- কংকণা দাস
নেচাৰ্চ বেকনৰ দ্বাৰা আয়োজিত পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ ২০২৬ অতি সফলতাৰে অনুষ্ঠিত হৈ গ‘ল। ফেব্ৰুৱাৰী মাহৰ ২০, ২১ আৰু ২২ তাৰিখে অনুষ্ঠিত এই কাৰ্যসূচীত পবিতৰা আৰু ইয়াৰ ওচৰ অঞ্চলৰ বহু ছাত্ৰ–ছাত্ৰী আৰু নাগৰিকে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও বি বৰুৱা মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী য়ে এই উৎসৱত অংশগ্ৰহণ কৰে। উৎসৱৰ ২য় দিনা অনুষ্ঠিত হয় বনৰীয়া চৰাই সংৰক্ষণ আৰু প্ৰকৃতি সাহিত্যৰ এক কৰ্মশালা। বনৰীয়া চৰাই সংৰক্ষণৰ বাবে নেচাৰ্চ বেকনে আৰম্ভণিৰ পৰাই কাম কৰি আহিছে। সমগ্ৰ অসম জুৰি নেচাৰ্চ বেকনে চৰাই সংৰক্ষণৰ এক আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছে। প্ৰকৃতি সাহিত্যৰ ক্ষেত্ৰতো নেচাৰ্চ বেকনৰ ভূমিকাত এক নতুন জাগৰণৰ সৃষ্টি হৈছে। অসমৰ প্ৰকৃতি,অৰণ্য, বন্যপ্ৰাণ সম্পৰ্কীয় বহু কিতাপে ইতিমধ্যে অসমৰ প্ৰকৃতি সাহিত্যৰ ক্ষেত্ৰখনক চহকী কৰিছে। যি সময়ত নতুন প্ৰজন্মই পঢ়িব পৰাকৈ অসমৰ প্ৰকৃতি বিষয়ক কিতাপৰ অভাৱ আছিল তেনে সময়ত নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত দেৱে প্ৰায় অকলশৰীয়াকৈ সাহিত্যৰ মাধ্যমেৰে অসমীয়া প্ৰকৃতি সাহিত্যৰ ধাৰাটোক শক্তিশালী কৰি তুলিছিল। বৰ্তমান অসমৰ প্ৰকৃতি সাহিত্যৰ ধাৰাটোক আৰু শক্তিশালী কৰাৰ প্ৰয়োজন আছে , সেয়েহে তাত নতুন প্ৰজন্মৰ অংশগ্ৰহণো অত্যন্ত জৰুৰী। নেচাৰ্চ বেকনে বিগত বৰ্ষ কেইটাত প্ৰকৃতি সাহিত্যৰ ধাৰাটোত নতুন প্ৰজন্মৰ অংশগ্ৰহণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। অসমৰ প্ৰকৃতি সাহিত্যৰ ধাৰাৰ ভৱিষ্যত শক্তিশালী কৰাৰ বাবে এইয়া অতিকৈ গুৰুত্বপূৰ্ণ। পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱৰ জৰিয়তে প্ৰতি বছৰে এই চেষ্টা সফল কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। পবিতৰা আৰু ইয়াৰ ওচৰ অঞ্চলৰ ছাত্ৰ–ছাত্ৰী সকলৰ স্বত:স্ফূৰ্ত অংশগ্ৰহণে নেচাৰ্চ বেকনৰ এই প্ৰচেষ্টাক সফল কৰিছে । এনে অংশগ্ৰহণে পবিতৰা অঞ্চল তথা অসমৰ প্ৰকৃতিগত ইতিহাস, বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষিত কৰিব।
