ধেমাজি জিলাত নেচাৰ্চ বেকনৰ বিশেষ গ্ৰীষ্মকালীন শিবিৰৰ এক চমু আলোকপাত

WhatsApp Image 2023-07-19 at 10.58.27

- যুগল সন্দিকৈ

নেচাৰ্চ বেকনৰঅহম্বসুধাম্কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক বিশেষ অনুষ্ঠান কাৰ্যসূচীৰ অধীনত ধেমাজিত তিনিদিনীয়া বিশেষ গ্ৰীষ্মকালীন শিবিৰ সম্পন্ন হয়৷

উত্তৰপূৱ ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ ৪০ সংখ্যক বৰ্ষপূৰ্তি আৰু সংগঠনটোৰ আগন্তুক দশকজোৰা সোণালী জয়ন্তী উৎসৱঅনুষ্ঠানৰ অংশস্বৰূপে ২০২২ বৰ্ষৰ জুন মাহত ঘোষণা কৰা আৰু সমগ্ৰ অসমৰ ছাত্ৰছাত্ৰীসকলক লৈ গ্ৰহণ কৰাঅহম্বসুধাম্কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক এক বিশেষ অনুষ্ঠান কাৰ্যসূচীৰ ধেমাজিত পঞ্চমটো অনুষ্ঠান হিচাপে ধেমাজি জিলাৰ জিলা সদৰত তিনিদিনীয়াকৈ একবিশেষ গ্ৰীষ্মকালীন শিবিৰযোৱা ১৪ জুলাইৰ পৰা ১৬ জুলাইলৈ অনুষ্ঠিত হৈ যায়৷ তিনিদিনীয়া এইবিশেষ গ্ৰীষ্মকালীন শিবিৰধেমাজি জিলা সদৰৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত কৰা হয়৷ মূলতঃ ছাত্ৰছাত্ৰীসকলৰ মনত পৰিৱেশ সংৰক্ষণ চিন্তাচেতনা জাগ্ৰত কৰি তেওঁলোকৰ শৈক্ষিক, বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ জৰিয়তে দেশৰ সুনাগৰিক হিচাপে গঢ়ি তোলা আৰু দেশৰ প্ৰকৃতিভিত্তিক চিৰস্থায়ী প্ৰগতিক বাস্তৱায়িত কৰাকে মূল লক্ষ্য আৰু উদ্দেশ্য হিচাপে লৈ আয়োজন কৰা এই গ্ৰীষ্মকালীন শিবিৰ ১৪ জুলাইৰ পুৱা ১০ বজাৰ পৰা এক শুভাৰম্ভণী অনুষ্ঠানৰ জৰিয়তে মুকলি কৰা হয়৷ শুভাৰম্ভণী অনুষ্ঠানত শিবিৰ সমন্বয়ক তথা নেচাৰ্চ বেকনৰ ধেমাজি জিলাৰ মুখ্য সমন্বয়ক যুগল সন্দিকৈয়ে শিবিৰত অংশগ্ৰহণকাৰী ছাত্ৰছাত্ৰীসকলৰ লগতে অভিভাৱক, শিবিৰ উদ্বোধক, বিশিষ্ট অতিথি, বিদ্যালয়ৰ অধ্যক্ষা, শিক্ষকশিক্ষয়িত্ৰী প্ৰমুখ্যে সকলোকে আদৰণী জনায়৷ লগতে তেওঁ নেচাৰ্চ বেকন সংগঠনটো সম্পৰ্কে, জন্মলগ্নৰে পৰা সংগঠনটোৰ বিভিন্ন কৰ্মৰাজি সম্পৰ্কে কিছু কথা সকলোকে অৱগত কৰে৷ ইয়াৰ পিছতে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ বুদ্ধিন্দ্ৰ বৰুৱাই তিনিদিনীয়া এই বিশেষ গ্ৰীষ্মকালীন শিবিৰটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ নিজৰ উদ্বোধনী ভাষণত তেওঁ নেচাৰ্চ বেকনৰ এই পদক্ষেপক আদৰণী জনাই আৰু এনে এটা অনুষ্ঠানৰ অংশীদাৰ বলৈ পাই নিজকে সৌভাগ্যবান বুলি উল্লেখ কৰে৷ লগতে তেওঁ নেচাৰ্চ বেকনৰঅহম্বসুধাম্কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] কাৰ্যসূচী এক সময়োপযোগী পদক্ষেপ আৰু এই কাৰ্যসূচীয়ে ছাত্ৰছাত্ৰী তথা ভৱিষ্যত প্ৰজন্মক যথেষ্ট সহায় কৰিব বুলিও উল্লেখ কৰি শিবিৰত অংশগ্ৰহণকাৰীসকলে তিনিদিনীয়া এই শিবিৰৰ জৰিয়তে যথেষ্ট নজনা কথা জনাৰ উপৰিও নিজৰ মানসিক উত্তৰণ ঘটাবলৈ সক্ষম বুলি আশা প্ৰকাশ কৰে আৰু সকলোকে শুভেচ্ছা জনায়৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নবীন কামান, গোগামুখ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক দিগন্ত কুমাৰ কাকতি, ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দেৱজ্যোতি কছাৰী প্ৰমুখ্যে বক্তাসকলে প্ৰশিক্ষাৰ্থী ছাত্ৰছাত্ৰীসকলৰ বোধগম্য হোৱাকৈ পৰিৱেশ তথা প্ৰকৃতি সংৰক্ষণ আৰু ইয়াৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ লগতে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে৷ অনুষ্ঠানত নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত, ডিব্ৰুগড়ৰ হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ড॰ মৰমী তালুকদাৰ, দিল্লীৰ পি জিন্দাল গ্লবেল বিশ্ববিদ্যালয়ৰ ছাত্ৰী প্ৰত্যুষী শ্ৰাৱনী, অধিবক্তা এনিশা সন্দিকৈ, বিদ্যালয়খনৰ শৈক্ষিক তত্ত্বাৱধায়ক পুলিন দিহিঙীয়া, শিক্ষকদ্বয় কন্দৰ্প তামুলী আৰু নৱ গগৈৰ লগতে ধেমাজি সদৰৰ মুঠ পাঁচখন বিদ্যালয়ৰ ৪২ গৰাকী প্ৰশিক্ষাৰ্থী ছাত্ৰছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলে অংশগ্ৰহণ কৰে৷ শুভাৰম্ভণী অনুষ্ঠানৰ পিছতে নেচাৰ্চ বেকনৰঅহম্বসুধাম্কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক কাৰ্যসূচীৰ নিৰ্দিষ্ট পাঁচটা সংকল্প গ্ৰহণৰ জৰিয়তে বিশেষ গ্ৰীষ্মকালীন শিবিৰৰ কাৰ্যসূচী আৰম্ভ হয়৷

