- সৌম্যদ্বীপ দত্ত
অসমীয়া ভাষাত প্ৰকৃতিৰ কথাবোৰ উল্লেখ কৰি, প্ৰকৃতিক অৱলম্বন কৰি বা প্ৰকৃতিৰ বিভিন্ন উপাদানক লৈ সাহিত্য সৃষ্টি নতুন কথা নহয়৷ বাস্তৱ প্ৰকৃতিক বাদ দি পৃথিৱীৰ কোনো ভাষাতেই সাহিত্যৰ সৃষ্টি হ’ব নোৱাৰে৷ অসমীয়া ভাষাও তাৰ ব্যতিক্ৰম নহয়৷
সত্তৰ দশকৰ শেষৰ ফালৰ পৰা আমাৰ অসমত প্ৰকৃতি তথা বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ হয়৷ কিয়নো ১৯৭২ চনৰ আগত প্ৰকৃতি সংৰক্ষণৰ চেতনা আমাৰ সমাজত নাছিল বুলি ক’লেও ভুল কোৱা নহ’ব৷ ১৯৭২ চনৰ আগত আমাৰ অসমত তথা সমগ্ৰ ভাৰতবৰ্ষত বন্যপ্ৰাণীৰ চিকাৰ পৰ্যটন ৰূপে গণ্য কৰা হৈছিল৷ চৰকাৰী উদ্যোগতেই বন্যপ্ৰাণীৰ চিকাৰক উৎসাহ প্ৰদান কৰা হৈছিল৷ বাঘ, গঁড়, বনৰীয়া ম’হ, বনৰীয়া চৰাইৰ চিকাৰক বনবিভাগ তথা চৰকাৰে উৎসাহ প্ৰদান কৰিছিল৷ বন্যপ্ৰাণীৰ চিকাৰৰ মাধ্যমে চৰকাৰে ৰাজহ আদায় কৰিছিল৷ ১৯৭২ চনত বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰণয়ন হোৱাৰ পিছতো আমাৰ অসমত বিনাদ্বিধাত বন্যপ্ৰাণীৰ হত্যা, বন্যপ্ৰাণীৰ চিকাৰ আৰু বন্যপ্ৰাণীৰ মাংস আৰু অন্যান্য অঙ্গ–প্ৰতঙ্গ কিনা বেচাৰ কাম মুকলিকৈ চলিছিল৷ সেই সময়ত অসমীয়া সাহিত্যত তাৰ প্ৰতিবাদ কৰি বা সেই কামবোৰ সমালোচনা কৰি কোনো লেখা আমাৰ দৃষ্টিগোচৰ নহয়৷ বন্যপ্ৰাণীৰ বাসস্থান সংৰক্ষণৰ বাবে বা আমাৰ অসমত অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান গঠনৰ সপক্ষে বা প্ৰকৃতি প্ৰদত্ত অৰণ্য সংৰক্ষণৰ স্বাৰ্থত অসমীয়া ভাষাত বৰ এটা লেখা মেলা আমাৰ দৃষ্টিগোচৰ নহয়৷ সেই সময়ত প্ৰকৃতিৰ বিষয়ে যি দু–এটা লেখা অসমীয়া সাহিত্যত আমাৰ দৃষ্টিগোচৰ হয় আৰু তাৰ প্ৰায় সম্পূৰ্ণখিনি মনুষ্যকেন্দ্ৰীক বা মানুহৰ স্বাৰ্থপূৰণৰ স্বাৰ্থত মনুষ্য সৰ্বস্ব চিন্তাৰ ওপৰত আধাৰিত লেখা–মেলা Anthropogenic writing৷
‘এই পৃথিৱীখন যে কেৱল মানুহৰ নহয়’ এই দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈ সত্তৰ দশকৰ শেষৰ সময়ৰ পৰা আমি অসমৰ সমাজত কাম কৰিবলৈ আৰম্ভ কৰোঁ৷ আমিয়ে প্ৰথম অসমীয়া প্ৰজন্ম, যিসকলে বন্যপ্ৰাণী সংৰক্ষণৰ মৌলিক চেতনাটোক বাস্তৱায়িত কৰাৰ বাবে অৰণ্যমুখী হওঁ৷ আমাৰ অগ্ৰজসকলেও অৰণ্যত গৈছিল, অৰণ্য ভাল