সম্পাদকীয়, জুন ২০২৪

WhatsApp Image 2023-07-01 at 00.19.15

- কংকণা দাস

গছৰ ফাঁকেৰে সৰকি অহা পোহৰৰ ছয়াময়াই সৃষ্টি কৰা এক অপূৰ্ব কেনভাছ। ছাতি যেন সেউজীয়া আৱৰণ এটাৰ ছিদ্ৰৰে সৰকি অহা বেলিৰ পোহৰে ৰূপকথাৰ মায়াময় চহৰৰ সৃষ্টি কৰিছিল অৰণ্যখনত। অচিন পতংগৰ অহৰহ সুহুৰি, চৰাইৰ কলৰৱেৰে ব্যস্ত এখন প্ৰকৃতিৰ চহৰ। প্ৰথম দৃষ্টিতেই প্ৰেম জাগ্ৰত  হোৱা, তৰপ তৰপ বিশাল মহীৰূহৰ সমাহাৰেৰে অনন্য এক প্ৰাচীন  বৰ্ষাৰণ্য। নামচাঙৰ অন্তেষপুৰ বুলি অভিহিত কৰা উজনি অসমৰ দিহিং পাটকাই বৰ্ষাৰণ্য প্ৰকৃতি দেৱীৰ অপূৰ্ব সৃষ্টি। হয়, প্ৰথম দৃষ্টিতে যিকোনো অনুভৱী মানুহৰ মনত আলোড়নৰ সৃষ্টি কৰিব পৰা এখন অপৰূপ মহাৰণ্য, বৰ্তমান অসমৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই।অসম তথা সমগ্ৰ ভাৰতেই গৌৰৱান্বিত হ’ব পৰা এই অবিচ্ছিন্ন বৰ্ষাৰণ্য জৈৱ বৈচিত্ৰতাৰ ফালৰ পৰা যথেষ্ট চহকী। অসমৰ ৰাজ্যিক গছ হোলোং, ৰাজ্যিক চৰাই দেওহাঁহকে ধৰি ভাৰতৰ একমাত্ৰ বন মানুহ হলৌৰ আদৰ্শ বাসস্থান এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ।অসম-অৰুণাচল হস্তী কৰিডৰ হিচাপেও এই অৰণ্যৰ গুৰুত্ব যথেষ্ঠ বেছি। 