IMG_20220826_220738

১৪ জুলাইৰ পুৱা ১১.০০ বজাৰ পৰা আৰম্ভ হোৱা শিবিৰৰ প্ৰথমটো সত্ৰত অংশগ্ৰহণ কৰি সমল ব্যক্তি সৌম্যদ্বীপ দত্তই অংশগ্ৰহণকাৰী ছাত্ৰছাত্ৰীসকলৰ সৈতে এই গ্ৰীষ্মকালীন শিবিৰত অংশগ্ৰহণৰ উদ্দেশ্য সন্দৰ্ভত মত বিনিময় কৰে৷ তেওঁ ছাত্ৰছাত্ৰীসকলক নিজৰ নিজৰ চিন্তাৰ উত্তৰণ ঘটোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷ যিকোনো কথা কেৱল শুনা মাত্ৰেই বিশ্বাসত নলৈ নিজৰ বিবেকেৰে সেই কথা একাধিকবাৰ চিন্তাভাৱনা কৰি অৰ্থাৎ যুক্তিপূৰ্ণ বিচাৰবিশ্লেষণৰ জৰিয়তে গ্ৰহণযোগ্য বুলি বিবেচিত লেহে গ্ৰহণ কৰিবলৈ তেওঁ কয়৷ ছাত্ৰছাত্ৰীসকলৰ বৌদ্ধিকমানসিক দিশৰ উত্তৰণ তথা বিকাশৰ বাবে চিন্তা কৰিবলৈ শিকা আৰু ভাবিবলৈ অভ্যাস কৰাটো অত্যন্ত জৰুৰী বুলি কৈ অংশগ্ৰহণকাৰী ছাত্ৰছাত্ৰীসকলক তেওঁ আলোচনাৰ মাজতে কিছু সময়ৰ বাবে অন্তঃমুখী হৈ চিন্তা কৰাৰ অভ্যাস কৰায়৷ লগতে তেওঁ ছাত্ৰছাত্ৰীসকলৰ সৈতে এক প্ৰশ্নোত্তৰ শিতানতো মিলিত হৈ তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ বিশ্লেষণাত্মক উত্তৰ দিয়ে৷ প্ৰথমটো সত্ৰত সমল ব্যক্তি সৌম্যদ্বীপ দত্তদেৱে প্ৰকৃতি তথা পৰিৱেশ, প্ৰকৃতি সংৰক্ষণৰ প্ৰয়োজনীয়তা, বনবন্যপ্ৰাণী, চৰাইৰ উৎপত্তিবিৱৰ্তন, অৰণ্য, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান ইত্যাদি বিষয়সমূহ আলোচনাৰ মাধ্যমেৰে ছাত্ৰছাত্ৰীসকলৰ মাজত উপস্থাপন কৰে৷

