এছিয়াৰ এই দুশিঙীয়া গঁড়ৰ লেটিন নাম ‘ডাইচেৰৰহিনাছ চুমাত্ৰেনচিছ্’। হুবেকে লিখিছে যে এসময়ত চীন, তিব্বতৰ দক্ষিণৰ এক বিশাল এলেকাজুৰি অৰ্থাৎ ভাৰত, ব্ৰহ্মদেশ, ইন্দোচীন, থাইলেণ্ড, সুমাত্ৰা, বোৰ্ণিও, মালয়েছিয়াৰ অৰণ্য আছিল ইয়াৰ বাসভূমি। কিন্তু কালক্ৰমত, বিশেষকৈ মানুহৰ হত্যাৰ প্ৰকোপতে, ই বিলুপ্তিৰ গৰাহত পৰিছে। হুবেকৰ প্ৰবন্ধটো ১৯৩৯ চনত লিখা। তেতিয়ালৈকেও সুমাত্ৰা আৰু বোৰ্ণিওৰ মালয়েছীয় অংশত ই কোনোমতে তিষ্ঠি থকা বুলি লিখা হৈছে। তেওঁ মালয়ৰ হাবিত এই গড়ঁৰ নিজে লোৱা ফটো কেইখনমানো প্ৰবন্ধটোৰ লগত প্ৰকাশ কৰিছে। প্ৰবন্ধটোত তেওঁ প্ৰধানতঃ প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিত মালয় আবাসী গড়ঁবিধ সম্পৰ্কেই বিস্তৃত আলোচনা কৰিছে। ১৯৩৯ চনতেই তেওঁ মালয়ত দুশিঙীয়া গড়ঁ ক্ৰমান্বয়ে দুস্প্ৰাপ্য হৈ পৰা বুলি কৈছে। মানুহৰ উপদ্ৰবত ভৈয়ামৰ পৰা ই পাহাৰ এলেকাত থাকিবলৈ লোৱা বুলিও তেওঁ উল্লেখ কৰিছে। আজি পঞ্চাশ বছৰ পিছত এই প্ৰজাতি সম্পূৰ্ণৰূপে বিলুপ্ত হোৱা বুলিয়েই আমি ধৰি ল’ব পাৰো। কাৰণ জীৱিত দুই খড়্গযুক্ত গড়ঁৰ অস্তিত্ব এতিয়া একমাত্ৰ আফ্ৰিকা মহাদেশতেই আছে বুলি আমি জানো।
অসমত দুশিঙীয়া গঁড়ৰ প্ৰসংগত হুবেকে ৰোলেণ্ড ৱাৰ্ডছৰ’ ৰেকৰ্ডছ অব বিগ গেইম’ গ্ৰন্থৰ কথা উল্লেখ কৰিছে। ৱাৰ্ডছৰ মতে অসমৰ পৰা বোৰ্ণিওলৈকে আৰু টেনাছেৰিম এলেকাত এই দুশিঙীয়া গঁড়ৰ দুবিধ উপ প্ৰজাতি আছিল। অসমত পোৱাবিধক তেওঁ ‘লেচিওটিছ’ বুলি কৈছে। প্ৰিন্স হেনৰি ডে অৰলিয়েন্সৰ ‘ফ্ৰম টংকিন টু ইণ্ডিয়া’ গ্ৰন্থৰো তেওঁ উল্লেখ কৰিছে। এই গ্ৰন্থত অসমৰ গাতে লগা নামছাই বনাঞ্চলত ১৮৯৫ চনত হেনৰিয়ে দুশিঙীয়া গঁড়ৰ সন্ধান পোৱাৰ কথা আছে। আৰ. লিডেকাৰৰ ‘দা গেইম এনিমেলছঅব ইণ্ডিয়া, বাৰ্মা, মালয় এণ্ড টিবেট’ গ্ৰন্থটো পূৰ্বৰ অসমৰ চিংফৌ এলেকাত দুশিঙীয়া গঁড়ৰ অস্তিত্বৰ উল্লেখ থকাৰ কথা তেওঁ লিখিছে।