যুগল বৰা, উত্তৰ লখিমপুৰ
প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখৰ বিশ্ব জলাহভূমি দিৱস বা আৰ্দ্ৰভূমি দিৱস হিচাপে পালন কৰা হয়।
আচলতে বছৰ প্ৰায়ভাগ সময়তে যিবোৰ দ ঠাইত পানী জমা হৈ থাকে তেনে পানীৰে আৱৰা ভূমি ভাগকে জলাহভূমি বুলি কোৱা হয়।
Wetland বা জলাহভূমিসমূহ আৰু মানুহৰ মাজত অতীজৰে পৰা নিবিড় সম্পৰ্ক আছিল। আগতে মানুহৰ বসতি কম থকা হেতুকে জলাহভূমিৰ সমুহৰ গুৰুত্বৰ কথা উপলব্ধি কৰা নাছিল। দিন অতিবাহিত হৈ হৈ আহি বৰ্তমান সময়ত এনে এটা পৰ্য্যায়ত মানুহৰ অৱস্থান হ’লহি যে এতিয়া এই জলাহভূমি বিলাক সংৰক্ষণৰ কথাও চিন্তনীয় বিষয় হৈ পৰিছে । বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি আৰু অধ্যয়ন তথা গৱেষণাৰ দ্বাৰা নতুন নতুন তথ্য লাভ কৰিবলৈ সক্ষম হোৱা মানুহে বুজি পাইছে জলাহভূমি বিলাকৰ অপৰিসীম গুৰুত্বৰ কথা।
এই জলাশয় সমূহ জৈৱ- বৈচিত্ৰ্যৰ প্ৰধান আধাৰ স্বৰূপ৷ তদুপৰি ইয়াৰ পৃষ্ঠভাগ নানা বনৌষধি, জলজ উদ্ভিদ আদিৰে ভৰপূৰ। এই বিলসমুহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত এক গুৰুত্বপূৰ্ণ অৰিহণা আছে ৷ বিলত থকা সেউজীয়া জলজ উদ্ভিদবোৰে সাধাৰণ গছৰ সমপৰিমাণৰ অক্সিজেন গেছ নিৰ্গত কৰে ৷ তদুপৰি এই জলজ উদ্ভিদবোৰে পানী প্ৰদূষণ ৰোধতো যথেষ্ট সহায় কৰে৷ তদুপৰি থলুৱা মাছৰ ভঁৰালস্বৰূপ এই জলাহভূমিৰ ওপৰত নিৰ্ভৰ কৰিয়েই বহু মৎসজীৱী পৰিয়াল বৰ্তি আছে৷ এক কথাত ক’ব গ’লে অৰ্থনৈতিক দিশৰ পৰাও জলাহভূমিৰ গুৰুত্ব অপৰিসীম। গতিকে জলাহভূমি সংৰক্ষণৰ কথাটোও বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ বিষয়।
অসমৰ অন্যতম জলাশয় তথা জলাহভূমি সমূহৰ ভিতৰত লক্ষীমপুৰত অৱস্থিত শতজান জলাহভূমিও উল্লেখযোগ্য। প্ৰকৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰাণীবিধেই হৈছে চৰাই। কোনো এটা অঞ্চলৰ জৈৱ বৈচিত্ৰ সুস্থিৰ হৈ থাকিবলৈ পক্ষীৰ অৱদান সদায় অপৰিসীম। বৰ্তমান সময়ত চৰাইৰ বাসস্থান দ্ৰুত গতিত হ্ৰাস পাই অহাৰ বাবে বহু চৰাই প্ৰকৃতিৰ পৰা বিলুপ্ত হ’ব ধৰিছে আৰু সেয়েহে বহু চৰাই বৰ্তমান বিভিন্ন ঠাইত দেখিবলৈ পোৱা নাযায়।
