ধেমাজি জিলাৰ প্ৰাকৃতিক পৰিৱেশ আৰু ‘পবা’ বৰ্ষাৰণ্য

যুগল সন্দিকৈ

অসমৰ উত্তৰ প্ৰান্তীয় সীমান্তৱৰ্তী জিলা ধেমাজি ঠেক সমতলীয় ভূখণ্ডৰে আবৃত৷ ৩২৩৭ বৰ্গ কিল’মিটাৰ মাটিকালিৰে আবৃত এসময়ৰ শস্যে-মৎস্যে ভৰপূৰ তথা প্ৰাণময় জৈৱবৈচিত্ৰ্যৰ প্ৰাণ-প্ৰাচুৰ্যৰে মহীয়ান উত্তৰ অসমৰ অন্যতম এটি অঞ্চল এই ধেমাজি৷ ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, গাই, জীয়াধল, কুমতীয়া, গালি, চিমেন, লালিকে আদি কৰি বিভিন্ন সৰু-বৰ নদীয়ে অঞ্চলটোৰ ভূ-ভাগ জীপাল কৰি ৰাখিছে৷ মুঠৰ ওপৰত নদী তথা জলাহভূমিৰ প্ৰাচুৰ্যৰে ভৰপূৰ এই অঞ্চলৰ জলবায়ু সেমেকা৷ এই সেমেকা জলবায়ুতেই কালক্ৰমত জীপলৈ গঢ়ি উঠিছিল ধেমাজিৰ প্ৰাকৃতিক অৰণ্যৰাজি৷ চৰকাৰী এক তথ্য অনুসৰি ধেমাজিত ৯খন সংৰক্ষিত বনাঞ্চল আৰু এখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল থকাৰ উপৰি এখন প্ৰস্তাৱিত পক্ষী অভয়াৰণ্য আছে৷ সংৰক্ষিত বনাঞ্চল, প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল, প্ৰস্তাৱিত অভয়াৰণ্য ঘোষণাৰ চন অনুসৰি সেইকেইখন হ’ল ক্ৰমে — [১] পবা সংৰক্ষিত বনাঞ্চল [৬৭৯০.০২ হেক্টৰ], ১৯২৪ চন; [২] গালি সংৰক্ষিত বনাঞ্চল [১০,৬৪৯.২৪ হেক্টৰ], ১৯৪৩ চন; [৩] চেঙাজান সংৰক্ষিত বনাঞ্চল [১৬১৮.৭১ হেক্টৰ], ১৯২৪ চন; [৪] জামজিং সংৰক্ষিত বনাঞ্চল [৯০৬০.০০ হেক্টৰ], ১৯৭০ চন; [৫] আৰ্চিয়া ডিমৌ সংৰক্ষিত বনাঞ্চল [৬০৬.২৫ হেক্টৰ], ১৯৭০ চন; [৬] চিমেন সংৰক্ষিত বনাঞ্চল [৮৮১.২৫ হেক্টৰ], ১৯৬৯ চন; [৭] চিচি সংৰক্ষিত বনাঞ্চল [৯০৬.২৫ হেক্টৰ], ১৯৭০চন; [৮] জীয়াধল সংৰক্ষিত বনাঞ্চল [১৮১৬.০০ হেক্টৰ], ১৯৭০ চন; [৯] সোৱণশিৰি সংৰক্ষিত বনাঞ্চল [১৭,৪৬৫.২৬ হেক্টৰ], ১৯২৮ চন; [১০] কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল [৯৪০০.০০ হেক্টৰ], ১৯৭২ চন আৰু [১১] প্ৰস্তাৱিত বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য [১১২১.৮০ হেক্টৰ], ১৯৯৬ চন৷ বৰ্তমানে একমাত্ৰ পবা সংৰক্ষিত বনাঞ্চলৰ কিছু অংশৰ বাদে এই বিস্তৃৰ্ণ বনাঞ্চলসমূহৰ অস্তিত্ব কেৱল কাগজে-পত্ৰেহে বৰ্তি আছেগৈ বুলি ক’ব পাৰি৷
          এসময়ত জিলাখনৰ মুঠ মাটিকালিৰ ৫৩২.২৮ বৰ্গ কিলোমিটাৰ অৰ্থাৎ প্ৰায় ১৬.৫৫% অঞ্চল এই প্ৰাকৃতিক অৰণ্যৰাজিয়ে আৱৰি থকাৰ সমান্তৰালভাৱে ৪৫০.৩৮ বৰ্গ কিলোমিটাৰ [প্ৰায় ১৪%] অঞ্চল জলাহভূমিসমূহে আগুৰি আছিল৷ বৰ্তমানে এই বনাঞ্চল তথা জলাহভূমিসমূহৰ দ্ৰুতহাৰত সংকোচনে জৈৱবৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ যাৰ ফলশ্ৰুতিত জিলাখনৰপৰা ইতিমধ্যে বিবিধ প্ৰজাতিৰ বন্যজীৱ, উদ্ভিদ, অনুজীৱকে আদি কৰি বিভিন্ন জীৱ প্ৰজাতিৰ বিলুপ্তি ঘটিছে৷ ই জিলাখনৰ বাবে মুঠেও শুভলক্ষণ নহয়৷ জিলাখনৰ প্ৰাকৃতিক ভাৰসাম্য বৰ্তি থাকিবলৈ হ’লে এইসমূহো বাচি থকাটো নিতান্তই প্ৰয়োজন৷
          ধেমাজি জিলাৰ প্ৰাকৃতিক ভাৰসাম্য ইতিমধ্যে যথেষ্ট বিনষ্ট হৈছে৷ জিলাখনৰ একমাত্ৰ পবা বনাঞ্চল আৰু সোৱণশিৰি বনাঞ্চলৰ কিছু অংশৰ বাদে উল্লিখিত প্ৰায়বোৰ বনাঞ্চলেই মানুহৰ নিষ্ঠুৰতাৰ বলি হৈ জনাঞ্চললৈ পৰিগণিত হৈছে৷ এই বনাঞ্চলসমূহ ধবংসৰ বিৰূপ প্ৰভাৱ ধেমাজিবাসীয়ে ইতিমধ্যে সময়ে সময়ে ভোগ কৰি আহিছে৷ জিলাখনৰ প্ৰাকৃতিক পৰিৱেশ অটুট ৰাখিবলৈ হ’লে জিলাখনত বৰ্তমানেও বৰ্তি থকা জৈৱবৈচিত্ৰ্য সংৰক্ষিত হৈ থকাটো নিতান্তই প্ৰয়োজন আৰু ইয়াৰ বাবে বৰ্তমানে জিলাখনৰ জৈৱবৈচিত্ৰ্যৰ আকৰস্বৰূপ পবা সংৰক্ষিত বনাঞ্চলখন যথোচিতভাৱে সংৰক্ষিত হৈ থকাটো অতি প্ৰয়োজন৷ কিয়নো জিলাখনৰ আন আন বনাঞ্চলসমূহৰ অবৰ্তমানত জিলাখনৰ সমগ্ৰ জৈৱবৈচিত্ৰ্য পবাতেই কেন্দ্ৰীভূত হৈ আছে বুলি ক’লেও বহলাই কোৱা নহ’ব৷ জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত পবাই জীন বেংক [Gene Bank] হিচাপে কাম কৰি আছে৷ গতিকে পবা সংৰক্ষিত হৈ থকা মানেই ধেমাজি জিলাৰ জৈৱবৈচিত্ৰ্যও কিছু পৰিমাণে সংৰক্ষিত হৈ থাকিব বুলি ক’ব পাৰি৷
 
পবা — অনেক প্ৰতিকূলতাৰ মাজতো নিজৰ অস্তিত্ব বৰ্তাই ৰখা ধেমাজি জিলাৰ একমাত্ৰ অৰণ্যখন —
           পবা ধেমাজি জিলাৰ জোনাই মহকুমাত থকা একমাত্ৰ প্ৰাণময় বনাঞ্চল৷ ১৯২৪ চনত ইংৰাজ আমোলৰ সময়ত সংৰক্ষিত বনাঞ্চলৰূপে স্বীকৃতিপ্ৰাপ্ত মুঠ ১০, ২২১ হেক্টৰৰ [অসম-অৰুণাচলৰ বিভক্তকৰণৰ সময়ত পবাৰ ৩৩৩৯.১২ হেক্টৰ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত হোৱাত আৰু এক বিস্তীৰ্ণ অংশ বানপানীয়ে খহাই নিয়াৰ ফলত বৰ্তমানে এই বনাঞ্চলৰ মাটিকালি হয়গৈ ৬৭৯০.০২ হেক্টৰ] এই বিস্তীৰ্ণ অৰণ্যভূমি জোনাই মহকুমা সদৰৰপৰা পূবে ৮ কি.