প্ৰকৃতিপ্ৰদত্ত অৰণ্য সংৰক্ষণৰ গুৰুত্ব

The pre-monsoon forest of Mahananda Wildlife Sanctuary in West Bengal. PC : Soumyadeep Datta.
S.Datta2

-       সৌম্যদ্বীপ দত্ত

অৰণ্য প্ৰাণৰ ভাণ্ডাৰ৷ অৰণ্য সংৰক্ষণ মানে প্ৰাণৰ প্ৰাচুৰ্যতা আৰু প্ৰাণৰ বিবিধতাৰ নিৰাপত্তা৷ – “অৰণ্য আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে৷সঁচা অৰ্থত ভৱিষ্যত প্ৰজন্মৰ বাবে তথা ভৱিষ্যত প্ৰজন্মৰ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ লে আমি বৰ্তমানৰ অৰণ্যক সুৰক্ষিত কৰিব লাগিব৷ এইঅৰণ্যকথাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ৷ আমাৰ বহুতৰ বাবে অৰণ্য কথাটো এটা সাধাৰণ কথা কিন্তু অৰণ্যৰ অসাধাৰণ তাৎপৰ্য তথা গুৰুত্ব সম্পৰ্কে আমি বহুতেই উদাসীন৷ বহুতৰে এনেকোৱা এটা ধাৰণা আছে যে গছপুলি কিছুমান লগাই দিলেই আমি অৰণ্য গঠন কৰিব পাৰোঁ৷ বাতৰি কাকত আৰু আলোচনীত আমি এনে ধাৰণাৰ প্ৰতিফলন লক্ষ্য কৰোঁ৷ বৃক্ষৰোপণ আঁচনি আৰু তাৰ প্ৰচাৰৰ ফলত আমাৰ বহুতৰ মনত এনেকোৱা এটা ধাৰণাৰ জন্ম হয় যে — “বৃক্ষৰোপণ কৰি আমি যেন আমাৰ ধ্বংসপ্ৰাপ্ত অৰণ্যৰ পুনৰ গঠন কৰি আছোঁ৷এই ধাৰণা কিন্তু সম্পূৰ্ণ শুদ্ধ নহয়৷ আমি প্ৰত্যেকে অৱগত হোৱা উচিত যে প্ৰাচীন তথা প্ৰকৃতি প্ৰদত্ত অৰণ্য যদি এবাৰ ধ্বংস হৈ যায় তাক ওভতাই অনাটো সম্ভৱ নহয়৷ প্ৰকৃতি প্ৰদত্ত অৰণ্য যদি এবাৰ ধ্বংস হৈ যায়, গছপুলি ৰোপণ কৰি সেই ক্ষতি পূৰণ কৰাটো সম্ভৱ নহব৷ কিয়নোঅৰণ্যলক্ষ লক্ষ বছৰ ধৰি ক্ৰমবিৱৰ্তন প্ৰক্ৰিয়াৰ মাজেৰে সৃষ্টি হয়৷ অধিক সহজভাবে লেপ্ৰকৃতিমাতৃয়ে হাজাৰ হাজাৰ বছৰ ধৰি বিভিন্ন প্ৰাকৃতিক পৰিঘটনাৰ মাজেৰে, অৰণ্যৰ প্ৰতিটো প্ৰাণৰ লগত প্ৰতিটো প্ৰাণৰ সম্পৰ্ক স্থাপনৰ মাজেৰে এখন অৰণ্য গঠন প্ৰক্ৰিয়াক ৰূপ দিয়ে৷ প্ৰকৃতিৰ হাজাৰ হাজাৰ প্ৰাণ সমষ্টিয়ে এই অৰণ্য গঠন প্ৰক্ৰিয়াক পূৰ্ণতা প্ৰদানৰ বাবে, নিজৰ কৰ্মকাণ্ড তথা নিজকে এই প্ৰক্ৰিয়াত আহুতি দিয়ে লক্ষলক্ষ, অযুতনিযুত অণুজীৱ, পতঙ্গ, উভচৰ, সৰীসৃপ, চৰাই, মাছ, কাছ, স্তন্যপায়ী আৰু উদ্ভিদৰ স্বাভাৱিক আশ্ৰয়স্থল অৰণ্য অৰণ্য অকল মহামহীৰূহ লৈ গঠিত নহয়, আপাত দৃষ্টিত মূল্যহীন অগণিত জৈৱ আৰু অজৈৱ পদাৰ্থৰ পৰস্পৰে পৰস্পৰৰ লগত সম্পৰ্কৰ বন্ধনৰ, একত্ৰিকৰণত গঠিত হয় অৰণ্য৷ সেয়েহে অৰণ্য ক্ৰমবিৱৰ্তনৰ পথত এক প্ৰাকৃতিক জৈৱাগাৰ আৰু বিভিন্ন প্ৰাণ সমষ্টিৰআতুৰ ঘৰ

