আমাৰ বন্যপ্ৰাণী ৰক্ষাৰ আন্দোলন তথা প্ৰকৃতি ৰক্ষাৰ আন্দোলনক যাতে কোনেও অপব্যৱহাৰ কৰিব নোৱাৰে

Nature's Beckon has been a constant hope for the nature conservation movement in Eastern India. PC: NB Archives
WhatsApp Image 2024-07-21 at 11.48.59_0a39bc21

-       সৌম্যদ্বীপ দত্ত

সত্তৰ দশকৰ পৰা প্ৰায় নব্বৈ দশকৰ সময়লৈকে আমাৰ অসমত বন্যপ্ৰাণী সংৰক্ষণৰ চিত্ৰটো আজিৰ দৰে নাছিল৷ সেই সময়ত বন্যপ্ৰাণী সংৰক্ষণৰ ধাৰণাটো অসমৰ সমাজত, আজিৰ দৰে সজাগ হৈ থকা নাছিল৷ মোৰ সমবয়সৰ ব্যক্তি সকল আৰু বয়জ্যেষ্ঠ সকলে এই কথা উপলব্ধি কৰিবলৈ সক্ষম হ’ব যে তেতিয়া বন্যপ্ৰাণী হত্যা বা চিকাৰৰ দৰে ঘটনা অসমত সাধাৰণ ঘটনা বুলি বিবেচিত হৈছিল৷ অসমৰ বিভিন্ন স্থানত গাঁৱলীয়া বজাৰবোৰত মুকলীকৈ পহুৰ মাংস আৰু অন্যান্য বনৰীয়া জীৱজন্তুৰ মাংস বিক্ৰী হৈছিল৷ অসমৰ বিভিন্ন স্থানত বনৰীয়া চৰাইবোৰ মুকলিকৈ বিক্ৰী কৰা হৈছিল৷ জাৰকালি মানুহৰ ঘৰে ঘৰে আহি কিছুমান মানুহে শৰালী হাঁহ, চাকৈ–চকোৱা, অন্যান্য বনৰীয়া হাঁহ আৰু সৰু সৰু আৰ্দ্ৰভূমিৰ চৰাইবোৰ যেনে – বোকাপানী খোঁচৰা [Marsh Sandpiper], বালি বগুৱা [Green Sandpiper], বালি খোঁচৰা [Common Sandpiper], দলমৰা [Pheasant Tailed Jacana], দলপুঙা [Bronze winged Jacand], লৰিয়লি [Little Ringed Plover] ইত্যাদি চৰাইবোৰ মাংসৰ বাবে বিক্ৰী কৰিছিল৷ পশ্চিম অসমৰ প্ৰায় সকলো গাঁৱলীয়া বজাৰত ভাটৌৰ পোৱালী, মইনা চৰাইৰ পোৱালী বিক্ৰী হৈছিল৷ অবিভক্ত গোৱালপাৰাৰ গাঁৱলীয়া বজাৰবোৰত গুই, বগলী, আন চৰাই, কণামুছৰি ইত্যাদি মুকলিকৈ বিক্ৰী কৰা হৈছিল৷ ধুবুৰীৰ পৰা আৰম্ভ কৰি বৰপেটা, নলবাৰী, গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা শদিয়ালৈকে সকলো বজাৰবোৰত মাছৰ দৰে কাছৰ মাংস বিক্ৰী হৈছিল আৰু আজি মাছ কিনাৰ দৰে মানুহে কাছৰ মাংস ঘৰত কিনিলৈ গৈছিল৷ শীতৰ সময়ত যাৰ ঘৰত বন্দুক আছিল তেওঁলোকে সৰু সৰু দল কৰি ব্ৰহ্মপুত্ৰত চৰাই শিকাৰ কৰিবলৈ গৈছিল৷ মানুহৰ গাঁৱত যদি কোনো কাৰণত ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী, পহু, বনগৰু ইত্যাদি প্ৰৱেশ কৰিছিল, সেই বন্যপ্ৰাণীবোৰক উদ্ধাৰৰ কোনো চেষ্টা নকৰাকে লগে লগে হত্যা কৰা হৈছিল৷ ধুবুৰী, গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া ইত্যাদি স্থানত নৈৰ পৰা শিহু ধৰি আনি মুকলিকৈ শিহুৰ মাংস আৰু তেল বিক্ৰী কৰা হৈছিল৷ এইবোৰ বন্যপ্ৰাণী অপৰাধক তেতিয়া অসমৰ মানুহে অপৰাধ বুলি গণ্য কৰা নাছিল৷ অসমৰ সমাজত বন্যপ্ৰাণী সংৰক্ষণৰ ধাৰণাটোৱে প্ৰৱেশ কৰা নাছিল৷ উল্লেখযোগ্য কথাটো হ’ল যে, সেই সময়ত কিন্তু বন্যপ্ৰাণীক ধৰা, মাৰা বা কিনা –বেচা কৰা সম্পূৰ্ণ আইনমতে নিষিদ্ধ আছিল, আছিল দণ্ডনীয় অপৰাধ৷ কাৰণ ‘ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২’ ইতিমধ্যেই প্ৰৱৰ্তিত হৈ গৈছিল৷ ১৯৮০/১৯৯০ দশকলৈকে ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ সম্পৰ্কে অসমৰ সাধাৰণ মানুহৰ কোনো ধাৰণা নাছিল বা এই আইন সম্পৰ্কে কোনো সজাগতা নাছিল৷ সত্তৰ দশকৰ শেষৰ ফালৰ পৰা আমি অসমত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কাম আৰম্ভ কৰো৷ ১৯৮২ চনত আমাৰ সংগঠন নেচাৰ্চ বেকনৰ আনুষ্ঠানিক প্ৰতিষ্ঠাপক আমি আনুষ্ঠানিক ৰূপ প্ৰদান কৰো, কিন্তু তাৰ কেবাবছৰ আগৰে পৰা আমি আমাৰ বন্যপ্ৰাণী সংৰক্ষণৰ কাম পশ্চিম অসমত আৰম্ভ কৰোঁ৷

