অৰণ্যৰ গান

Barxaranya Dihing Patkai National Park, the largest contiguous rainforest of Assam. PC: NB Archives.
WhatsApp Image 2024-07-21 at 11.48.59_0a39bc21

-       সৌম্যদ্বীপ দত্ত

ৰচনা কাল : ২৮/০২/২০২৬

ডিব্ৰুগড়, অসম

জয়তু জয়তু অৰণ্য মাতৃ

জয়তু জয়তু অৰণ্য মাতৃ৷৷

প্ৰাণ প্ৰতিপালনৰ তুমিয়ে ধাত্ৰী

তোমাৰ বুকুতে প্ৰাণী আশ্ৰয় প্ৰাৰ্থী

তুমিয়ে জীৱনৰ সুখ দাত্ৰী

তুমিয়ে প্ৰাণীকুলৰ প্ৰকৃতি মাতৃ৷৷

জয়তু জয়তু অৰণ্য ধাত্ৰী

জয়তু জয়তু অৰণ্য ধাত্ৰী৷৷

জগতৰ প্ৰাণী প্ৰতিপালিত হয় তোমাৰে বুকুত

অবিনশ্বৰ কৰুণা ধাৰা বয় তোমাৰ চকুত

মানৱৰ শতসহস্ৰ অবিচাৰ, শত অন্যায়

ক্ষমা কৰা তুমি উদাৰ চকুত

হে আমাৰ মহান অৰণ্য

তুমি ধন্য ধন্য ধন্য

তোমাৰ কৰুণাত প্ৰাণ পায় অম্বৰ

তুমিয়ে সঞ্চাৰ কৰা মঙ্গলময় ডাৱৰৰ

তোমাৰ কৰুণাত অঝৰে ঝৰে বাৰিধাৰা

হে অৰণ্য, তোমাৰ অবিহনে মানৱকুল সৰ্বহাৰা

তুমিয়ে মহান অৰণ্য

তোমাক ধন্য ধন্য ধন্য৷৷

গিৰিপৰ্বত, পাহাৰভৈয়াম, নদীনিজৰা স্ৰত চঞ্চল

তোমাৰ আশীষত সদা বিউভল

পত্ৰপুষ্প ৰঙতে উজ্জ্বল

বৃক্ষ বিচিত্ৰ কৰে ঝলমল৷

তোমাৰ ৰূপত, তোমাৰ সুগন্ধত

প্ৰাণীকুল যে সদা চঞ্চল

তুমিয়ে মাতৃ তুমিয়ে ধাত্ৰী

পৃথিৱীৰ সকলো প্ৰাণী কুলৰ৷৷

লতাগুল্ম, পুষ্পপত্ৰ, ফলমূল

কীটপতঙ্গ আৰু সমস্ত পক্ষীকুল,

বন্যপ্ৰাণীৰ আবাস তুমি

তুমিয়ে যে মহান অৰণ্যভূমি

সকলো প্ৰাণীৰ তুমি জন্মভূমি৷৷

প্ৰাণ প্ৰতিপালনৰ তুমিয়ে ধাত্ৰী

তোমাৰ বুকুতে প্ৰাণী আশ্ৰয় প্ৰাৰ্থী

তুমিয়ে প্ৰাণীকুলৰ প্ৰকৃতি মাতৃ  —

 হে মহান অৰণ্য

তুমি ধন্য ধন্য ধন্য৷৷

হে মহান অৰণ্য

তুমি ধন্য ধন্য ধন্য৷৷

The writer amidst the beautiful forest of Buxa Duars in North Bengal. PC : Jyotimoy Kalita.