কিন্তু লক্ষীমপুৰৰ শতজান ইয়াৰ ব্যতিক্ৰম, কেতিয়াবা যদি লক্ষীমপুৰৰ শতজানলৈ আপুনি আহিছে তেন্তে মনভৰি চাব পৰাৰ সুবিধা আছে নানান চৰাইৰ সুন্দৰ পৃথিৱীখন হয়তো প্ৰকৃতিৰ জলাহভূমিবোৰৰ ভিতৰত অন্য এটা অৱদান এই শতজান। লক্ষীমপুৰ নগৰৰ নাতি দূৰৈত অৱস্থিত শতজান কেৱল পক্ষীৰ মুক্ত বিচৰণ থলীয়েই নহয়, ই বহুতো স্থানীয় চৰাইৰ স্থায়ী বাসস্থান।
অতি কম পৰিসৰৰ এই জলাহভূমিৰ পূবে ৰঙানদী, পশ্চিমে ১৫ নং ঘাই পথৰ পৰা কিমিন সংযোগী পথ, উত্তৰে লখিমপুৰ আৰু হাৰমতী সংযোগী ৰেলপথ আৰু দক্ষিণে পহুমৰা গাঁও আৰু এই পহুমৰাৰে নিকটৱৰ্তী উজনি মিৰি ৰেভিনিউ মেপৰ অন্তর্গত জলাশয়টি, য’ত শীতকালত দূৰ দিগন্তৰ বহু প্রজাতিৰ হাজাৰ হাজাৰ পৰিভ্রমী পক্ষীয়ে মুক্তভাবে বিচৰণ কৰে।
ইয়াৰ ইতিহাসৰ কথা যদি ক’ব যাওঁ তেন্তে এক দীঘল পৰিক্ৰমা আছে, কিয়নো শতজানৰ জন্মলগ্নৰে পৰা স্থানীয় লোকৰ বহুতো চিৰস্মৰণীয় অৱদান জড়িত হৈ আছে৷ এই দীঘলীয়া পৰিক্ৰমাত প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে উদ্ভিদ আৰু প্ৰাণী সমূহক সুৰক্ষা দিবলৈ পহুমৰা অঞ্চলৰ ২১ খন গাঁৱৰ ৰাইজে বিভিন্ন দল সংগঠনৰ সহায়ত ২০০২ চনৰ ২৪ নৱেম্বৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত ” ৰঙানদী প্ৰকৃতি সুৰক্ষা আৰু বিকাশ সমিতি” নামৰ সংগঠনটিৰ জন্ম দিছিল আৰু সেই “ৰঙানদী প্রকৃতি সুৰক্ষা আৰু বিকাশ সমিতি” গঠনৰ পৰা শতজানৰ আজিৰ এই অৱস্থালৈকে স্থানীয় লোকসকলৰ যি অৱদান আছে, সেয়া হয়তো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। স্থানীয় লোকৰ মতে প্রথম অৱস্থাত এই আৰ্দ্ৰভূমিখিনি কিছুলোকে “মীন পাম” হিচাপে (যি সকলৰ মাটি আছিল তেওঁলোকে) ব্যৱহাৰ কৰিব বিচাৰিছিল হেনো আৰু বিছৰাটোও স্বাভাৱিক আছিল৷ কিন্তু লক্ষীমপুৰৰ বহুতো প্ৰকৃতি প্ৰেমীয়ে প্রকৃতিৰ সুৰক্ষাৰ স্বার্থত ইয়াক সংৰক্ষণ কৰিবলৈ বিচাৰি সংগ্রাম আৰম্ভ কৰিছিল৷ আমি সচৰাচৰ দেখো যে বিভিন্ন বনাঞ্চলৰ কাষত নৈ-পৰীয়া মিছিং সম্প্ৰদায়ৰ লোকসকলে সেই অঞ্চলৰ বিভিন্ন প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ বাবে যথেষ্ট অৱদান আগবঢ়াই আৰু শতজানো ইয়াৰ ব্যতিক্ৰম নাছিল। ইয়াৰ নৈপৰীয়া মিছিং লোকসকলৰ অৱদান সবাতোকৈ বেছি৷ সেই সময়ত লখিমপুৰ জিলাৰ উপায়ুক্ত আছিল লংকি ফাংচু মহোদয়৷ তেখেতে প্রথমবাৰ শতজান পৰিদর্শন কৰিবলৈ আহি তাৰ বিষয়ে জানিব পাৰিছিল। হয়তো এই প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় মানুহখিনিৰ সহায় সহযোগিতা নথকা হ’লে শতজান এতিয়া পক্ষী উদ্যান নহৈ “মীন পাম” হৈ থাকিলহেঁতেন।