পাইছিল, অৰণ্যত কিছু সময় অতিবাহিত কৰিছিল – কিন্তু অৰণ্যৰ লগত তেওঁলোকৰ সম্পৰ্ক মূলত ভোগবাদী, জীৱনৰ অৱসৰ বিনোদনৰ অন্যতম মাধ্যম, চিকাৰ, ব্যৱসায় নাইবা প্ৰমোদ বিহাৰৰ বাবে অৰণ্য ভ্ৰমণ, নাইবা কাঠ, কয়লা বা মানুহৰ আৰ্থ –সামাজিক ব্যৱস্থা আৰু প্ৰয়োজনৰ স্বাৰ্থতেই অৰণ্যৰ প্ৰসঙ্গৰ আলোচনা ইত্যাদিতেই সীমিত আছিল৷ সত্তৰ দশকৰ পূৰ্বে অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে নিৰ্দিষ্টকৈ কৰা কোনো ধনাত্মক কাম আমাৰ দৃষ্টিগোচৰ নহয়৷ অসমীয়া সাহিত্যত প্ৰকৃতিৰ উল্লেখ থাকিলেও বন্যপ্ৰাণী সংৰক্ষণ আৰু প্ৰকৃতি ৰক্ষাৰ কথাটো সেই সময়ত আছিল অত্যন্ত নিষ্প্ৰভ৷
সত্তৰ দশকৰ শেষৰ ফালৰ পৰা বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ কামক সমাজত বিয়পাই দিয়াৰ স্বাৰ্থত অসমীয়া ভাষাৰ মাধ্যমে লেখামেলাৰ সূচনা আৰম্ভ হয়৷ উল্লেখযোগ্য কথাটো হ’ল – অসমীয়া ভাষাত সাহিত্য সৃষ্টিৰ উদ্দেশ্যেৰে কিন্তু বন্যপ্ৰাণী সংৰক্ষণ আৰু প্ৰকৃতি সংৰক্ষণৰ কথাবোৰ অসমীয়া ভাষাত লেখা হোৱা নাছিল, লেখকৰ উদ্দেশ্যে সাহিত্য সৃষ্টি কৰা নাছিল, আছিল বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ চেতনা অসমীয়া সমাজত জগাই তোলাৰ বাসনা জাগ্ৰত কৰা৷ অসমীয়া ভাষাক মাধ্যম হিচাবে লৈ এই কামটো বছৰ বছৰ ধৰি চলি থাকিল৷ বছৰ বছৰ ধৰি অৰণ্য, বন্যপ্ৰাণী, বন্যপ্ৰাণীবোৰৰ জীৱনৰ বিভিন্ন ঘটনা, প্ৰকৃতি পৰিৱেশৰ কথা ইত্যাদি ক্ৰমাগত ভাৱে অসমৰ বাতৰি কাকত, আলোচনী আৰু অন্যান্য পত্ৰ–পত্ৰিকাত লেখি থকাৰ ফলত অসমীয়া পাঠক সমাজত এক ধৰণৰ নতুন পাঠকৰ সৃষ্টি হ’বলৈ ধৰিলে৷ নতুন ধৰণৰ পাঠক বা নতুন ৰুচিৰ পাঠক এই কাৰণেই ক’লো যে – সাধাৰণভাৱে অসমীয়া পাঠকে গল্প, উপন্যাস আৰু কবিতা পাঠত অধিক অভ্যস্ত আছিল৷ প্ৰৱন্ধবোৰ অধিকাংশ ক্ষেত্ৰত আছিল বিদেশী লেখকৰ বিষয়ে, অন্যভাষাৰ সাহিত্যকেন্দ্ৰীক মানুহৰ জীৱন আৰু সমাজভিত্তিক নহ’লে বিশ্লেষণাত্মক লেখা৷