 অকল বৃক্ষৰোপণ কৰি অৰণ্যৰ নিচিনা প্ৰাণভাণ্ডাৰ মানুহে সৃষ্টি কৰিব নোৱাৰে৷ সেইকাৰণে আমাৰ প্ৰকৃতিপ্ৰদত্ত অৰণ্যবোৰ যদি এবাৰ ধ্বংস হৈ যায় সেই ক্ষতি বৃক্ষৰোপণেৰে পূৰণ কৰা সম্ভৱ নহব৷ সেয়েহে আজি আমি অগ্ৰাধিকাৰ দি সংৰক্ষিত কৰিব লাগিব আমাৰ প্ৰকৃতি প্ৰদত্ত অৰণ্যবোৰক প্ৰকৃতি প্ৰদত্ত অৰণ্য, আমাৰ বিৰল বন্যপ্ৰাণীবোৰ বৰ্তমানেও বসবাস কৰি আছে, সেইবোৰ বন্যপ্ৰাণীৰ বাসস্থানক চৰকাৰে আৰু জনসাধাৰণে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত কৰিব লাগিব

A tree plantation drive among the forest fringe villages near the Chakrashila Wildlife Sanctuary in Western Assam. PC:NB Archives.

বৃক্ষৰোপণ এটা পবিত্ৰ কাম, বৃক্ষৰোপণৰ মাজেৰে পৃথিৱীৰ প্ৰতি আমি আমাৰ কৰ্তব্য পালন কৰা উচিত, আমি প্ৰত্যেকেই বৃক্ষৰোপণ কৰা উচিত৷ কিন্তু অকল বৃক্ষৰোপণতেই আমি আমাৰ কৰ্তব্যৰ অৱসান বুলি ভাবি লোৱাটো এটা অপৰিপক্ক চিন্তা৷ বৃক্ষৰোপণ আৰু বৃক্ষ প্ৰতিপালন এই দুটা কথা সমানে গুৰুত্বপূৰ্ণ৷ আমাৰ অসমত বহুতেই বৃক্ষৰোপণ কৰে কিন্তু বৰ কমসংখ্যক মানুহে বৃক্ষৰোপণৰ পিছত, সেইবোৰ বৃক্ষক প্ৰতিপালন কৰে৷

              বৃক্ষৰোপণৰ মূলতঃ দুটা উদ্দেশ্য থকা উচিত প্ৰথমটো পৃথিৱীৰ বাবে বৃক্ষৰোপণ পৃথিৱীৰ প্ৰতি কৃতজ্ঞ চিত্তত আমি বৃক্ষৰোপণ কৰা উচিত পৃথিৱীৰ বাবে বৃক্ষৰোপণৰ অৰ্থ আমাৰ চাৰিওপিনে থকা পোকপতঙ্গ, চৰাইচিৰিকতি, জীৱজন্তু ইত্যাদিৰ আহাৰ, আশ্ৰয় আৰু মঙ্গলৰ বাবে বৃক্ষৰোপণ, বতাহপানী আৰু মাটিৰ বিশুদ্ধতা ৰক্ষাৰ বাবে বৃক্ষৰোপণ৷ অৰ্থাৎ পৃথিৱীৰ বাবে বৃক্ষৰোপণৰ অৰ্থ পৃথিৱীৰ প্ৰাণ সমষ্টিৰ মঙ্গলৰ বাবে বৃক্ষৰোপণ; এই প্ৰক্ৰিয়াত মানুহৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া নহয় মানুহো যিহেতু প্ৰকৃতিৰ বাহিৰত নহয়, সেয়েহে এই বৃক্ষৰোপণৰ দ্বাৰাও মানুহে উপকৃত হয়; কিন্তু অকল মানুহৰ স্বাৰ্থকে ইয়াতে গুৰুত্ব প্ৰদান কৰা নহয়৷