              ইয়াৰ পিছতে দুপৰীয়া ১২.০০ বজাৰ পৰা শিবিৰৰ দ্বিতীয়টো সত্ৰ আৰম্ভ হয়৷ এই সত্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ঘিলামৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ স্নতকোত্তৰ শিক্ষক সত্যব্ৰত গগৈয়েপ্ৰকৃতি অনুকুল পৰিশিলীত বহনক্ষম জীৱনচৰ্যা আৰু জীৱনচৰ্যাৰ কৌশলবিষয়ত শিবিৰৰ ছাত্ৰছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ আৰু কাৰ্যকলাপৰ মাধ্যমেৰে বিভিন্ন উদাহৰণ দাঙি ধৰি তেওঁলোকৰ বোধগম্য হোৱাকৈআলোচনা আগবঢ়ায়৷ তেওঁ বিশেষকৈ ছাত্ৰছাত্ৰীসকলৰ প্ৰকৃতি সংৰক্ষণ চিন্তাচেতনা জাগ্ৰত কৰাৰ জৰিয়তে প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল বলৈ, প্ৰয়োজনতকৈ অধিক হাৰত প্ৰকৃতিৰ পৰা সম্পদ আহৰণৰ পৰা বিৰত থাকিবলৈ, পৰাপক্ষত প্ৰকৃতিৰ ক্ষতি পৰা কোনো কাম নকৰিবলৈ, প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞ বলৈ প্ৰকৃতিৰ পৰা কেৱল আহৰণ কৰাতেই ব্যস্ত নাথাকি প্ৰকৃতিৰ ক্ষয়ক্ষতি ৰোধ কৰিব পৰা ধৰণৰ কাৰ্যত নিজকে জড়িত কৰিবলৈ আৰু বহনক্ষণ উন্নয়ন আৰু পৰিশিলীত জীৱনচৰ্যাৰ কৌশলসমূহ আয়ত্ব কৰি সেইসমূহৰ সঠিক অভ্যাসৰ জৰিয়তে জীৱনৰ বাটত অগ্ৰসৰ বলৈ সকলোকে আহ্বান জনায়৷

WhatsApp Image 2023-07-21 at 20.05.55

দুপৰীয়াৰ আহাৰ বিৰতিৰ পিছত দিনৰ .০০ বজাৰ পৰা শিবিৰৰ তৃতীয়টো সত্ৰ আৰম্ভ হয়৷ অংশগ্ৰহণকাৰী ধেমাজি টাউন এম. . স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী বাৰ্লিনা চুতীয়াৰ এটি গীত আৰু ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ পদ্ম টাৱৰ বাঁহী বাদনেৰে এই সত্ৰ আৰম্ভ কৰা হয়৷ এই সত্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে পি জিন্দাল গ্লবেল ইউনিভাৰ্চিটি, দিল্লীৰ ছাত্ৰী প্ৰত্যুষী শ্ৰাৱনী আৰু নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই৷ এইটো সত্ৰৰ আলোচনাত প্ৰথমে সমল ব্যক্তি প্ৰত্যুষী শ্ৰাৱনীয়ে ছাত্ৰছাত্ৰীসকলক জৈৱবৈচিত্ৰ্য [Biodiversity] সম্পৰ্কে এক সম্যক আভাস দিয়ে৷ ইয়াৰ পিছতে আলোচনাত অংশগ্ৰহণ কৰি সমল ব্যক্তি সৌম্যদ্বীপ দত্তই জৈৱবৈচিত্ৰ্যৰ তিনিটা মুখ্য ভাগ যেনেপ্ৰজাতিৰ ভিন্নতা, বাসস্থানৰ ভিন্নতা আৰু জিনগত ভিন্নতা সম্পৰ্কে ছাত্ৰছাত্ৰীসকলে অতি সহজে বুজিব পৰাকৈ বিভিন্ন উদাহৰণ দাঙি ধৰি বুজাই দিয়ে৷ লগতে তেওঁ ভালেকেইগৰাকী ছাত্ৰছাত্ৰীৰ কেইবাটাও প্ৰশ্নৰো বহল ব্যাখ্যাসহ উত্তৰ দিয়ে৷ ইয়াৰ পিছতে অংশগ্ৰহণকাৰী ছাত্ৰছাত্ৰীসকলক কেইবাটাও গোটত ভাগ কৰি শিবিৰৰ প্ৰথমটো দিনৰ কাৰ্যসূচীত শিকোৱা বিষয়বস্তুসমূহৰ ওপৰত একগোট আলোচনা [Group Discussion] কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ প্ৰতিটো গোটৰ দলপতিৰ দ্বাৰা তেওঁলোকৰ মাজত হোৱা আলোচ্য বিষয়সমূহ সমজুৱাভাৱে উপস্থাপনৰ পিছতে পৰৱৰ্তী দিনৰ কাৰ্যসূচীত কেতবোৰ নতুন নতুন বিষয় আৰু নতুন নতুন প্ৰশ্নৰে পুনৰ মিলিত হোৱাৰ প্ৰতিশ্ৰুতিৰেবিশেষ গ্ৰীষ্মকালীন শিবিৰ প্ৰথম দিনৰ কাৰ্যসূচী বিয়লি .০০ বজাত সামৰণী পৰে৷

WhatsApp Image 2023-07-15 at 14.44.50

১৫ জুলাইৰ পুৱা ১০.০০ বজাত নেচাৰ্চ বেকনৰঅহম্বসুধাম্কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক নিৰ্দিষ্ট পাঁচটা সংকল্প গ্ৰহণেৰে শিবিৰৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়৷                      দ্বিতীয় দিনাৰ প্ৰথম সত্ৰত ডিব্ৰুগড়ৰ হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ সহযোগী অধ্যাপিকা তথা মুৰব্বী ড॰ মৰমী তালুকদাৰে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি প্লাষ্টিক, প্লাষ্টিকৰ প্ৰকাৰ, দায়িত্বশীলতাৰে ইয়াৰ ব্যৱহাৰ, প্লাষ্টিকৰ অপব্যৱহাৰ, প্লাষ্টিক প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত সমাজৰ কৰণীয় আদি বিষয়ত বিস্তৃত আলোচনা আগবঢ়ায়৷ লগতে তেওঁ ছাত্ৰছাত্ৰীসকলৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ সন্দৰ্ভতো অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময়ৰ মাধ্যমেৰে আলোচনা কৰে৷ সমল ব্যক্তি ড॰ তালুকদাৰে আমাৰ সমাজৰ দৈনন্দিন জীৱনশৈলীত প্লাষ্টিকৰ ন্যায়সংগত আৰু দায়িত্বশীল ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক আৰু পুনঃব্যৱহাৰযোগ্য প্লাষ্টিকৰ দায়িত্বশীল ব্যৱহাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আৰু তথ্যসমৃদ্ধ আলোচনা ছাত্ৰছাত্ৰীসকলৰ উপযোগী হোৱাকৈ উপস্থাপন কৰে৷ লগতে তেওঁ এইক্ষেত্ৰত প্ৰতিজন ব্যক্তিবিশেষ সজাগ আৰু সচেতন হৈ নিজৰ দায়িত্ব পালন কৰিলেহে সমগ্ৰ পৃথিৱীক প্লাষ্টিকজনিত এই বৃহৎ সমস্যাৰ পৰা ৰক্ষা কৰিব পৰা যাব বুলি মতপোষণ কৰে৷ তেওঁ প্লাষ্টিকজনিত এই সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত শিবিৰত অংশগ্ৰহণকাৰী ছাত্ৰছাত্ৰীসকলৰো সক্ৰিয় ভূমিকা একান্তই কামনা কৰে৷ ইয়াৰোপৰি ড॰ তালুকদাৰে শিবিৰত অংশগ্ৰহণকাৰী ছাত্ৰছাত্ৰীসকলৰ ব্যক্তিত্বৰ বিকাশৰ লগতে এক ধনাত্মক সুস্থ জীৱনশৈলীৰ বাবে বিভিন্ন অনুপ্ৰেৰণামূলক পৰামৰ্শ প্ৰদানেৰে ছাত্ৰছাত্ৰীসকলক উৎসাহিত কৰে৷

WhatsApp Image 2023-07-21 at 20.29.25

ইয়াৰ পিছতে পুৱা ১১.০০ বজাত অনুষ্ঠিত হোৱা দ্বিতীয় দিনৰ দ্বিতীয় সত্ৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ তিনিজনীয়া এটি দলে অংশগ্ৰহণ কৰে৷ পৰশা কোঁৱৰ, নেন্সি বৰুৱা, উপাসনা বৰঠাকুৰসহিতে অহা তিনিজনীয়া ৰেডিঅ দলটিৰ পৰশা কোঁৱৰে কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰছাত্ৰীসকলৰ সৈতেপৰিৱেশ, প্ৰকৃতি আৰু ৰেডিঅসম্পৰ্কত মতবিনিময় কৰে৷ সমল ব্যক্তি পৰশা কোঁৱৰে ছাত্ৰছাত্ৰীসকলক পৰিৱেশ, প্ৰকৃতি তথা ৰেডিঅসম্পৰ্কিত বহুতো তথ্যও অৱগত কৰে৷ তেওঁ ছাত্ৰছাত্ৰীসকলৰ সৈতে ৰেডিঅসম্পৰ্কীয় এক পোনপটীয়া প্ৰশ্নোত্তৰ শিতান অনুষ্ঠিত কৰে আৰু এই অনুষ্ঠান তেওঁলোকে বাণীবদ্ধও কৰে৷

              দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছতে দিনৰ .৩০ বজাত আৰম্ভ হোৱা তৃতীয় সত্ৰতপ্ৰকৃতিৰ মোল বুজাত চিত্ৰকলাও এটা মাধ্যম পাৰেএই বিষয়ত অংশগ্ৰহণকাৰী ছাত্ৰছাত্ৰীসকলক লৈ এটি চিত্ৰকলাৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়৷ এই কৰ্মশালাত অসমৰ এগৰাকী খ্যাতিসম্পন্ন যুৱ চিত্ৰশিল্পী হোমেন শইকীয়াই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি প্ৰকৃতি চিত্ৰ অংকন, চিত্ৰ অংকনত বিভিন্ন ৰেখাৰ ভূমিকা, ৰঙৰ ব্যৱহাৰ আদি সম্পৰ্কত ছাত্ৰছাত্ৰীসকলৰ বোধগম্য হোৱাকৈ প্ৰশিক্ষণ প্ৰদান কৰে৷

              ইয়াৰ পিছতে দিনৰ .৩০ বজাত চতুৰ্থ সত্ৰ আৰম্ভ হয়৷ এই সত্ৰত পুনৰবাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে৷ তেওঁলোকে অংশগ্ৰহণকাৰী ছাত্ৰছাত্ৰীসকলক লৈৰেডিঅৰেডিঅখেলাশীৰ্ষক তেওঁলোকৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে৷ এই অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণকাৰী ছাত্ৰ পদ্ম টাৱৰ বাঁহী বাদন বাণীবদ্ধ কৰাৰ লগতে কেইবাগৰাকী ছাত্ৰছাত্ৰী, নেচাৰ্চ বেকনৰ কৰ্মকৰ্তা, বিদ্যালয়ৰ অধ্যক্ষা আৰু কেইবাগৰাকী সমল ব্যক্তিৰ সাক্ষাৎকাৰো বাণীবদ্ধ কৰে৷ তেওঁলোকে এই অনুষ্ঠান অনাগত দিনত ৰেডিঅযোগে সম্প্ৰচাৰ কৰা বুলি জানিবলৈ দিয়ে৷