শতজানত শৰালি হাঁহ, কাম চৰাই, বনৰীয়া হাঁহ, ৱাক চৰাই, বগলী, কণামুচৰী, পানী কাউৰী আদি প্ৰায় 40 বিধৰো অধিক দেশীয় চৰাই, আৰু বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ কাকলিৰে মুখৰিত হৈ থাকে। তদুপৰি জলাহ ভূমিটোত কেইবাটাও বিলুপ্ত প্ৰায় প্ৰজাতিৰ কাছৰ লগতে সকলো প্ৰকাৰৰ স্থানীয় মাছৰ উপৰি কেইবাবিধো উভচৰ প্ৰাণী বাস কৰে। ১৯৬২ চনত সৃষ্টি হোৱা এই শতজান লক্ষীমপুৰৰ জৈৱ- বৈচিত্ৰ্যৰ উল্লেখনীয় স্থান বুলি বহু প্ৰকৃতি বিশেষজ্ঞই মত প্ৰকাশ কৰিছে কিয়নো কাষতে সদাব্যস্ত পথটোৰ গাড়ী- মটৰ আৰু মানুহৰ কোলাহলৰ মাজতো এই জলাহ ভূমিত থকা চৰাই- চিৰিকটিয়ে নিৰ্ভয়ে বিচৰণ কৰি থাকে, যাৰ বাবে দেশী বিদেশী পৰ্যটক আৰু প্ৰকৃতিবিদ সকলক আচৰিত কৰি তোলা পৰিলক্ষিত হৈছে।
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য লৈ লক্ষীমপুৰৰ মাজমজিয়াত গাম্ভীৰ্য্যৰে মূৰতুলি থিয় হৈ থকা শতজানত বৰ্তমান যথেষ্ট সংকট আহি পৰিছে। শতজানৰ নিচেই কাষেদি ৰঙানদীৰ বক্ষৰ পৰা প্ৰতিদিনে শতাধিক ডাম্পাৰ তথা ট্ৰেক্টৰেৰে বালি তুলি অহা যোৱা কৰি থাকে, যিয়ে হয়তো সেই চৰাইসমূহক মাজে ভীতিগ্ৰস্ত কৰি তোলে। কেৱল সেয়াই নহয় বহুতো লোকৰ বাবে শতজানৰ নিকটৱৰ্তী ৰঙানদী পাৰ প্রিয় বনভোজৰ ঠাই, সেয়ে মানুহৰ যথেষ্ট আগমন হয়, ইয়ো পক্ষীসমূহৰ বাবে বেয়া লক্ষণ আৰু বনভোজ মানেই আৱৰ্জনাৰ একোটা ভঁৰাল, নদীৰ কাষত এৰি অহা প্লাষ্টিক – বতাহ নাইবা অন্যান্য কাৰণত কেতিয়াবা শতজানত পৰেহি, ইয়ো শতজানৰ বাবে অশুভ লক্ষণ।।
আনহাতে অসমৰ সকলো ঠাইতে সিঁচৰিত হৈ থকা সৰু-বৰ জলাহ ভূমিবোৰ শতজানৰ দৰে পক্ষীৰ কাকলিৰে মুখৰিত হৈ থাকিবৰ বাবে আমাৰ যথেষ্ট কৰণীয় আছে৷
কিন্তু এই জলাহভূমিসমূহ বৰ্তমান ধ্বংসৰ গৰাহলৈ গতি কৰি আছে । আমি মানুহবোৰে বৰ্তমান সময়ত এই জলাহভূমিবোৰত অনাৱশ্যকভাৱে আবৰ্জনা পেলাবলৈ বাছি লোৱাৰ বাবে তাত থকা বিভিন্ন চৰাই, জলজ উদ্ভিদ আৰু তাৰ পানী লেতেৰা হৈ এক দুৰ্গন্ধময় এলেকালৈ পৰ্যবসিত হোৱা পৰিলক্ষিত হৈছে যাৰ ফলস্বৰূপে প্ৰতিদিনে জলাশয় সমূহৰ অস্তিত্ব বিপদাপন্ন হ’ব ধৰিছে। গতিকে এইক্ষেত্ৰত আমি প্ৰতিজনে সজাগ হোৱা উচিত।
Share: