অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে গুৰুত্বপূৰ্ণ কিতাপ – এটা আলোচনা

Nature's Beckon published the first album book with factual information in Assamese language on the Wildlife Sanctuaries and National Parks of Assam. PC :NB Archives.
WhatsApp Image 2024-08-20 at 22.01.54_4736f9f7

- যুগল সন্দিকৈ

অসমৰ সকলোবোৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানক সামৰি অসমীয়া ভাষাত প্ৰথম কিতাপ প্ৰণয়ন কৰে সৌম্যদ্বীপ দত্তই৷ মূলতঃ অসমৰ মানুহক অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে সজাগ, সচেতন আৰু অধিক তথ্যপূৰ্ণ কৰাৰ লক্ষ্যক আগত ৰাখি লেখকে এই বিষয়ক লৈ কিতাপ প্ৰণয়ন কৰে৷ আমাৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিলে সাধাৰণ মানুহ, পৰ্যটক বা ছাত্ৰছাত্ৰীৰ কি কৰা উচিত আৰু কি কৰা অনুচিত সেই কথাবোৰ লেখকে এই কিতাপৰ মাধ্যমেৰে পাঠকসকলক অৱগত কৰিছে৷ সৌম্যদ্বীপ দত্তৰ বন্যপ্ৰাণী সম্পৰ্কিত কিতাপবোৰ অৰণ্য, বন্যপ্ৰাণী তথা বন্যপ্ৰাণীৰ বাসস্থানক সংৰক্ষিত কৰাৰ উদ্দেশ্যকে আগত ৰাখি প্ৰণয়ন কৰা হয়৷ সৌম্যদ্বীপ দত্তই তেওঁৰ লেখনিৰ মাধ্যমেৰে পাঠকৰ মনত বন্যপ্ৰাণী সংৰক্ষণৰ চেতনা জাগ্ৰত কৰাৰ প্ৰয়াস, সচেতনভাৱেই কৰি থাকে৷ এইখন কিতাপত অসমৰ সকলোবোৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ বিভিন্ন দিশ আলোচনা কৰা হৈছে৷

              অসমৰ প্ৰতিখন অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত থকা প্ৰধান প্ৰধান স্তন্যপায়ী বন্যপ্ৰাণী, বনৰীয়া চৰাই, উভচৰ প্ৰাণী, সৰীসৃপ, পোকপতঙ্গ আৰু বনৰীয়া মাছৰ তথ্য কিতাপখনত উল্লেখিত হৈছে৷ কিতাপখনত নেচাৰ্চ বেকনৰ বন্যপ্ৰাণী সংৰক্ষণৰ কামকাজৰ কিছু কথা তুলি ধৰা হৈছে৷

'Axomar Aranya Abhayaranya aru Rashtriya Udyan' is now available in Assamese, Bengali, and Eglish languages. PC:NB Archives.

নেচাৰ্চ বেকনৰ বন্যপ্ৰাণী সংৰক্ষণৰ বিভিন্ন কামকাজৰ মাজত বন্যপ্ৰাণীৰ বাসস্থান সংৰক্ষণৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ জনসাধাৰণক সংগঠিত কৰি বন্যপ্ৰাণীৰ কিতাপখনৰ বাংলা অনুবাদ কৰে ২০২৩ চনত৷ কিতাপখন বাংলাত অনুবাদ কৰে বাসুদেৱ দাসে৷ ২০২৩ চনত বিস্তাৰ প্ৰকাশন কলিকতাই এই কিতাপখনৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰে, নাম দিয়ে ‘Forest the Wildlife Sanctuaries & National Parks of Assam.’ ইংৰাজী অনুবাদ কৰিছে স্বাতী মুখাৰ্জীয়ে৷ সৌম্যদ্বীপ দত্তৰঅসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যাননামৰ কিতাপখনঅসমীয়া, বাংলা আৰু ইংৰাজী ভাষাত বৰ্তমানে উপলব্ধ৷ ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্যবোৰৰ ভিতৰত একমাত্ৰ অসম ৰাজ্যৰ, সকলোখিনি অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানক সমাৰি তিনিটা ভাষাত প্ৰকাশ হোৱা এইখনে বোধকৰো একমাত্ৰ কিতাপ৷ অসমৰ সাতখন ৰাষ্ট্ৰীয় উদ্যান যেনে —  দিহিং পাটকাই, মানাহ, কাজিৰঙা, ওৰাং, নামেৰী, ডিব্ৰুচৈখোৱা আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানক এইখন কিতাপত সামৰি লোৱা হৈছে৷ অসমৰ ২১খন অভয়াৰণ্য যেনেচক্ৰশীলা, দীপৰ বিল, পবিতৰা, উত্তৰ কাৰ্বি আংলং, গৰমপানী, গিবন, আমচাং, বুঢ়াচাপৰি, লাওখোৱা, পানীদিহিং, মাৰাট লংৰি, বৰাইল, সোণাই ৰূপাই, পাভ, ভেৰজান, বৰাজান, পদুমণি, বৰদৈবাম বিলমুখ, নামবৰদৈগ্ৰোং, বৰনদী আৰু পূব কাৰ্বি আংলং অভয়াৰণ্যৰ কথা এইখন কিতাপত লিপিবদ্ধ কৰা হৈছে৷ তিনিওটা ভাষাৰ তিনিওখন কিতাপতে অসংখ্য ৰঙীন ছবি আৰু বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীৰ ছবি সংলগ্ন হৈ আছে৷ কিতাপখনত অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত পোৱা স্তন্যপায়ী বন্যপ্ৰাণী আৰু বনৰীয়া চৰাইৰ তালিকা প্ৰদান কৰা আছে৷

   অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব খোজা ব্যক্তি আৰু পৰ্যটক, বন্যপ্ৰাণীৰ প্ৰতি আগ্ৰহী ব্যক্তি, প্ৰকৃতি প্ৰেমী আৰু ছাত্ৰছাত্ৰীৰ বাবে এই কিতাপ অত্যন্ত লাগতিয়াল তথা গুৰুত্বপূৰ্ণ কিতাপ বুলি বিবেচিত ব৷       

Nature's Beckon has been the torch bearer of biodiversity conservation movement in Assam since 1980s, this movement has been strengthened through rigorous documentation of flora, fauna, and biodiversity. PC : NB Archives.