              ইয়াৰ পিছতে পঞ্চমটো সত্ৰত সমল ব্যক্তি সৌম্যদ্বীপ দত্তই জৈৱবৈচিত্ৰ্য সন্দৰ্ভত ছাত্ৰছাত্ৰীসকলে সহজে বুজি পোৱাকৈ এক খেলৰ মাধ্যমেৰে জৈৱবৈচিত্ৰ্যৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে আৰু ছাত্ৰছাত্ৰীসকলৰ সৈতে এক প্ৰশ্নোত্তৰ শিতানতো মিলিত হোৱাৰ পিছতে বিয়লি .০০ বজাত দ্বিতীয় দিনৰ শিবিৰৰ কাৰ্যসূচীৰ সামৰণী পৰে৷

WhatsApp Image 2023-07-21 at 20.28.25

১৬ জুলাইৰ পুৱা ১০.০০ বজাত সংকল্প গ্ৰহণেৰে শিবিৰৰ তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয়৷ তৃতীয় দিনাৰ প্ৰথম সত্ৰত গোগামুখ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক দিগন্ত কুমাৰ কাকতিয়েপ্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতাশীৰ্ষক এক বিষয় লৈ ছাত্ৰছাত্ৰীসকলৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয়৷ তেওঁ মানুহ সুৰক্ষিতভাৱে এই পৃথিৱীত জীয়াই থাকিবলৈ লে পৃথিৱীৰ প্ৰতিজন বাসিন্দা মাতৃৰূপা পৃথিৱী তথা প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল আৰু কৃতজ্ঞতাশীল বই লাগিব বুলি উল্লেখ কৰি বিভিন্ন উদাহৰণসহ ছাত্ৰছাত্ৰীসকলক বুজাই দিয়ে আৰু প্ৰতিগৰাকী ছাত্ৰছাত্ৰীক প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতাশীল বলৈ আহ্বান জনায়৷

              ইয়াৰ পিছতে দ্বিতীয় সত্ৰত অংশগ্ৰহণ কৰি সমল ব্যক্তি সৌম্যদ্বীপ দত্তই ছাত্ৰছাত্ৰীসকলৰ সৈতে এক প্ৰশ্নোত্তৰ শিতানৰ জৰিয়তে ছাত্ৰছাত্ৰীসকলৰ মনত উদয় হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ ব্যাখ্যাসহ আগবঢ়ায়৷ লগতে তেওঁ ছাত্ৰছাত্ৰীসকলক নিজকে মানসিকভাৱে উত্তৰণ ঘটোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷ এই দ্বিতীয় সত্ৰতে অংশগ্ৰহণকাৰী ভালেকেইগৰাকী ছাত্ৰছাত্ৰীয়েপ্ৰকৃতিবিষয়বস্তুক লৈ চিত্ৰ অংকন কৰা সমান্তৰালভাৱে অন্যান্য অংশগ্ৰহণকাৰীসকলেগ্ৰন্থ অধ্যয়নকাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

WhatsApp Image 2023-07-16 at 14.12.45

দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত দিনৰ .০০ বজাত তৃতীয় সত্ৰ আৰম্ভ কৰা হয়৷ এই সত্ৰত ধেমাজি জিলাৰ একমাত্ৰ অস্তিত্ব বৰ্তি থকা সংৰক্ষিত বনাঞ্চল ‘পবা’ সংৰক্ষিত বনাঞ্চল বিষয়ক আলোচনাত সমল ব্যক্তি হিচাপে নেচাৰ্চ বেকনৰ জ্যেষ্ঠ কৰ্মীলাইমেকুৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিষয়ৰ স্নাতকোত্তৰ শিক্ষক তোষেশ্বৰ মিৰি আগৰৱালাই অংশগ্ৰহণ কৰে৷ তেওঁ ছাত্ৰছাত্ৰীসকলক উদ্দেশ্যি ধেমাজি জিলাৰ জৈৱবৈচিত্ৰ্যত চহকী ‘পবা সংৰক্ষিত বনাঞ্চল পৰিচয় দাঙি ধৰাৰ লগতে পবাৰ বৈশিষ্ট্যসংৰক্ষণ্যৰ প্ৰয়োজনীয়তাবৰ্ষাৰণ্য  আদি সন্দৰ্ভত এক বিশদ আলোচনা আগবঢ়ায়৷ এই সন্দৰ্ভত তেওঁ ছাত্ৰছাত্ৰীসকলৰ সৈতে মতবিনিময়ো কৰে৷ 

ইয়াৰ পিছতে তিনিদিনীয়া বিশেষ গ্ৰীষ্মকালীন শিবিৰ তথা নেচাৰ্চ বেকনৰ ধেমাজি জিলাৰ মুখ্য সমন্বয়ক যুগল সন্দিকৈয়ে অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে এই শিবিৰ সম্পৰ্কে তেওঁলোকৰ মতামত গ্ৰহণ কৰে৷

ইয়াৰ পিছতে বিয়লি .১৫ বজাত পুনৰবাৰ সংকল্প গ্ৰহণেৰে তিনিদিনীয়া বিশেষ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হয়৷ সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড॰ বনজিত ভট্ট আৰু ধেমাজি নগৰ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ লক্ষ্য কুমাৰ সন্দিকৈয়ে উপস্থিত থাকি বক্তব্য ৰখাৰ লগতে ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নবীন কামান, গোগামুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দিগন্ত কুমাৰ কাকতি, ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ক অধ্যক্ষা দেৱজ্যোতি কছাৰী, শিক্ষকদ্বয় কন্দৰ্প তামুলী, নয়নদ্বীপ দত্ত, শিক্ষয়িত্ৰী জোনমণি হাজৰিকা, সমল ব্যক্তি ক্ৰমে সৌম্যদ্বীপ দত্ত, ড॰ মৰমী তালুকদাৰ, তোষেশ্বৰ মিৰি আগৰৱালা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ অনুষ্ঠানত শিবিৰৰ অন্যতম সদস্য, ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ পদ্ম টাৱই বাঁহীৰ সুললিত সুৰেৰে উপস্থিত সকলোকে আপ্লুত কৰে৷ ইয়াৰ পিছতে শিবিৰত অংশগ্ৰহণকাৰী ধেমাজি সদৰৰ পাঁচখন বিদ্যালয়ৰ মুঠ ৪২ গৰাকী ছাত্ৰছাত্ৰী ক্ৰমেধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰসপ্তম শ্ৰেণীৰচনম বুঢ়াগোহাঁই, ধৈৰ্য নৰহ; অষ্টম শ্ৰেণীৰচেমুৱেল বৰা, সুনয়ন দিহিঙীয়া, জ্যোতিষ্মান দত্ত, উৎপল দিহিঙীয়া; নৱম শ্ৰেণীৰপৰিজ গগৈ, বিশাল বৰুৱা, পদ্ম টাৱ, পাপু চুতীয়া, গগন কাৰ্দং, ৰাতুল ভূঞা, হিমাংশু বৰুৱা, তন্ময় সোনোৱাল, বিতুজ্যোতি গগৈ, লক্ষী নৰহ, সৌৰভ কোঁৱৰ, লক্ষ্যজিৎ চাংমাই; দশম শ্ৰেণীৰপাৰ্থপ্ৰতিম দিহিঙীয়া; একাদশ শ্ৰেণীৰপৰাগজ্যোতি দত্ত, দীপ দাস, কিৰণজ্যোতি বৰগোহাঁই, প্ৰজ্ঞানজ্যোতি কটকী; দ্বাদশ শ্ৰেণীৰনিহাৰিকা সোনোৱাল, ৰিদিপ দত্ত, জুলী সোনোৱাল, আকাশ দাস, ৰিতু বৈশ্য, কৌশিক দত্ত; ধেমাজি টাউন এম স্কুলৰষষ্ঠ শ্ৰেণীৰভাস্কৰজ্যোতি হাজৰিকা, জ্যোতিষ্মা হাজৰিকা, চয়নিকা সোনোৱাল; সপ্তম শ্ৰেণীৰড্ৰচী গগৈ, প্ৰিঞ্চ দলৈ; অষ্টম শ্ৰেণীৰবাৰ্লিনা চুতীয়া, বিশ্বকল্প দেউৰী; বাটঘৰীয়া উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰনৱম শ্ৰেণীৰডিম্পল সোনোৱাল; শিক্ষা ৰেক্টিªক্স স্কুল, ধেমাজিৰসূৰয প্ৰতিম সোনোৱাল [সপ্তম শ্ৰেণী], সূদৰ্শন দত্ত [অষ্টম শ্ৰেণী]; মাদাৰ্চ প্ৰাইড স্কুল, ধেমাজিৰদিব্য ভূষণ সন্দিকৈ [সপ্তম শ্ৰেণী], তনুজ বৰপাত্ৰগোহাঁই [অষ্টম শ্ৰেণী] আৰু ধেমাজি উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী গীতাঞ্জলি হাজৰিকাক একোখনকৈ অংশগ্ৰহণৰ প্ৰমাণপত্ৰ আৰু সৌম্যদ্বীপ দত্তৰঅসমৰ অৰণ্য অভায়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানশীৰ্ষক সদ্য প্ৰকাশিত গ্ৰন্থখন উপহাৰস্বৰূপে প্ৰদান কৰা হয়৷ অনুষ্ঠানৰ শেষতঅসম সংগীতপৰিৱেশনেৰে নেচাৰ্চ বেকনৰঅহম্বসুধাম্কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক বিশেষ অনুষ্ঠান কাৰ্যসূচীৰ অধীনত ধেমাজিত অনুষ্ঠিত তিনিদিনীয়াবিশেষ গ্ৰীষ্মকালীন শিবিৰ২০২৩ সফল সামৰণী পৰে৷ উল্লেখ্য যে, নেচাৰ্চ বেকনৰ ধেমাজি জিলাৰ মুখ্য সমন্বয়ক যুগল সন্দিকৈয়ে পৰিচালনা কৰা শিবিৰৰ তিনিওটি দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাত নেচাৰ্চ বেকনৰ সদস্য গিৰিণ কছাৰী, নেচাৰ্চ বেকনৰ শুভাকাংক্ষীসকল ক্ৰমে ড॰ বুদ্ধিন্দ্ৰ বৰুৱা, ডাঃ লক্ষ্য কুমাৰ সন্দিকৈ, দিগন্ত কুমাৰ কাকতি, নিৰোদ চাংমাই, উমেশ খাণ্ডেলীয়া, দেৱজ্যোতি কছাৰী, জোনমণি হাজৰিকা, কন্দৰ্প তামুলী, সত্যব্ৰত গগৈ, আদিত্য হাজৰিকা, নয়নদ্বীপ দত্ত প্ৰমুখ্যে ব্যক্তিসকলে সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ লগতে ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গ আৰু ৰান্ধনি পৰী শইকীয়া আৰু তেখেতৰ স্বামীয়ে সুন্দৰভাৱে খাদ্যৰ ব্যৱস্থাপনা কৰি দি শিবিৰ পৰিচালনা কাৰ্যত বিশেষভাৱে সহযোগিতা আগবঢ়ায়৷ 