Nature's Beckon continues to strengthen the biodiversity conservation movement of Assam, which began in the early 1980s for the preservation of the Golden Langur habitats in western Assam. PC: NB Archives.

        আমাৰ বন্যপ্ৰাণী সংৰক্ষণৰ কাম পশ্চিম অসমত আৰম্ভ কৰোঁ৷ ১৯৮২ চনৰ পৰা আজি ২০২৬ চন, এই ৪৪ বছৰ ধৰি আমি নেচাৰ্চ বেকনৰ সদস্য আৰু সদস্যাসকলে ক্ৰমাগতভাৱে অসমত বন্যপ্ৰাণী সংৰক্ষণৰ কাম কাজক উজ্জীৱিত কৰি ৰাখিছো৷ এই যোৱা প্ৰায় ৪৪ বছৰত এনেকুৱা এটা বছৰ, এটা মাহ বা এটা সপ্তাহ পাৰ হোৱা নাই য’ত অসমৰ কোনো নহয় কোনো অঞ্চলত আমাৰ বন্যপ্ৰাণী সংৰক্ষণৰ কাম চলি থকা নাই৷ সেই সময়ত অসমত চ’ছিয়াল মিডিয়া নাছিল, টেলিভিছন চেনেলো নাছিল৷ শক্তিশালী আৰু জনপ্ৰিয় ৰূপত আছিল বাতৰি কাকত আৰু আলোচনীবোৰ৷ আমি বছৰ বছৰ ধৰি ক্ৰমাগতভাৱে বাতৰি কাকত আৰু অসমীয়া আলোচনীবোৰত বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে লেখা মেলা কৰি বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়টো অসমৰ সমাজত প্ৰাসঙ্গিক কৰি তুলিছিলো৷ স্থানীয় জনসাধাৰণ তথা গাঁৱলীয়া ৰাইজৰ মাজত বন্যপ্ৰাণী সংৰক্ষণৰ চেতনা তথা সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত নেচাৰ্চ বেকনে সৰ্বপেক্ষা অধিক গুৰুত্ব আৰোপ কৰি আহিছে৷ অসমৰ ইতিহাসত প্ৰথম সমগ্ৰ অসমব্যাপী পৰিৱেশ সচেতনতা অভিযান আৰম্ভ কৰে নেচাৰ্চ বেকনে৷ ১৯৮৮ চনৰ এই অভিযানৰ নাম আছিল ব্ৰহ্মপুত্ৰ বৰাক উপত্যকা পৰিৱেশ সচেতনতা শিবিৰ৷ এই অভিযানৰ পিছৰে পৰা অসমত পৰিৱেশ সংৰক্ষণ আন্দোলনৰ জোৱাৰ দেখা দিয়ে৷ অসমৰ বিভিন্ন প্ৰান্তত গ্ৰামীণ জনসভা, বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰদৰ্শনী, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী সকলক লৈ আলোচনা চক্ৰ, বক্তৃতা, কৰ্মশালা ইত্যাদিৰ মাধ্যমেৰে আমি অসমত বন্যপ্ৰাণী সংৰক্ষণৰ নতুন দিগন্তৰ সূচনা কৰিছিলো যাৰ প্ৰভাৱ আজিও আমাৰ সমাজত বিদ্যমান৷ অসমত বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰশিক্ষণ, অৰণ্যত বাস্তৱ অভিজ্ঞতা সঞ্চয় আৰু সংঘবদ্ধ ভাৱে প্ৰকৃতি সংৰক্ষণৰ বাবে কিদৰে কাম কৰিব পৰা যায় তাৰ পৰিকল্পনাৰ বাবে অসমত প্ৰথম প্ৰকৃতি শিবিৰ সংগঠিত কৰিবলৈ আৰম্ভ কৰে নেচাৰ্চ বেকনে৷ অসমৰ হাজাৰ হাজাৰ ছাত্ৰ–ছাত্ৰী আৰু সাধাৰণ প্ৰকৃতি প্ৰিয় জনসাধাৰণে নেচাৰ্চ বেকনৰ প্ৰকৃতি শিবিৰত যোগদান কৰি নিজকে অসমৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনৰ লগত সংপৃক্ত কৰি তোলে৷ বৈজ্ঞানিক অনুসন্ধান তথ্য সংগ্ৰহ আৰু অৰণ্যৰ চাৰিওপিনে বসবাস কৰা লোক সকলক বিভিন্ন সংৰক্ষণমূলক কাম–কাজত জড়িত কৰি নেচাৰ্চ বেকনে অসমত বহুকেইটা অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ জন্মত বাস্তৱতা প্ৰদান কৰে৷ জৈৱ বৈচিত্ৰতাপূৰ্ণ সমৃদ্ধশালী অৰণ্য তথা আপুৰুগীয়া বন্যপ্ৰাণীৰ বাসস্থানবোৰক যে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত কৰিব লাগিব সেই আন্দোলনও আৰম্ভ কৰে নেচাৰ্চ বেকনে৷ নেচাৰ্চ বেকনৰ অক্লান্ত প্ৰচেষ্টাৰ ফলত অসমত বহুকেইখন অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ জন্ম হয়৷ এই অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানবোৰত অসংখ্য বনৰীয়া চৰাই, স্তন্যপায়ী বন্যপ্ৰাণী, উভচৰ আৰু সৰীসৃপ,  কীট–পতঙ্গ, মাছ আৰু অগণিত উদ্ভিদ প্ৰজাতিক সংৰক্ষিত কৰাটো সম্ভৱ হৈ উঠে৷ আমাৰ অসমীয়া ভাষাত প্ৰথম চৰাই পৰ্যবেক্ষণ আৰু চৰাই সংৰক্ষণৰ কিতাপ, বান্দৰ প্ৰজাতি সংৰক্ষণৰ কিতাপ, মেকুৰী প্ৰজাতিৰ কিতাপ, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ কিতাপ ইত্যাদি অসংখ্য প্ৰকৃতি বিষয়ক কিতাপ প্ৰণয়ন কৰি নেচাৰ্চ বেকনৰ সদস্য–সদস্যা সকলে অসমৰ প্ৰকৃতি বিজ্ঞানৰ সাহিত্যিকে অসমীয়া ভাষাৰ পোহৰত উজ্জ্বল ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ বৰ্তমানে নতুন প্ৰজন্মৰ কেইজনমান অধ্যাপক, প্ৰাধ্যাপক, গৱেষক ছাত্ৰ–ছাত্ৰী আৰু নতুন প্ৰজন্মৰ লেখক–লেখিকাই অসমীয়া সাহিত্যৰ এই ধাৰাটোক আগুৱাই লৈ গৈ আছে৷

