হয়, শান্তিপ্ৰিয় হয়, সময়ানুবৰ্তিতা মানি চলা হয় আৰু মনলৈ প্ৰশান্তি আহে। কিছুমান পক্ষীবিদে কয়- চৰাই পৰ্যবেক্ষণ কৰিলে হৃদৰোগ উপশম হয়। তদুপৰি চৰাইৰ পৰা আমি বহুতো কথা শিকিব পাৰো অৰ্থাৎ উপলব্ধি কৰিব পাৰো কিয়নো পৃথিৱীৰ বিভিন্ন ভৌগলিক অৱস্থান আৰু জলবায়বীয় এলেকাত চৰাই দেখিবলৈ পোৱা যায়। পৃথিৱীত জীৱৰ উৎপত্তি এক ৰহস্যময় অধ্যায়। তেনেদৰে চৰাইৰ উৎপত্তি, ক্ৰমবিকাশ ইত্যাদি বিষয়বোৰ অতিকৈ ৰহস্যময় আৰু ৰোমাঞ্চকৰ। সেই সকলোবোৰ আজি এই লেখনিত প্ৰতিফলিত কৰিব পৰা নহ’ল। 

শ্বেয়াৰ কৰক: