কিশোৰ কুমাৰ চৌধুৰী
আমি বসবাস কৰা পৃথিৱীখনত জীৱৰ উৎপত্তি হোৱাৰ আৰম্ভণিৰ পৰা আজিলৈকে অসংখ্য প্ৰজাতিৰ জীৱৰ জন্ম হৈছে। তাৰ ভিতৰত কিছুমান প্ৰজাতিয়ে পৰিৱেশৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ ফলত বা জৈৱ বিৱৰ্তনৰ ফলত পৃথিৱীৰ পৰা চিৰদিনলৈ বিলুপ্ত হৈ গৈছে। কিন্তু আজি যিবোৰ প্ৰজাতি পৃথিৱীত জীয়াই আছে সেইবোৰৰ ভিতৰতো বহুত প্ৰজাতিয়ে পৰিৱেশৰ ভাৰসাম্য হীনতাত অৱস্থান কৰিছে। মানুহৰ অত্যধিক নিয়ন্ত্ৰণৰ কু-প্ৰভাৱত নিশ্চিহ্ন হৈ যোৱাৰ এক শংকাই পৰিৱেশবিদ সকলক চিন্তিত কৰিছে। আজি পৃথিৱীখনত বা এই ধৰিত্ৰীৰ বুকুত জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, মানুহৰ জনসচেতনতাৰ আৰু ভোগ লিপ্সাৰ বাবে যিধৰণে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলিছে তাৰ কুপ্ৰভাৱ গোটেই বিশ্ববাসীৰ ওপৰত পৰিছে। মাতৃ ধৰিত্ৰী আজি সংকটগ্ৰস্ত। প্ৰকৃতিয়ে এক অতি জটিল আন্তঃ সম্পৰ্কৰে বিভিন্ন প্ৰাণীৰ মাজত ভাৰসাম্য স্থাপন কৰে। প্ৰকৃতিয়ে বিভিন্ন ভৌগলিক অৱস্থান, অৱয়ব আৰু জলবায়বীয় অঞ্চলত এক জটিল কৌশলেৰে জীৱমণ্ডলক বৰ্ত্তাই ৰাখিছে। এইটো প্ৰাকৃতিক ঐতিহ্য। এই প্ৰাকৃতিক ঐতিহ্যৰ
লগত আমি মানৱ প্ৰজাতিও জীৱমণ্ডলৰ আন আন প্ৰজাতিৰ সৈতে গোটেই পৰিস্থিতিতন্ত্ৰৰ লগত সাঙুৰ খাই আছো। পৃথিৱীত মানৱ প্ৰজাতিয়েই আটাইতকৈ শেষত অহা প্ৰজাতি। প্ৰাচুৰ্য্যৰে সজাই পৰাই লোৱা বৈচিত্ৰময় জীৱমণ্ডলৰ আমি শেহতীয়া প্ৰজাতি। আমি মানুহ প্ৰজাতিটোৱে নিজকে জীৱ শ্ৰেষ্ঠ বুলি গৰ্ব কৰো। অহংকাৰৰ বশৱৰ্তী হৈ আমি পৃথিৱীৰ আন আন প্ৰজাতিৰ ওপৰত অত্যাচাৰ কৰিছো। আদিম যুগৰ পৰাই মানুহ বন্যপ্ৰাণীৰ ওপৰত নিৰ্ভৰশীল। আদিম যুগত মানুহৰ চিকাৰ আৰু ফলমূল সংগ্ৰহ আছিল জীৱিকা। কৃষিকাৰ্য্য উদ্ভাৱনৰ পিছতো বন্যপ্ৰাণীৰ ওপৰতেই মানুহ নিৰ্ভৰশীল আছিল। প্ৰাচীন সভ্যতাসমূহতো বন্যপ্ৰাণীক আগস্থান দিয়া হৈছিল। বন্যপ্ৰাণীক নিৰ্ভৰ কৰিয়েই প্ৰাচীন সভ্যতা সমূহৰ বিকাশ হৈছিল। গতিকে আমি ক’ব পাৰো যে যুগ যুগৰ পৰা মানুহৰ জীৱন কলাৰ মাজত বন্যপ্ৰাণী জড়িত হৈ আছে। সেই আপুৰুগীয়া বন্যপ্ৰাণী বোৰ নোহোৱা হোৱাৰ মূল কাৰণ – আমি মানুহ প্ৰজাতিটো। তাৰেই পৰিপ্ৰেক্ষিতত আজি কিছু সংখ্যক ব্যক্তি, প্ৰকৃতিপ্ৰেমী, পৰিৱেশ কৰ্মী আহিছে। মাতৃ ধৰিত্ৰীক এই সংকটৰ পৰা ৰক্ষা কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। বন, বন্যপ্ৰাণী তথা পৰিৱেশ সংৰক্ষণৰ হকে বিভিন্ন আলোচনা, সভা, কৰ্মশালা, পৰিৱেশ শিক্ষাৰ পাঠ্যক্ৰম, শিক্ষণ সঁজুলি প্ৰস্তুত, গ্ৰন্থ প্ৰণয়ণ, প্ৰকৃতি শিবিৰৰ আয়োজন, পৰিৱেশ দিৱস, বন্যপ্ৰাণী সপ্তাহ আদিৰ আয়োজন কৰি অহা হৈছে।
