সেউজ নিজৰা – An Open Desk For Nature Lovers.

নেচাৰ্চ বেকনৰ সৈতে সম্পন্ন হোৱা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫ বৰ্ষৰ ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰম সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ অনুভৱৰ একলম ...
Students from North Lakhimpur University actively participates in nature-conservation based education by Nature's Beckon. PC : NB Archives.
Geetamoni Koch NLU

- গীতামণি কোঁছ

প্ৰকৃতি সাহিত্য আৰু প্ৰকৃতি সংৰক্ষণ এই বিষয়টো সাম্প্ৰতিক সময়ৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হোৱা দেখিবলৈ পোৱা গৈছে৷ এই বিষয়টোৰ ওপৰত মোৰ ধাৰণা প্ৰথম অৱস্থাত তেনেই নগণ্য আছিল৷ কিন্তু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক তৃতীয় ষান্মাসিকৰ পাঠ্যক্ৰমত অন্তভুৰ্ক্ত ‘‘অসমীয়া সাহিত্যত প্ৰকৃতি সচেতনতা’’ শীৰ্ষক কাকতখনৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে প্ৰকৃতি সাহিত্য বা প্ৰকৃতি সংৰক্ষণ চেতনা সম্পৰ্কে অৱগত হবলৈ সুযোগ লাভ কৰিছিলোঁ৷ কাকতখন অধ্যয়নৰ জৰিয়তে প্ৰকৃতি সাহিত্য বা প্ৰকৃতি সংৰক্ষণৰ প্ৰতি থকা মোৰ পূৰ্বৰ ধাৰণা সলনি হৈছিল৷ কাকতখন অধ্যয়নৰ যোগেদি ১৯৮২ চনত জন্মলাভ কৰা এক প্ৰকৃতি সংস্থা ‘নেচাৰ্চ বেকনৰ বিষয়ে জানিবলৈ সক্ষম হৈছিলোঁ৷ এনে এটি পৃথক বিষয় ছাত্ৰ-ছাত্ৰীসকলক জনাৰ সুবিধা প্ৰদান কৰাৰ বাবে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ কাকতখনৰ লগত সংগতি ৰাখি আমাক বিভাগৰ মুৰব্বী অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱা ছাৰে আমাৰ বিশ্ববিদ্যালয়ৰ চৌপাশত থকা বিভিন্ন গছ-গছনি, চৰাই-চিৰিকতি, কীত-পতঙ্গ আদিৰ লগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে বিশ্ববিদ্যালয়ৰ চৌপাশ পৰিদৰ্শন কৰোৱাই৷

            উক্ত কাকতখন পঢ়াৰ পিছতে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সপ্তম নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি ১৯ মাৰ্চ, ২০২৫ তাৰিখে অসমীয়া বিভাগ আৰু নেচাৰ্চ বেকনৰ সহযোগত প্ৰকৃতি সাহিত্য শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছিল৷ উক্ত অনুষ্ঠানটিতে প্ৰকৃতি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ লগতে আমাৰ স্থানীয় চৰাইৰ বাহ, কণী আৰু বাসস্থান কেনেদৰে সংৰক্ষণ কৰিব পাৰি সেই সম্পৰ্কে আমাক অৱগত কৰাই অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থকা নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত আৰু সেই সংস্থাৰ সদস্য যুগল সন্দিকৈ ছাৰে৷ উক্ত অনুষ্ঠানটিতে নতুন শিক্ষানীতি ২০২০ অনুসৰি আমাৰ স্নাতক পঞ্চম ষান্মাসিকত ইণ্টাৰ্ণশ্বিপৰ যি এখন কাকত অন্তৰ্ভুক্ত আছিল সেই ইণ্টাৰ্ণশ্বিপৰ বিভিন্ন পদ্ধতি সম্পৰ্কেও আমাক তেওঁলোকে অৱগত কৰাই৷