The #StopWildMeat campaign of Nature's Beckon has hugely contributed in the curbing of hunting, and trade of wildlife for meat, since its launching in the late 1970s in Assam. PC: NB Archives.

        নেচাৰ্চ বেকনৰ কামত অনুপ্ৰাণিত হৈ বহুতেই নিজাববীয়াকৈ স্বতস্ফূৰ্ত ৰূপত অসমত প্ৰকৃতি সংৰক্ষণৰ কাম, নিজৰ নিজৰ অঞ্চলত কৰিবলৈ আৰম্ভ কৰে৷ মন কৰিবলগীয়া কথাটো হ’ল, নেচাৰ্চ বেকনৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনে কিন্তু অসমৰ সাধাৰণ মানুহক ধনাত্মক ৰূপত প্ৰকৃতি সংৰক্ষণৰ কামত অনুপ্ৰাণিত কৰি তোলে৷ আশীৰ দশকৰ প্ৰথমৰ অৱস্থালৈকে যি অসমত মকুলিকৈ বনৰীয়া চৰাইৰ মাংস, পহুৰ মাংস, কাছৰ মাংস ইত্যাদি বিক্ৰী হৈছিল, অসমীয়া সমাজৰ বহুত মানুহেই এইবোৰ গৌৰৱেৰে কিনি ভক্ষণ কৰিছিল৷ সেইখন অসমতেই, সেই অসমীয়া সমাজতেই বৰ্তমানে বন্যপ্ৰাণীৰ মাংস ভক্ষণ, বন্যপ্ৰাণী হত্যা আৰু বন্যপ্ৰাণীৰ প্ৰতি সহানুভূতিৰ অভাৱক হীন দৃষ্টিৰে চোৱা হয়৷ আজিৰ দিনত পিছপৰা অশিক্ষিত বা অৰ্ধশিক্ষিত, অপৰাধ প্ৰৱণতাৰ লগত যুক্ত দেশ আৰু জাতিৰ প্ৰতি দায়বদ্ধতা নথকা লোকসকলে হয়তো বন্যপ্ৰাণী অপৰাধৰ লগত যুক্ত হ’ব পাৰে৷ অসমৰ সাধাৰণ মানুহে বৰ্তমানে বন্যপ্ৰাণী আৰু অৰণ্য সংৰক্ষণৰ প্ৰতি ধনাত্মক দৃষ্টিভঙ্গী প্ৰদান কৰে৷ বন্যপ্ৰাণী আৰু অৰণ্য সংৰক্ষণৰ প্ৰতি অসমৰ সাধাৰণ মানুহ বৰ্তমানে যথেষ্ট সংবেদনশীল৷ অসমীয়া সমাজত বৰ্তমানে বিৰাজ কৰা, অৰণ্য আৰু বন্যপ্ৰাণীৰ প্ৰতি এই মৰম, চেনেহ, কৰ্তব্য আৰু সচেতনতা আমাৰ বাবে অত্যন্ত গৌৰৱৰ কথা৷ যিসকলৰ অক্লান্ত প্ৰচেষ্টাৰ ফলত অসমৰ সমাজখনত এই সামাজিক পৰিৱৰ্তন সংঘটিত হ’ল তেওঁলোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো৷ অসমৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনক জনপ্ৰিয় আৰু শক্তিশালী ৰূপে প্ৰতিষ্ঠাৰ বাবে অসংখ্য লোকৰ অৱদান আছে তেওঁলোকৰ প্ৰত্যেককেই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো৷ ধীৰে ধীৰে আমাৰ অসমৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলন অধিক পৰিপক্ক, অধিক চিন্তাশীল আৰু অধিক কাৰ্যকৰী ৰূপে আত্মপ্ৰকাশ কৰি আছে৷