মি. আৰু উত্তৰে ৪ কি.মি. দূৰত্বত অৱস্থিত৷ পবা বনাঞ্চলৰ উত্তৰ দিশত অৰুণাচল প্ৰদেশৰ অন্তৰ্গত চিৰসেউজ অৰণ্যাঞ্চল সংলগ্ন হৈ আছে৷ উত্তৰ-পূব কোণেৰে বৈ অহা ছিয়াং নৈ পশ্চিমলৈ ১০ কি.মি. বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ৷ পূব দিশত কবুচাপৰি আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান৷ অৰুণাচলৰ ডি ইৰিং, লক্ষী ৰিজাৰ্ভ আৰু ৰুকচিন মহকুমাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহে পবাক সংগঠিত ৰূপত ৰাখিছে৷
          মূলতঃ পবা এখন বৰ্ষাৰণ্য৷ বৰ্ষাৰণ্যৰ প্ৰতিটো বৈশিষ্ট্যই পবাত বিদ্যমান৷ ইয়াত চিৰসেউজীয়া, পৰ্ণপাতী, ঘাঁহনি, জোপোহা তৃণাঞ্চল, জলাশয় আৰু পিতনিৰে ভৰা আদ্ৰভূমি আছে৷ ভূ-প্ৰাকৃতিক গঠন অনুসাৰে পাহাৰৰ নামনি অংশত অৱস্থিত গেজেপনি, বনভূমি আৰু ছিয়াং দিবং নৈৰ অৱবাহিকা অঞ্চলত অৱস্থিত প্লাৱন ভূমিয়ে পবাক সমৃদ্ধি দান কৰিছে৷ পবা বৰ্ষাৰণ্যত পোৱা জলাহভূমিৰ উদ্ভিদকূলৰ ভিতৰত ঢেঁকীয়া, কচু, বেত, বনকল, দল, এৰালি, বৰপুনি, মেটেকা, ভেঁট, কলমৌ, পানী শিঙৰি, নল, ইকৰা, খাগৰি, তৰা, বিৰিণা, উলুখেৰ, বিহমেটেকা, সৰুপুনি, হিজল, উলফিয়া, স্পাইৰডেলা, এজ’লা, মাৰছিলিয়া, চিৰাটফাইলাম, হাইড্ৰিলা, চাইপেৰাছ, চেজিটেৰিয়া ইত্যাদিয়েই প্ৰধান৷ একেদৰে লতাজাতীয় উদ্ভিদসমূহৰ ভিতৰত টিকনি বৰুৱা, ভেদাইলতা, জেতুলিপকা, কাঠআলু, কণীবিহ, কাউৰীমণি, মাধৈমালতী, বেলিপকা, বনকেৰেলা, লতা ঢেঁকীয়া, প্ৰেমলতা, বনজালুক, আঙনি পাণ, আকাশীলতা, টেঙৰীলতা, নলটেঙা, গুলজ লতা, ভীমৰাজ, আমৈ লতা, গাখৰতী লতা, বগোৱা ছালি, কপাল ফুটা লতা, তুবুকী লতা আদিয়েই প্ৰধান৷ পবা বৰ্ষাৰণ্যৰ অন্যতম বৈশিষ্ট্য হ’ল শলখ গছৰ বিচিত্ৰতা৷ শলখ গছৰ উপৰিও পবাৰ বনভূমিত ভেঁৰ গছ [Salix tetrasperma]ৰ প্ৰাচুৰ্যই পবাক অসমৰ জাতীয় পক্ষী দেও হাঁহৰ [Cairina scutulata] আদৰ্শ আবাসস্থলীৰূপে পৰিগণিত কৰাইছে৷ তদুপৰি বৃক্ষজাতীয় উদ্ভিদৰাজিৰ ভিতৰত হলখ, শিলিখা, হোলোং, মেকাই, শিমলু, নাহৰ, ভোমোৰা, শিঙৰি, অৰ্জুন, শাল, ভেলৌ, বনচোম, চতিয়না, ঔটেঙা, কৰচ আদি উল্লেখযোগ্য৷ ইয়াৰ উপৰিও পবাত বিভিন্ন প্ৰকাৰৰ গ্ৰাউণ্ড অৰ্কিড দেখিবলৈ পোৱা যায়৷