              বৃক্ষৰোপণৰ দ্বিতীয়টো ধাৰা — “মানুহৰ স্বাৰ্থত বৃক্ষৰোপণ মানুহৰ স্বাৰ্থত বৃক্ষৰোপণৰ অৰ্থ মানুহৰ স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰা হয়৷ মানুহে নিজৰ প্ৰয়োজনত কাঠ, খৰি ইত্যাদি উৎপাদনৰ বাবে গছ ৰুব আৰু প্ৰয়োজনত সেই গছ কাটিব৷ মানুহে গছৰ খেতি কৰিব আৰু সেই গছ সময় লে কাটিব৷ গছ, কাঠ, খৰি ইত্যাদি বিক্ৰী কৰি বা ব্যৱসায় কৰি মানুহে নিজৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি কৰিবলৈ চেষ্টা চলাব৷ মানুহে ফলৰ বাবেও বৃক্ষৰোপণ কৰিব পাৰে৷ আমাৰ বহুতৰ মাজত ধাৰণা আছে যে — “গছ কাটিব নাপায় হয়, গছ কাটিব নাপায় কিন্তু সেয়া পৃথিৱীৰ বাবে ৰোপণ কৰা বৃক্ষ আৰু প্ৰকৃতি প্ৰদত্ত অৰণ্যৰ গছ কাটিব নাপায়৷ মানুহৰ স্বাৰ্থত ৰোপণ কৰা বৃক্ষ আৰু খেতি কৰা বৃক্ষ প্ৰয়োজনত মানুহে কাটিব৷ অযথা বিনা কাৰণত বা বিনা প্ৰয়োজনত কোনো গছেই কটা উচিত নহয়৷ যিহেতু আমাৰ লগত অৰ্থাৎ মানুহৰ প্ৰাকৃতিক পৰিৱেশত বহুত পোকপতঙ্গ, চৰাই, সৰীসৃপ, স্তন্যপায়ী বন্যপ্ৰাণী ইত্যাদি বসবাস কৰে, সেয়েহে মানুহৰ স্বাৰ্থত ৰোপণ কৰা বৃক্ষ বা খেতি কৰা বৃক্ষবোৰৰ পৰাও বন্যপ্ৰাণীবোৰ কিছু পৰিমাণে উপকৃত ব৷ কিন্তু মানুহৰ স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰি, প্ৰয়োজনত মানুহৰ স্বাৰ্থত ৰোপণ কৰা বৃক্ষ আৰু খেতি কৰা বৃক্ষবোৰ মানুহে কাটিব৷ গছৰ খেতি আমাৰ ৰাজ্যত বৰ সহজতেই আমি গঢ়ি তুলিব পাৰোঁ; যাৰ দ্বাৰা আমাৰ প্ৰচুৰ অৰ্থনৈতিক উন্নতি হোৱাৰ সম্ভাৱনা আছে৷ আমাৰ নতুন প্ৰজন্ম ৰাছোৱালীবোৰে এই সম্ভাৱনাবোৰ কাৰ্যকৰী কৰি তুলিব লাগিব৷ 

লগে লগে এই কথাও উপলব্ধি কৰিব লাগিব যে প্ৰকৃতি প্ৰদত্ত অৰণ্যবোৰ এবাৰ ধ্বংস লে তাক ওভতাই অনাটো সম্ভাৱ নহয়৷ মানুহে অৰণ্যৰ সৃষ্টি কৰিব নোৱাৰে; প্ৰকৃতিয়ে হাজাৰ হাজাৰ বছৰ ধৰি অৰণ্যৰ সৃষ্টি কৰিছে৷ যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ অৰণ্যবোৰ সংৰক্ষিত কৰিব লাগিব৷ 

Banyan (Ficus religiosus), and Jamun (Syzygium cumini) are two best known tree species that benefits a wide array of wildlife, insects, and birds across India. PC: Internet.

বৃক্ষৰোপণ এটা মহাপুণ্যৰ কাম 

বৃক্ষবোৰেই পৃথিৱীৰ একমাত্ৰ মহাপ্ৰাণ যিসকলে পৃথিৱীৰ বাহিৰৰ পৰা পৃথিৱীৰ প্ৰাণীকুলৰ বাবে খাদ্য সংগ্ৰহ কৰিবলৈ সক্ষম৷ [কেনেকৈ সক্ষম? এই কথাটো মনৰ মাজত চিন্তা কৰা৷ উত্তৰ নিজে নিজেই পাই যাব ] সেইবাবে বৃক্ষৰোপণ এটা অতি সৎ কৰ্ম৷ মানুহে গোটেই জীৱন ধৰি বৃক্ষৰোপণ কৰা উচিত৷ মোৰ বোধেৰে বৃক্ষৰোপণ কাৰ্য পূজাৰ সমতুল্য৷ আমি যেনেদৰে সময়ে সময়ে বা প্ৰত্যেক দিনা পূজা কৰোঁ, তেনেদৰে বৃক্ষৰোপণো কৰা উচিত৷ কাৰ মাটিত বৃক্ষৰোপণ কৰি আছো বা বৃক্ষৰোপণ কৰি আছো সেয়া ডাঙৰ কথা নহয়, ডাঙৰ কথাটো — “মই বৃক্ষৰোপণ কৰিলোঁ৷লগতে সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো যেমই যিজোপা গছ ৰোপণ কৰিলোঁ, তাৰ যাতে অকাল মৃত্যু নহয়, তাৰ প্ৰতি মই সৰ্বাধিক সচেতন থাকিব লাগিব৷ 

