সম্পাদকীয় -এপ্ৰিল

কংকণা দাস

২০২২ ৰ ধৰিত্ৰী দিৱসত পৰম পাৱন চতুৰ্দশ দালাই লামাই এটা বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতৰ এই বাৰ্তাৰ মূল বক্তব্য হ’ল – প্ৰকৃতিত সকলো জীৱৰে সমান অধিকাৰ আছে । অৰ্থাৎ পৃথিৱী কেৱল মানুহৰেই নহয়, সকলো প্ৰাণীৰে পৃথিৱীত সুখেৰে জীয়াই থকাৰ অধিকাৰ আছে। বুদ্ধিমান মানুহ হিচাপে আমাৰ প্ৰাথমিক কামটোৱেই হ’ ল অইন জীৱ সমূহৰ অধিকাৰৰ প্ৰতি সদায় সচেতন হৈ থকা। তেওঁ তেওঁৰ বক্তব্যত কৈছে যে প্ৰকৃতি-পৰিৱেশৰ কথা চিন্তা কৰিবলৈ হ’ লে মানুহে সৃষ্টি কৰা ৰাজনৈতিক সীমাৰ পৰিসৰৰ উৰ্দ্ধত চিন্তা কৰিব লাগিব। তেতিয়াহে আমি climate crisis ৰ দৰে মানৱসৃষ্ট সমস্যাৰ সমাধান বিচাৰিব পাৰিম। তেখেতৰ মতে মানুহৰ বুদ্ধিমত্তাৰ মূল উদ্দেশ্যই হ’ব লাগে পৃথিৱীৰ সুৰক্ষা। কিন্তু বৰ্তমান আমি বেছিসংখ্যক মানুহে প্ৰকৃতিৰ পৰা আতৰি আহি বস্তুবাদত সুখ বিচাৰি ফুৰিছো। অনাহকত কৰা কোলাহলত মানুহে মৌনতাৰ আমেজবোৰ পাহৰিছে। প্ৰকৃতিয়ে কিন্তু সংগোপনে আমাক সুখত ৰাখিব পাৰা সকলো বস্তু বিনা স্বাৰ্থই দি আছে। প্ৰকৃতিৰ পৰাই আমি শিকিব পাৰো দয়া আৰু নিস্বাৰ্থ মৰমৰ পাঠ। উৎপত্তিৰ মূহুৰ্তৰ পৰাই প্ৰকৃতিয়ে সমগ্ৰ জীৱকুলৰ বাবে নিস্বাৰ্থ সেৱা আগবঢ়াই আহিছে।  

 
প্ৰকৃতিৰ বিভিন্ন ঋতুৱে বিভিন্ন পৰিৱৰ্তনেৰে জীৱকুলৰ মাজত সন্তুলিত অৱস্থা এটা বৰ্তাই ৰাখে। বসন্তও ঠিক তেনে এটি ঋতু। চৌপাশৰ ভিন ৰঙী ফুল, কুঁহিপাতৰ কোমল সেউজীয়া, বতাহত তগৰৰ সুবাস, বৰষুণৰ পৰশত জীপাল হোৱা মাটিৰ কোমলতাই আমাক মাথো বসন্তৰেই বতৰা দিয়ে। বসন্তৰ এই সুকীয়া পৰিৱেশে প্ৰকৃতিৰ প্ৰতিটো জীৱতেই প্ৰাণৰ সঞ্চাৰ কৰে। লঠঙা ডালত কোমল সেউজীয়া পাতে পৃথিৱী যে জীৱন্ত সেয়া মানুহক সোঁৱৰাই দিয়ে। বসন্তৰ পৰিৱেশে আমাক নতুন উদ্যম প্ৰদান কৰাৰ লগে লগে ই পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰ বৰ্তাই ৰখাত সহায় কৰে।  বিভিন্ন বনৰীয়া চৰাইৰ মাতেৰে পৰিপূৰ্ণ হৈ থকা  বসন্তৰ পৰিৱেশে মানুহৰ সমাজতো এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। প্ৰকৃতিৰ লগত একাত্ম হৈ আমি এই আনন্দ নিজৰ মাজত ধাৰণ কৰিব পাৰো। আমি প্ৰত্যেকেই সুখী হৈ থাকিবলৈ বিচাৰো। কেৱল মানুহেই নহয় পৃথিৱীৰ অইন জীৱকুলোৰো সুখী হোৱাৰ অধিকাৰ আছে। মানুহে সৃষ্টি কৰা বিভিন্ন পাৰিৱেশিক সমস্যাৰ ভুক্তভোগী কেৱল মানুহেই নহয়, অইন জীৱ সমূহেও আমাৰ বাবে কষ্ট ভোগ কৰিবলগীয়া হৈছে, এই কথাটো সকলো মানুহে মনত ৰখা উচিত। মানুহে সৃষ্টি কৰা এই সমস্যা সমূহৰ সমাধান মানুহেই মিলিজুলি কৰিব লাগিব। মানুহৰ বুদ্ধিমত্তা তেতিয়াহে গৌৰৱৰ বিষয় হ’ব যেতিয়া আমি ইয়াক পৃথিৱীৰ কুশলৰ অৰ্থে ব্যৱহাৰ কৰিবলৈ শিকিম। আমাৰ সহোদৰ প্ৰাণী বোৰৰ প্ৰতি দয়া আৰু তেওঁলোকৰ অধিকাৰৰ প্ৰতি সচেতন হ’লেহে আমি মানৱ প্ৰমূল্যবোধৰ অধিকাৰী বুলি ক’ব পাৰিম। অন্যথা আমি অসুখী হোৱাৰ দীঘলীয়া পথটোৰ যাত্ৰী হৈ ৰম।