সম্পাদকীয়, অক্টোবৰ ২০২৬

kankana

-       কংকণা দাস

অক্টোবৰ মাহত উদযাপিত হয় বন্যপ্ৰাণী সপ্তাহ। প্ৰকৃতিৰ উৎসৱ বোৰ যেতিয়া সংৰক্ষণকামী হয় তেতিয়াই তাৰ সাৰ্থকতা বাঢ়ে ।শীতৰ আগমনৰ লগে লগে বিভিন্ন ৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সমূহ খোলা হব লাগ লাগ পৰ্যটক সকলৰ ভিৰ বাঢ়িব | তাৰ ঠিক কেইদিন মান পিছতেই আৰম্ত হ‘ব পিকনিক ৰ বতৰ৷ যদিও অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানৰ  অভ্যন্তৰত বনভোজ খোৱাৰ কোনো নিয়ম নাই কিন্তু দাঁতিকাষৰীয়া এলেকাত কৰা হৈ হাল্লাই অৰণ্যখনৰ প্ৰকৃতিৰ স্বাভাৱিক পৰিৱেশ বিনষ্ট কৰে। এই কথাটোৰ উল্লেখ প্ৰতিবাৰেই কৰা হয় যদিও কাৰ্যত এই হৈ হাল্লা বন্ধ নহয়। চৰকাৰ এই ক্ষেত্ৰত কঠোৰ হোৱাটো প্ৰতি গৰাকী সচেতন মানুহেই বিচাৰিব। অন্ততঃ ভাৰতীয় মানুহৰ (civic sense) ? ঘূৰি নাহালৈ এইয়াই উপায়। অন্ততঃ আমাৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান সমূহৰ কাষৰীয়া অঞ্চল সমূহত এইয়া নিষিদ্ধ হওঁক। আনহাতে যিসকল পৰ্যটকে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চাফাৰী কৰে তেওঁলোককো আগতীয়াকৈ সৰু অভিমুখীকৰণ  আৰু নিয়ম ভংগত গধুৰ জৰিমনা বিহা হওঁক। যিসকলে এই অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত নিজৰ আচৰণ কেনে হ‘ব লাগে তাক জানিবলৈ বিচাৰে তেওঁলোকে নেচাৰ্চ বেকনৰ সঞ্চালক প্ৰধান সৌম্যদ্বীপ দত্ত দেৱৰ ইকো টুৰিষ্ট কিতাপ খন পঢ়ি চাব পাৰে। দৰাচলতে অসমীয়া প্ৰকৃতি সাহিত্যত এনে এখন কিতাপ পাবলৈ বৰ টান য‘ত কেৱল মাথোঁ প্ৰাকৃতিক পৰিৱেশত মানুহৰ নিজৰ আচৰণ সম্বন্ধে জ্ঞান প্ৰদান কৰে। মানুহৰ আচৰণৰ সংযত ৰূপেই দৰাচলতে প্ৰকৃতি সংৰক্ষণৰ প্ৰথমটো খোজ। প্ৰকৃতি সাহিত্যত এনে এখন কিতাপৰ সংযোজনে অসমীয়া সাহিত্যৰ দস্তাবেজক চহকী কৰে।

বন্যপ্ৰাণী সপ্তাহৰ আয়োজন কৰোঁতে প্ৰতিবাৰেই উক্ত কথাখিনিত মনোযোগ দিব লাগে বুলি ব্যক্তিগতভাৱে ভাবোঁ । অন্যথা বন্যপ্ৰাণীৰ বাবে আছুতীয়াকৈ স্ংৰক্ষণ কৰা বাসস্থান সমূহত বিৰূপ প্ৰভাৱ পৰে। অৰণ্যসমূহত প্ৰকৃতি ভ্ৰমণ যিমান প্ৰয়োজনীয় তাতকৈ বেছি প্ৰয়োজন মূল্যবোধ আৰু সংযত আচৰণৰ। সংযত পৰ্যটকেহে দৰাচলতে প্ৰকৃতি, অৰণ্য আৰু বন্যপ্ৰাণ সমূহক উচিত মৰ্যদা প্ৰদান কৰে। নেচাৰ্চ বেকনে নিজৰ প্ৰকৃতি শিবিৰ সমূহৰ মাধ্যমেৰে এই কথাই প্ৰজন্মৰ পিছত প্ৰজন্ম প্ৰোথিত কৰি আহিছে যাতে সকলো মানুহ প্ৰকৃতাৰ্থত একোজন সংৰক্ষক হৈ  উঠে লাগিলে তেওঁ যি ক্ষেত্ৰকেই প্ৰতিনিধিত্ব নকৰে কিয় !