Ahum Basudham Krit Mangaljanak

অসমৰ ধেমাজি জিলাত, নেচাৰ্চ বেকনৰ ‘অহম্‌ বসুধাম্‌ কৃতে মঙ্গলজনক’ (মই পৃথিৱীৰ বাবে মঙ্গলজনক) কাৰ্যসূচীৰ এভূমুকী

– যুগল সন্দিকৈ

jugal handique


‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’ শীৰ্ষক সংকল্প গ্ৰহণ অনুষ্ঠান
উত্তৰ-পূৱ ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ ৪০ সংখ্যক বৰ্ষপূৰ্তি আৰু সংগঠনটোৰ আগন্তুক দশকজোৰা সোণালী জয়ন্তী উৎসৱ অনুষ্ঠানৰ অংশ হিচাপে সমগ্ৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ গ্ৰহণ কৰা অহম্‌ বসুধাম্‌ কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক প্ৰকল্পৰ অধীনত প্ৰথম পৰ্যায়ত যোৱা ইং ৪ আগষ্ট, ২০২২ তাৰিখ বৃহস্পতিবাৰে সমগ্ৰ অসমৰ শতাধিক বিদ্যালয়ৰ প্ৰায় ডেৰ লক্ষাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে ধেমাজিতো উক্ত প্ৰকল্প কাৰ্যসূচীৰ ধেমাজি মণ্ডলৰ মাণ্ডলিক সমন্বয়ক যুগল সন্দিকৈৰ নেতৃত্বত ধেমাজি সদৰৰ ১১ [এঘাৰ]খন বিদ্যালয়ৰ প্ৰায় ৪,২২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজ নিজ বিদ্যালয়ৰ প্ৰাতঃসভাত ‘‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’’ — এই বাক্যটো অঙ্গীকাৰ ৰূপে গ্ৰহণ কৰি এই কাৰ্যসূচী শুভাৰম্ভ কৰে৷ মূলতঃ ছাত্ৰ-ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ লগতে প্ৰকৃতি সংৰক্ষণ আৰু দেশৰ সাৰ্বিক বিকাশত ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতাপূৰ্ণ অংশগ্ৰহণকেই মূল লক্ষ্য হিচাপে লৈ নেচাৰ্চ বেকনে শুভাৰম্ভ কৰা এই কাৰ্যসূচীত ধেমাজি সদৰৰ নলনিপাম প্ৰাথমিক বিদ্যালয়ৰ ৪৫২ গৰাকী, বৰপাটৰীয়া প্ৰাথমিক বিদ্যালয়ৰ ৩৫৪ গৰাকী, ধেমাজি বাল্যবিদাপীঠ প্ৰাথমিক বিদ্যালয়ৰ ৬৪ গৰাকী, ৫নং টেকজুৰি প্ৰাথমিক বিদ্যালয়ৰ ২৭০ গৰাকী, ধেমাজি টাউন এম ই স্কুলৰ ৪১৮ গৰাকী, ধেমাজি টাউন হাইস্কুলৰ ২১২ গৰাকী, ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ৭০০ গৰাকী, ধেমাজি উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ৪৪৪ গৰাকী, ধেমাজি জ্ঞানোদয় হাইস্কুলৰ ৬২ গৰাকী, ধেমাজি শিক্ষা ৰেক্টিক্স স্কুলৰ ৪৫০ গৰাকী আৰু ধেমাজি মাদাৰ্চ প্ৰাইড স্কুলৰ ৮০০ গৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি মুঠ ৪,২২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ‘‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’’ — এই অঙ্গীকাৰ গ্ৰহণ কৰা লগতে ‘‘[১] ভাৰতবৰ্ষৰ বন-বনপ্ৰাণী আৰু পৰিৱেশক সংৰক্ষিত কৰি ৰখাৰ বাবে মই মোৰ সমগ্ৰ জীৱন ধৰি সচেষ্ট থাকিম৷ [২] প্ৰকৃতি আমাৰ মা, ভাৰতবৰ্ষ আমাৰ জন্মভূমি, অসম আমাৰ কৰ্মভূমি৷ জন্মভূমিৰ সুৰক্ষা, অখণ্ডতা, সমৃদ্ধি আৰু শান্তিপূৰ্ণ পৰিৱেশ আমাৰ আকাংক্ষিত লক্ষ্য৷ মই সেই লক্ষ্যৰ পিনে আগুৱাই আছো৷ [৩] মই