সেউজ নিজৰা – An Open Desk For Nature Lovers.

নেচাৰ্চ বেকনৰ সৈতে সম্পন্ন হোৱা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫ বৰ্ষৰ ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰম সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ অনুভৱৰ একলম ...
The Assamese Department of North Lakhimpur University, Assam sets an inspiring lead for multidisciplinary integrated learning through nature-conservation based education with Nature's Beckon. PC: NB Archives.
Satyajit Dutta_NLU

- সত্যজিত দত্ত

প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক যুগ যুগ ধৰি অটুট যদিও আধুনিক সভ্যতাৰ দ্ৰুত বিকাশে এই সম্পৰ্কক ক্ৰমে শিথিল কৰি তুলিছে৷ বনধবংস, নগৰীকৰণ, ঔদ্যোগিকৰণ আদিৰ ফলত প্ৰকৃতিক ভাৰসাম্য ব্যাহত হৈছে আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে চৰাইসহ বিভিন্ন জীৱপ্ৰজাতিৰ ওপৰত৷ এই প্ৰেক্ষাপটত চৰাই পৰ্যবেক্ষণ আৰু সংৰক্ষণ কেৱল শৈক্ষিক অধ্যয়নৰ বিষয় নহয়, বৰং সমাজিক আৰু নৈতিক দায়িত্ব হিচাপে আত্মপ্ৰকাশ কৰিছে৷ নেচাৰ্চ বেকন নামৰ প্ৰকৃতি সংগঠনটোৰ অধীনত সম্পন্ন কৰা ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীয়ে এই সত্যক গভীৰভাৱে উপলব্ধি কৰাত মোক সহায় কৰিছে৷

            আমাৰ ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ সূচনা ঘটে ২০২৫ চনত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাৰ সৈতে জড়িত এক বিশেষ অনুষ্ঠানৰ মাধ্যমেৰে৷ ১৯ মাৰ্চ, ২০২৫ তাৰিখে নেচাৰ্চ বেকনৰ সঞ্চালক শ্ৰীযুত সৌম্যদ্বীপ দত্তৰ নেতৃত্বত ‘‘স্থানীয় চৰাইৰ বাহ, কণী আৰু বাসস্থান সংৰক্ষণ’’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে আমি স্থানীয় চৰাই সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু পৰিৱেশগত তাৎপৰ্য সম্পৰ্কে সুস্পষ্ট ধাৰণা লাভ কৰোঁ৷ এই অনুষ্ঠানটোৱেই আমাৰ মাজত চৰাই সংৰক্ষণৰ ক্ষেত্ৰত এক গভীৰ আগ্ৰহ আৰু দায়িত্ববোধ জাগ্ৰত কৰে৷

     ইয়াৰ পৰৱৰ্তী পৰ্যায়ত, ২৫ জুন, ২০২৫ তাৰিখৰপৰা উক্ত বিষয়টোক আনুষ্ঠানিকভাৱে ইণ্টাৰ্ণশ্বিপৰ বিষয় হিচাপে গ্ৰহণ কৰা হয়৷ নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত আৰু সদস্য যুগল সন্দিকৈ ছাৰৰ তত্ত্বাৱধানত তথা সৌম্যদ্বীপ দত্ত ছাৰৰ ‘অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি গ্ৰন্থখনৰ সহায়ত আমি চৰাই পৰ্যবেক্ষণৰ মৌলিক নীতি, আচৰণৰ বৈশিষ্ট্য আৰু নৈতিক দিশসমূহ অধ্যয়ন কৰোঁ৷ গ্ৰীষ্ম বন্ধত অৰ্থাৎ সম্পূৰ্ণ জুলাই মাহটোত নিজৰ ঘৰৰ চৌহদ আৰু ওচৰ-পাজৰৰ অঞ্চলসমূহত নিয়মিত চৰাই পৰ্যবেক্ষণ কৰোঁ৷ এই পৰ্যায়ত কিছুমান প্ৰাকৃতিক আৰু বাস্তৱগত সীমাবদ্ধতাৰ সন্মুখীন হবলগীয়া হলেও এই অভিজ্ঞতাই ধৈৰ্য্য, মনোযোগ আৰু অধ্যৱসায়ৰ গুৰুত্ব শিকাইছিল৷

Nature's Beckon continues to drive the spirit of education, and empowerment through biodiversity conservation in Assam. PC: NB Archives.