The Nature's Beckon led biodiversity conservation has set a unique precedent for an inclusive, participatory model of wildlife conservation in Eastern India. PC: NB Archives.

প্ৰতিটো জনআন্দোলনৰ দুটা সত্তা থাকে – এটা ত্যাগী সত্তা আৰু এটা ভোগী সত্তা৷ ত্যাগী সত্তাটোৰ কঠোৰ পৰিশ্ৰম, ঘাত–প্ৰতিঘাতৰ মাধ্যমে আন্দোলনক আগুৱাই লৈ যোৱাৰ অদম্য বাসনা, কামটোৰ প্ৰতি ভালপোৱা আৰু আৱেগ, নিৰাপত্তাহীন ভৱিষ্যতৰ কথা জানিও নিজকে সেই কামত উৎসৰ্গিত কৰি দিয়াৰ মানসিকতা, গোটেই জীৱন বা দীঘলিয়া সময় কামৰ লগত যুক্ত হৈ থকাৰ মানসিকতা, এটা বিশেষ চিন্তা, দৰ্শন বা আদৰ্শত নিমজ্জিত থাকি সেই আদৰ্শৰ বাবে কাম কৰা ইত্যাদি কাৰণত ত্যাগী সত্তাটোৰ আত্মদানৰ মাজেৰে এটা আন্দোলন গঢ়লৈ উঠে৷ অসমত হোৱা সকলো আন্দোলনৰ ক্ষেত্ৰতেই কথাটো একেই৷ কোনো আন্দোলন যেতিয়া শক্তিশালী হৈ উঠে, কোনো আন্দোলনৰ আদৰ্শৰ প্ৰভাৱত যেতিয়া বৃহৎ সংখ্যক জনসাধাৰণ একতাৱদ্ধ হ’বলৈ কুণ্ঠাবোধ নকৰে, আন্দোলনটোৰ প্ৰভাৱত যেতিয়া চকুৰ আগতেই কিছুমান ধনাত্মক কাম সম্পন্ন হয়, তেতিয়া আৱিৰ্ভাব ঘটে আমাৰ সমাজত থকা ভোগী সত্তাটোৰ৷ ভোগী সত্তাটোৱে আন্দোলনৰ শক্তিটোক কামত লগাই, নিজৰ নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কামত লাগি যায় তাকো আন্দোলনকাৰীৰ ছদ্মবেশত৷ যিসকলে প্ৰকৃত আন্দোলনৰ লগত যুক্ত থাকি মূল আন্দোলনটোক ইমান বছৰ ধৰি ত্যাগৰ মাজেৰে অগ্ৰগতি প্ৰদান কৰিলে, তেওঁলোকে যদি ছদ্মবেশী প্ৰতাৰক ভোগী সত্তাটোক ৰাইজৰ আগত উন্মোচিত কৰিবলৈ সক্ষম নহয়, তেনেহ’লে সামগ্ৰিক ভাৱেই আন্দোলনটোৰ ক্ষতি হ’ব৷ অসমত ঘটা প্ৰতিটো আন্দোলনৰ ক্ষেত্ৰতেই এই একে ঘটনা সংঘটিত হৈছে৷ আমাৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনতো তাৰ ব্যতিক্ৰম হোৱা নাই৷ যেনে ধৰক – প্ৰায় তিনি দশককাল সময় ধৰি আমি অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে নিৰন্তৰ লাগি থাকিলো, শেষত গৈ এই বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় উদ্যান কৰা