বৰ্তমান উজনি অসমৰ এই বৃহৎ বৰ্ষাৰণ্যৰ অঞ্চলৰ প্ৰায় ২৩৪. ২৬ বৰ্গ কিলোমিটাৰ অঞ্চলক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা হিচাপে  ঘোষণা কৰা হৈছে। ইয়াৰ আগতে ২০০৪ চনত এই বৰ্ষাৰণ্যৰ ১১১.১৯ বৰ্গ কি.মিৰ এক ক্ষুদ্ৰ অংশক দিহিং পাটকাই অভয়াৰণ্য স্বৰূপে ঘোষণা কৰা হৈছিল। তাৰ আৰঁত আছে নেচাৰ্চ বেকনৰ সুদীৰ্ঘ ১০ বছৰীয়া আন্দোলনৰ কাহিনী। দৰাচলতে এটা সময়ত সমগ্ৰ উজনি অসমেই বৰ্ষাৰণ্যৰে ভৰপুৰ আছিল। ব্ৰিটিছ অহাৰ পিছত এই বৰ্ষাৰণ্য ধ্বংসৰ প্ৰক্ৰিয়া আৰম্ভ হৈ বৰ্তমানলৈ চলি আছে। তাৰ ভিতৰত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ তিনিখন সংৰক্ষিত বনাঞ্চল – আপাৰ দিহিং, ডিৰক আৰু জয়পুৰৰ প্ৰায় ৫০০ বৰ্গ কিলোমিটাৰৰ অক্ষত অঞ্চলক আইনগত ভাৱে অভয়াৰণ্যৰ স্বীকৃতি দিবলৈ ৯০ ৰ দশকতেই নেচাৰ্চ বেকনৰ নেতৃত্বত আন্দোলনৰ আৰম্ভ হৈছিল। ১৯৯৪ চনৰ পৰা প্ৰায় ১০ বছৰৰ আন্দোলনৰ ফলত  সেই সময়ৰ চৰকাৰে বাধ্য হৈ ২০০৪ চনত অতি ক্ষুদ্ৰ ১১১.১৯ বৰ্গ কিলোমিটাৰৰ এক অঞ্চলক অভয়াৰণ্য ৰূপে স্বীকৃতি দিছিল আৰু বাকী এক বৃহৎ অঞ্চলক কয়লা আৰু তেল মাফিয়াৰ স্বাৰ্থত এলিফেণ্ট ৰিজাৰ্ভ ঘোষণা কৰি থৈ দিছিল। ২০০৪ চনত অভয়াৰণ্য ঘোষণাৰ সময়ত এই বৰ্ষাৰণ্যৰ আটাইতকৈ সমৃদ্ধিশালী অঞ্চল জয়পুৰ বৰ্ষাৰণ্যক অতি চাতুৰামীৰে অভয়াৰণ্যৰ আওতাৰ পৰা আঁতৰাই ৰখা হৈছিল। সেয়েহে ২০০৪ চনত অভয়াৰণ্য ঘোষণাৰ পিছতো কিন্তু নেচাৰ্চ বেকন থমকি ৰোৱা নাছিল। নেচাৰ্চ বেকনে অহৰহ বিভিন্ন স্তৰত বৰ্ষাৰণ্যৰ ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলক অভয়াৰণ্য ঘোষণা কৰাৰ দাবী অব্যাহত ৰাখিছিল । বৰ্তমান অসমৰ ২০১৬ চনত গঠিত নতুন চৰকাৰৰ সদিচ্ছাত আৰু অসমৰ ৰাইজৰ প্ৰবল দাবীত ২০২১ ইং বৰ্ষত জয়পুৰ বৰ্ষাৰণ্যৰ অন্তৰ্ভুক্তিৰে প্ৰায় ২৩৪.২৬ বৰ্গ কিলোমিটাৰ  অঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিলে। ১৯৯৪ চনৰ পৰা বৰ্তমানলৈ নেচাৰ্চ বেকনে কৰা  সুদীৰ্ঘ ২৫ বছৰীয়া এই বৰ্ষাৰণ্য আন্দোলনে বহু পৰিমাণে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। কিন্তু যোৱা ২৫ বছৰৰ এই সুদীৰ্ঘ সময় মুঠেও উজু  নাছিল। প্ৰকৃতি বিৰোধী এক শক্তিশালী পক্ষৰ বিৰুদ্ধে এমুঠি মানুহ পাহাৰৰ দৰে থিয় হৈ থাকিব লগীয়া হৈছিল।যোৱা 22 জুন তাৰিখে বিশ্ব বৰ্ষাৰণ্য দিৱস উপলক্ষে অসমৰ বৰ্ষাৰণ্যৰ এই ইতিহাস আকৌ এবাৰ সুঁৱৰিলো।  বৰ্ষাৰণ্য সমূহ হৈছে পৃথিৱীৰ হৃদপিণ্ড। আমি গৌৰৱান্বিত যে অসমতো দিহিং পাটকাইৰ দৰে বৰ্ষাৰণ্য বিৰাজমান। 22 জুনৰ বিশ্ব বৰ্ষাৰণ্য দিৱস উপলক্ষে যোৱা 24 জুনত অসম বিজ্ঞান ভৱনত এখন চেমিনাৰ অনুষ্ঠিত হয়। বৰ্ষাৰণ্যৰ জৈৱ বৈচিত্ৰ্যতা আৰু ইয়াৰ গুৰুত্ব লগতে বাসস্থান সংৰক্ষণ ইত্যাদি বিভিন্ন বিষয়ক লৈ আলোচনা কৰা হয়। অসমৰ মানুহৰ বৰ্ষাৰণ্য সম্বন্ধে ধাৰণা নথকা সময়ৰ পৰাই নেচাৰ্চ বেকনে বৰ্ষাৰণ্যৰ হকে যুঁজ দি আহিছে আৰু সংৰক্ষণৰ এই যাত্ৰা সদায় অব্যাহত থাকিব।

আমি বিচাৰো অসমীয়া নৱপ্ৰজন্ম বৰ্ষাৰণ্যক লৈ সচেতন হওঁক। বৰ্ষাৰণ্য বিৰোধী শক্তি আমাৰ মাজত আজিও বিদ্যমান যিয়ে চলে বলে কৌশলে বৰ্ষাৰণ্যক হস্তগত কৰাৰ চেষ্টা সদায় কৰে কিয়নো বৰ্ষাৰণ্যৰ সম্পদ তেওঁলোকৰ বাবে ব্যক্তিগত মুনাফা অৰ্জনৰ আহিলা।নেচাৰ্চ বেকন এই ক্ষেত্ৰত অসমৰ বৰ্ষাৰণ্যৰ অতন্দ্ৰ প্ৰহৰী আছিল আৰু আজীৱন থাকিব।