            তাৰ পৰৱৰ্তী সময়ত ২৫ জুন, ২০২৫ তাৰিখে আমাৰ বিভাগৰ শিক্ষাগুৰু আৰু গৱেষকসকলৰ সহযোগত ইণ্টাৰ্ণশ্বিপ সম্পৰ্কে প্ৰথমখন সভা অনুষ্ঠিত কৰা হয়৷ এই সভাত নেচৰ্চা বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত আৰু যুগল সন্দিকৈ উপস্থিত আছিল৷ এই অনুষ্ঠানতে আমাক ইণ্টাৰ্ণশ্বিপৰ বিষয় নিৰ্বাচন কৰি দিয়াৰ লগতে আমি এই কৰ্চটিত কেনেদৰে আগবাঢ়িব লাগিব সেই সম্পৰ্কে আমাক অৱগত কৰাই৷ ২৫ জুন তাৰিখৰপৰাই আমাৰ ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী আৰম্ভ হৈছিল বুলি কব পাৰোঁ৷ আমাৰ গ্ৰীষ্ম বন্ধ আৰম্ভ হোৱাৰ লগে লগে অৰ্থাৎ ৰ জুলাইৰপৰা পোনপ্ৰথমে আমাৰ চৌপাশত থকা বিভিন্ন ধৰণৰ চৰাই পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিছিলোঁ, যিহেতু আমাৰ বিষয়টো আছিল — ‘‘চৰাই পৰ্যবেক্ষণ আৰু সংৰক্ষণ’’৷ প্ৰথম অৱস্থাত আমি সততে দেখিবলৈ পোৱা বিভিন্ন ধৰণৰ চৰাইৰ গতি-বিধি লক্ষ্য কৰিছিলোঁ, আমাৰ অঞ্চল বা জিলাত থকা বিভিন্নজন প্ৰকৃতিকৰ্মীৰ লগত কথা পাতিছিলোঁ আৰু জানিবলৈ পাই সুখী হৈছিলোঁ যে তেওঁলোকে নিজৰ ঘৰতে চৰাইৰ বাসস্থান সাজিবলৈ সুবিধা কৰি দিছে৷

Field based learning is an essential part of nature-conservation based education programs of Nature's Beckon. PC : NB Archives.

 

            আমি এমাহধৰি কৰা চৰাই পৰ্যবেক্ষণ আৰু অধ্যয়নৰ ফলত যিসমূহ অভিজ্ঞতা বা জ্ঞান লাভ কৰিছিলোঁ সেইসমূহ আমি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ এয়া আছিল ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ এক অনন্য অভিজ্ঞতা৷

            আমাৰ ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীটোৰ শেষৰটো কাৰ্যসূচী আৰু মোৰ আটাইতকৈ ভলালগা আৰু পৃথক অভিজ্ঞতাটো হৈছে দুলুং সংৰক্ষিত বনাঞ্চল পৰ্যবেক্ষণ৷ দুলুং হৈছে লখিমপুৰ জিলাৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু জৈৱ-বৈচিত্ৰ্যৰে চহকী এখন সংৰক্ষিত বনাঞ্চল৷ আমাৰ বিভাগৰ শিক্ষাগুৰুসকল আৰু নেচাৰ্চ বেকনৰ সদস্যসকলৰ সহযোগত ২০২৫ বৰ্ষৰ ১১ নৱেম্বৰ তাৰিখে আমি দুলুং বনাঞ্চল পৰ্যবেক্ষণ কৰোঁ লগতে তাত উপলব্ধ বিভিন্ন ধৰণৰ উদ্ভিদৰ বিষয়ে জানিবলৈ সক্ষম হওঁ৷ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় যে দুলুং সংৰক্ষিত বনাঞ্চলত উপলব্ধ এবিধ উদ্ভিদ ‘চিয়াঁ নাহৰ এছিয়া মহাদেশৰ ভিতৰতে কেৱল এই বনাঞ্চলতে পোৱা যায়৷ ইয়াৰ উপৰিও ১০৬ বিধতকৈও অধিক বিভিন্ন প্ৰজাতিৰ পখিল, বগা পাতবেং, গেলাথেকেৰা আদিৰ বিষয়ে জ্ঞাত হলোঁ৷

       শেষত আমাৰ এই তিনিটা পৰ্যায়ত সমাপ্ত হোৱা ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীটোত আমাক প্ৰতিটো মুহূৰ্ততে দিহা-পৰামৰ্শ প্ৰদান কৰা বিভাগৰ মুৰব্বী অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱা ছাৰ, ড॰ ধনৰঞ্জন কলিতা ছাৰ, ড॰ ধীৰাজ পাটৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ আপোনালোকৰ দিহা-পৰামৰ্শ অবিহনে এই কাৰ্যটি সফলভাৱে সমাপ্ত কৰাত বিফল হলোহেঁতেন৷ ইয়াৰ লগতে আমাকএনে এটি পৃথক বিষয়ৰ ইণ্টাৰ্ণশ্বিপ কৰ্মটি কৰিবলৈ সুবিধা প্ৰদান কৰা নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত ছাৰ, যুগল সন্দিকৈ ছাৰ আৰু সংস্থাৰ প্ৰত্যেকজন সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ আপোনালোকে আমাক সঠিক তথ্য-পাতি যোগান নধৰা হলে আমি এই কাৰ্যটিত সফল হব নোৱাৰিলোহেঁতেন৷ পুনৰবাৰ আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