হ’ল৷ যোৱা ত্ৰিশ বছৰ ধৰি যেতিয়া বৰ্ষাৰণ্যক বচোৱাৰ সংগ্ৰাম চলি আছিল তেতিয়া এই ভোগী সত্তাটোৰ কোনো নাম গোন্ধ নাছিল কিন্তু অৰণ্যখন অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান হোৱাৰ পিছতে যেতিয়া দেশী–বিদেশী উৎসবোৰে ধন দিবলৈ ৰাজি হৈ গ’ল তেতিয়া এই ভোগী সত্তাটো  সৰ্বাগ্ৰে সুবিধা ল‘বলৈ ধৰিলে।চক্ৰশীলা আদি কৰি সকলো ক্ষেত্ৰতেই একে ঘটনাৰ পুনৰাবৃত্তি৷ বনৰীয়া হাতীৰ সমস্যাটোৰ লগত আমি প্ৰথমৰ পৰাই যুঁজি আছো, হাতীৰ বাসস্থান সংৰক্ষণ, মানুহক দিব লগীয়া ক্ষতি পূৰণ, হাতী খেদা বন্ধ কৰাৰ স্বাৰ্থত, আনকি সাধাৰণ মানুহক হাতীৰ দ্বাৰা ক্ষতি হোৱা, ক্ষতিপূৰণৰ স্বাৰ্থত আমি অসমৰ বনবিভাগ আৰু অসম চৰকাৰৰ বিৰুদ্ধে হাইকোৰ্ট কৰিছিলো৷ যোৱা চল্লিছ বছৰৰ ভিতৰত আমি হাতীৰ নামত বা মানুহ–হাতীৰ সংঘাত মোচনৰ বাবে কোনো দেশী–বিদেশী উৎসৰ পৰা বা ৰাইজৰ পৰা এক টকাও সংগ্ৰহ কৰা নাই৷ নেচাৰ্চ বেকনৰ সদস্য–সদস্যা সকলে নিজৰ কষ্ট উপাৰ্জিত ধন সংগঠনক দান দিয়াৰ মাধ্যমেই আমি হাতী আৰু মানুহৰ বাবে বনবিভাগৰ বিৰুদ্ধে হাইকোৰ্ট কৰিছিলো৷ হাতীৰ বাবে অসমৰ বহুতেই নিজৰ গাঁঠিৰ ধন ভাঙি কাম কৰি আছে৷ তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু সমৰ্থন সদায় থাকিব৷ বিপৰীতে কিছুমান ব্যক্তিয়ে, কিছুমান তথাকথিত এন.জি.অ’ অসমৰ হাতী আৰু মানুহৰ সংকটৰ সুবিধালৈ যোৱা চল্লিশ বছৰ ধৰি বিভিন্ন দেশী বিদেশী উৎসৰ পৰা লক্ষ–কোটি টকা আত্মসাৎ কৰি থাকিলে৷ অসমৰ হাতী আৰু মানুহৰ দুৰ্ভোগৰ সুযোগ লৈ এই ভোগী সত্তাটো কিমান ধন সংগ্ৰহ কৰিলে সেই কথা জনাৰ অধিকাৰ অসমৰ মানুহৰ নিশ্চয় আছে৷ কিন্তু তেওঁলোকৰ মৌনতা তেওঁলোকৰ আত্মৰক্ষাৰ কৌশল৷ তেওঁলোকে জানে যে অসমৰ হাতী আৰু অন্যান্য বন্যপ্ৰাণীৰ নামত এই ভোগী সত্তাটো কিমান ধন সংগ্ৰহ কৰিলে সেই কথা অসমৰ ৰাইজ জানিলে, ৰাইজে তেওঁলোকৰ পিঠিৰ চামৰা তুলি দিব৷

Prakriti Sahitya in Assamese language spreads the timeless ethos of the Nature's Beckon led conservation movements among all. PC: NB Archives.

আজিৰ সময়খিনি অসমৰ বন্যপ্ৰাণী সংৰক্ষণ আন্দোলনৰ সৰ্বাধিক প্ৰত্যাহ্বানপূৰ্ণ সময়।

কিছুমান মানুহে তেওঁলোকৰ ৰাজনৈতিক অভিসন্ধিৰ বাবে অসমৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনটোক ব্যৱহাৰ কৰিবলৈ বিচাৰে৷ প্ৰকৃতি সংৰক্ষণৰ কথা কোৱাটো তেওঁলোকৰ ওচৰত জনমত আদায় কৰাৰ এটা কৌশল৷ প্ৰকৃতি সংৰক্ষণৰ কথা কৈ সহজতেই অসমৰ প্ৰকৃতিপ্ৰেমী ৰাইজক নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰাৰ এটা সুযোগ দেখা পায় এই সুবিধাবাদী ব্যক্তিসকল৷

মোৰ এটা কথা ভাবি মনৰ মাজত সন্তোষ হয় যে– অসমৰ সাধাৰণ মানুহে, প্ৰকৃত বন্যপ্ৰাণীৰ প্ৰতি সংবেদনশীল মানুহবোৰে৷ মেধাবী অধ্যাপক সকলে, নতুন প্ৰজন্মৰ শিক্ষিত যুৱক–যুৱতী সকলে, চিন্তাশীল ব্যক্তিসকলে আৰু পৰিপক্ক চিন্তাবিদসকলে ইতিমধ্যেই কৃত্ৰিম, উদ্দেশ্য প্ৰণোদিত আৰু সুবিধাবাদী প্ৰকৃতি ৰক্ষাৰ কথা কোৱা ব্যক্তিসকলক প্ৰত্যাখ্যান কৰা আৰম্ভ কৰি দিছে৷ এই প্ৰৱণতা আমাৰ অসমৰ পৰিৱেশ আন্দোলনক অধিক নিখুঁতৰূপে অগ্ৰগতি প্ৰদান কৰিব৷

আমাৰ অসম তথা ভাৰতৰ বিকাশৰ অগ্ৰগতী, কিছুমান শক্তিয়ে কাম্য নকৰে৷ তাৰে ভিতৰত কিছুমান স্থানীয় শক্তি আছে আৰু কিছুমান বিদেশী শক্তিও আছে৷ বিদেশী শক্তিবোৰে টকা–পইচা, বঁটা–বাহন, বিদেশ ভ্ৰমণ, আন্তৰ্জাতিক আলোচনা চক্ৰত সুযোগ গ্ৰহণ ইত্যাদিৰ মাধ্যমেৰে স্থানীয় শক্তিবোৰক উৎসাহ আৰু সহায় প্ৰদান কৰি থাকে৷ স্থানীয় ৰাজনৈতিক শক্তিবোৰে বিৰোধীৰ সময়কালত হোৱা বিকাশবোৰত নিজৰ দলৰ বিফলতা তথা অকৃতকাৰ্যতা ৰূপে গণ্য কৰে৷ যাৰ ফলত বিৰোধীৰ সময়ত হোৱা বিকাশৰ অগ্ৰগতিক সদায় বাধাগ্ৰস্ত কৰিবলৈ চেষ্টা কৰে৷ আৰু এই কামটো কৰিবলৈ গৈ তেওঁলোকে প্ৰকৃতিপ্ৰেমীৰ ছদ্মবেশ ধাৰণ কৰি আমাৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনটোক ব্যৱহাৰ কৰি, ৰাইজক প্ৰভাৱিত কৰিবলৈ চেষ্টা চলায়৷

