বন্যপ্ৰাণ সমৃদ্ধ বড়োভূমিত আন্তৰ্জাতিক বন্যপ্ৰাণী সন্মিলন

The first Bodoland International Wildlife Conference, February 16 - 18, 2024. Photo Source : Internet
WhatsApp Image 2024-07-01 at 20.39.10_bdb7dc8d

- সৌম্যদ্বীপ দত্ত

ভাৰত উপমহাদেশত বন্যপ্ৰাণ সমৃদ্ধ অঞ্চলবোৰৰ ভিতৰত বড়োভূমি অঞ্চল অন্যতম সমৃদ্ধিশালী অঞ্চল৷ ব্ৰহ্মপুত্ৰ উপত্যকাত এই অঞ্চলত যিমান আপুৰুগীয়া বন্যপ্ৰাণীৰ বিচৰণ প্ৰত্যক্ষ কৰা যায় তেনেকুৱা আন কোনো অঞ্চলত প্ৰত্যক্ষ কৰাটো বিৰল৷ জৈৱবৈচিত্ৰ্যৰ বিচাৰতো বড়োভূমি অতুলনীয়৷ এই বড়োভূমিক সকলো ফালৰ পৰা সংৰক্ষিত কৰি ৰখাৰ দায়িত্ব প্ৰত্যেকজন ভাৰতীয়ৰ৷ যি ৰাজনৈতিক তথা প্ৰশাসনিক পৰিস্থিতিত বৰ্তমানে বড়োভূমিক সংৰক্ষিত কৰি ৰখা হৈছে তাক আনুষ্ঠানিকভাবে কোৱা হয়–Bodoland Territorial Region (BTR). বড়োভূমিৰ বৰ্তমান মাটিকালিৰ পৰিমাণ প্ৰায় ৮,৯৭০ বৰ্গ কিলোমিটাৰ৷ এই অঞ্চলত বিভিন্ন গাঁও, নগৰ, খেতিপথাৰ, বিল, পুখুৰী, নদী, নিজৰা, পাহাৰ, টিলা, অৰণ্য আৰু বিস্তীৰ্ণ সমভূমি বিৰাজ কৰিছে৷ বড়োসকলেই এই অঞ্চলৰ প্ৰধান আৰু সংখ্যাগৰিষ্ঠ জনগোষ্ঠী৷ তাৰ বাহিৰেও ৰাভা, গাৰো, ৰাজবংশী, কোচ, আদিবাসী, চাওতাল, নেপালী, কছাৰী, সোণোৱাল ইত্যাদি অসংখ্য বৰ্ণাঢ্য জনগোষ্ঠী অঞ্চলৰ সংস্কৃতিক সমৃদ্ধশালী কৰিছে৷ পূৰ্বতেই এবাৰ উল্লেখ কৰিছোঁ যে এই অঞ্চল বন্যপ্ৰাণীৰ ক্ষেত্ৰত অত্যন্ত সমৃদ্ধ৷ তাৰ কিছুমান বিশেষ ভৌগোলিক তথা প্ৰাকৃতিক কাৰণো আছে৷ এই অঞ্চলৰ উত্তৰত অৱস্থিত ভূটান হিমালয় তথা ভূটান ৰাষ্ট্ৰ৷ ভূটান হিমালয়ৰ পাদদেশৰ তাৰাই আৰু ভাবৰ অঞ্চলৰ প্ৰভাৱ ইয়াতে বিদ্যমান৷ বড়োভূমিৰ প্ৰায় সকলো নদীৰ উৎস হ’ল ভূটানৰ হিমালয়ত৷ সেয়েহে এই নদীবোৰ ভূটানৰ পৰা ওলাই আহি, খৰস্ৰোতা হৈ বড়ো অঞ্চলেৰে প্ৰবাহিত হৈ, ব্ৰহ্মপুত্ৰ নদীত বিলিন হৈ গৈছে৷ সেয়েহে এই নদীবোৰ আৰু নদীমাতৃক