‘বিপন্ন ধৰিত্ৰী, সংকটত বন্যপ্ৰাণী’ – লেখক সৌম্যদ্বীপ দত্তদেৱৰ এই গ্ৰন্থখন অসমীয়া গ্ৰন্থজগতলৈ এক উল্লেখযোগ্য অৱদান। চিত্ৰশিল্পী দাদুল চলিহাই অংকন কৰা আকৰ্ষণীয় বেটুপাত দেখিলেই গ্ৰন্থখনৰ অভ্যন্তৰৰ বিষয়বস্তুৰ কিছু সম্ভেদ পোৱা যায়। গ্ৰন্থখনত ভাৰতবৰ্ষৰ লুপ্তপ্ৰায় ৬৫ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী, বিলুপ্তপ্ৰায় ৪৫ প্ৰজাতিৰ চৰাই, ২৭ প্ৰজাতিৰ লুপ্তপ্ৰায় সৰীসৃপৰ বিষদ বৰ্ণনা দিয়া আছে। ইয়াৰ আগতে অসমীয়া ভাষাত এনেধৰণৰ গ্ৰন্থ প্ৰকাশ হোৱা আমাৰ মনত নপৰে। কিতাপখনৰ আৰম্ভণিতে লেখকৰ দু-আষাৰত উল্লেখ কৰিছে যে লেখকৰ পিতৃ শ্ৰী যুত জগদীন্দ্ৰ মোহন দত্তদেৱে অসমীয়া ভাষাত দেশৰ বন্যপ্ৰাণী আৰু গুৰুত্বপূৰ্ণ সংৰক্ষিত বনাঞ্চল সমূহক লৈ এখন কিতাপ প্ৰণয়ণৰ আদেশ দিছিল। সেয়েহে লেখক সৌম্যদ্বীপ দত্তদেৱৰ লগতে তেখেতৰ পিতৃ দেৱৰ ওচৰতো আমি পাঠকসমাজ কৃতজ্ঞ। গ্ৰন্থখনত লুপ্তপ্ৰায় বন্যপ্ৰাণী সমূহৰ বৰ্ণনাৰ আগতে পাঁচটা গুৰুত্বপূৰ্ণ অধ্যায় সন্নিবিষ্ট কৰিছে। প্ৰথম অধ্যায়ৰ শিৰোনামা হ’ল – “ভাৰতবৰ্ষৰ আমাৰ দেশ”। ই এক গৌৰৱময় উদ্ধৃতি। এই উদ্ধৃতিত লুকাই আছে দেশপ্ৰেম। এই অধ্যায়ত লেখকে ভাৰতবৰ্ষৰ বিশালতা, ভৌগলিক বৈচিত্ৰতা, ভূ তাত্বিক গঠন, জৈৱ বৈচিত্ৰতা, ভৌগলিক অৱস্থান ইত্যাদিৰ বৰ্ণনা কৰিছে। উচ্চতম পৰ্বত হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈ, সুন্দৰবনৰ মোহনাৰ পৰা থৰ মৰুভূমিলৈকে, পৰ্বত – পাহাৰ, নদ-নদী, আৰ্দ্ৰভূমি, মালভূমি ইত্যাদি বৈচিত্ৰময়ী ঐতিহ্যৰ বৰ্ণনা কৰিছে। লেখকৰ ভাষাত- “মাতৃভূমি ভাৰতত বহু বহু যুগ আগতেই বিকাশ ঘটিছিল সভ্যতাৰ। কিমান যে সভ্যতাৰ উন্মেষ ঘটিছিল ভাৰতত আকৌ কিমান যে সভ্যতা নিশ্চিহ্ন হৈ গৈছে কালৰ সোঁতত…। আমাৰ সভ্যতাৰ জন্ম হৈছিল অৰণ্যত, অৰণ্যৰ মহানতাৰ গৰ্ভত আমাৰ সভ্যতাৰ জন্ম। অৰণ্যৰ পৰা আমি প্ৰব্ৰজিত হৈছো মহানগৰলৈ সেয়ে আমাৰ চেতনাৰ সত্তাত বৰ্তমানেও অৰণ্যৰ ব্যাকুলতা অনুভৱ কৰো।