অসমীয়া ভাষাত প্ৰকৃতি সংৰক্ষণমূলক লেখনিৰ মাধ্যমেৰে পাঠকে প্ৰকৃতিৰ বা অৰণ্যৰ অভ্যন্তৰত প্ৰৱেশ নকৰাকৈ লেখনিৰ মাধ্যমেৰে প্ৰকৃতিৰ অভ্যন্তৰত তথা অৰণ্যৰ অভ্যন্তৰত কথাবোৰ অৱগত হ’বলৈ ধৰিলে৷ অৰণ্যৰ প্ৰতি সহজাত ভালপোৱাৰ চেতনাটো মানুহৰ অন্তৰত সুপ্ত অৱস্থাত থাকেই৷ ফলত স্বাভাৱিক ভাৱেই মানুহে প্ৰকৃতি বিষয়ক লেখাবোৰ ভাল পাবলৈ ধৰিলে, পঢ়িবলৈ আৰম্ভ কৰিলে৷ লাহে লাহে এটা নতুন সংবেদনশীল আৰু প্ৰাকৃতিক অন্তৰেৰে ভালপোৱা পাঠক সমাজৰ সৃষ্টি হ’ল৷ বৰ্তমান অসমত এই ধৰণৰ পাঠকৰ সংখ্যা কিন্তু কম নহয়৷ এই প্ৰকৃতিপ্ৰিয় পাঠক সমাজখনে কিন্তু অসমৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনৰ অবিচ্ছিন্ন অংশ৷
আমাৰ অসমত এনেকুৱা এটা সময় আছিল যেতিয়া বন, বন্যপ্ৰাণী, পৰিৱেশ, প্ৰকৃতি, অৰণ্য ইত্যাদিক বিষয় হিচাপেলৈ যিবোৰ সংৰক্ষণমূলক লিখা মেলা হৈছিল, সেই লিখনিবোৰক বহুতেই অসমীয়া সাহিত্যৰ বিষয়বস্তু ৰূপে গ্ৰহণ কৰিবলৈ দ্বিধাবোধ কৰিছিল৷ তেওঁলোকৰ ধাৰণাত সাহিত্য বুলি ক’লে কেৱল – গল্প, উপন্যাস, কবিতা ইত্যাদিকেই বুজিব লাগিব বুলি এটা ভুল ধাৰণাৰ পৰিৱেশত তেওঁলোকে বিৰাজ কৰিছিল৷ প্ৰকৃতি বিষয়ক লেখা অসমীয়া ভাষাত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত প্ৰথম দিশত হোমেন বৰগোহাঞি, ৰূপম বৰুৱা, অনুৰাধা শৰ্মাপূজাৰী, প্ৰণয় বৰদলৈ ইত্যাদি সম্পাদকযসাংবাদিক সকলে এটা ধনাত্মক ভূমিকা পালন কৰিছিল ৷ সময় অতিবাহিত হোৱাৰ লগে লগে প্ৰকৃতি বিষয়ক লেখাৰ লেখক আৰু পাঠক অসমত বৃদ্ধি পাবলৈ ধৰিলে৷ প্ৰকৃতি সংৰক্ষণৰ বিষয়ে লেখা পৃথিৱীৰ যিকোনো প্ৰান্তত, যিকোনো ভাষাত যদি ৰচিত হয় সেই ধৰণৰ লেখা বা সেই সাহিত্য যে মূলত বিশ্বমুখী সাহিত্য, সেই কথা অলপ অলপকৈ আমাৰ সমাজখনে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিলে৷
আমাৰ সমাজত এটা প্ৰৱণতা মই প্ৰত্যক্ষ কৰোঁ, তাৰ সঠিক কাৰণটো যে কি, সেই কথা মোৰ নিজৰ ওচৰতেই স্পষ্ট নহয়৷ কেতিয়াবা মোৰ অনুমান হয় যে প্ৰায় ১০০০ বছৰৰ পৰাধীনতাৰ বাবে বা তিনিশ বছৰ বৃটিছ ঔপনিৱেশিক শক্তিৰ প্ৰদান হৈ থকাৰ বাবে আমি আমাৰ নিজৰ বুদ্ধিগত [Intellectual, Discursive] তথা আমাৰ নিজৰ মেধাৰে উৎপন্ন হোৱা কৰ্মপ্ৰক্ৰিয়াক লগতে নতুন চিন্তাক যেন নিজৰ ওচৰতেই বিশ্বাসযোগ্য ৰূপে প্ৰতিষ্ঠা কৰিবলৈ আত্মবিশ্বাস বিচাৰি নাপাওঁ৷ আমাৰ নিজৰ বস্তুবোৰত বিদেশী সুপাৰিচ [Recommendations] পালে কিছুমান ব্যক্তিৰ মনত যেন আত্মবিশ্বাসৰ সঞ্চাৰ হয়৷ এই ঔপনিৱেশিক প্ৰভাৱ বা কৰ্তৃত্বৰ পৰা আমাৰ সমাজখন যে কেতিয়া সম্পূৰ্ণৰূপে মুক্ত হ’ব সেই কথা সময়ে নিৰ্ধাৰণ কৰিব৷