অৰণ্যবোৰে, পৰ্বত আৰু ভৈয়ামত বন্যপ্ৰাণীবোৰৰ চলাচল তথা প্ৰব্ৰজনৰ প্ৰধান বাট ৰূপে পৰম্পৰাগতভাৱে প্ৰতিষ্ঠা পাই আহিছে৷ পৰ্বতৰ পৰা ভৈয়ামলৈ বিস্তৃত কাঠনিৰ অৰণ্য৷ সমভূমিৰ ঘাঁহনি অঞ্চল আৰু পানীময় বিস্তৃত নদী, খাল, বিলবোৰে বন্যপ্ৰাণীবোৰৰ বাবে বাসস্থানৰ ভিন্নতাৰ সৃষ্টি কৰিছে৷ সেয়েহে বন্যপ্ৰাণীৰ বিবিধতাত আৰু প্ৰাচুৰ্যত এই বড়োভূমি অতুলনীয়৷

          বড়োভূমিৰ প্ৰাকৃতিক সম্পদ, অৰণ্য আৰু বন্যপ্ৰাণী বৃটিছৰ দিনৰ পৰাই লুণ্ঠিত হৈ আহিছে৷ বৃটিছৰ দ্বাৰা এই অঞ্চলৰ অৰণ্য আৰু বন্যপ্ৰাণী যেনেদৰে লুণ্ঠিত হৈছিল, তেনেকুৱা পূৰ্বতে কেতিয়াও হোৱা নাছিল৷ ইমান বন্যপ্ৰাণীৰ হত্যা আৰু অৰণ্যসম্পদ লুণ্ঠনৰ পিছতো এতিয়াও বন্যপ্ৰাণীত সমৃদ্ধশালী হৈ আছে এই অঞ্চল৷

          বৰ্তমানে শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বত বড়োভূমিত প্ৰগতিৰ সূচনা হ’বলৈ ধৰিছে৷ শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বত সকলো দিশতেই অগ্ৰগতি লাভ কৰিছে বড়োভূমি৷ বন্যপ্ৰাণী সংৰক্ষণৰ দিশটো শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বত যথেষ্ট গুৰুত্ব পাবলৈ ধৰিছে৷ শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনত বন্যপ্ৰাণী, অৰণ্য আৰু পৰিৱেশ সংৰক্ষণৰ দায়িত্বত আছে শ্ৰী ৰঞ্জিত বসুমতাৰী৷ শ্ৰী ৰঞ্জিত বসুমতাৰী এজন বন্যপ্ৰাণী দৰদী  বিচক্ষণ নেতা, অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়টোক তেওঁ বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ শ্ৰী ৰঞ্জিত বসুমতাৰীৰ আন্তৰিক প্ৰচেষ্টাৰ ফলত শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে, বহুপৰিমাণৰ অৰণ্যভূমিক বেদখলমুক্ত কৰি, অৰণ্য সংৰক্ষণৰ অভূতপূৰ্ব কাম কৰিবলৈ সক্ষম হৈছে৷

 
Golden Langur in Chakrashila Widlife Sanctuary, Photo Source : Inernet.