        বিদেশী শক্তিবোৰে আকৌ সামান্য বেলেগ পদ্ধতিত কামটো পৰিচালনা কৰিবলৈ বিচাৰে৷ আমি প্ৰত্যেকেই অৱগত যে আমেৰিকাই ভাৰতৰ বিকাশ আৰু ভাৰতীয় মানুহৰ অগ্ৰগতিত থকা অৰ্থনৈতিক উন্নতি হোৱাৰ বাবে সুখী নহয়৷ ব্ৰিটেইন– অৰ্থাৎ বৃটিছবোৰে যিসকলে এটা সময়ত প্ৰায় তিনিশ বছৰ ধৰি আমাক পদানত কৰি ৰাখিছিল, পৰাধীন কৰি ৰাখিছিল, শোষণ বঞ্চনা কৰিছিল তেওঁলোকৰ দেশতকৈ বৰ্তমানে আমাৰ দেশ ভাৰতবৰ্ষৰ অৰ্থনৈতিক অগ্ৰগতি অধিক ক্ষিপ্ৰ৷ এই দেশবোৰে সদায় আমাৰ দেশৰ বিকাশক বাধাগ্ৰস্ত কৰিবলৈ বিচাৰে৷ আৰু এয়া স্বাভাৱিক৷ আমাৰ দেশৰ বিকাশক বাধা প্ৰদানৰ বাবে, দেশী আৰু বিদেশী শক্তিবোৰে আমাৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনক কামত লগাবলৈ চেষ্টা কৰি থাকে৷ তেওঁলোকে এনেধৰণৰ এটা বৰ্ণনা, বিবৃতি বা আখ্যান আমাৰ মানুহৰ সন্মুখত তুলি ধৰিব বিচাৰে যাৰ দ্বাৰা সাধাৰণ মানুহবোৰৰ এনেকুৱা এটা ধাৰণা হয় যে – সেই বিশেষ বিকাশৰ কামটো কৰিলে আমাৰ প্ৰকৃতিৰ সংঘাতিক ক্ষতি হ’ব৷ আমাৰ প্ৰকৃতি ৰক্ষাৰ ধনাত্মক আন্দোলনৰ ফলত আমাৰ মানুহবোৰেই তাৰ বিৰোধ কৰিবলৈ আৰম্ভ কৰে৷ লগে লগে আমাৰ বিকাশক বাধা প্ৰদান কৰিবলৈ বিচৰা বিদেশী শক্তিবোৰে নিজৰ উদ্দেশ্যত সফলতা লাভ কৰাৰ সুযোগ পায়৷ প্ৰকৃতি সংৰক্ষণ আৰু আমাৰ বিকাশ দুটা দুটাৰ পৰিপন্থি, এনেকুৱা এটা ভুল ব্যাখাক জনপ্ৰিয় কৰাৰ বাবে দেশী–বিদেশী শক্তি কিছুমানে আমাৰ সমাজত সক্ৰিয় হৈ থাকে৷ তেওঁলোকে প্ৰকৃত বন্যপ্ৰাণী সংৰক্ষণৰ কামত উৎসাহ প্ৰদান নকৰে, বন্যপ্ৰাণী সংৰক্ষণৰ কৃত্ৰিম কিছুমান কামৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ৷ কাৰণ সঁচা অৰ্থত অসমৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনটোক এওঁলোকে শক্তিশালী কৰিবলৈ বিচাৰে৷ বিদেশী ভাৰত বিৰোধী শক্তিটো বিচাৰে, তেওঁলোকৰ টকা–পইচাৰ দান ভিক্ষাৰ মাধ্যমে, মিথ্যা বঁটা প্ৰদানেৰে, অৰ্থহীন আৰু কোনো প্ৰকৃতি সংৰক্ষণৰ কামৰ প্ৰতিফলন নোহোৱাকে, এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ, যিসকলে তেওঁলোকৰ আঙুলিৰ ইচাৰাত কাম কৰিব৷ আৰু যিদিনা বিদেশী শক্তিটো টকা–পইচা বা সুবিধা প্ৰদান বন্ধ কৰি দিব সিদিনা তেওঁলোকৰ কোনো অস্তিত্ব নাথাকিব৷

সেইবাবেই আমি সজাগ থাকিব লাগিব৷ আমাৰ বন্যপ্ৰাণী ৰক্ষাৰ আন্দোলন তথা প্ৰকৃতি ৰক্ষাৰ আন্দোলনক যাতে কোনেও অপব্যৱহাৰ কৰিব নোৱাৰে৷

This picture from 2003 depicts the untiring spirit of nature conservation movement which demands dedication, perseverance, and a strong purpose to protect the natural forests and biodiversity in India. PC: NB Archives.