           আনহাতে পবাৰ প্ৰাণীকুলৰ ভিতৰত লাজুকী বান্দৰ, মলুৱা বান্দৰ, অসমীয়া বান্দৰ, বনৰৌ, শিয়াল, গেন্দেৰা, জহামাল, নেউল, বনবোন্দা, বনৰীয়া গাহৰি, নাহৰফুটুকী বাঘ, হাতী, লতামেকুৰী, কেটেলা পহু, ডাঙৰ কেৰ্কেটুৱা, শৰপহু, হৰিণা, শহাপহু, নানা প্ৰজাতিৰ সৰীসৃপ আদিয়েই প্ৰধান৷ একেদৰে পক্ষীকুলৰ ভিতৰত ধনেশ, হুদু, ফেঁচা, বন কুকুৰা, বনৰীয়া পাৰ, কপৌ, পৰ্ঘুমা, শেন, চিলনী, কুৰুৱা, বৰটোকোলা, শগুণ, বগলী, চাকৈচকোৱা, পানীকাউৰী, বাঢ়ৈটোকা, মাছৰোকা, ডাউক, দলপুঙা, কামচৰাই, বালিমাহী, সখীয়তী, শৰালি, কাণকুৰুকা, মইনা, বুলবুলি, দৰিক, বতাচৰাই, টুনী, হঁয়ক’লি, ভাটৌ, বনৰীয়া হাঁহ, ধৃতৰাজ, হেটুলুকা আদিয়েই প্ৰধান৷
 
পবা বনাঞ্চলৰ বৈশিষ্ট্য —
— পবা এখন উৎকৃষ্ট বৰ্ষাৰণ্য৷ বৰ্ষাৰণ্যৰ প্ৰতিটো বৈশিষ্ট্যই পবাত বিদ্যমান৷ পবাত বৰ্তমানলৈকে ২১৮ প্ৰজাতিৰ বন্যচৰাই, ২১ প্ৰজাতিৰ স্তন্যপায়ী, ২৬০ প্ৰজাতিৰ বৃক্ষ আৰু অলেখ পখিলাৰ সন্ধান পোৱা গৈছে৷    
— পবা বনভূমিত নদীকাষৰীয়া অৰণ্যৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়৷ যিহেতু পবাৰ কাষেৰে বৈ যোৱা ছিয়াং নদীয়ে পবাক ভৰপূৰ উপচাৰ প্ৰদান কৰিছে৷ ছিয়াংপৰীয়া পবাৰ অঞ্চল বিশেষত প্ৰচুৰ শিমলু গছ দেখা যায়৷ শিমলু গছ প্ৰধানভাৱে নদীকাষৰীয়া অৰণ্যত হোৱা দেখা যায়৷
— পবাৰ পূব দিশে ব্ৰহ্মপুত্ৰৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ দ্বিতীয় বৃহৎ নদীদ্বীপ কবুচাপৰি৷ ১৯৭৭-৭৮ চনৰ সময়ছোৱাত কবুচাপৰি বনৰীয়া ম’হৰ আবাসস্থল আছিল৷ এতিয়াও কবুচাপৰিৰ জৈৱবৈচিত্ৰ চকুত লগা৷ এই কবুচাপৰিৰ পূবলৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান৷ পবাৰ উত্তৰ দিশত থকা অৰুণাচলৰ অখণ্ড বনভূমি আৰু পবা, কবুচাপৰি, ডিব্ৰু-ছৈখোৱা এই চাৰিওখন অৰণ্যভূমি যেন একেডাল সূতাৰে গঁঠা৷ পবাক কেন্দ্ৰ কৰি এই বনাঞ্চলকেইখনে সমকোণী অৱস্থান গ্ৰহণ কৰিছে৷ বন্যপ্ৰাণীসমূহে কবুচাপৰিক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ আপুৰুগীয়া বন্যপ্ৰাণীসমূহে কবুচাপৰিক কৰিড’ৰ হিচাপে লৈ পবা বনাঞ্চলত বিচৰণ কৰে আৰু অৰুণাচলৰ অবিচ্ছিন্ন অৰণ্যৰ লগতো সম্পৰ্ক-সূত্ৰ স্থাপন কৰে৷
— অনেক পৰীভ্ৰমী পক্ষীৰ বাবে পবা আৰু ছিয়াং নৈৰ উপকণ্ঠ অঞ্চল আদৰ্শ বিচৰণস্থলী৷