Indian Peafowl in Raimona National Park , Photo Source: Jyotimoy Kalita

 বড়োভূমিৰ অৰণ্যত এনেকুৱা কিছুমান বন্যপ্ৰাণী পোৱা যায়, যিবোৰ ভাৰতৰ আন কোনো অৰণ্যত পোৱা নাযায়৷ তাৰে অন্যতম এটা প্ৰজাতি হ’ল সোণালী বান্দৰ বা Golden Languor . উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ অনুসন্ধানৰ ফলত চক্ৰশীলাৰ অৰণ্যত নতুনকৈ সোণালী বান্দৰৰ আৱিষ্কাৰ হয়৷ নেচাৰ্চ বেকনৰ প্ৰায় বাৰ বছৰ ধৰি নিৰন্তৰ প্ৰচেষ্টাৰ ফলত সমগ্ৰ বড়োভূমি তথা সমগ্ৰ অসমতেই সোণালী বান্দৰ সংৰক্ষিত হয়৷ নেচাৰ্চ বেকনৰ প্ৰচেষ্টাৰ ফলতেই ১৯৯৪ চনৰ ১৪ জুলাইত চক্ৰশীলাৰ অৰণ্যক অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰা হয়৷ উল্লেখযোগ্য যে সোণালী বান্দৰ সংৰক্ষণৰ উদ্দেশ্যে সমগ্ৰ পৃথিৱীৰ ভিতৰতে চক্ৰশীলাৰ অৰণ্যক প্ৰথম অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰা হয়৷ সোণালী বান্দৰৰ বাহিৰেও নলগাহৰি [Pigmy Hog], খাগৰিকটা শহা [Hispid Hare], উলু মৌৰাৰ [Bangal Floriean] দৰে আপুৰুগীয়া আৰু বিৰল বন্যপ্ৰাণী বড়োভূমিৰ অৰণ্যৰ বিচৰণ কৰে৷ তাৰ উপৰিও গঁড়, হাতী, ঢেঁকীয়াপতিয়া বাঘ, গোধা ফুটুকী বাঘ, নাহৰফুটুকী বাঘ, দলহৰিণা, শৰপহু, গৌৰ, বনৰীয়া ম’হ, হিমালয়ৰ ক’লা ভালুক, মাটি ভালুক, ফুটুকী হৰিণা, কেঁকোৰা খোৱা নেউল, বনৰৌ ইত্যাদি অসংখ্য লুপ্তপ্ৰায় স্তন্যপায়ী বন্যপ্ৰাণী বড়োভূমিৰ অৰণ্যত পোৱা যায়৷ 

          বনৰীয়া চৰাইৰ ক্ষেত্ৰতো বড়োভূমিৰ অৰণ্য অত্যন্ত সমৃদ্ধ৷ বড়োভূমিৰ কাঠনিৰ অৰণ্যত অসংখ্য কাঠনিৰ চৰাই, বিল, আদ্ৰৰ্ভূমি আৰু নদীবোৰত অসংখ্য জলচৰ চৰাই আৰু ঘাঁহনি অঞ্চলত ঘাঁহনিৰ চৰাই পৰিলক্ষিত হয়৷ বৰ্তমান দুখন ৰাষ্ট্ৰীয় উদ্যান আৰু দুখন অভয়াৰণ্য বড়োভূমিত সংৰক্ষিত হৈ আছে৷ কিন্তু বড়োভূমিৰ বন্যপ্ৰাণী আৰু জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ বাবে আৰু কেইখনমান অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান গঠনৰ প্ৰয়োজন আছে৷ অভয়াৰণ্যৰ ভিতৰত চক্ৰশীলা অভয়াৰণ্য আৰু বৰনদী অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মানাহ আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান এই চাৰিখন অৰণ্য বড়োভূমিৰ গৌৰৱ৷ ইতিমধ্যেই মানাহ ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰ [World Heritage Site] ৰূপে UNESCO-দ্বাৰা স্বীকৃত৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যৰ বিস্তাৰ ৮৫০ বৰ্গ কিলোমিটাৰতকে সামান্য অধিক৷ সদ্যঘোষিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যৰ পৰিমাণ ৪২২ বৰ্গকিলোমিটাৰ৷ চক্ৰশীলা অভয়াৰণ্যৰ অৰণ্যৰ পৰিমাণ ৪৫.৫৭ বৰ্গ কিলোমিটাৰ আৰু বৰনদী অভয়াৰণ্যৰ অৰণ্যৰ পৰিমান ২৬.২২ বৰ্গকিলোমিটাৰ৷ ভাৰতবৰ্ষৰ কিছুমান অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সমগ্ৰ পৃথিৱীৰ ভিতৰতে অকল বড়োভূমিৰ অৰণ্যত পোৱা যায়, এনেকুৱা কিছুমান বন্যপ্ৰাণীৰ পৰিবৰ্ধন আৰু সংৰক্ষণত বড়োভূমিৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান চাৰিখনে প্ৰচুৰ অৰিহণা যোগাই আছে৷ সেই বিৰল বন্যপ্ৰাণীবোৰৰ ভিতৰত, সোণালী বান্দৰ, নলগাহৰি, খাগৰিকটা শহা আৰু উলুমৌৰাৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷

Sri. Soumyadeep Datta address the gathering at the Bodoland International Conference at Baksa, 18th February 2024.