গছ বিনে প্ৰাণ নাই

              আমাৰ চাৰিওফালৰ প্ৰাণী আৰু জীৱজন্তুৰ মাজত এটা নিবিড় সম্পৰ্ক আছে৷ আমি প্ৰত্যেকটো জীৱ এটাই আন এটাৰ ওপৰত নিৰ্ভৰশীল৷ আমাৰ এই পৃথিৱীৰ বাবে শক্তিৰ উৎস সূৰ্য৷ সূৰ্যৰ ৰশ্মিৰ অবিহনে পৃথিৱীত গছগছনি, জীৱজন্তু একোৱে নোৱাৰিলেহেঁতেন৷ সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত উদ্ভিদৰ ক্লোৰোফিল[দুটা গ্ৰীক শব্দৰ পৰা লোৱা হৈছেপত্ৰৰ সেউজীয়া অংশ] বতাহৰ পৰা কাৰ্বনডাইঅক্সাইড গেছ আৰু পানী আহৰণ কৰে আৰু সেইটো নিজৰ আহাৰলৈ ৰূপান্তৰিত কৰে৷ এই আহাৰৰ কিছু অংশ শৰ্কৰালৈ ৰূপান্তৰিত হৈ পাত, কাণ্ড আৰু মূল ইত্যাদিত ভৱিষ্যৎ ব্যৱহাৰৰ কাৰণে সঞ্চয় কৰি ৰাখে৷ উদ্ভিদৰ এই সঞ্চিত খাদ্য অৰ্থাৎ পাত, কাণ্ড, ফলমূল ইত্যাদি খায়ে মানুহ, জীৱজন্তু, চৰাইচিৰিকটি, কীটপতংগ ইত্যাদিয়ে জীৱন ধাৰণ কৰে৷ গতিকে উদ্ভিদবিহীন পৃথিৱী মানে এখন মৃত পৃথিৱী, কিয়নো তেতিয়া লে উদ্ভিদৰ পৰা আহাৰ সংগ্ৰহকাৰী সকলো প্ৰাণী খাদ্যাভাৱত মৃত্যুমুখত পতিত ব৷ আনকি যিবোৰ মঙহভোজী প্ৰাণী সিহঁতেও জীয়াই থাকিব নোৱাৰিব, কিয়নো মঙহভোজী প্ৰাণীৰ খাদ্যউদ্ভিদহাৰীপ্ৰাণীবোৰ উদ্ভিদৰ অভাৱত আগতেই নিশ্চিহ্ন হৈ যাব৷ 

গছৰ কোমল পাত খায়ে হয়তো কিছুমান পোকপৰুৱা জীয়াই থাকে, আকৌ সেই পোকপৰুৱাবোৰ খাই বিভিন্ন চৰাই আৰু সৰীসৃপবোৰ জীয়াই থাকে আকৌ সেই চৰাই আৰু সৰীসৃপক আহাৰ কৰি অন্যান্য কিছুমান স্তন্যপায়ী প্ৰাণী জীয়াই থাকে, আকৌ এই স্তন্যপায়ী প্ৰাণীবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে ডাঙৰ মঙহভোজী প্ৰাণীবোৰে জীৱন ধাৰণ কৰে৷ চৰাইবোৰে আকৌ গছৰ ফল খাই মল ত্যাগ কৰে, ফলত তাৰ পৰা নতুনকৈ গছ পুলিৰ জন্ম হয়৷

The top pic is showing Golden Langur (Trachypithecus geei) and the bottom pic is of White Winged Woodduck (Asarcornis scutulata), two highly endangered species of our planet which found secure homes in Assam due to effective protection of natural forest areas that harbored these species in Assam. PC : Internet.

এতিয়া আমি খুব সহজতে বুজিব পাৰিছোঁ যে উল্লিখিত এটা বস্তুৰ যদি অসুবিধাৰ সৃষ্টি হয়, তেনেহলে অন্যান্য সকলোৱে ক্ষতিগ্ৰস্ত ব৷ ঠিক এইদৰেই পাৰিপাশ্বিৰ্কতাৰ এটি উপাদানৰ বিঘিনি ঘটিলে বা ক্ষতিসাধন লে প্ৰকৃতিৰ অন্যান্য বস্তুৰ ওপৰতো তাৰ প্ৰতিক্ৰিয়া প্ৰতিফলিত হোৱা দেখা যায়৷ আচলতে প্ৰকৃতিৰ এটা বস্তুৰ ওপৰত আন এটা বস্তু নিৰ্ভৰশীল, এটা আনটোৰ পৰিপূৰক৷ এই এটাৰ ওপৰত আনটোৰ নিৰ্ভৰশীলতাকেই আমিপ্ৰাকৃতিক ভাৰসাম্যবুলি অভিহিত কৰোঁ৷ 

মানৱ সভ্যতাৰ লগে লগে আৰম্ভ হৈছিল প্ৰচণ্ড জনস্ফীতি৷ এই সভ্যতাৰ ক্ৰমবিকাশে সৃষ্টি কৰা যান্ত্ৰিক উন্নতি, বেদখল আৰু অন্যান্য আৰ্থসামাজিক সমস্যাৰ ফলত আমি আমাৰ হাবিবননি কাটি পেলাই নগৰচহৰ আদি গঢ়াৰ ফালে অধিক মনোনিৱেশ কৰিলোঁ, খালবিল ভৰাই বসতি স্থাপনত জোৰ দিলোঁ৷ আমাৰ কলকাৰখানাবোৰৰ ধোঁৱা, গেদ আৰু গেছে আমাৰ চাৰিওফালৰ বায়ু আৰু পানী বহুখিনি দূষিত কৰি পেলালে৷ স্বাভাৱিকভাৱেই এইবোৰৰ বিষাক্ত প্ৰতিক্ৰিয়া আহি পৰিল উদ্ভিদ তথা প্ৰাণীজগতৰ ওপৰত৷ ফলস্বৰূপে বৰ্তমানে প্ৰাকৃতিক দুৰ্যোগ, প্ৰকৃতিৰ মাজেৰে বিভীষিকাৰ সৃষ্টি কৰিছে৷ যাৰ ফলত মানৱ জীৱনতো বিপৰ্যয়ৰ সৃষ্টি হৈ আছে৷ এই ভয়াৱহ পৰিস্থিতি আৰু সম্ভাব্য বিপদৰ হাতৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় সংৰক্ষণ৷ পৰিৱেশ সংৰক্ষণৰ আৱশ্যকতা সম্পৰ্কে ব্যক্তিগত আৰু যৌথ উপলব্ধি আৰু সময়োচিত কাৰ্যকৰী ব্যৱস্থাই আমাৰ, আপোনাৰ তথা ভৱিষ্যৎ বংশধৰসকলৰ জীৱন বিপদমুক্ত কৰি তুলিব৷ আহক আমি সকলোৱে একেলগ হৈ পৰিৱেশ সংৰক্ষণৰ এই মহান ব্ৰতত নিজকে ব্ৰতী কৰি কৃতাৰ্থ হওঁ৷

The successful conservation of exceptionally biodiverse forest areas like the Dihing Patkai rainforest as a legally protected national park created safe haven for many rare species of flora and fauna in Assam. PC : Internet.

আমাৰ গ্ৰহটিত জীৱনৰ ইতিহাস যেনেদৰে বিস্ময়কৰ ঠিক তেনেদৰে প্ৰাচীনো৷ বৰ্তমানৰ নিচিনা এই ইতিহাসৰ প্ৰায় সমগ্ৰ সময় জুৰিয়েই উদ্ভিদবোৰেও ৰাজত্ব কৰি গৈছে৷ বিভিন্ন যুগত প্ৰাণীবোৰে আমাৰ পৃথিৱীত অহাযোৱা কৰিছে এই উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিয়ে৷ বৰ্তমানো সমগ্ৰ প্ৰাণীজগত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল৷ সেইকাৰণে উদ্ভিদবিহীন পৃথিৱী এখন মৃত পৃথিৱীত পৰিণত ব৷ আমাৰ চিন্তা হৈছে সেই মহামাৰীক লৈ, যিয়ে নিঃশব্দে পৃথিৱীৰ প্ৰাকৃতিক সম্পদ তথা প্ৰাণী সমষ্টিক গ্ৰাস কৰিবলৈ আগুৱাই আহি আছে৷ এই ভয়াৱহ পৰিস্থিতি, এই সৰ্বনাশী ব্যাধি মানুহৰ অস্বাবাৱিক লোভ আৰু অবিবেচকৰ নিচিনা হৈ গছ ধ্বংস কৰাৰ ফলত সৃষ্টি হৈছে৷ আজি মই এই গছ সম্পৰ্কে কেইটামান কথা আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ৷

* পৃথিৱীত জীৱনৰ বিৱৰ্তনক লৈ যিসকলে গৱেষণা কৰে তেওঁলোকে ভাবেঅতীত সৰ্বপ্ৰথম উদ্ভিদবোৰৰে আৱিৰ্ভাৱ

ঘটিছিল, কিয়নো সূৰ্যলোকৰ পৰা শক্তি সংগ্ৰহ কৰি বাচি থকাৰ কৌশলটো উদ্ভিদবোৰেই কেৱল আয়ত্ত কৰিছিল৷

* উদ্ভিদৰ তৈয়াৰী জৈৱ খাদ্য খায়ে প্ৰাণীবোৰ জীয়াই থাকিবলগীয়া হয়, সেই কাৰণে প্ৰাণীমাত্ৰেই উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল৷