  এই আপাহতে এই বিশেষ গ্ৰীষ্মকালীন শিবিৰটি সফলতাৰে সম্পন্ন হোৱাত অৰিহণা যোগোৱা শিবিৰৰ সন্মানীয় উদ্বোধকপ্ৰতিগৰাকী বিশিষ্ট অতিথিসমল ব্যক্তিআকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাবিষয়ববীয়াধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষাশিক্ষকশিক্ষয়িত্ৰীকৰ্মচাৰীবৃন্দৰান্ধনিশিবিৰ অনুষ্ঠিতকৰণত সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱা শুভাকাংক্ষী ব্যক্তিবিশেষৰ লগতে অংশগ্ৰহণকাৰী ছাত্ৰছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকসকলক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

              নেচাৰ্চ বেকন এটি সংঘবদ্ধ নাম৷ প্ৰতিজন প্ৰকৃতিপ্ৰেমী তথা আমাৰ আদৰ্শত বিশ্বাসী হৈ প্ৰকৃতি সংৰক্ষণৰ হকে অহৰহ কাম কৰি যোৱা প্ৰতিগৰাকী ব্যক্তি ইয়াৰ অংশীদাৰ৷ ‘‘আমাৰ প্ৰতিজন প্ৰকৃতিপ্ৰেমী জনসাধাৰণক একত্ৰিত কৰি বনবন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণৰ মাজেৰে দেশৰ সাৰ্বিক আৰু প্ৰকৃতিভিত্তিক চিৰস্থায়ী প্ৰগতিক বাস্তৱায়িত কৰাই নেচাৰ্চ বেকনৰ প্ৰধান লক্ষ্য৷’’ — এই লক্ষ্যৰ পিনে আমি সংঘবদ্ধভাৱে আগুৱাই আছো আৰু আগুৱাই থাকিম চিৰদিনচিৰকাল৷

 

‘‘জয় ভাৰত – জয় অসম – জয় জগৎ’’

WhatsApp Image 2023-07-21 at 21.03.20