আমাৰ অসমত অসমীয়া ভাষাত বৰ্তমানলৈকে প্ৰকৃতি বিষয়ক যিমান লেখা–মেলা হৈছে ভাৰতৰ আন কোনো আঞ্চলিক ভাষাত হোৱা নাই। প্ৰকৃতি বিষয়ক লেখা–মেলাৰ মাত্ৰ কেবাদশক হৈছে, প্ৰকৃতি বিষয়ক লেখা–মেলা বুলি কওঁতে আমি প্ৰকৃতি সংৰক্ষণমূলক লেখা–মেলাৰ কথাটোকে ক’বলৈ বিচাৰিছো৷ অসমীয়া ভাষাৰ প্ৰকৃতি সংৰক্ষণমূলক লেখামেলাৰ আৰু বহুত বহুত অগ্ৰগতি হ’বলৈ বাকী আছে, কিন্তু ধনাত্মক কথাটো হ’ল যে এই বিশেষ ধৰণৰ লেখাৰ প্ৰৱণতা বৰ্তমানে আমাৰ নতুন প্ৰজন্মৰ মাজত পূৰ্বৰ তুলনাত বহুগুণে বৃদ্ধি পাইছে৷
অসমীয়া ভাষাত প্ৰকাশিত হোৱা বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণমূলক সাহিত্য কৰ্মবোৰ বা লেখামেলাবোৰ যে এটা বিশেষ ধৰণৰ বা বিশেষ শ্ৰেণীৰ বা বিশেষ বিভাগৰ [Category] সাহিত্য কৰ্ম, এই কথা আনুষ্ঠানিক ভাৱে লিখিত ৰূপত প্ৰথম ব্যাখ্যা কৰে নৰ্থ লখিমপুৰ কলেজৰ [বৰ্তমানে বিশ্ববিদ্যালয়] অসমীয়া বিভাগৰ অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱাই৷ [বৰ্তমানে ড॰ অৰবিন্দ ৰাজখোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কৰ্মৰত হৈ আছে] ড॰ অৰবিন্দ ৰাজখোৱাই এই বিশেষ সাহিত্যকৰ্মক ‘অসমীয়া প্ৰকৃতি সাহিত্য’ নামেৰে নামাঙ্কিত কৰিছে৷ তেওঁ অসমৰ ‘অসমীয়া প্ৰকৃতি সাহিত্য’ৰ আঁতিগুড়ি বিচাৰ কৰি, বিশ্লেষণ কৰি, তাৰ প্ৰকাৰ ভেদৰ ব্যাখ্যাৰে আনুষ্ঠানিকভাৱে অসমৰ মহাবিদ্যালয়ৰ আৰু অসমত থকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ মাজত বিষয়টো ব্যাখ্যা কৰিছে, প্ৰতিষ্ঠা কৰিছে আৰু আনুষ্ঠানিক মান্যতাও প্ৰদান কৰিছে৷ ড॰ অৰবিন্দ ৰাজখোৱাই অসমৰ প্ৰকৃতি সাহিত্য বিষয়টোক অকল শিক্ষায়তনিক পাঠ্যক্ৰমৰ মাজতেই সীমাৱদ্ধ কৰি ৰখা নাই৷ বাস্তৱমুখী প্ৰকৃতি সংৰক্ষণৰ ধাৰাত নিজেও প্ৰবাহিত হৈছে আৰু বছৰ বছৰ ধৰি অসংখ্য ছাত্ৰ–ছাত্ৰীক সাহিত্য কৰ্মৰ মাজেৰে প্ৰকৃতি ৰক্ষাৰ কামত যাতে আত্মনিয়োগ কৰিব পাৰে তাৰ বাবে বহুমুখী প্ৰচেষ্টা হাতত লৈছে৷ অসমৰ প্ৰকৃতি সাহিত্য যে এটা বিশেষ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত সেই কথা তেওঁ উপলব্ধি কৰিছে আৰু সেই মতে আমাৰ প্ৰকৃতি সংৰক্ষণৰ আন্দোলনত নিজকে আত্মনিয়োগ কৰিছে৷ অসমীয়া ভাষাৰ প্ৰকৃতি সাহিত্যক অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসকলৰ মাজত চৰ্চা কৰাৰ পৰম্পৰা আৰম্ভ কৰাৰ মহৎ প্ৰচেষ্টা হাতত লোৱাৰ বাবে আৰু অসমৰ প্ৰকৃতি সাহিত্যক উৎসাহ প্ৰদান কৰি অহা বাবে অসমৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনত ড॰ অৰবিন্দ ৰাজখোৱাৰ নাম সদায় শ্ৰদ্ধাৰে উচ্ছাৰিত হ’ব৷
ইংৰাজী ভাষাত পৰিৱেশবাদী সাহিত্যক বুজাবলৈ ‘ইক’ক্ৰিটিচিজম’ [Ecocriticism] শব্দটোৰ ব্যৱহাৰ কৰা হৈছে৷ বিদেশৰ বিভিন্ন প্ৰতিষ্ঠান আৰু শিক্ষাকেন্দ্ৰত ইক’ক্ৰিটিচিজম শব্দটোক শিৰোনাম কৰি আলোচনা চক্ৰ, বক্তৃতা ইত্যাদি সম্পন্ন হৈছে৷ লগে লগে এই ‘ইক’ক্ৰিটিচিজম’ শব্দটো আমাৰ বহুতকেই প্ৰভাৱিত কৰি পেলালে৷ বৰ্তমানে আমাৰ ‘অসমীয়া প্ৰকৃতি সাহিত্যৰ’ আলোচনাত প্ৰকৃতি সাহিত্যৰ কথাটোৰ প্ৰতিশব্দ হিচাপে বহুতকেই ‘ইক’ক্ৰিটিচিজম’ শব্দটোৰ ব্যৱহাৰ কৰাটো পৰিলক্ষিত হৈ আছে৷ আমাৰ মাজৰ বহুতেই ‘ইক’ক্ৰিটিচিজম’ আৰু আমাৰ অসমৰ প্ৰকৃতি সাহিত্যৰ মূল পাৰ্থক্যটো উপলব্ধি কৰিবলৈ যিখিনি কথা চিন্তা কৰা উচিত সেইখিনি নকৰে৷ ইউৰোপ আমেৰিকাৰ ‘ইক’ক্ৰিটিচিজম’ৰ মূল আধাৰ হ’ল মানুহৰ নিৰাপত্তাৰ ওপৰত আলোচিত সাহিত্য৷ অৰ্থাৎ ইক’ক্ৰিটিচিজম সেইসকল বিষয়ক লৈ আলোচনা কৰে, যাৰ দ্বাৰা প্ৰকৃতিৰ প্ৰভাৱত মানুহৰ অসুবিধা হোৱাৰ সম্ভাৱনা প্ৰৱল, মানুহে নিজৰ জ্ঞাতে বা অজ্ঞাতে ইতিমধ্যেই প্ৰকৃতিৰ যি ক্ষতিসাধন কৰিলে তাৰ পৰা যাতে মানুহে পৰিত্ৰাণ পাবলৈ সক্ষম হয়, মানুহৰ আচৰণ কেনেকুৱা হোৱা উচিত, প্ৰাকৃতিক বিপৰ্যয়ৰ পৰা মানুহে কিদৰে বাচি থাকিবলৈ সক্ষম হ’ব, মানুহৰ লগত প্ৰকৃতিৰ আৰু অন্যান্য প্ৰাণীৰ সম্পৰ্ক কেনেকুৱা হ’লে মানুহবোৰ লাভৱান হ’ব? মুঠতে ইক’ক্ৰিটিচিজমৰ মূল কেন্দ্ৰত মানুহৰ স্বাৰ্থ অগ্ৰাধিকাৰ পায়৷
