অসাধাৰণ
বনানি দাস সাধাৰণ আছিল সিহঁত। মোহ আছিল সেউজীয়াৰ প্ৰতি, প্ৰাচীনতম সেই পৃথিৱীৰ ভালপোৱা। পুৰাতন সেই টোপোলাৰ গাঠি মেলিউজাই আহিছিল প্ৰেম, দয়া, মৰম! হঠাৎ এদিন সিহঁতৰ অসাধাৰণ হবলৈ মন গৈছিল।সেউজীয়াৰ বৃত্ত ফালি ভূমিষ্ঠ হৈছিল, অসাধাৰণ হোৱাৰ হেপাঁহ ।কমতেই কেনেদৰে সন্তুষ্ট হ’ব পাৰি?? থাকিব পাৰিনে, এককেন্দ্ৰিক বৃত্তৰ অংশ হৈ?? নিচাহ আছে ভঙাত, নিচাহ আছে গঢ়াত, সমাজ, নিয়মক।সাধাৰণ হোৱাত গৰ্ব নাই। গৰ্ব আছে জানো সমাজনীতি নজনাত, গৰ্ব আছে জানো ৰাজনীতি নকৰাত, গৰ্ব …