* পৃথিৱীৰ আদিম বতাহত অক্সিজেন নাছিল৷ সেই কাৰণে পৃথিৱীৰ প্ৰথম সৃষ্টি উদ্ভিদবোৰে বতাহৰ অক্সিজেন নোলোৱাকৈয়ে জীয়াই থাকিবলৈ অভ্যস্ত হৈছিল৷ পৃথিৱীৰ আদিম উদ্ভিদবোৰে সালোকসংশ্লেষণ ক্ৰিয়াৰ সাহায্যত বতাহত অক্সিজেনৰ ভাগ ক্ৰমশঃ বঢ়াই দিয়ে আৰু বতাহৰ অক্সিজেন লৈ জীয়াই থকাত অভ্যস্ত এনেকুৱা আন উদ্ভিদ আৰু প্ৰাণীৰ আৱিৰ্ভাৱ সম্ভৱ কৰি তোলে৷

* ‘বন্যপ্ৰাণীবা Wild Life বুলি লে আমাৰ বেছিভাগ মানুহৰেই ধাৰণা -— হাবিৰ হাতী, গঁড়, বাঘ, ভালুক, হৰিণা  ইত্যাদি জন্তু৷ কিন্তু জীৱন কথাটোৰ অৰ্থ ইয়াতকৈ ব্যাপক আৰু অকল জন্তুৱে নহয়, নিশ্চিতভাৱে উদ্ভিদো ইয়াৰ অন্তৰ্গত৷

* বৈচিত্ৰ্যময়ী আৰু মূল্যৱান উদ্ভিদবোৰ অৱলুপ্ত লে অৰণ্যৰ হৰিণ, গঁড়, বনৰীয়া গৰু, শহাপহু ইত্যাদি সকলোবোৰ প্ৰাণীৰেই বিস্তৰ ক্ষতি হব সেইটো সহজেই অনুমান কৰা যায়৷

* গতিকে এই গোটেই বন্যপ্ৰাণী ৰক্ষা কৰাৰ লগতে অৰণ্য সংৰক্ষণৰ বিষয়টোও গভীৰভাৱে জড়িত৷

* অৰণ্য সংৰক্ষণ বুলি লে কিন্তু কেৱল কাঠ উৎপাদনকাৰী কেইটামান অৰ্থকাৰী বৃক্ষৰ সংৰক্ষণ নুবুজায়, তাৰ লগতে অসংখ্য প্ৰজাতিৰ তৃণ, লতা গুল্ম, ঔষধি আৰু আপাতদৃষ্টিত মূল্যহীন গছবোৰৰ সংৰক্ষণৰ প্ৰশ্নটোও ওত:প্ৰোতভাৱে জড়িত৷

* অত্যন্ত ব্যাপক সংগ্ৰহৰ [Over Collection] ফলত বহু মূল্যৱান উদ্ভিদ স্বাভাৱিক পৰিৱেশৰ পৰা আজি ক্ৰমশঃ অদৃশ্য ধৰিছে৷

* সাধাৰণ মানুহৰ ধাৰণাআমি যিমানেই গছ ধ্বংস নকৰোঁ কিয় এইবোৰৰ বংশ নাশ হোৱাৰ কোনো সম্ভাৱনা নাই; এইবোৰ কিছুমান ঠাইত হৈয়ে আছে৷

* সকলো ক্ষেত্ৰত কিন্তু এই ধাৰণাটো ঠিক নহয়৷ বহু মূল্যৱান প্ৰজাতিৰ উদ্ভিদ আছে, যিবোৰ এনেকুৱা দুৰ্বল আৰু দুৰ্লভ যে এইবোৰৰ চাৰিওফালৰ অন্যান্য প্ৰবল পৰাক্ৰমী উদ্ভিদগোষ্ঠীৰ লগত প্ৰতিযোগিতাত বাঢ়ি উঠিব নোৱাৰি দুষ্প্ৰাপ্য হৈ উঠিছে৷

* অৰণ্য কেৱল মহামহীৰূহ ৰূপ লৈয়ে গঠিত নহয়, অৰণ্য অসংখ্য প্ৰজাতিৰ ফাৰ্ণ, অৰ্কিড, নানা জাতৰ লতা, গুল্ম আৰু গছপুলিৰ স্বাভাৱিক আশ্ৰয়স্থল৷

* এইটো প্ৰমাণিত সত্য যে গছগছনিয়ে মাটিৰ ক্ষয় ৰোধ কৰে আৰু মাটিৰ পানী ধাৰণৰ ক্ষমতাও বঢ়ায় ইয়াৰ শিপাৰ মাধ্যমেৰে

 মাটিৰ ওপৰৰ স্তৰৰ পৰা যেতিয়া গছগছনিৰ আচ্ছাদন গুচি যায়, তেতিয়া বৰষুণত উপৰিভাগৰ মাটিৰ অতিপাত ক্ষয়  হয়৷ ভাৰতবৰ্ষত বছৰি এনেকুৱাকৈ ৬০০ কোটি টন মাটি ক্ষয় হৈ যায়৷

* এই ক্ষয় হৈ যোৱা মাটি অৱশেষত নৈৰ বুকুত জমা হয় আৰু তাৰ ফলত নদীৰ গভীৰতা কমি যোৱাত নৈৰ পানীয়ে পাৰ ওপচাই দিয়ে৷

* জলাধাৰবিলাকতো এই মাটিৰ পলস পৰে৷ ফলত এইবোৰৰ আয়ু শতকৰা প্ৰায় ৫০ ভাগ কমি যায়৷

* ভাৰতবৰ্ষত বৰষুণৰ পৰিমাণ মোটামুটিভাৱে একে থকা সত্ত্বেও সম্প্ৰতি যোৱা কেইবছৰ বানপানী আৰু তাৰ তীব্ৰতা দুয়োটাই বাঢ়ি গৈছে৷

* বানপানীৰ ফলত প্ৰতিবছৰে মাটিৰ পৰা যি পৰিমাণৰ পুষ্টি নষ্ট হৈ যায়, সেইটো আমাৰ দেশত মুঠ যি পৰিমাণৰ সাৰ উৎপাদন হয় তাৰ প্ৰায় দুগুণ আৰু টকাৰ হিচাপত প্ৰায় হাজাৰ লাখ৷

* আমাৰ দেশত প্ৰতিবছৰে প্ৰায় এহেজাৰ লাখ টকা খৰচ হয় বানপানী নিয়ন্ত্ৰণত৷

* আমাৰ গ্ৰীষ্মপ্ৰধান দেশবোৰত এবাৰ বনসম্পদ নষ্ট হৈ লে মাটি অনুৰ্বৰ হৈ যায়, ফলত তাত মৰুভূমিৰ সৃষ্টি হয়৷

* ইতিমধ্যে ভাৰতবৰ্ষত প্ৰায় ৪৫ ভাগ মাটি বিপজ্জনকভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ বিহাৰ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু তামিলনাডুৰ মুঠ আয়তনৰ সমান ঠাই মৰুভূমিত পৰিণত হৈছে৷

* গোটেই পৃথিৱীজুৰি বছৰত প্ৰায় ছয় মিলিয়ন হেক্টৰ মৰুভূমি বাঢ়ি আছে৷

* হাবিবননি, গছগছনিয়ে নিজেই অক্সিজেন সৃষ্টি কৰি বতাহ শোধন কৰে আৰু জলবায়ু নিয়ন্ত্ৰণ কৰে৷

* গছগছনিয়ে নিজেই অক্সিজেন সৃষ্টি কৰিব পাৰে৷ গছগছনি অবিহনে পৃথিৱীৰ পৰা জীৱন শেষ হৈ যাব৷

* প্ৰায় সকলোৱে জানে গছগছনি কাটি পেলোৱাৰ ধ্বংসাত্মক ফলাফল৷ তথাপি বৰ্তমানে পৃথিৱীত আজি মিনিটতে প্ৰায় ২০ হেক্টৰ অৰণ্য কাটি ধ্বংস কৰি পেলোৱা হয়৷ এই ক্ষতিৰ বেছিভাগটোৱে হয় গ্ৰীষ্মপ্ৰধান দেশবোৰত৷ আমাৰ এই ইচ্ছাকৃত ধ্বংসৰ কাৰণে আমাৰ উন্নতিৰ সম্ভাৱনাই যে কেৱল বিপদাপন্ন হৈছে সেইটো নহয়, জীৱনৰ উচ্ছাকাংক্ষাও বিপদাপন্ন হৈছে৷

* অৰণ্য ধ্বংস হৈ যোৱাৰ লগে লগে প্ৰায় ৪০ হাজাৰ ধৰণৰ গছগছনি বিপন্ন হৈ পৰিছে আৰু এতিয়াও প্ৰত্যেকদিনে এজোপাকৈ গছ [প্ৰজাতি] লুপ্ত হৈ যাব ধৰিছে

* ভাৰতবৰ্ষত প্ৰায় এহেজাৰ ধৰণৰ গছ এনেদৰে বিপন্ন হৈ পৰিছে আৰু ভৱিষ্যতে প্ৰায় ২০০ ধৰণৰ গছ লুপ্ত হৈ যাব৷ আমি কিন্তু এই গছগছনিবোৰ হেৰুৱাই আছোঁ -— আমাৰ খোৱাবোৱা, স্বাস্থ্য আৰু শিল্প জগতত ইয়াৰ অৱদান জনাৰ আগতেই৷

* আমি প্ৰায়েই পাহৰি যাওঁ যে পৃথিৱীত যিমান ঔষধ আছে তাৰ প্ৰায় শতকৰা ২৫ ভাগেই তৈয়াৰ হয় গছগছনিৰ পৰা৷ * ১৯৭৮ চনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাই প্ৰায় ২০,০০০ গছগছনি চিহ্নিত কৰিছে ঔষধৰ উৎস হিচাপে৷ হিচাপ কৰি দেখা গৈছে যে গছগছনি ভিত্তিক ঔষধপাতিৰ দাম প্ৰায় ৫০ হাজাৰ কোটি টকা৷

* ভাৰতবৰ্ষত গছগছনিৰ পৰা প্ৰস্তুত কৰা ঔষধপাতিৰ লেনদেন হয় বছৰত প্ৰায় ১০০ কোটি টকাৰ, যাৰ ভিতৰত ১০ কোটি টকাৰ ঔষধেই ৰপ্তানি হয়৷

* আয়ুৰ্বেদ চিকিৎসাত প্ৰায় ৯৫ শতাংশ প্ৰেছক্ৰিপশ্যন লিখা হয় গছগছনিৰ নামেৰে আৰু আমাৰ প্ৰায় শতকৰা ৭৫ ভাগ মানুহে আয়ুৰ্বেদিক চিকিৎসা কৰে৷

* ভাৰতীয় Snake Root Plant, Rauwolfia Serpentina ইত্যাদি গছ বহুকালৰ আগৰ পৰাই ব্যৱহাৰ কৰা হৈছিল, সাপে খোঁটা বা স্নায়ৱিক অসুখৰ অসুস্থতাৰ কাৰণে৷ ১৯৫৩ চনৰ পৰা নানা গছৰ নিৰ্যাস ৰক্তচাপৰ ৰোগীসকলৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰি অহা হৈছে৷

* বাত আৰু কুষ্ঠ ৰোগৰ চিকিৎসা কৰা হয় একপ্ৰকাৰ গছৰ পৰা তৈয়াৰ হোৱা ঔষধেৰে, যি গছৰ নাম Glory Lily.

* প্ৰকৃতপক্ষে বহুত ঔষধতে থাকে গছগছনিৰ অৱদান৷

* বহুতো ঔষধ সৃষ্টি কৰা গছ আজিকালি লাহে লাহে লোপ পাই আহিছে; তাৰ কাৰণ -— অৰণ্য ধ্বংস আৰু সেইবোৰ আকৌ ৰোপণ নকৰা৷

* আজিলৈকে মানুহে প্ৰায় ১০,০০০ ধৰণৰ ভোজ্য গছৰ পুলি আৱিষ্কাৰ কৰিছে৷ তথাপি আজি মূলতঃ তিনি প্ৰকাৰৰ গছ, যেনেধান, গম, মাকৈ পৃথিৱীৰ চাহিদাৰ প্ৰায় আধা ভাগ যোগান দি আছে৷

* আমাৰ দেশ বা বিদেশত তেই নহওক কিয় গছগছনিয়ে ভালকৈ বেহাবেপাৰৰ সম্পৰ্ক গঢ়ি তোলে৷

* ভাৰতবৰ্ষত বিভিন্ন শিল্প, যেনেচাহ, কফি, চেনি, মৰাপাট, ৰবৰ, কাগজ, কাপোৰ ইত্যাদি গছগছনিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল৷ গছগছনি আন কামতো ব্যৱহাৰ কৰা যায়, যেনেবায়ু, পানী বিশুদ্ধীকৰণত৷

* যিবোৰক নৈনলা বন্ধ হৈ যোৱাৰ কাৰণে দায়ী কৰা হয় সেই পানীমেটেকা জাতৰ গছেই আজি পানীৰ দূষিত পদাৰ্থ নিজে গ্ৰহণ কৰি পানী বিশুদ্ধ কৰাত সহায় কৰিছে৷ [জনসংখ্যা বৃদ্ধিয়ে এইবোৰ গছগছনি আৰু প্ৰাকৃতিক সম্পদৰ যথেষ্ট ক্ষতি কৰিছে৷

* জীয়াই থকাৰ কাৰণে জীৱনদায়িনী ব্যৱস্থাবোৰ ভালকৈ জানিব লাগে৷ প্ৰাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণ উন্নতি পথৰ অন্তৰায় নহয়৷

* হাজাৰ হাজাৰ বছৰ ধৰি মানুহ প্ৰকৃতিৰ দানৰ ওপৰত জীয়াই আছে, তাক ধ্বংস কৰি নহয়৷

* যিবোৰ প্ৰাকৃতিক সম্পদ জীৱন্ত; যেনেগছগছনি, ইয়াক নতুনকৈ বঢ়াব পাৰি, যদি সময়মতে ব্যৱস্থা লোৱা যায়

* সংৰক্ষণেই উন্নতি৷ এই দুয়োৰ মূল গছ বিনে প্ৰাণ নাই৷ অৰ্থাৎ গছক বাদ দি জীৱনৰ অস্তিত্ব নাথাকে৷

While we continue to plant trees throughout our lifetime, we must collectively work to preserve, protect, and save our natural forests, which are the respositories of biodiversity, natural history, and our cultural roots. PC : NB Archives.