অসমীয়া প্ৰকৃতি সাহিত্যৰ দৰ্শন আৰু চিন্তা কিন্তু সম্পূৰ্ণ ভিন্ন ধৰণৰ৷ অসমীয়া প্ৰকৃতি সাহিত্য কিন্তু অকল মানুহৰ স্বাৰ্থ সিদ্ধিৰ কথাৰ ওপৰত প্ৰতিষ্ঠিত নহয়৷ আমি বিশ্বাস কৰোঁ যে এই পৃথিৱী অকল মানুহৰ বাবেই নহয়৷ এই পৃথিৱীত থকা সকলো প্ৰাণ আৰু প্ৰাণীৰ পৃথিৱীত সুখ শান্তিৰে জীয়াই থকাৰ অধিকাৰ আছে৷ পৃথিৱীৰ অন্যান্য প্ৰাণীবোৰ মানুহতকৈ হাজাৰ–হাজাৰ, লক্ষ লক্ষ বছৰ আগতেই এই পৃথিৱীত আহিছে, তেওঁলোকৰ বাবেই পৃথিৱীখন অধিক সমৃদ্ধশালী হৈ উঠিছে৷ এই চেতনাটো আধুনিক মানুহৰ থাকিব লাগিব৷ অকল প্ৰকৃতিৰ উল্লেখ বন্যপ্ৰাণীবোৰৰ কথা সাহিত্যত প্ৰয়োগ বা কোনো সামাজিক পৰিঘটনাক সাহিত্যৰ মাধ্যমে পৰিৱেশন কৰিলে সেয়া অত্যন্ত ভাল সাহিত্য কৰ্ম বুলি বিবেচিত হ’ব পাৰে৷ কিন্তু সূক্ষ্ম বিচাৰত সেয়া প্ৰকৃতি সাহিত্যৰ শ্ৰেণীত অন্তৰ্ভূক্ত নহ’বও পাৰে৷ সেইবোৰ সাহিত্যকেই আমি প্ৰকৃতি সাহিত্য বুলি বিবেচিত কৰোঁ যি সাহিত্যৰ মাজেৰে পাঠকৰ মনত প্ৰকৃতি সংৰক্ষণৰ কথাৰ চিন্তাবোৰ প্ৰতিষ্ঠিত হয়, পাঠকে প্ৰকৃতি সংৰক্ষণৰ বাবে অনুপ্ৰাণিত হয়, পাঠকে প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰিবলৈ নৈতিক সমৰ্থন বিচাৰি পায়৷ প্ৰকৃতি সাহিত্যত লেখকে পাঠকৰ মনত বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ চিন্তাক প্ৰস্ফূটিত কৰাৰ প্ৰয়াস সাধন কৰে৷ সকলোতকৈ ডাঙৰ কথাটো হ’ল প্ৰকৃতি সাহিত্যৰ মাজেৰে প্ৰকৃতিৰ লাভ হ’ব লাগিব৷ অকল মানুহৰ মনোৰঞ্জনৰ বাবে, সাহিত্য সৃষ্টিৰ বাবে বা কিছুমান পৰিঘটনাৰ সাহিত্যিক দলিল সৃষ্টি কৰা নিশ্চিত ৰূপত ভাল সাহিত্য কৰ্ম হ’ব পাৰে কিন্তু প্ৰকৃতি সাহিত্যৰ মাজেৰে এটা আদৰ্শগত লক্ষ্য পূৰণৰ উদ্দেশ্যেও থাকিব লাগিব৷ যেনে – আমি চৰাইৰ বিষয়ে গান, কবিতা, গল্প, উপন্যাস ইত্যাদি লেখিলো সেইবোৰ অত্যন্ত ভাল সাহিত্য ৰূপে সমীত হ’ল অত্যন্ত ভাল কথা, কিন্তু প্ৰকৃতি সাহিত্যৰ দৃষ্টিভংগীৰে আমি ভাবিব লাগিব সেই সাহিত্যৰ বাবে চৰাইবোৰৰ কিবা লাভ হ’ল নেনাই? যিবোৰ সাহিত্য কৰ্মৰ বাবে প্ৰকৃতি, বন্যপ্ৰাণী, অৰণ্য, নদী ইত্যাদিৰ লাভ হয় অৰ্থাৎ এই প্ৰাকৃতিক উপাদানবোৰেও উপকৃত হয়, সেইবোৰেই প্ৰকৃতি সাহিত্য৷ অসমীয়া ভাষাৰ সাহিত্য পাঠ কৰাৰ পিছত পাঠক সকলেই সিদ্ধান্ত ল’ব যে কোনখন প্ৰকৃতি সাহিত্য হয় আৰু কোনখন প্ৰকৃতি সাহিত্য নহয়৷ বহুত ক্ষেত্ৰত মই উপলব্ধি কৰোঁ যে পাঠকেই লেখক সৃষ্টি কৰে, মোৰ ওচৰত মোৰ পাঠকৰ গুৰুত্ব সৰ্বাধিক, পাঠকৰ মতামত আৰু মেধাবী চিন্তাৰ প্ৰতিফলনে সাহিত্যৰ সাৰ্থকতা নিৰূপন কৰে বুলি মই অনুভৱ কৰো৷ সেইবাবে প্ৰকৃতি সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত পাঠক সকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ৷
