The Seed, a Nature’s Beckon Blog

নদী সংৰক্ষণ

Brahmaputra River, the ecological, cultural, and economic lifeline of Assam. PC : Internet. –         কিশোৰ কুমাৰ চৌধুৰী আমাৰ দেশ নদী প্ৰধান দেশ। নদীয়েই সভ্যতাৰ উন্মেষ ঘটাইছে। নদীয়ে সংস্কৃতিক গতিশীল কৰিছে। নদীক কেন্দ্ৰ কৰি পৃথিৱীৰ সকলো ভাষাতেই সাহিত্য-কলাৰ সৃষ্টি হৈছে। নদী হ’ল ভৌগোলিক অৱয়ব সমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অৱয়ব। নদীয়ে ওখ পৰ্বতৰ পৰা সমুদ্ৰলৈকে সংযোজিত হৈ থাকে। …

নদী সংৰক্ষণ Read More »

সৌম্যদ্বীপ দত্তৰ ‘উদ্ভাসিত মায়াবন’

–       গোলাপ বৰা এখন কিতাপ পঢ়িলোঁ। কিতাপখনৰ নাম ‘উদ্ভাসিত মায়াবন’। লেখক সৌম্যদ্বীপ দত্ত। পোন্ধৰ দিনত গ্ৰন্থখন পঢ়ি শেষ কৰিলোঁ। গ্ৰন্থখনে মোক বিমল আনন্দ প্ৰদান কৰিলে। লেখক সৌম্যদ্বীপ দত্ত মানুহজনৰ বিষয়ে মোৰ এক ধাৰণা জাগিল। সৌম্যদ্বীপ দত্ত অৰণ্যৰ বাবে উচৰ্গিত এটি আত্মা। প্রেম ভক্তিৰে ভক্তজনে যিদৰে ঈশ্বৰ উপাসনা কৰে ঠিক সেইদৰেই ইজনেও কৰিছে অৰণ্য উপাসনা। সেয়ে …

সৌম্যদ্বীপ দত্তৰ ‘উদ্ভাসিত মায়াবন’ Read More »

সম্পাদকীয় – এপ্রিল, ২০২৫

– কংকণা দাস দ্য-চীর্ড ,এ নেচাৰ্চ বেকন ব্লগৰ সকলো পাঠকলৈ  নতুন বছৰৰ অলেখ শুভকামনা | নতুন বছৰৰ প্রাকক্ষণতেই  ‘নিয়মীয়া বাৰ্তা’ ৰ সম্পাদকীয় শিতানত প্রকাশ পোৱা পঞ্চৰত্ন-অজগৰ অভয়াৰণ্যৰ সংৰক্ষণৰ বতৰাই নেচাৰ্চ বেকনৰ বহুদিনীয়া দাবীক এক নতুন উদ্যম প্রদান কৰিছে । গোৱালপাৰা জিলাৰ শালবন সম্পূর্ণ এছিয়া মহাদেশৰ ভিতৰতে অন্যতম।  কিন্তু পৰিতাপৰ বিষয় যে আজিলৈ সমগ্র গোৱালপাৰা জিলাৰ …

সম্পাদকীয় – এপ্রিল, ২০২৫ Read More »

ঘনচিৰিকা

House Sparrow ( Passer domesticus). Source: Internet -কল্প তালুকদাৰ ‘মুখত দুডাল দূবৰি বন দুডাল খৰিকা মোৰ চোতালত ওমলহি অ’ ঘনচিৰিকা’               সমগ্ৰ বিশ্বতে ইংৰাজী ২০ মাৰ্চ দিনটো বিশ্ব ‘ঘনচিৰিকা দিৱস’ হিচাপে পালন কৰা হয়৷ ২০১০ বৰ্ষত বিশ্বৰ কেইখন মান দেশত প্ৰথম এই দিৱসটো পালন কৰা হৈছিল৷ এই মৰম লগা সৰু চৰাইবিধৰ সংৰক্ষণৰ বাবে ঘনচিৰিকা দিৱস …

ঘনচিৰিকা Read More »

সম্পাদকীয় – ফেব্ৰুৱাৰী, ২০২৫

–       কংকণা দাস চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে অসমৰ মুঠ ৮ খন ৰাষ্ট্রীয় উদ্যানে অসমৰ পৰিৱেশ আন্দোলনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে | যোৱা কিছু বছৰৰ ভিতৰতে অসম চৰকাৰৰ প্রচেষ্টাত ৩ খনকৈ ৰাষ্ট্ৰীয় উদ্যান গঢ় লৈ উঠিছে | দিহিং পাটকাই, ৰায়মনা আৰু বৰ্তমানৰ চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান | অসমৰ প্রকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে ইয়াতকৈ গুৰুত্বপূর্ণ …

সম্পাদকীয় – ফেব্ৰুৱাৰী, ২০২৫ Read More »

বৰকাপলা গাঁও আৰু কাপলা বিলৰ বনৰীয়া চৰাইবোৰ

The Kapla Beel, an important wild birds habitat in Barpeta district of Assam is drivng a fresh wave of community based biodiversity conservation in Assam –       কল্প তালুকদাৰ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী মৌজাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বৰকাপলা গাঁও৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ আৰু শ্ৰীশ্ৰী দামোদৰ দেৱৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰী মনোহৰ দেৱৰ পদৰেণুৰে ৰঞ্জিত বৰকাপলা গাঁও৷ …

বৰকাপলা গাঁও আৰু কাপলা বিলৰ বনৰীয়া চৰাইবোৰ Read More »

সাহিত্য – প্ৰকৃতি সাহিত্য

India’s first Nature writing literature conclave, organised by Sahitya Akademi in collaboration with Nature’s Beckon at Srimanta Sankardeva Kalakshetra, Guwahati in October 2022. –       যুগল সন্দিকৈ  সমাজ জীৱনৰ প্ৰকৃত ছৱি লিখিত ৰূপত প্ৰকাশ কৰাৰ মাধ্যমেই হৈছে সাহিত্য৷ সাহিত্যৰ সম্বন্ধ ঘাইকৈ মানুহৰ জীৱন আৰু কাৰ্যাৱলীৰ লগত৷ আনহাতে সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতপ্ৰোত, এটা আনটোৰ পৰিপূৰক৷ মানুহৰ …

সাহিত্য – প্ৰকৃতি সাহিত্য Read More »