আমি প্ৰত্যেকেই অৱগত যে, আমাৰ দেশ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই হ’ল ম’ৰা চৰাই, যাৰ ইংৰাজী নাম Indian Peafowl (Pavo crislatus)৷ পৃথিৱীৰ ভিতৰত এই চৰাইবিধ অকল আমাৰ দেশতেই পোৱা যায়৷ পৃথিৱীৰ ভিতৰত সৰ্বাধিক ধুনীয়া চৰাইবোৰৰ ভিতৰত ম’ৰা চৰাই অন্যতম৷ এই কথা হয়তো আমি বহুতেই অনুভৱ নকৰোঁ যে, আমাৰ অসম আৰু সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত যেনে – অৰুণাচল প্ৰদেশ, নাগাভূমি, মিজোৰাম, ত্ৰিপুৰা, চিকিম, মেঘালয় ইত্যাদিৰ ভিতৰত আমাৰ দেশ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই – ম’ৰা চৰাই Indian Peafowl অকল পোৱা যায় বড়োভূমিৰ অৰণ্যত৷ বড়োভূমিৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু বৰনদী অভয়াৰণ্যতহে ম’ৰা চৰাই দেখা পোৱা যায়৷ সেয়েহে অসম আৰু উত্তৰ-পূব ভাৰতত, ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইৰ  সংৰক্ষণৰ ক্ষেত্ৰত বড়োভূমিৰ অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দিশটো বিশেষভাবে উল্লেখযোগ্য৷

          বৰ্তমানৰ বড়োভূমিত শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনত পৰিৱেশ-অৰণ্য-বন্যপ্ৰাণী-জলবায়ু পৰিবৰ্তন, ভূমি আৰু ভূমি ৰাজস্য ইত্যাদি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ দায়িত্বত আছে শ্ৰী ৰঞ্জিত বসুমতাৰী [Executive Member, BTC]৷ বড়োভূমিৰ সাৰ্বিক উন্নয়নৰ বাবে তেওঁ অত্যন্ত নিষ্ঠাৱান ৷ মই ব্যক্তিগতভাবে তেওঁৰ অৰণ্য আৰু বন্যপ্ৰাণীৰ প্ৰতি নিষ্ঠাপূৰ্ণ কাম-কাজৰ বিষয়ে অৱগত৷ চক্ৰশীলা অভয়াৰণ্যৰ অৰণ্য-পাহাৰত আমি খোজকাঢ়ি পৰিভ্ৰমণ কৰিছোঁ৷ তেওঁৰ প্ৰচেষ্টাত বড়োভূমিত বিপুল পৰিমাণে অৰণ্যক বেদখলমুক্ত কৰি তাতে পুনৰায় অৰণ্যক প্ৰতিষ্ঠা কৰাটো সম্ভৱ হৈছে৷ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ গঠন প্ৰক্ৰিয়াত শ্ৰী ৰঞ্জিত বসুমতাৰীৰ অৱদান আছে যথেষ্ট৷ বৰ্তমানে প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনত এনেকোৱা কিছুমান ব্যক্তি আছে যিসকলে মনে-প্ৰাণে অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দিশটোত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে৷ বড়োভূমিত বসবাসকাৰী জনসাধাৰণৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰখনত অৰণ্য-বন্যপ্ৰাণী তথা প্ৰাকৃতিক পৰিৱেশে বিপুল সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিব পাৰে৷ প্ৰকৃতি