ইণ্টাৰ্ণশ্বিপ কাৰ্যক্ৰমণিকাৰ দ্বিতীয় গুৰুত্বপূৰ্ণ পৰ্যায় আছিল বিদ্যালয়সমূহত চৰাই সংৰক্ষণ আৰু পৰ্যবেক্ষণ সম্পৰ্কত সচেতনতামূলক আলোচনা আয়োজন কৰা৷ এই আলোচনাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক চৰাইৰ পৰিৱেশগত ভূমিকা, বাসস্থান সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ মূল্য সহজভাৱে বুজাবলৈ চেষ্টা কৰা হয়৷ এই পৰ্যায়ে আমাৰ মনোযোগ, দক্ষতা, আত্মবিশ্বাস আৰু সামাজিক দায়িত্ববোধ অধিক দৃঢ় কৰি তোলে৷

            ইণ্টাৰ্ণশ্বিপ কাৰ্যক্ৰমণিকাৰ তৃতীয় তথা অন্তিম আৰু আটাইতকৈ স্মৰণীয় অভিজ্ঞতা আছিল ১১ নৱেম্বৰ, ২০২৫ তাৰিখে দুলুং সংৰক্ষিত বনাঞ্চললৈ কৰা অধ্যয়নমূলক ক্ষেত্ৰভ্ৰমণ৷ নেচাৰ্চ বেকনৰ সদস্য ক্ৰমে যুগল সন্দিকৈ ছাৰ, তোষেশ্বৰ মিৰি আগৰৱালা ছাৰ আৰু গিৰিণ কছাৰীৰ নেতৃত্বত, লগতে বিভাগীয় তত্ত্বাৱধায়ক শিক্ষকসকলৰ উপস্থিতিত এই কাৰ্যসূচী আৰম্ভ হয়৷ দুলুং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আমি বনৰীয়া হাতীৰ লাড, মৃত সাপৰ অৱশিষ্ট, বগা পাতবেং, অনেক প্ৰজাতিৰ পখিলা, বিৰল চিয়াঁ নাহৰ গছৰ লগতে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আদিৰ দৰ্শনে বনাঞ্চলখনৰ চহকী জৈৱ-বৈচিত্ৰ্যক আমাৰ আগত উদ্ভাসিত কৰে৷ অৰণ্যৰ মাজত নীৰৱে থাকি আমি বিভিন্ন চৰাইৰ মাত, বতাহত পাতৰ ঘৰ্ষণ, বিভিন্ন কীত-পতঙ্গৰ মাত, বতাহৰ মৃদু শব্দ আদি শুনি জীৱনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ এক অনন্য অভিজ্ঞতা লাভ কৰিলোঁ৷ পাছত দুলং সংৰক্ষিত বনাঞ্চলৰ পথালিপাম খণ্ড বন বিষয়াৰ কাৰ্যালয় প্ৰাংগনত বিভিন্ন খেলৰ মাধ্যমেৰে জৈৱ-বৈচিত্ৰ্য, পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য আৰু সংৰক্ষণ চেতনাৰ ওপৰত আলোচনা কৰা হয়৷

     মুঠতে উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ অধীনত সম্পন্ন এই ইণ্টাৰ্ণশ্বিপ কাৰ্যক্ৰমণিকাই মোক প্ৰকৃতিৰ সৈতে গভীৰ সংযোগ স্থাপন কৰাৰ লগতে চৰাই সংৰক্ষণ আৰু পৰিৱেশীয় দায়িত্বৰ ক্ষেত্ৰত সু-সংগঠিত দৃষ্টিভংগী প্ৰদান কৰিছে৷ এই কাৰ্যক্ৰম কেৱল এটা শৈক্ষিক কাৰ্যসূচী নহয়, বৰং আত্মবিশ্বাস, সচেতনতা আৰু দায়িত্ববোধৰ এক জীৱন্ত অভিজ্ঞতা হিচাপে মোৰ শিক্ষাজীৱনত স্মৰণীয় হৈ থাকিব৷