সেউজ নিজৰা – An Open Desk For Nature Lovers

বন্যপ্ৰাণীৰ গুণগুণনি

The colours of spring adorns the Pobitara Wildlife Sanctuary, into a vibrant canvas of life and hope. PC: Debajit Nath.
Dishant_Mayong

-         দিশান দাস

নিবিড় অৰণ্যত ছাঁয়াৰ খেলা,

সোণালী বেলিটোৱে পাত ৰাঙে প্ৰতিবেলা।

গম্ভীৰ চালেৰে বাঘ ফুৰে গৈ,

প্ৰসাৰিত সেউজীয়া গছৰ মাজেৰে সৈ।

নদীয়ে গুণগুণাই ৰূপালী গীত,

হৰিণ আৰু ৰা চৰাইৰ ছন্দিত লয়।

ইন্দ্ৰধনুৰ দৰে চৰাই চাব,

উৰণীয়াকৈ আকাশত ডেউকা মেলি উৰি উৰিব।

মৰমীয়াল চকুৰ হাতীটোৱে,

মুকলি আকাশৰ তলত খোজ লয়।

বান্দৰবোৰে গছেগছে জাঁপ মাৰে,

জংঘলত আনন্দৰ হাঁহি বিয়পাই ফুৰে।

হে অমূল্য বন্যপ্ৰাণী, তুমি পবিত্ৰ আৰু মুক্ত,

পৃথিৱীৰ উপহাৰ, আমাৰ বাবে ৰক্ষিত।

ৰক্ষা কৰোঁ আহা, তোমাৰ জীৱন আৰু ভূমি,

প্ৰকৃতিৰ গীতে আমাক আশীৰ্বাদ কৰক চিৰকালি।