বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ

Formal inauguration of the book “ৰূপান্তৰৰ পথিক - সৌম্যদ্বীপ দত্ত", at the Pobitara Wild Birds Conservation Festival 2026. Photo Credits : Jugal Handique.
WhatsApp Image 2025-10-30 at 14.26.00_d922976e
- ড০ বনজিত ভট্ট

২১/০২/ ২০২৬

  …  ” মাইবং ইকৰিজৰ্টৰ ” (পবিতৰা) পৰা আহি ধেমাজি পাওঁ মানে নিশা ১১.৪৭ বাজিল।নেচাৰ্চ বেকনে  আয়োজন কৰাপবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ,২০২৬অনুষ্ঠানত ভাগ বলৈ গৈছিলোঁ।

২০/ ০২/২০২৬ ৰাতিপুৱা বাজি ৪৫ মিনিটত ধেমাজিৰ পৰা গৈ মাইবং ইকৰিজৰ্ট পাওঁ মানে  ঘড়ীৰ কাঁটাত ১০ বাজি ৫০ মিনিট। লগত শ্ৰীমতী আৰু নেচাৰ্চ বেকনৰ অক্লান্ত সেনানী যুগল সন্দিকৈ। সৌম্যদ্বীপ দত্ত, ৰামচন্দ্ৰ নাথ(উদযাপন সমিতিৰ সভাপতি), নৱনীতা শৰ্মা, নৃপেন নাথ, কৃপাল লোচন দাস, ৰূপমজ্যোতিৰ্ময় হঁতে আদৰিলে।

  ইতিমধ্যে তাত উপস্থিত হৈছেহি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ৰমেশ  চন্দ্ৰ ডেকা, বিশিষ্ট গৱেষক/ সুলেখক ড০ প্ৰবাল শইকীয়া, সাহিত্য অকাডেমি বঁটা প্ৰাপক বিপুল দেউৰী, দেউৰী কাউন্সিলৰ চীফ   ভৈৰৱ দেউৰী, উদযাপন সমিতিৰ বিষয়ববীয়া সকল।

১১.৩৬ বজাত উদ্বোধনী অনুষ্ঠান।

আদৰণি মূলক কথা বাৰ্তাৰ পাছত গ্ৰন্থ উন্মোচনৰ অনুষ্ঠান। ড০ ৰমেশ  চন্দ্ৰ ডেকাদেৱে উন্মোচন কৰিলে– “ৰূপান্তৰৰ পথিকসৌম্যদ্বীপ দত্তগ্ৰন্থ খন। (Soumyadeep Datta- The Changemaker নামৰ ইংৰাজী ভাষাৰ কিতাপখনৰ মূল লেখিকানৱনীতা শৰ্মা। অনুবাদড০ বনজিত ভট্ট)

Dr. Banjit Bhatta, addressing the gathering during the 'National Workshop on Wild Birds Conservation and Prakriti Sahitya', on the second day of Pobitara Wild Birds Conservation Festival 2026. Photo Credits : Jugal Handique.

২১/০২/ ২০২৬

ৰাতিপুৱা বজাত পবিতৰা অভয়াৰণ্যত জীপ চাফাৰী। 

অভিজ্ঞ প্ৰফুল্লই গাইড কৰিছে।পবিতৰাৰ শীতল অৰণ্যকোলাহল মাজত প্ৰত্যক্ষ কৰিলোঁআঠোটাকৈ এশিঙীয়া গঁড়, এজাক বনৰীয়া মহ , এহাল  শিয়াল, এটা বন গাহৰি, হাইঠাশৰালি জাক, এহাল ঈগল, কেইজনীমান ফেঁচামাছৰোকা, মৌপিয়া, মণিয়ৰি ,বালিমাহী, এজাক আলহী পক্ষী ….

  … ১০.২৫ বজাত মাইবং ইকৰিজৰ্টৰ সুসজ্জিত বাকৰিতবনৰীয়া চৰাই সংৰক্ষণ আৰু প্ৰকৃতিসাহিত্যবিষয়ক কৰ্মশালা। বি বৰুৱা কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ শিক্ষাৰ্থী সকল আহিছে। লগতে শিক্ষাগুৰু সকলো। নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তৰ সৈতে মত বিনিময় কৰিলেশিক্ষাৰ্থী সকলে।বিপুল দেউৰীদেৱে মেলি ধৰিলে প্ৰকৃতি সাহিত্যৰ ৰেহৰূপ। আমিও উপস্থাপন কৰিলোঁ আষাৰ চেৰেক।

  ২১/০২/২০২৬ দিনৰ বাজি ৫৩ মিনিটত মাইবং ইকৰিজৰ্ট এৰিলো। স্বত্তাধিকাৰ নৃপেন নাথৰ সমৰ্পিত প্ৰকৃতি স্নেহত অভিভূত হলোঁ ।ডিব্ৰুগড় হৈ ঘৰ অভিমুখে। লগত কঢ়িয়াই আনিলোঁ – ” নামচাঙৰ অন্তেষপুৰসৌম্যদ্বীপ দত্ত,” দ্য ছৌল অৱ দ্য ৰাইন‘ – ভাষান্তৰ বিপুল দেউৰী, নেচাৰ্চ বেকনৰ মৰম, মাইবং ইকৰিজৰ্টৰ আতিথ্য, পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ,২০২৬ সেউজ অভিজ্ঞতা, ৰূপান্তৰৰ পথিক -. সৌম্যদ্বীপ দত্তশিৰ্ষক পুথি বাবে কৰা আমাৰ শ্ৰমৰ মিঠানুভৱ ইত্যাদি ইত্যাদি

 স্থানীয় ৰাইজৰ প্ৰকৃতি সচেতনতা আৰু সহযোগীতালৈ যাচিলোঁআমাৰ সেউজ অভিনন্দন!

  প্ৰকৃতি সংৰক্ষণ আন্দোলনৰ সমৰ্পিত সংগঠননেচাৰ্চ বেকনৰ অংশীদাৰিত্ব আমাৰ সামান্যজীৱনৰ বাবে এক সন্তুষ্টিজনক প্ৰাপ্তি।

 আহক, আমি আটায়েপৃথিৱীৰ বাবে হৈ পৰো মংগলজনক

 “নেচাৰ্চ বেকন

চৰৈৱতী চৰৈৱতী

“ৰূপান্তৰৰ পথিক - সৌম্যদ্বীপ দত্ত" , the Assamese version of the book 'Soumyadeep Datta -The Changemaker'. Photo source: NB Archives.