পৰ্যটন শিল্পৰ বিকাশ ঘটাব পাৰিলে বড়োভূমি বিশ্বৰ ভিতৰতেই উল্লেখযোগ্য পৰ্যটক আকৰ্ষণৰ কেন্দ্ৰ হ’ব পাৰে৷ এইক্ষেত্ৰত চৰকাৰৰ লগে লগে বড়োভূমিত বসবাস কৰা নাগৰিকসকলৰ এটা ডাঙৰ ভূমিকা আছে৷ বড়োভূমিত বসবাস কৰা নাগৰিকসকলে যেতিয়া অনুভৱ কৰিব যে – শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মৰ সমৃদ্ধি আৰু সুৰক্ষাৰ বাবে কাম কৰি আছে, সাময়িকভাবে ত্যাগ স্বীকাৰৰ মাজেৰে আৰু দুৰ্নীতিমুক্ত হ’ব পাৰিলেহে আমাৰ প্ৰকৃত উন্নতি সম্ভৱ হ’ব য’ত এই চেতনা নাগৰিকৰ মনত প্ৰতিষ্ঠা হ’ব লাগিব৷ বন্যপ্ৰাণী আৰু অৰণ্য সংৰক্ষণৰ মাজেৰে বড়োভূমি অঞ্চলত বিপুল প্ৰগতি তথা উন্নতি সাধিত হ’ব পাৰে৷ 

The writer with Dr. Sunil Kaul and Sri. Bhupendra Nath Talukdar at Bodoland International Widlife Conference, 2024

অলপতে, ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৬ তাৰিখৰ পৰা ১৮ তাৰিখলৈকে প্ৰথম বড়োভূমি আন্তৰ্জাতিক বন্যপ্ৰাণ সন্মিলন [First Bodoland International Wildlife Conference-২০২৪] বড়োভূমিত সম্পন্ন হৈ গ’ল৷ এই সন্মিলন বড়োভূমিৰ ভৱিষ্যত প্ৰগতি তথা এই অঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণৰ দৃষ্টিভঙ্গীৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷ এই আন্তৰ্জাতিক সন্মিলনত শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনৰ বহুতো ব্যক্তি, চৰকাৰী আমোলা, বনবিভাগৰ বিষয়ববীয়া, কৰ্মচাৰী, বিভিন্ন বেচৰকাৰী সংস্থাৰ সদস্য, বন্যপ্ৰাণী সংৰক্ষক, বিশিষ্ট নাগৰিক, ছাত্ৰ নেতা, প্ৰকৃতি পৰ্যটনৰ লগত যুক্ত ব্যক্তি, বৈজ্ঞানিক, সাংস্কৃতিক কৰ্মী আৰু বিপুল পৰিমাণে নাগৰিকে অংশগ্ৰহণ কৰে৷ সামগ্ৰীকভাবে এই আন্তৰ্জাতিক বন্যপ্ৰাণ সন্মিলনৰ মূল পৰিচালকৰ দায়িত্ব বহন কৰে শ্ৰী ৰঞ্জিত বসুমতাৰীয়ে৷ বিটিচিৰ প্ৰশাসনীয় মুখ্য সচীব শ্ৰী আকাশদ্বীপ আৰু তেওঁৰ দপ্তৰ , বনবিভাগৰ অন্যতম প্ৰশাসনীয় মুৰব্বী শ্ৰী সুমন মহাপাত্ৰা [Addl. PCCF cum CHD- Department of Environment and Forest] আৰু বনবিভাগৰ বিভিন্ন বিষয়া-কৰ্মচাৰীয়ে এই সন্মিলনত প্ৰত্যক্ষভাৱে সহযোগিতা আগবঢ়ায়৷ শ্ৰী সুজিত বাগলাৰী, বড়ো ভূমিৰ সচীব, লগতে তেওঁৰ প্ৰশাসনিক বিষয়া-কৰ্মচাৰীসকলেও এই আন্তৰ্জাতিক সন্মিলনত ধনাত্মক ভূমিকা পালন কৰে৷ বন্ধু ড॰ সুনীল কৌল, যিজন ব্যক্তিয়ে সদায় বড়োভূমিৰ হিতৰ বাবে কাম কৰি আহিছে, স্বেচ্চাসেৱামূলক মনোভাব আৰু অহিংস