— পবা বনাঞ্চলত দেখা যায় বিবিধ প্ৰজাতিৰ উদ্ভিদ, তৰু-লতা আৰু অকিৰ্ডৰ সুষম সমাহাৰ৷ কচু-ঢেঁকীয়াৰপৰা গুল্ম আৰু ডাঙৰ জোপোহা গছৰ সমৃদ্ধি পবাত লক্ষণীয়৷ ঔষধি উদ্ভিদৰ ক্ষেত্ৰতো পবা চহকী৷
— পবাৰ মুঠ বনভূমিৰ ৬০ ভাগ কাঠনি আৰু ২০ ভাগকৈ ক্ৰমে পিতনি আৰু ঘাঁহনি অঞ্চল৷
— জলাহভূমিসমূহত মৎস্যসম্পদ আৰু জলজ উদ্ভিদৰ প্ৰাচুৰ্য মনকৰিবলগীয়া৷
— প্ৰকৃতিৰ বৰ্ণাঢ্য সৃষ্টি বিবিধ প্ৰজাতিৰ পখিলাৰ অনুপম ভাণ্ডাৰ এই পবা৷
— অতীজৰেপৰা পবাই জোনাইবাসীক অৰ্থনৈতিক, সামাজিকভাৱে সকাহ দি আহিছে৷ ছিয়াঙৰ খহনীয়া আৰু বান প্ৰতিৰোধ কৰি সমগ্ৰ জোনাইৰ লগতে তাৰ সংলগ্ন এক বৃহৎ অঞ্চলক ৰক্ষণাবেক্ষণ দি আহিছে পবাই৷
— অসমৰ জলবায়ু আৰু পৰিৱেশ নিয়ন্ত্ৰণত, অসমৰ জৈৱবৈচিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত পবাৰ গুৰুত্ব প্ৰথম স্থানত৷
          ভূ-প্ৰকৃতিবিদসকলৰ মতে — পৃথিৱীৰ অন্যতম সেমেকা অঞ্চলৰূপে বিখ্যাত দক্ষিণ-পূব এছিয়াৰ জীৱ মণ্ডলৰ সৈতে পবা ভূখণ্ড সংলগ্ন৷ বৰ্তমানলৈকে পৃথিৱীৰ ৩২ টা জীৱ বিচিত্ৰতাৰ মুখ্য ভূমি চিনাক্তকৰণ কৰা হৈছে৷ ইয়াৰ ভিতৰত ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য আৰু ডি ইৰিং বন্যপ্ৰাণী উদ্যান অন্যতম মুখ্য ভূমিৰূপে বিবেচিত হৈছে৷ এই বনাঞ্চল দুখন পবা বনাঞ্চলৰ সৈতে সংযুক্ত হৈ আছে৷ ব্ৰহ্মপুত্ৰ নদীৰ অন্যতম নদীদ্বীপ কবুচাপৰিক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি এই বিশাল বন্যভূমিৰ বন্যপ্ৰাণীসমূহ অবাধ বিচৰণ কৰে৷ এনেবোৰ সুবিধাজনক প্ৰাকৃতিক পৰিৱেশৰ বাবে পবা বনাঞ্চলৰ গুৰুত্ব অপৰিসীম৷
           তদুপৰি অতীজৰেপৰা স্থানীয় খিলঞ্জীয়া লোকসকলৰ বাবে পবা জীৱনৰেখাস্বৰূপ৷ গৃহ নিৰ্মাণ, খেতি-পথাৰৰ প্ৰয়োজনীয় সামগ্ৰী যোগানকে আদি কৰি পশুধনৰ একমাত্ৰ খাদ্যভাণ্ডাৰৰূপে তেওঁলোকে পবা বনাঞ্চলৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে৷ ভূমিপুত্ৰৰ কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাগত ৰীতি-নীতি পালনৰ বাবে আৱশ্যকীয় সামগ্ৰীৰ বাবেও পবা বনাঞ্চলৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে৷ খৰি, মৎস্য, বনৌষধ, শাক-পাচলি আদিৰো মূল উৎস এই পবা বনাঞ্চল৷
          বৰ্তমানে পবা বনাঞ্চলৰ অতি সীমিত সংখ্যক জীৱ প্ৰজাতিক চিনাক্তকৰাণ কৰা হৈছে যদিও আজিকোপতি ইয়াৰ বৈজ্ঞানিক তথা প্ৰণালীবদ্ধ অধ্যয়ন আৰু জৰীপ সম্পন্ন হোৱা নাই৷ ভৱিষ্যতে বিস্তৃতভাৱে পদ্ধতিগত জৰীপ চলালে অধিক মূল্যবান তথ্য পোহৰলৈ অহাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷
 
পবা — সংশয় আৰু সম্ভাৱনা —
          জৈৱবৈচিত্ৰৰ অনুপম ভাণ্ডাৰ পবা বনাঞ্চলত আজি নিষ্ঠুৰ মানৱৰ আগ্ৰাসনৰ প্ৰভাৱ স্পষ্টৰূপে পৰিলক্ষিত হৈছে৷ ইতিমধ্যে পবাৰ অৰ্ধেক প্ৰাণময় বন্যভূমি প্ৰায় সমূলি নিঃশেষ হৈছে৷ সেয়েহে উত্তৰ-পূব ভাৰতৰ অন্যতম পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনে পবা বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত বিগত ২০০৬ চনৰেপৰা চনৰেপৰা ঐকান্তিক প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ২০০৭ চনত নেচাৰ্চ বেকনেই প্ৰথম পবাক এখন উৎকৃষ্ট বৰ্ষাৰণ্য হিচাবে চিহ্নিত কৰি এই অৰণ্যৰাজিক অভয়াৰণ্যৰ মৰ্যাদা প্ৰদানৰ জৰিয়তে সুৰক্ষিত কৰিবৰ বাবে বিভিন্ন সময়ত চৰকাৰক দাবী জনাই অহাৰ লগতে ব্যাপক জনসজাগতাৰ সৃষ্টি কৰি আহিছে৷ তাৰেই ফলশ্ৰুতিত আজি পবা বৰ্ষাৰণ্য সুৰক্ষা সমিতি, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টি এম পি কে, মিচিং স্বায়ত্ব শাসিত পৰিষদ, অসম সাহিত্য সভাকে প্ৰমুখ্য কৰি ধেমাজিৰ বিভিন্ন দল-সংগঠনে পবাৰ বনভূমি সংৰক্ষণৰ স্বাৰ্থত বিভিন্ন সময়ত সজোৰে মাত মাতি আহিছে৷
          নেচাৰ্চ বেকনৰ তৎপৰতা তথা ধেমাজি জিলাৰ অন্যান্য দল সংগঠনসমূহৰ দাবীৰ প্ৰতি সঁহাৰি জনায়েই ধেমাজি জিলা প্ৰশাসন তথা ধেমাজি বনসাংমণ্ডলিক বিষয়াই পোনপ্ৰথমবাৰৰ বাবে বিগত ২০১৪ বৰ্ষৰ ১৭ জুলাইত মেম’ নং – বি/পবা ডব্লিউ এল চেঙ্কচুৰি/২০১৪/১১২৩ নম্বৰৰ এক পত্ৰযোগে উত্তৰ অসম চক্ৰৰ মুখ্য বন সংৰক্ষকলৈ পবা সংৰক্ষিত বনাঞ্চলক পবা বন্যপ্ৰাণী অভয়াৰণ্য মৰ্যাদা প্ৰদানৰ বাবে এক প্ৰস্তাৱ প্ৰেৰণ কৰে৷ ইয়াৰ সমান্তৰালভাৱে পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনেও একে বৰ্ষৰে ৫ ছেপ্তেম্বৰত কেন্দ্ৰীয় বনমন্ত্ৰী প্ৰকাশ জাভেদকাড়ৰ অসম ভ্ৰমণ কালত মন্ত্ৰীগৰাকীক গুৱাহাটীত লগ ধৰি পবাক অতিশীঘ্ৰে অভয়াৰণ্য মৰ্যাদা প্ৰদানৰ হকে দাবী জনায়৷ ইয়াৰোপৰি পবাক অচিৰেই বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীতকৰণেৰে সুৰক্ষিত কৰাৰ দাবীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ, অসমৰ বনমন্ত্ৰীকে আদি কৰি সংশ্লিষ্ট পক্ষসমূহক নেচাৰ্চ বেকনে বিভিন্ন সময়ত স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাই অহাৰ সমান্তৰালভাৱে বিগত ২০১৯ বৰ্ষৰ ৫ ছেপ্টেম্বৰত বিষয়টো সন্দৰ্ভত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ হস্তক্ষেপ বিচাৰি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈয়ো এক পত্ৰ প্ৰেৰণ কৰে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যলয়েও নেচাৰ্চ বেকনৰ এই পত্ৰক গুৰত্বসহকাৰে লৈ প্ৰসংগ নং PMOPG/D/2019/0344732 নিৰ্দেশনা যোগে যাৱতীয় ব্যৱস্থা ল’বলৈ যোৱা বছৰৰ ৩ অক্টোবৰত অসম চৰকাৰৰ বন আৰু বন্যপ্ৰাণী বিভাগলৈ নিৰ্দেশনা প্ৰেৰণ কৰে৷ এই নিৰ্দেশনাৰ প্ৰায় আঠ মাহৰ পাছত বিগত ২০২০ বৰ্ষৰ ১৪ জুলাই আৰু ৭ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পবাক অভয়াৰণ্য স্বীকৃতি দিয়াৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰি তৃতীয়বাৰৰ বাবে আশ্বাস প্ৰদান কৰিছে যদিও আজিকোপতি এই আশ্বাস কাৰ্যক্ষেত্ৰত পৰিণত হোৱা নাই৷
           পবাক অভয়াৰণ্য মৰ্যাদা প্ৰদানৰ অৰ্থে চৰকাৰী পক্ষৰ ওচৰত একাধিক চাপ সৃষ্টি কৰাটো এই সময়ত অতীব প্ৰয়োজন হৈ পৰিছে৷ এইক্ষেত্ৰত জিলাখনৰ বিভিন্ন দল-সংগঠন একত্ৰিত হৈ ঐক্যবদ্ধভাৱে সংগ্ৰাম অব্যাহত ৰাখিলেহে এই আন্দোলন ফলপ্ৰসু হোৱাৰ থল আছে৷ অনেক সংকট আৰু দুৰ্ভাৱনাৰ মাজত দিন কটোৱা বৰ্তমানেও অৰ্ধেক অংশ জীৱিত অৱস্থাত থকা ধেমাজি জিলাৰ একমাত্ৰ এই অনুপম জৈৱবৈচিত্ৰৰ ভাণ্ডাৰ পবা বৰ্ষাৰণ্যক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত অচিৰেই পবাক অভয়াৰণ্যৰ মৰ্যাদা দিয়াৰ প্ৰয়োজন৷ ধেমাজি জিলাৰ অনুপম জৈৱবৈচিত্ৰ্যক প্ৰকৃতাৰ্থত সংৰক্ষণ কৰা তথা জিলাখনৰ প্ৰথমখন অভয়াৰণ্য হিচাপে পবা বনাঞ্চলক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আটাইৰে সংঘবদ্ধ প্ৰচেষ্টা, সহযোগ আৰু দায়বদ্ধতা একান্তই বাঞ্চনীয়৷
 
— যুগল সন্দিকৈ
ধেমাজি. 
 
 
 
 
 
 

Share: