সম্পাদকীয় জুন ২০২৩

WhatsApp Image 2023-07-01 at 00.39.03

-কংকণা দাস

গৰমৰ বন্ধ বুলিলেই আমাৰ সকলোৰে মন বিভিন্ন স্মৃতিৰে ভৰি পৰে। গৰমৰ বন্ধ মানেই স্কুল কিতাপৰ বোজাৰ পৰা দূৰত নিজৰ ভাললগা ধৰণে অতিবাহিত কৰিবলৈ অফুৰন্ত সময়। ব্যস্ত জীৱনত প্ৰকৃতিৰ সৈতে সময় অতিবাহিত কৰিবলৈ আমি বৰ্তমান খুব কম সময় পাওঁ। সেয়েহে সকলো অভিভাৱকে এই গৰমৰ বন্ধৰ সময়চোৱা প্ৰকৃতিৰ সৈতে নিজৰ নিজৰ সন্তানক চিনাকি কৰাই দিয়াৰ উত্তম আহিলা স্বৰূপে ব্যৱহাৰ কৰিব পাৰে। প্ৰকৃতিৰ সৈতে সময় অতিবাহিত কৰা মানেই কোনো অৰণ্য ভ্ৰমণ নহৈ নিজৰ চৌপাশৰ পৰিৱেশত উন্মুক্ত বিচৰণো হ’ব পাৰে। আমাৰ অভিভাৱক সকলে শিশু অৱস্থাৰ পৰাই নিজৰ নিজৰ সন্তানক প্ৰকৃতিৰ আমেজ পোৱা সৰু সৰু দুষ্টামীবোৰ কৰিবলৈ দিব লাগে বুলি ব্যক্তিগত ভাৱে ভাবো। বৰষুণত তিতি গা ধুৱা, নিজৰ ওচৰৰ পথাৰ খনৰ দাঁতিত বহি পথাৰৰ আলেখ লেখ চাই থকা ইত্যাদি ইত্যাদি। গাওঁৰ লৰা ছোৱালী সকলে এই সুবিধা সমূহ পাই, কিন্তু বৰ্তমান সময়ত তাৰ উচিত ব্যৱহাৰ খুব কম হোৱা দেখা যায়। চহৰৰ লৰা- ছোৱালীবোৰে এনে পৰিৱেশ নাপায় যদিও অভিভাৱকে বিচাৰিলে ওচৰৰ গাঁও সমূহত ইকো ভ্ৰমণৰ জৰিয়তে এনে পৰিৱেশৰ সোৱাদ দিয়াব পাৰে। 

এই ক্ষেত্ৰত নিজা এটা অভিজ্ঞতা আমাৰ পাঠক সকলৰ লগত ভগাই ল’ব বিচাৰিছো।  স্কুলত কাম কৰাৰ অজুহাততেই গৰমৰ বন্ধত কোনে কি কৰিব সোধাৰ এটা সুযোগ পাই মোৰ বিদ্যালয়ৰ বিভিন্ন ছাত্ৰী সকলৰ সৈতে কথা পাতিলো।  মই সুধিলো – তোমালোকৰ কোনে কোনে বৰষুণত তিতি গা ধুই পাইছা। বেছি সংখ্যকে আচৰিত হোৱা যেন দেখুৱাই ক’ লে – বাইদেউ আমাক গালি দিয়ে ঘৰত, দুগৰাকী মানে ক’লে বাইদেউ জ্বৰ হ’লে কোনে দায়িত্ব ল’ ব?, কেইগৰাকীমানে ক’লে বাইদেউ বৰষুণত তিতি থকাতকৈ আমি আৰামত বিচনাত বহি মোবাইল চাই থাকো। খুব কম সংখ্যকেহে বৰষুণত মনভৰাকৈ ভিজি পাইছো বুলি ক’লে। সিহঁতৰ উত্তৰবোৰ শুনি আজিৰ প্ৰজন্মৰ কিছু দ্বায়িত্ববোধৰ শলাগ ললো যদিও মনত এটা দুখো ৰ’ল যে ইহঁতে বৰষুণত ভালদৰে তিতি পোৱা নাই, মানে আচলতে প্ৰকৃতিৰ আমেজ লোৱা নাই। এনে আৰু বহুত প্ৰশ্নৰ মই প্ৰায় নিৰাশা জনক উত্তৰেই পালো, য’ত প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ সুযোগ বহুত কম, ঘৰৰ বাধা আৰু প্ৰতিযোগিতাৰ দৌৰ বেছি তীব্ৰ। আজিৰ সমাজত আগৰ দৰে প্ৰকৃতিৰ সৈতে সময় কটোৱাৰ সুবিধা নাই বুলিও কিন্তু আমি মন কৰিলে তেনে সুবিধা কম বেছি পৰিমাণে কৰি ল’ব পাৰো বুলি মই দৃঢ় বিশ্বাসী।
 
উপৰোক্ত কথাখিনি ব্যক্ত কৰাৰ উদ্দেশ্যে হ’ ল আমাৰ নতুন প্ৰজন্ম প্ৰকৃতিৰ সৌন্দৰ্য সমূহ উপভোগ নকৰিলে কেনেদৰে প্ৰকৃতিৰ প্ৰেম জাগ্ৰত হ’ব? কেনেদৰে প্ৰকৃতিৰ বিশালতা, গুৰুত্ব বুজি উঠিব? প্ৰকৃতিত নোযোৱালৈকে প্ৰকৃতিৰ বিশাল পাঠ্যক্ৰম বুজি উঠিবলৈ আমি কেতিয়াও সক্ষম নহ’ম। কেৱল পাঠ আৰু চিলেবাছেই আমাৰ জীৱন কেনেদৰে হ’ব, যদি আমাৰ চৌপাশ সম্বন্ধেই আমাৰ বুজি উঠাৰ কোনো সুযোগ নাথাকে। এইক্ষেত্ৰত আটাইতকৈ বেছি সচেতনতা দেখুৱাব লাগিব আমাৰ অভিভাৱক আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে। অন্ততঃ এই গৰমৰ বন্ধৰ সময় খিনি প্ৰকৃতিত উন্মুক্তভাৱে বিচৰণ কৰিবলৈ সুবিধাকণ আমিয়েই কৰি দিবলাগিব। নহ’লে  আজিৰ শিশু সকলে প্ৰকৃতিৰ প্ৰতি সংবেদনশীলতা হেৰাই পেলাব। ইয়াৰ বাবে আটাইতকৈ দায়ী কিন্তু আমিয়েই হম। প্ৰকৃতি সংৰক্ষণৰ লগে লগে প্ৰকৃতিৰ প্ৰতি আগ্ৰহ জন্মোৱা কামটোও আমি নিষ্ঠাৰে পালন কৰিব লাগিব।