দৰ্শনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত ড॰ সুনীল কৌলক মই সঁচা অৰ্থত বড়োভূমিৰ প্ৰকৃত সুহৃদ বুলি বিবেচনা কৰোঁ৷ নেচাৰ্চ বেকনৰ লগত ড॰ সুনীল কৌলৰ সম্পৰ্ক প্ৰায় ৩২ বছৰ ধৰি প্ৰবাহিত হৈ আছে৷ এই আন্তৰ্জাতিক বন্যপ্ৰাণ সন্মিলনত সৰ্বাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰৰ পৰা লোৱা সোতৰটা মূল ঘোষণা৷ শ্ৰী ৰঞ্জিত বসুমতাৰীয়ে সন্মিলনৰ অন্তিম সময়লৈকে পুংখানুপুংখভাবে আলোচনাত অংশগ্ৰহণ কৰি এই ঘোষণা তথা সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাবে ৰাইজক অৱগত কৰে৷ মোৰ নিজকে লগতে ড॰ সুনীল কৌলক অত্যন্ত ভাগ্যৱান বুলি সুখানুভূতি হয়, কাৰণ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত আমি আমাৰ মতামত ব্যক্ত কৰাৰ সুযোগ পাইছিলোঁ৷ বৰ্তমানে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বশৰ্মা অত্যন্ত সংবেদনশীল মুখ্যমন্ত্ৰী, তেওঁ অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰতো যথেষ্ট ধনাত্মক। বড়োভূমিত অৱস্থিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰতো আমি সেই কথা অনুভৱ কৰিছোঁ৷ আমি অত্যন্ত আশাবাদী যে, বড়োভূমিত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক বন্যপ্ৰাণ সন্মিলনত ঘোষণা কৰা সোতৰটা ঘোষণাৰ বাস্তৱ প্ৰতিফলনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বশৰ্মাই পূৰ্ণ সহযোগিতা আগবঢ়াব ৷ পাঠকৰ জ্ঞাতাৰ্থে বড়োভূমিত হোৱা আন্তৰ্জাতিক বন্যপ্ৰাণ সন্মিলনত লোৱা বা আনুষ্ঠানিকভাবে ঘোষণা কৰা সোতৰটা ঘোষণাৰ কথা তলত উল্লেখ কৰিলোঁ –

[১] ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যকে ধৰি বড়োলেণ্ড প্ৰদেশীয় অঞ্চলৰ সকলো সংৰক্ষিত এলেকা সুৰক্ষিত আৰু সংৰক্ষিত কৰাৰ বাবে আমি   প্ৰতিজ্ঞাবদ্ধ আৰু লগতে জৈৱবৈচিত্ৰ্য আৰু পৰিৱেশ প্ৰণালীৰ স্বাস্থ্য অটুট ৰখাত অৰণ্যৰ দাঁতিকাষৰীয়া এলেকাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা অনুধাৱন কৰি খালী হৈ থকা তেনে ঠাইবোৰ বেদখলকাৰীৰ পৰা সুৰক্ষিত কৰি সেইবোৰৰ সংহতি নিশ্চিত কৰাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ৷
[২] সোণালী বান্দৰৰ দৰে পৃথিৱীৰ আন কোনো ঠাইত নোপোৱা প্ৰজাতিসমূহৰ বিশিষ্টতা বুজি আমি সেইবোৰ লগতে নল গাহৰি, খাগৰি কটা শহা আদিৰ দৰে আন অনন্য সুলভ বিলুপ্তপ্ৰায় প্ৰজাতিসমূহ সংৰক্ষণৰ গুৰুত্ব প্ৰকাশৰ লগতে তাৰবাবে কৰি অহা প্ৰচেষ্টাসমূহৰ কথা আন্তঃৰাষ্ট্ৰীয় মহলত প্ৰচাৰ কৰিম৷
[৩] বড়োলেণ্ড প্ৰদেশীয় অঞ্চলৰ ভিতৰৰ পৰম্পৰাগত অৰণ্যৱেষ্টিত আধ্যাত্মিক স্থান [Sacred Groves] আৰু অৰণ্যকেৰু [অৰ্কিড] আদি ঐতিহ্যপূৰ্ণ জৈৱ-সম্পদসমূহৰ গুৰুত্ব বুজি সেইবোৰ সুৰক্ষিত কৰিবৰ বাবে আৰু সেই এলেকাবোৰ ক্ৰমে অভয়াৰণ্যলৈ উন্নীত কৰি অঞ্চলটোৰ জৈৱবৈচিত্ৰ্য আৰু বন্যপ্ৰাণী অধ্যুষিত এলেকাসমূহ সংৰক্ষণ কৰিবৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ৷
[৪] উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ কেৱল বড়োলেণ্ড প্ৰদেশীয় অঞ্চলত উপলব্ধ ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ চৰাইক আঁকোৱালি লৈ তাৰ সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ ক্ষেত্ৰত তাৰ উপলব্ধতাৰ প্ৰচাৰৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ৷ বড়োলেণ্ড প্ৰদেশীয় অঞ্চলত এই অনন্য প্ৰজাতিটোৰ সংখ্যা বৃদ্ধি আৰু সুৰক্ষাৰ প্ৰচেষ্টাৰ বাবে আমি পদক্ষেপ ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ৷
[৫] বিপদজনক তথা বিলুপ্তপ্ৰায় প্ৰজাতিসমূহৰ বাসভূমিবোৰ পুনৰুদ্ধাৰৰ লগতে পৰিভ্ৰমী পক্ষীকুলক আশ্ৰয় প্ৰদান কৰি পৰিৱেশতন্ত্ৰৰ সন্তুলন বজাই ৰখাত বড়োলেণ্ড প্ৰদেশীয় অঞ্চলৰ ভিতৰৰ নৈ, নিজৰা, উপনৈ, জুৰি আৰু আদ্ৰৰ্ভূমিসমূহৰ গুৰুত্ব বুজি সেইবোৰৰ পৰিচ্চন্নতা আৰু উজ্জীৱতা অটুট ৰাখিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ৷
[৬] বড়োলেণ্ড প্ৰদেশীয় অঞ্চলৰ ভিতৰত আৰু এক বা একাধিক বন্যপ্ৰাণীৰ ৰম্যভূমি বছৰজোৰা পৰ্যটনৰ বাবে গঢ়ি তোলাৰ লগতে উদ্ধাৰকৃত বন্যপ্ৰাণীবোৰৰ পুনৰ্বাসনৰ বাবে এনে ক্ষেত্ৰ গঢ়ি তোলাৰ আমাৰ ইচ্ছা ঘোষণা কৰিছোঁ৷
[৭] বন্যপ্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰখন আগুৱাই নিয়াৰ এক পৰিৱেশ গঢ়ি তোলাৰ বাবে গৱেষণা আৰু পাণ্ডিত্যপূৰ্ণ কাম-কাজত সংৰক্ষণ আৰু পৰিবৰ্ধনৰ সহায়-সহযোগিতা আগবঢ়াবলৈ আমি প্ৰতিজ্ঞাবদ্ধ৷ 
[৮] অৰণ্যভূমিৰ আন্তঃসংযোজিত অৱস্থাৰ কথা উপলব্ধি কৰি ভাৰত আৰু ভূটানৰ মাজত আন্তঃসীমা সংৰক্ষণকে ধৰি বন্যভূমিৰ আন্তঃসংযোজন সৃষ্টিৰ হকে কাম-কাজ হাতত ল’বলৈ আমি প্ৰতিজ্ঞাবদ্ধ৷
[৯] শিক্ষা, গৱেষণা আৰু সংৰক্ষণৰ প্ৰচেষ্টাসমূহৰ বাবে মূল্যৱান উৎস হিচাপে সেৱা আগবঢ়াব পৰাকৈ বড়োলেণ্ড প্ৰদেশীয় অঞ্চলৰ বন্যপ্ৰাণী আৰু জৈৱবৈচিত্ৰ্যৰ সবিশেষ তথ্যসমৃদ্ধ এটা উসৰ্গিত ৱেবছাইট অথবা ৱেবপেজ সৃষ্টি কৰিবলৈ আমাৰ আগ্ৰহ ঘোষণা কৰিছোঁ৷
[১০] অৰণ্যৰ স’তে সাঙোৰ খাই থকা সাংস্কৃতিক ঐশ্বৰ্য সাব্যস্ত কৰি এই ঐতিহ্যক গুৰুত্বসহকাৰে দাঙি ধৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ উপলব্ধিৰ বাবে সু-সংবদ্ধতাৰে তাৰ সংৰক্ষণ কৰিবলৈ এক কেন্দ্ৰ স্থাপন কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ৷
[১১] ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিৱেশ পৰ্যটনৰ নীতিৰ স’তে যুটি বড়োলেণ্ড প্ৰদেশীয় অঞ্চলৰ বাবে এক সবিশেষ পৰিৱেশ-পৰ্যটনৰ নীতি আমি সম্প্ৰসাৰিত কৰিব বিচাৰোঁ৷
[১২] বিস্তাৰমুখী প্ৰজাতিসমূহৰ ব্যৱস্থাপনা আৰু পৌষ্প তথা প্ৰাণীকুলীয় প্ৰজাতিৰ ৰক্ষণৰ দ্বাৰা অঞ্চলটোৰ  তৃণভূমিৰ পৰিৱেশতন্ত্ৰ উন্নীত আৰু পুনৰুদ্ধাৰৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ৷
[১৩] পানী সংৰক্ষণৰ ভাণ্ডাৰ তৈয়াৰ কৰি বড়োলেণ্ড প্ৰদেশীয় অঞ্চলৰ ‘ভাৱৰ’ এলেকাৰ ভূমিৰ আদ্ৰৰ্তা উন্নীত কৰাৰ বাবে প্ৰতিবদ্ধ থকাৰ প্ৰতিজ্ঞা কৰিছোঁ৷
[১৪] বড়োলেণ্ড প্ৰদেশীয় অঞ্চলৰ সম্পদশালী জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণৰ বাবে স্থানীয় সমাজক জড়িত কৰাৰ লগতে অৰণ্য সংলগ্ন গাঁওসমূহত দীৰ্ঘম্যাদী বহনক্ষম জীৱিকা অৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ প্ৰতিবদ্ধ থকাৰ প্ৰতিজ্ঞা কৰিছোঁ৷
[১৫] অনতি পলমে কমেও দুখন ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য ঘোষণাৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা কৰিবলৈ আমি প্ৰতিবদ্ধ৷
[১৬] বড়োলেণ্ড প্ৰদেশীয় অঞ্চলৰ সকলো মাধ্যমিক শিক্ষাৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত বড়োলেণ্ড প্ৰদেশীয় অঞ্চলৰ বন্যপ্ৰাণী সম্বন্ধীয় পৰম্পৰাগত জ্ঞান অন্তৰ্ভুক্ত কৰিম৷ 
[১৭] স-সাক্ষীৰে বড়োলেণ্ড প্ৰদেশীয় অঞ্চলৰ জৈৱবৈচিত্ৰ্য সংৰক্ষণ, বহনক্ষম উন্নয়ন আৰু সমৃদ্ধি সমুন্নীত কৰি তুলিবৰ বাবে এই প্ৰতিশ্ৰুতিসমূহৰ প্ৰতি আমাৰ উৎসৰ্গিত মনোভাৱ সাব্যস্ত কৰিছোঁ৷
ওপৰত উল্লেখিত এই ১৭টা ঘোষণাৰ কথা বড়োলেণ্ড আন্তৰ্জাতিক বন্যপ্ৰাণ সন্মিলনৰ অন্তিম মুহূৰ্তত বড়োলেণ্ড টেৰিটৰিয়াল কাউন্সিলৰ হৈ শ্ৰী ৰঞ্জিত বসুমতাৰীয়ে ঘোষণা কৰে৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁও, বাঁহবাৰীৰ মূল মঞ্চৰ পৰা ঘোষণা হোৱা এই সিদ্ধান্তই অদূৰ ভৱিষ্যতৰ বডোভূমিৰ প্ৰকৃতি পৰ্যটন ক্ষেত্ৰত আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত যুগান্তকাৰী ঘটনা বুলি বিবেচিত হ’ব৷ বডোভূমিৰ অৰণ্য আৰু বন্যপ্ৰাণী সুৰক্ষিত হওক এই কামনাৰে –