কংকণা দাস
বসন্ত প্ৰকৃতিৰ অনন্য এক ৰূপ। প্ৰেমময় বসন্ত পৃথিৱীৰ উৰ্বৰতাৰ প্ৰতীক। । হঠাত গোমা হৈ অহা কজলা আকাশখন, বৰদৈচিলাৰ সঘন আহ যাহ, বিজুলীৰ চিকমিকনিৰ মাজতে পৃথিৱী সাজু হৈ উঠে সৃষ্টিৰ বাবে। কোনো প্ৰেয়সী চৰাইৰ আকুল কণ্ঠেৰে বসন্ত মুখৰিত হৈ উঠে। ফুলৰ সুবাসেৰে আমোলমোল পৰিৱেশত প্ৰেমিক চৰাইয়ে নিজৰ ঘৰ সজাৰ সপোন দেখে। গোপনে ফুলি উঠা কপৌপাহলৈ সকলোৰে আকুলতা জাগে। মানুহৰ সৃষ্টিশীলতাতো যুগে যুগে বন্দিত বসন্ত। অসমীয়া জনজীৱনত বসন্তৰ এক সুকীয়া স্থান আছে। অসমৰ সংস্কৃতি সদায়েই অৰণ্যকেন্দ্ৰীক। অতীতৰ অসমীয়া সমাজজীৱনৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে অৰণ্য আৰু প্ৰকৃতিৰ অপৰিসীম ভূমিকা আছে। আমাৰ লোক সংগীত, লোক নৃত্য সকলোতে প্ৰকৃতিৰ লগতে বিভিন্ন ঋতুৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়।
বসন্তৰ এই ঋতু আমাৰ স্থানীয় চৰাই সমূহৰ বাবেও এক বিশেষ সময়। আমাৰ বহুসংখ্যক স্থানীয় চৰাইৰ প্ৰজনন কাল বসন্তৰ পৰাই আৰম্ভ হয়। অসমৰ প্ৰতিখন গাঁৱত বনৰীয়া চৰাই উভৈনদী। কিন্তু সজাগতাৰ অভাৱৰ বাবে আমাৰ গাঁৱৰ চৰাই সমূহৰ জীৱন প্ৰক্ৰিয়া বিপদমুক্ত নহয়। কেটেপাৰ ব্যৱহাৰ, বনৰীয়া চৰাই (বিশেষত মইনা, ভাটৌ) সঁজাত বন্দী কৰি থোৱা, গৰু ছাগলীৰ মৃতদেহত বিষাক্ত দ্ৰব্যৰ ব্যৱহাৰ, বনৰীয়া চৰাইৰ মাংস ভক্ষণ ইত্যাদি বিভিন্ন কাৰকৰ বাবে বনৰীয়া চৰাই সমূহ এতিয়াও সুৰক্ষিত নহয়। উপৰোক্ত সমস্যা সমূহৰ উপৰিও বন্য চৰাইৰ বাসস্থান ধ্বংস বৰ্তমানৰ এক গুৰুতৰ সমস্যা। গাঁৱে-ভূঞে, নগৰে-চহৰে উন্নতিৰ নামত যি হাৰত শতিকা জুৰি গছ গছনি কাটি কংক্ৰিটৰ অৰণ্য গঢ়া হৈছে, সেয়া অতি ভয়াবহ। গছ-গছনি কমি যোৱাৰ ফলত চৰাই সমূহে প্ৰজননৰ ক্ষেত্ৰত যথেষ্ঠ ভাবুকিৰ সন্মুখীন হৈছে। পৰিৱেশত বন্যপ্ৰাণ জীয়াই থাকিবলৈ বাসস্থানৰ বৈচিত্ৰতা থকাতো অতি প্ৰয়োজনীয়। কিন্তু মানুহৰ অবিবেকী কাৰ্যকলাপে প্ৰকৃতি ধ্বংসৰ হাৰ দ্ৰুতৰ পৰা দ্ৰুততৰ কৰি তুলিছে। এই ধ্বংসৰ পথত প্ৰতিটো বন্যজীৱই বিনাদোষে জীয়াতু ভুগিছে যাৰ কাৰণ একমাত্ৰ আমি।
মানুহ সচেতন নহ’লে ধ্বংসৰ এই গতি অবাধ হাৰত চলি থাকিব। পৃথিৱীৰ অবিহনে মানুহৰ অইন ঘৰ বৰ্তমানলৈ নাই। পৰিৱেশৰ অৱনতিয়ে মানৱ সভ্যতাৰ বিনাশ ক্ষিপ্ৰতৰ কৰি তুলিছে । সেয়ে প্ৰতি গৰাকী মানুহ প্ৰকৃতিক লৈ সচেতন হোৱা উচিত। প্ৰাকৃতিক সম্পদ কেৱল ভোগৰ বাবেই নহয়, প্ৰাকৃতিক সম্পদ মানুহৰ বাবে এক দ্বায়িত্ব। মানুহৰ জ্ঞানৰ মূল্য তেতিয়াহে হ’ব যেতিয়া আমি আমাৰ চৌপাশৰ প্ৰতি সজাগ হ’ম। প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে নিজৰ নিজৰ ক্ষেত্ৰত পৰিৱেশক লৈ মানুহৰ মাজত সজাগতা অনা উচিত। আমাৰ চৰাই সমূহ, মাছ, কাছ, উদ্ভিদ, নদী, পাহাৰ, অৰণ্য ইত্যাদি প্ৰতিটো উপাদানৰ গুৰুত্ব মানুহে বুজি উঠিলেহে আমি এখন সুস্থ পৃথিৱীৰ আশা কৰিব পাৰো।
এই এপ্ৰিল মাহৰ ৫ তাৰিখৰ পৰা ২৬ তাৰিখলৈ নেচাৰ্চ বেকনে সমগ্ৰ অসমতে বনৰীয়া চৰাই সংৰক্ষণ সজাগতা অভিযানৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যেই শদিয়া, ধেমাজিকে আদি কৰি অসমৰ বিভিন্ন জিলাত বিভিন্ন ব্যক্তিৰ উদ্যোগত স্কুল, কলেজ, গাওঁত সচেতনতা কাৰ্য্যসূচী অনুষ্ঠিত কৰা হৈছে। এই কাৰ্য্যসূচী সমূহত আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ সঁহাৰি উৎসাহজনক। আমি বিচাৰো অসমৰ স্থানীয় চৰাইসমূহ অসমৰ প্ৰতিখন গাঁৱত সুৰক্ষিত থাকক। চৰাই সমূহৰ বাসস্থান, কণী, পোৱালী সংৰক্ষিত হওঁক ।প্ৰতিগৰাকী মানুহ বন্যপ্ৰাণীক লৈ সচেতন হওঁক, সহমৰ্মী হওঁক। বসন্তৰ এই পবিত্ৰ ক্ষণত আমি আশাবাদী – অসমৰ প্ৰতিটো অঞ্চল আমাৰ বন্যপ্ৰাণসমূহৰ বাবে অভয়অঞ্চল হৈ উঠক।