অসমীয়া প্ৰকৃতি সাহিত্য’ অসমৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনৰ অন্যতম শক্তিশালী হাথিয়াৰ৷ এই সাহিত্যৰ সঠিক প্ৰয়োগ বা অগ্ৰগতি আমাৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনক পৰিপূৰ্ণ ৰূপত উপলব্ধি কৰিবলৈ অসমীয়া তথা ভাৰতীয় সমাজক পৰিপক্কতা প্ৰদান কৰিব৷ ইংৰাজী ভাষাটো আন্তৰ্জাতিক ক্ষেত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভাষা, এই ভাষাৰ প্ৰয়োগেৰে আমি আমাৰ অসমীয়াৰ চিন্তা চেতনা আৰু অসমীয়া ভাষাৰ লালিমা বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব লাগিব৷ কিন্তু পৰিভাষাৰ ক্ষেত্ৰতো যদি আমি আমাৰ নিজৰ অসমীয়া পৰিভাষাক [Terminology] বাদ দি অকল ইংৰাজীক অনুকৰণ কৰোঁ তেনেহ’লে আমাৰ ভাষাৰ গৌৰৱ প্ৰতিষ্ঠা নহ’বো৷ ‘অসমীয়া প্ৰকৃতি সাহিত্য’ নিজেই এটা মৌলিক পৰিভাষা৷ পৃথিৱীৰ যিকোনো ভাষাতেই যদি অসমৰ প্ৰকৃতি সাহিত্যৰ আলোচনা কৰিবলৈ কোনোবাই বিচাৰে, তেনেহ’লে ‘প্ৰকৃতি সাহিত্য’ কথাটোকেই ব্যৱহাৰ কৰিব লাগিব৷ ‘প্ৰকৃতি সাহিত্য’ৰ পৰিৱৰ্তে ‘ইক’ক্ৰিটিচিজম’ কথাটো অৰ্থবহ নহয় কাৰণ দুটা শব্দৰ দৰ্শনৰ দিশটো আৰু সংজ্ঞা সম্পূৰ্ণ পৃথক৷
অসমৰ প্ৰকৃতি সাহিত্যৰ আলোচনা ইংৰাজী ভাষাত ইতিমধ্যে বিভিন্ন স্থানত আলোচিত হৈছে৷ অসমৰ অন্যতম প্ৰকৃতি কৰ্মী তথা লেখক নৱনীতা শৰ্মা, তেওঁৰ অসমৰ অৰণ্য, বন্যপ্ৰাণী আৰু প্ৰকৃতি সম্পকীৰ্ত ইংৰাজী ভাষাৰ লেখাবোৰত ‘প্ৰকৃতি সাহিত্য’ কথাটো ‘Prakriti Sahitya’ ৰূপেই ব্যৱহাৰ কৰিছে৷ আমাৰ সকলোৰে বাবে আনন্দৰ কথাটো হ’ল, ইতিমধ্যেই আমাৰ অসমীয়া ভাষাত ৰচিত হোৱা কিছুমান অসমীয়া প্ৰকৃতি সাহিত্যৰ কিতাপ, ইংৰাজী ভাষাত অনুবাদ হৈছে৷ আমি আশাকৰো পৃথিৱীৰ বিভিন্ন ভাষাত ‘অসমীয়া প্ৰকৃতি সাহিত্যৰ অনুবাদৰ কাম আৰম্ভ হওক৷’ অসমৰ প্ৰকৃতি সাহিত্য পৃথিৱীৰ সকলৰ মঙ্গলৰ বাবে সৃষ্টি হোৱা সাহিত্য, পৃথিৱীৰ মঙ্গল চিন্তাৰে উদ্বিপ্ত হোৱা নতুন ধৰণৰ মঙ্গল সাহিত্য৷ এই সাহিত্য প্ৰাচীন ভাৰতৰ প্ৰকৃতিমুখী সাহিত্যৰ উত্তৰাধিকাৰ৷