দ্বিতীয় অধ্যায়ৰ শিৰোনামা – “এই পৃথিৱী অকল মানুহৰে নহয়”, এই কথাই আমাক নিৰঅহংকাৰী হ’বলৈ শিকাইছে। লক্ষ লক্ষ জীৱ প্ৰজাতিৰ মাজত মানুহো এক প্ৰজাতি। পৃথিৱীত সকলো প্ৰজাতিৰ অধিকাৰ সমান। এই অধ্যায়ত জৈৱ বৈচিত্ৰতা সংৰক্ষণ, পৰিস্থিতিতান্ত্ৰিক নিৰাপত্তা (Ecological Security), খাদ্য শৃংখল ইত্যাদিৰ বৰ্ণনা কৰিছে আৰু প্ৰকৃতি সংৰক্ষণ নকৰিলে মানৱ প্ৰজাতি যে সুৰক্ষিত নহয় তাকেই বুজাইছে। তৃতীয় অধ্যায় – “আমাৰ দেশৰ অৰণ্য সংৰক্ষণৰ পৰম্পৰা”। ইয়াত প্ৰাচীন ভাৰতৰ অৰণ্য সুৰক্ষাৰ কথা উল্লেখ কৰিছে অৰ্থাৎ প্ৰাক বৈদিক যুগৰ পৰাই ভাৰতত অৰণ্য সুৰক্ষাৰ পৰম্পৰা আৰম্ভ হৈছিল বুলি কৈছে। বিভিন্ন দেৱ দেৱীৰ লগত একো একোটা বন্যপ্ৰাণীক বহুৱাই বন্যপ্ৰাণী সংৰক্ষণৰ নিদৰ্শন দেখুৱাইছে ভাৰতীয় দৰ্শন আৰু আধ্যাত্মিকতাত। লেখকে বিষ্ণুৰ দহটা অৱতাৰৰ বৈজ্ঞানিক বাখ্যা দাঙি ধৰিছে। এই বৈজ্ঞানিক বাখ্যাত জৈৱ বিৱৰ্তনৰ কথা বা জীৱ ক্ৰমবিকাশৰ কথা উল্লেখ কৰিছে। চতুৰ্থ অধ্যায় হ’ল – “অৰণ্য সংকটৰ উৎস”। লেখকে কৈ গৈছে – ইংৰাজ শাসকবৰ্গ ভাৰতৰ মাটিত পদাৰ্পন কৰিয়েই প্ৰথম আঘাটহানে আমাৰ অৰণ্য সম্পদৰ ওপৰত….।” ইংৰাজসকলে অৰণ্য ধ্বংসৰ বাবে তথা অৰণ্যৰ বৃক্ষছেদন আৰু অন্যান্য বনজ সম্পদ লুণ্ঠনৰ বাবে এক চিৰস্থায়ী প্ৰক্ৰিয়াৰ জন্ম দিয়ে। এই প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা আৰু সাম্ৰাজ্যবাদী শোষণ পৰিকল্পনাৰ মিলনৰ ফলত জন্ম হয় ” বন বিভাগ” নামৰ এটা বিভাগ। পৰাধীন ভাৰতৰ মাটিত বন বিভাগটোক জন্ম দিয়াৰ উদ্দেশ্যে আছিল – আমাৰ “অৰণ্যক লুণ্ঠন” যিটো কাম বৰ্তমানলৈ বন বিভাগটোৱে সক্ৰিয়তাৰে পালন কৰি আছে।.. ” ভাৰত স্বাধীন হোৱাৰ পিছতো অৰণ্য ধ্বংসৰ কাম চলিলে পূৰ্ণ উদ্যমেৰে। ১৯৫১-১৯৮১ এই ৩০ বছৰে প্ৰায় ৪৫ লক্ষ হেক্টৰ অৰণ্য বিভিন্ন কাৰণত নিৰ্মূল কৰা হৈছে। অসমৰ অৰণ্যক জানি বুজি ধ্বংস কৰা হৈছে। লক্ষ লক্ষ ৰেলৰ শ্লিপাৰ, প্লাইউড আৰু কাঠৰ চাহিদা পুৰাবৰ বাবে উৎসৰ্গিত হৈছে অসমৰ অৰণ্য লেখকে বন ধ্বংসৰ বাবে বনবিভাগৰ কিছুমান বিষয়া কৰ্মচাৰীক জগৰীয়া কৰি লিখিছে- আমাৰ অৰণ্য সংকটৰ অন্যতম প্ৰধান উৎস হ’ল বন বিভাগৰ কিছুমান বিষয়া কৰ্মচাৰীৰ দুৰ্নীতি। বন বিভাগক অৰণ্য সুৰক্ষাৰ দ্বায়িত্ব দিয়া হৈছে আৰু ৰাষ্ট্ৰীয় পুঁজিৰ এটা বৃহৎ পৰিমাণৰ ধন বন বিভাগক দিয়া হয় যাতে আমাৰ অৰণ্য সুৰক্ষিত থাকে, কিন্তু দুৰ্ভাগ্য যে সেই পুঁজিৰ বেছিভাগ, বন বিভাগৰ কিছুমান বিষয়া-কৰ্মচাৰীয়ে আত্মসাৎ কৰে। এই অধ্যায়ত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ কেইটামান লুপ্তপ্ৰায় উদ্ভিদৰ তালিকা এখন সন্নিবিষ্ট কৰিছে। উল্লেখযোগ্য যে বন ধ্বংসৰ বাবে লেখকে বিদ্বৎ সমাজকো দোষাৰোপ কৰি লিখিছে – ” অতিৰিক্ত অৰ্থ, পুৰস্কাৰ, বিদেশ ভ্ৰমণ, অধ্যয়নৰ নামত প্ৰজেক্ট, ৰাজনৈতিক পদপ্ৰাপ্তি, উপাচাৰ্য্য বিভিন্ন ঠিকা তথা পৰিকল্পনা কাম-কাজ, লোভনীয় পদপ্ৰাপ্তিৰ আশাত মূক-বধিৰ হৈ আছে আমাৰ বিদ্বৎ সমাজৰ কাণ্ডাৰীসকল। লোভৰ ওচৰত জ্ঞান আৰু বিবেকৰ পৰাজয় হৈছে।
পঞ্চম অধ্যায় হ’ল – অৰণ্য সংৰক্ষণৰ আধুনিক প্ৰচেষ্টা। প্ৰাক- স্বাধীনতাৰ দিনৰ পৰাই বৰ্তমানলৈকে অৰণ্য সুৰক্ষাৰ হকে প্ৰণয়ণ হোৱা বিভিন্ন আইন, বিভিন্ন পৰিষদ (Board/Council), আয়োগ, বিভিন্ন প্ৰকল্প আদিৰ বিষয়ে উল্লেখ কৰিছে আৰু অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান সংজ্ঞা এই অধ্যায়ত সন্নিবিষ্ট কৰিছে। ভাৰতীয় সংবিধানৰ কেইটামান অনুচ্ছেদ দাঙি ধৰিছে। ইয়াৰ উপৰিও অসমত বন – বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বেচৰকাৰী সংগঠনৰ প্ৰচেষ্টা আৰু সাফল্যৰ খতিয়ান দাঙি ধৰিছে।
গ্ৰন্থখনৰ শেষত ভাগত ভাৰতৰ উল্লেখযোগ্য কেইখনমান অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ সংক্ষিপ্ত বৰ্ণনা দাঙি ধৰিছে। পূৱৰ সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশৰ পৰা আৰম্ভ কৰি পশ্চিমৰ গুজৰাটৰ গিৰ অৰণ্য, উত্তৰে জন্মু-কাশ্মীৰৰ পৰা দক্ষিণৰ ভাৰত মহাসাগৰৰ বুকুত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত থকা তিনিখন ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিখন অভয়াৰণ্যৰ বৰ্ণনাৰে মুঠ ৪০ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ৭৭ খন বন্যপ্ৰাণী অভয়াৰণ্যৰ বিৱৰণ বৰ্ণনা কৰিছে। অসমীয়া পাঠকসমাজে ভাৰতভূমিৰ অৰণ্যৰ জ্ঞান চৰ্চা এই গ্ৰন্থৰ জৰিয়তে লাভ কৰিছে। কেইবাটাও ৰঙীণ আৰু কলা-বগা বন্যপ্ৰাণীৰ চিত্ৰ প্ৰকাশ কৰি গ্ৰন্থখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে পাঠকসমাজক বন্যপ্ৰাণীৰ চিনাকী কৰি দিছে। বৃহৎ কলেবৰৰ এই গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ৪১৪। লেখকে এই গ্ৰন্থখন উচৰ্গা কৰিছে বিশিষ্ট লেখক, বিজ্ঞানী তথা প্ৰাক্তন উপাচাৰ্য ড° কুলেন্দু পাঠক ছাৰৰ নামত। গ্ৰন্থখনৰ মূল্য ৩৫০ টকা।
Share: