
কংকণা দাস, সম্পাদক (দ্য চীড)
ৰাজ্যত চৌদিশে এতিয়া নিৰ্বাচনৰ ঢৌ। বিভিন্ন ৰাজনৈতিক দলে নিজা নিজা বিষয় লৈ ৰাজনৈতিক প্ৰচাৰ কৰি ফুৰিছে। এই দল সমূহে অসমৰ বিভিন্ন সমস্যা সমূহৰ সমাধানৰ প্ৰতিশ্ৰুতি বছৰে বছৰে দি আহিছে। তাৰ কিছুমান হয়তো সমাধান হৈছে, কিছু সমাধানৰ পথত আৰু কিছুমান চিৰকাল সমস্যা ৰূপেই আছে। এই সমস্যা সমূহৰ ভিতৰত অসম তথা ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত পৰিৱেশ সম্পৰ্কীয় বিষয় সমূহক কোনো ৰাজনৈতিক দলেই গুৰুত্ব দিয়া যেন বোধ নহয়, বৰঞ্চ তেওঁলোকে পৰিৱেশ সংক্ৰান্তীয় কোনো কথাকেই নিজৰ ৰাজনৈতিক প্ৰচাৰত অন্তৰ্ভুক্ত নকৰে, য’ত প্ৰকৃতি বা পৰিৱেশৰ অৱক্ষয়েই আধাতকৈ বেছি সমস্যাৰ সৃষ্টিৰ কাৰক। অামাৰ অসম প্ৰাকৃতিক ভাৱে যথেষ্ট চহকী আছিল। বিভিন্ন কাৰণত তাৰ আধাতকৈও বেছি ইতিমধ্যেই ধ্বংস হৈ গ’ল। বৰ্তমানৰ যিখিনি অৰণ্য বাচি আছে তাক সংৰক্ষণ কৰাটো সমগ্ৰ অসম তথা বিশ্বৰ বাবেই মংগলজনক। অসমৰ অৰণ্য সমূহ মাথো সম্পদ আহৰণৰ আহিলা হ’ব নোৱাৰে। বৰ্তমানেও অনাঘ্ৰাত, অবিচ্ছিন্ন প্ৰতিখন অৰণ্য প্ৰকৃতাৰ্থত সংৰক্ষিত হ’ব লাগিব। অৰণ্যৰ সম্পদৰ কোনো ক্ষতি নকৰাকৈ ইকো টুৰিজিমৰ ধাৰণাৰে অসম যথেষ্ঠ চহকী হোৱাৰ থল আছে। অসমৰ প্ৰতিখন অৰণ্যই পৰ্যটনৰ বাবে যথেষ্ঠ উপযুক্ত।এই ক্ষেত্ৰত শাসনাধিষ্ঠ হ’ম বুলি ভবা আমাৰ ৰাজনৈতিক দল সমূহে অৰুণাচল, ছিকিমৰ আৰ্হি লৈ তেনে দূৰদৰ্শী চিন্তা বা প্ৰকল্প সমূহ ৰাইজৰ মাজত তেওঁলোকৰ প্ৰধান বিষয় স্বৰূপে আগবঢ়াব পাৰে । কিন্তু কোনো অজ্ঞাত কাৰণত তেওঁলোকে এনেধৰণৰ কথা কোৱা বিশেষ পৰিলক্ষিত নহয়।
যিয়ে অসমক প্ৰকৃত অৰ্থত ভাল পাই, অসমৰ উন্নতি বিচাৰে তেনে ৰাজনৈতিক দল বা ব্যক্তিয়ে নিশ্চয়কৈ অসমৰ অৰণ্য সংৰক্ষণক সবাতোকৈ বেছি গুৰুত্বপূৰ্ণ বিষয় হিচাপে নিৰ্বাচনী প্ৰচাৰত আগস্থান দিব, যিটো বৰ্তমানলৈ কৰা পৰিলক্ষিত হোৱা নাই। যিসকল সচেতন, জ্ঞানী মানুহে পৰিৱেশ সম্পৰ্কীয় অথবা ইয়াৰ সংৰক্ষণৰ বিষয়টোক গুৰুত্ব দিয়ে তেনে ব্যক্তি সকলে বিভিন্ন মাধ্যমত এই সম্পৰ্কে প্ৰচাৰ কৰিব লাগে, ৰাজনৈতিক দল সমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে । বৰ্তমানৰ শতিকাত যি ৰাজনৈতিক দলে পৰিৱেশ সম্পৰ্কীয় বিষয়ক গুৰুত্ব নিদিয়ে অথবা নিৰ্বাচনী প্ৰচাৰত প্ৰাথমিক সমস্যা হিচাপে স্থান নিদিয়ে তেনে দল শাসনাধিষ্ঠ হোৱাতো কোনো সচেতন ব্যক্তিৰে কাম্য নহ’ব। সেয়ে আমি বিচাৰো অসমক প্ৰকৃতাৰ্থত ভাল পোৱা ৰাজনৈতিক দল সমুহে এই বিষয়ক গুৰুত্ব দিয়ক।