জয়তু জয়তু অৰণ্য মাতৃ
জয়তু জয়তু অৰণ্য মাতৃ৷৷
প্ৰাণ প্ৰতিপালনৰ তুমিয়ে ধাত্ৰী
তোমাৰ বুকুতে প্ৰাণী আশ্ৰয় প্ৰাৰ্থী …
তুমিয়ে জীৱনৰ সুখ দাত্ৰী
তুমিয়ে প্ৰাণীকুলৰ প্ৰকৃতি মাতৃ৷৷
জয়তু জয়তু অৰণ্য ধাত্ৰী
জয়তু জয়তু অৰণ্য ধাত্ৰী৷৷
জগতৰ প্ৰাণী প্ৰতিপালিত হয় তোমাৰে বুকুত
অবিনশ্বৰ কৰুণা ধাৰা বয় তোমাৰ চকুত
মানৱৰ শত–সহস্ৰ অবিচাৰ, শত অন্যায়
ক্ষমা কৰা তুমি উদাৰ চকুত …
হে আমাৰ মহান অৰণ্য
তুমি ধন্য ধন্য ধন্য …
তোমাৰ কৰুণাত প্ৰাণ পায় অম্বৰ
তুমিয়ে সঞ্চাৰ কৰা মঙ্গলময় ডাৱৰৰ
তোমাৰ কৰুণাত অঝৰে ঝৰে বাৰিধাৰা …
হে অৰণ্য, তোমাৰ অবিহনে মানৱকুল হ’ব সৰ্বহাৰা
তুমিয়ে মহান অৰণ্য …
তোমাক ধন্য ধন্য ধন্য৷৷
গিৰি–পৰ্বত, পাহাৰ–ভৈয়াম, নদী–নিজৰা স্ৰত চঞ্চল
তোমাৰ আশীষত সদা বিউভল …
পত্ৰ–পুষ্প ৰঙতে উজ্জ্বল
বৃক্ষ বিচিত্ৰ কৰে ঝলমল৷
তোমাৰ ৰূপত, তোমাৰ সুগন্ধত
প্ৰাণীকুল যে সদা চঞ্চল —
তুমিয়ে মাতৃ তুমিয়ে ধাত্ৰী
পৃথিৱীৰ সকলো প্ৰাণী কুলৰ৷৷
লতা–গুল্ম, পুষ্প–পত্ৰ, ফল–মূল —
কীট–পতঙ্গ আৰু সমস্ত পক্ষীকুল,
বন্যপ্ৰাণীৰ আবাস তুমি —
তুমিয়ে যে মহান অৰণ্যভূমি
সকলো প্ৰাণীৰ তুমি জন্মভূমি৷৷
প্ৰাণ প্ৰতিপালনৰ তুমিয়ে ধাত্ৰী
তোমাৰ বুকুতে প্ৰাণী আশ্ৰয় প্ৰাৰ্থী
তুমিয়ে প্ৰাণীকুলৰ প্ৰকৃতি মাতৃ —
হে মহান অৰণ্য …
তুমি ধন্য ধন্য ধন্য …৷৷
হে মহান অৰণ্য …
তুমি ধন্য ধন্য ধন্য …৷৷