সদায় উত্তৰণৰ পিনে আগুৱাই লৈ যাবলৈ সচেষ্ট থাকিম৷ মই মিথ্যাচাৰৰ আশ্ৰয় নলওঁ আৰু কোনোধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন নকৰোঁ৷ [৪] মই মোৰ ওচৰ-পাঁজৰত থকা গছ-বন আৰু বন্যপ্ৰাণীবোৰক সুৰক্ষা প্ৰদান কৰিম৷ মোৰ দ্বাৰা মোৰ নিজৰ আৰু আন কাৰোবাৰ যাতে কোনো অমঙ্গল নহয় তাৰবাবে মই সচেতন থাকিম৷ [৫] মোৰ বিদ্যালয়, মোৰ আচাৰ্য, মোৰ শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষাগুৰু, মোৰ জীৱনৰ বাটত আগুৱাই যাবলৈ সহায়-সহযোগিতা কৰা প্ৰত্যেকৰে প্ৰতি মই থাকিম শ্ৰদ্ধাশীল’’ — এই পাঁচটা সংকল্প গ্ৰহণ কৰে৷ নেচাৰ্চ বেকনৰ এই কাৰ্যসূচীত বিদ্যালয়সমূহৰ প্ৰতিগৰাকী শিক্ষাগুৰুৰ উপৰিও ধেমাজিৰ অংশগ্ৰহণকাৰী প্ৰতিখন বিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে দুগৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীয়ে বিশেষভাৱে সহযোগিতা আগবঢ়ায়৷ তেওঁলোক হ’ল ক্ৰমে নলনিপাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ত্ৰিবেণী দাস, শিক্ষয়িত্ৰীদ্বয় ঋতুপৰ্ণা দলে আৰু ডিপ্লোমা চুতীয়াজ্ব বৰপাটৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কিৰণ বৰগোহাঁই, শিক্ষয়িত্ৰীদ্বয় বেবী ভূঞা আৰু প্ৰিয়ংকা বৰুৱাজ্ব ধেমাজি বাল্যবিদাপীঠ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দিব্যজ্যোতি বৰগোহাঁই, শিক্ষয়িত্ৰীদ্বয় বিনীতা শইকীয়া আৰু নিৰুপ্ৰভা পেগুজ্ব ৫নং টেকজুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শৰৎ চমুৱা, শিক্ষক-শিক্ষয়িত্ৰীদ্বয় খগেন শৰ্মা আৰু বিনুমাই দত্তজ্ব ধেমাজি টাউন এম ই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জু দত্ত, শিক্ষকদ্বয় থানেশ্বৰ বৰা আৰু নৱজিত বৰুৱাজ্ব ধেমাজি টাউন হাইস্কুলৰ প্ৰধান শিক্ষক কৃষ্ণ কান্ত বৰদলৈ, শিক্ষকদ্বয় বেদান্ত জ্যোতিষ দলৈ আৰু অজিত ফুকনজ্ব ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দেৱজ্যোতি কছাৰী, শিক্ষক-শিক্ষয়িত্ৰীদ্বয় কন্দৰ্প তামুলী আৰু জোনমণি হাজৰিকাজ্ব ধেমাজি উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষা প্ৰতিভা লাহন, শিক্ষয়িত্ৰীদ্বয় বন্দনা দত্ত হাজৰিকা আৰু নিবেদিতা বড়া সন্দিকৈজ্ঞ ধেমাজি জ্ঞানোদয় হাইস্কুলৰ প্ৰধান শিক্ষক অচ্যুৎ বৰা, শিক্ষকদ্বয় মৃদুল শইকীয়া আৰু অৰূপ নন্দীজ্ব ধেমাজি শিক্ষা ৰেক্টিক্স স্কুলৰ অধ্যক্ষ ড॰ বনজিত ভট্ট, শিক্ষকদ্বয় তপন বাইলুং আৰু দৰেন্দ্ৰ সিং আৰু ধেমাজি মাদাৰ্চ প্ৰাইড স্কুলৰ অধ্যক্ষ পি. জে. থমাচ, শিক্ষকদ্বয় বিজু গগৈ আৰু মাধৱ বৰা৷ উল্লেখ্য যে ধেমাজি শিক্ষা ৰেক্টিক্স স্কুলত অনুষ্ঠিত সংকল্প গ্ৰহণ অনুষ্ঠানত নেচাৰ্চ বেকনৰ অহম্‌ বসুধাম্‌ কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] কাৰ্যসূচীৰ ধেমাজি মণ্ডলৰ সমন্বয়ক যুগল সন্দিকৈৰ লগতে ধেমাজি পৌৰ সভাৰ সভানেত্ৰী দীপৰেখা দাস বাঘ্ৰী আৰু উপ-সভাপতি বিপ্লৱ কোঁৱৰে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰে৷

‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’ শীৰ্ষক ৰচনা প্ৰতিযোগিতা
নেচাৰ্চ বেকনৰ অহম্‌ বসুধাম্‌ কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে সমগ্ৰ অসমৰ লগতে ধেমাজিতো দ্বিতীয় পৰ্যায়ত যোৱা ইং ২৬ আগষ্ট, ২০২২ তাৰিখৰপৰা ১৫ ছেপ্টেম্বৰ, ২০২২ তাৰিখৰ ভিতৰত নেচাৰ্চ বেকনৰ এই প্ৰকল্পৰ সৈতে সংযুক্ত হোৱা বিদ্যালয়সমূহৰ পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শ্ৰেণীভিত্তিক এলানি ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ সমগ্ৰ ৰাজ্যজুৰি আয়োজন কৰা এইলানি ৰচনা প্ৰতিযোগিতাৰ বিষয়সমূহ আছিল এনেধৰণৰ — পঞ্চম শ্ৰেণী – ‘আমাৰ ওচৰ পাঁজৰত ফুলি থকা ফুলবোৰৰ কথা’, ষষ্ঠ শ্ৰেণী – ‘আমাৰ ওচৰ পাঁজৰত থকা ফলৰ গছবোৰৰ কথা’, সপ্তম শ্ৰেণী – ‘মই দেখা অৰণ্যখন’, অষ্টম শ্ৰেণী – ‘আমাৰ ওচৰৰ নদীখনৰ কথা’, নৱম শ্ৰেণী – ‘আমাৰ ওচৰত থকা আদ্ৰৰ্ভূমি তথা বিল আৰু তাৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা’, দশম শ্ৰেণী – ‘অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা’, একাদশ শ্ৰেণী – ‘অৰণ্য সংৰক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্তব্য’ আৰু দ্বাদশ শ্ৰেণী – ‘অসমৰ অৰণ্য সংৰক্ষণ আন্দোলন আৰু তাৰ সফলতা’৷ নেচাৰ্চ বেকনৰ উক্ত প্ৰকল্পৰে সংযুক্ত ধেমাজিৰ মুঠ ১১খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এইলানি ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল যদিও পৰীক্ষাজনিত তথা অন্যান্য কাৰণত দুখন বিদ্যালয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ পৰা বিৰত থাকে৷ ধেমাজি সদৰৰ মুঠ ৯খন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই প্ৰতিযোগিতা সুচাৰুৰূপে অনুষ্ঠিত কৰা হয় আৰু উক্ত বিদ্যালয়সমূহে তেওঁলোকৰ বিদ্যালয়সমূহৰ ফলাফলসমূহ যোৱা ইং ২৬ ছেপ্টেম্বৰ, ২০২২ তাৰিখে নেচাৰ্চ বেকনৰ মণ্ডল সমন্বয়কৰ হাতত জমা দিয়ে৷ সেই ফলাফল অনুসৰি পঞ্চম শ্ৰেণীৰ শাখাত নলনিপাম প্ৰাথমিক বিদ্যালয়ৰ হৈ খ্যাতিপ্ৰাণ চেতিয়া প্ৰথম, গৌৰী সোনোৱাল দ্বিতীয় আৰু চিন্ময়ী দলৈয়ে তৃতীয় স্থান লাভ কৰাৰ পৰিৱৰ্তে শেৱালী গগৈ, ভাস্কৰজ্যোতি হাজৰিকা আৰু জ্যোতিষ্মা হাজৰিকাই নিচুকণি বঁটাজ্; বৰপাটৰীয় প্ৰাথমিক বিদ্যালয়ৰ হৈ বেবী দত্ত প্ৰথম, ত্ৰিদিপ বৈশ্য দ্বিতীয় আৰু উজ্জ্বল গগৈ তৃতীযজ্; ৫নং টেকজুৰি প্ৰাথমিক বিদ্যালয়ৰ সংগীতা দত্ত প্ৰথম, চিম্পী হাজৰিকা দ্বিতীয় আৰু ৰূপম বসুমতাৰী তৃতীয়; শিক্ষা ৰেক্টিক্স স্কুলৰ গুণগুণ দেউৰীয়ে নিচুকণি বঁটা; মাদাৰ্চ প্ৰাইড স্কুলৰ অগ্ৰীমা গগৈ প্ৰথম, অনুষ্কা চুতীয়া দ্বিতীয় আৰু অৰণ্যা মোৰেই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ একেদৰে ষষ্ঠ শ্ৰেণীৰ শাখাত ধেমাজি টাউন এম ই স্কুলৰ পৰিস্মিতা সোনোৱাল প্ৰথম, ড্ৰচি গগৈ দ্বিতীয় আৰু প্ৰিঞ্চ দলৈ তৃতীয়; ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ চনম বুঢ়াগোহাঁই প্ৰথম, দীপৰাজ মিলি দ্বিতীয় আৰু বিৰাজ দত্ত তৃতীয়; ধেমাজি উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ কুঁহি দাস তৃতীয়; শিক্ষা ৰেক্টিক্স স্কুলৰ সূৰজ প্ৰতিম সোনোৱাল প্ৰথম, ডেভিড টায়ে দ্বিতীয় আৰু ঘনকৃষ্ণ পেগু তৃতীয়; মাদাৰ্চ প্ৰাইড স্কুলৰ সংঘমিত্ৰা মিছং আৰু দিব্য ভূষণ সন্দিকৈয়ে যুটীয়াভাৱে প্ৰথম, দেৱস্মিতা চুতীয়া দ্বিতীয় আৰু মেঘালী পেগুৱে তৃতীয় স্থান লাভ কৰে৷ আনহাতে সপ্তম শ্ৰেণীৰ শাখাত ধেমাজি টাউন এম ই স্কুলৰ বাৰ্লিনা চুতীয়া প্ৰথম; ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ নীৰুতপল বুঢ়াগোহাঁই দ্বিতীয়; ধেমাজি উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ তিলোমণী দত্ত তৃতীয়; শিক্ষা ৰেক্টিক্স স্কুলৰ ৰুজা বৰগোহাঁই প্ৰথম, নিকিতা পেগু দ্বিতীয় আৰু স্মিতা দাফলাৰী তৃতীয়; মাদাৰ্চ প্ৰাইড স্কুলৰ নিলয় দত্ত প্ৰথম, বনজ্যোস্না দত্ত দ্বিতীয় আৰু বৈশালী দত্ত নন্দীয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ একেদৰে অষ্টম শ্ৰেণীৰ শাখাত ধেমাজি টাউন এম ই স্কুলৰ চেমুৱেল বৰা প্ৰথম, লক্ষ্যনাথ বৰা দ্বিতীয় আৰু বসন্ত কাৰ্দং তৃতীয়; ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ বিশাল বৰুৱা প্ৰথম, প্ৰজ্ঞান জ্যোতি চুতীয়া দ্বিতীয় আৰু বিশাল বুঢ়াগোহাঁই তৃতীয়; মাদাৰ্চ প্ৰাইড স্কুলৰ চয়ন পাল প্ৰথম আৰু ভিতি সুৰঙ্গনা সোনোৱালে দ্বিতীয় স্থান লাভ কৰে৷ অন্যহাতে নৱম শ্ৰেণীৰ শাখাত মাদাৰ্চ প্ৰাইড স্কুলৰ হিৰণ্য বুঢ়াগোহাঁয়ে প্ৰথম, ধেমাজি টাউন হাইস্কুলৰ নিৰুৎপল কলিতা তৃতীয় আৰু ধেমাজি উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অনুষ্কা কোঁৱৰে তৃতীয় স্থান লাভ কৰে৷ ইপিনে দশম শ্ৰেণীৰ শাখাত ধেমাজি টাউন হাইস্কুলৰ ডলি দে প্ৰথম, সংগীতা শৰ্মা দ্বিতীয় আৰু শিবানী কোঁৱৰ তৃতীয়; ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাগ জ্যোতি দত্ত দ্বিতীয় আৰু দিপ দাস তৃতীয় আৰু ধেমাজি উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সুস্মিতা বৰুৱাই দ্বিতীয় স্থান লাভ কৰে৷ একদেৰে একাদশ শ্ৰেণী শাখাত ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ৰিম্পী গগৈ প্ৰথম, বেবী দিহিঙীয়া দ্বিতীয় আৰু পৰী কোচে তৃতীয় স্থান লাভ কৰে৷ আনহাতে দ্বাদশ শ্ৰেণী শাখাত ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বিবেক গগৈয়ে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ নেচাৰ্চ বেকনৰ এইলানি ৰচনা প্ৰতিযোগিতাত ধেমাজি সদৰৰ মুঠ ৯খন বিদ্যালয়ৰ সৰ্বমুঠ ৬০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পুৰস্কাৰ লাভ কৰি নিজ নিজ বিদ্যালয়লৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয়৷

‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’ শীৰ্ষক জনপ্ৰিয় বক্তৃতানুষ্ঠান
নেচাৰ্চ বেকনৰ অহম্‌ বসুধাম্‌ কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় পদক্ষেপ হিচাপে ‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’ শীৰ্ষক এলানি জনপ্ৰিয় বক্তৃতা অনুষ্ঠানৰ যোৱা ইং ১ নৱেম্বৰ, ২০২২ তাৰিখে ধেমাজিত শুভাৰম্ভণি কৰা হয়৷ নেচাৰ্চ বেকন আৰু ধেমাজি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়ন কোষ [IQAC]ৰ যৌথ উদ্যোগত আয়োজিত এই জনপ্ৰিয় বক্তৃতানুষ্ঠানত নেচাৰ্চ বেকনৰ সঞ্চালক, প্ৰকৃতিবিদ-লেখক শ্ৰীযুত সৌম্যদ্বীপ দত্তদেৱে মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰে৷ ধেমাজি মহাবিদ্যালয়ৰ মুকলি প্ৰেক্ষাগৃহত পুৱা ১০.১৫ বজাৰপৰা ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ দীপক কুমাৰ নেওগৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড॰ বনজিত ভট্ট, ধেমাজি জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা, ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নবীন কামান আৰু ডিব্ৰুগড়ৰ ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ নৃতত্ব বিভাগৰ সহযোগী অধ্যাপিকা ড॰ মৰমী তালুকদাৰে সন্মানীয় বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতেৰে অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়৷ ধেমাজি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়ন কোষ [IQAC]ৰ সমন্বয়ক দিগন্ত হাজৰিকাই আঁত ধৰা অনুষ্ঠানত ধেমাজি মহাবিদ্যালয়ৰ তৰফৰপৰা একোখনকৈ ফুলাম গামোচাৰে অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ নেচাৰ্চ বেকনৰ তৰফৰপৰাও মহাবিদ্যালয়খনৰ অধ্যক্ষক এখন চেলেং চাদৰ আৰু ‘অসমৰ অৰণ্য, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান’ শীৰ্ষক গ্ৰন্থখনেৰে সম্বৰ্ধনা জনোৱাৰ সমান্তৰালভাৱে অন্যান্য বিশিষ্ট অতিথিসকলৰ লগতে IQAC ৰ সমন্বয়ক দিগন্ত হাজৰিকাকো একোখনকৈ গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰে নেচাৰ্চ বেকন ধেমাজি আঞ্চলিকৰ সমন্বয়ক যুগল সন্দিকৈয়ে৷  ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ দীপক কুমাৰ নেওগে তেখেতৰ আদৰণি ভাষণত ধেমাজি মহাবিদ্যালয়ত এনে এটি অনুষ্ঠান আয়োজন কৰা বাবে নেচাৰ্চ বেকনক বিশেষভাৱে সৌম্যদ্বীপ দত্তক ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানলৈ সকলোকে স্বাগতম জনায়৷ লগতে তেওঁ এই জনপ্ৰিয় বক্তৃতানুষ্ঠানৰ মূল বক্তা সৌম্যদ্বীপ দত্তৰ বক্তৃতাই ছাত্ৰ-ছাত্ৰীসকলৰ লগতে উপস্থিত সকলোকে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে৷ আদৰণি ভাষণৰ পিছতে নেচাৰ্চ বেকনৰ অহম্‌ বসুধাম্‌ কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক কাৰ্যসূচীৰ ধেমাজি মণ্ডলৰ সমন্বয়ক যুগল সন্দিকৈয়ে অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই নেচাৰ্চ বেকনৰ এই ব্যতিক্ৰমী কাৰ্যসূচীৰ চমু আভাস দাঙি ধৰে৷ ইয়াৰ পিছতে  মই পৃথিৱীৰ বাবে মঙ্গলজনক শীৰ্ষক জনপ্ৰিয় বক্তৃতানুষ্ঠানটিৰ মূল বক্তা সৌম্যদ্বীপ দত্তই ছাত্ৰ-ছাত্ৰী তথা উপস্থিতসকলক উদ্দেশ্যি নিজৰ বক্তৃতা আগবঢ়ায়৷ নিজৰ বক্তব্যত তেওঁ জৈৱবৈচিত্ৰ্য কি, জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা, ভাৰতীয় দৰ্শনত পৰিৱেশ তথা জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ চেতনা, পৃথিৱী তথা জৈৱ-বৈচিত্ৰ্যৰ কোনো এটা অংগৰে কোনো প্ৰকাৰে ক্ষতি নকৰাকৈ আমি প্ৰত্যেকেই যাতে পৃথিৱীৰ বাবে মঙ্গলজনক একোগৰাকী ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিব পাৰো ইত্যাদি দিশসমূহ সুন্দৰ ৰূপত উপস্থাপন কৰি এক সাৱলীল তথা মনোগ্ৰাহী বক্তৃতা আগবঢ়ায়৷ অনুষ্ঠানত উপস্থিত থকা ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নবীন কামান, ধেমাজি জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা আৰু ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড॰ বনজিত ভট্ট প্ৰমুখ্যে বিশিষ্ট অতিথিসকলেও নিজ নিজ বক্তব্য ৰখাৰ লগতে নেচাৰ্চ বেকনৰ এই পদক্ষেপৰ শলাগ লয়৷ অনুষ্ঠানত ধেমাজি মহাবিদ্যালয়ৰ শিক্ষক গোটৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে গ্ৰন্থাগাৰিক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও তেলিজান শাখা সাহিত্য সভাৰ সভাপতি আনন্দ ৰাম বড়া, ধেমাজিৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে৷ জনপ্ৰিয় বক্তৃতানুষ্ঠান কাৰ্যসূচীতে নেচাৰ্চ বেকনৰ মই পৃথিৱীৰ বাবে মঙ্গলজনক শীৰ্ষক ৰচনা প্ৰতিযেগিতাৰ ধেমাজিৰ মুঠ ৯খন বিদ্যালয়ৰ ৬০ গৰাকী বিজয়ী প্ৰতিযোগীক মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয়৷ এই পুৰস্কাৰ প্ৰদান অনুষ্ঠানত মঞ্চত উপস্থিত থকা বিশিষ্ট অতিথিসকলৰ লগতে ধেমাজি মহাবিদ্যালয়ৰ ড॰ অন্নজ্যোতি গগৈ, ড॰ বিভা দত্ত নেওগ, কুমুদ বৰা, ড॰ বুদ্ধেশ্বৰ কোচ, শৈলেন বৰকাকতি প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ‘The Assam Tribune’ কাকতৰ সাংবাদিক বীৰেন কুমাৰ কোঁৱৰে বিশেষভাৱে সহযেগিতা আগবঢ়ায়৷ অনুষ্ঠানৰ শেষত সঞ্চালকৰ আসনৰপৰা ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ দীপক কুমাৰ নেওগে এনে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে নেচাৰ্চ বেকনৰ ভূয়সী প্ৰশংসা কৰে আৰু ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠানত ধেমাজি মহাবিদ্যালয়ে সৰ্বতোপ্ৰকাৰৰ সহযোগিতা আগবঢ়াই যাব বুলি আশ্বাস প্ৰদান কৰে৷ ইয়াৰে পিছতে ধেমাজি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক লক্ষ্যজিত মিলিয়ে আগবঢ়োৱা শলাগৰ শৰাইৰ পিছতে ‘অসম সংগীত’ পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে৷ উল্লেখ্য যে ধেমাজি মহাবিদ্যালয়ত অনুষ্ঠিত মই পৃথিৱীৰ বাবে মঙ্গলজনক শীৰ্ষক জনপ্ৰিয় বক্তৃতানুষ্ঠান আৰু বঁটা বিতৰণি সভাখন সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত নেচাৰ্চ বেকনৰ চিত্ৰশিল্পী সদস্যদ্বয় গিৰিণ কছাৰী আৰু হোমেন শইকীয়াৰ লগতে ধেমাজি মহাবিদ্যালয় ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সভাপতি ৰূপম শইকীয়া, উপ-সভাপতি পূৰ্ণিমা বৰা, সাধাৰণ সম্পাদক লক্ষ্যজিত মিলি, সহকাৰী সাধাৰণ সম্পাদক ৰিচা শইকীয়া, তৰ্ক শাখাৰ সম্পাদক অংকুৰ সোনোৱাল, আলোচনী সম্পাদক বিজ্ঞানজ্যোতি কোচ, বহিঃ ক্ৰীড়া বিভাগৰ সম্পাদক বিদ্যুৎ পেগু, আন্তঃ ক্ৰীড়া বিভাগৰ সম্পাদক কুশমান্দু বৰপাত্ৰ, সাংস্কৃতিক সম্পাদক মৃদুল বুঢ়াগোহাঁই, শৰীৰচৰ্চা বিভাগৰ সম্পাদক মহন সাপকটা, ছাত্ৰ জিৰণি কোঠা বিভাগৰ সম্পাদক দীপজ্যোতি শইকীয়া আৰু ছাত্ৰী জিৰণি কোঠা বিভাগৰ সম্পাদিকা পূজা সোনোৱালৰ উপৰিও মহাবিদ্যালয়খনৰ ভালে কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিশেষভাৱে সহযোগিতা আগবঢ়ায়

 অসম গ্ৰন্থমেলা, ধেমাজিত নেচাৰ্চ বেকনৰ ‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’ শীৰ্ষক জনপ্ৰিয় বক্তৃতানুষ্ঠান
নেচাৰ্চ বেকনৰ ‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’ শীৰ্ষক জনপ্ৰিয় বক্তৃতানুষ্ঠানটি ধেমাজিত দ্বিতীয়বাৰৰ বাবে যোৱা ইং ১১ নৱেম্বৰ, ২০২২ তাৰিখ, শুক্ৰবাৰে ধেমাজি কাছাৰী ময়দানত বিগত ৪ নৱেম্বৰৰপৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ ‘অসম গ্ৰন্থমেলা, ধেমাজি’ৰ মূল মঞ্চত পুৱা ১১.১৫ বজাৰপৰা দিনৰ ৰ.৪৫ বজালৈ অনুষ্ঠিত কৰা হয়৷ নেচাৰ্চ বেকনৰ অহম্‌ বসুধাম্‌ কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক কাৰ্যসূচীৰ ধেমাজি মণ্ডলৰ সমন্বয়ক যুগল সন্দিকৈয়ে আঁতধৰা কাৰ্যসূচীত জনপ্ৰিয় বক্তৃতা অনুষ্ঠানলানিৰ মূল বক্তা নেচাৰ্চ বেকনৰ সন্মনীয় সঞ্চালক তথা বিশিষ্ট প্ৰকৃতিবিদ-লেখক সৌম্যদ্বীপ দত্তৰ লগতে অসম চৰকাৰৰ চ্যুকাফা বঁটা প্ৰাপক, শিল্পী পেন্সনাৰ, তাই গৱেষক পণ্ডিত, বিশিষ্ট চিত্ৰশিল্পী ড॰ পুষ্প গগৈ; ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড॰ উমা কান্ত শৰ্মা, ধেমাজি শিক্ষা ৰেক্টিক্স স্কুলৰ অধ্যক্ষ তথা ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, বিশিষ্ট কণ্ঠশিল্পী ড॰ বনজিত ভট্ট; ধেমাজি উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা, ৰাষ্ট্ৰীয় কৃতী শিক্ষয়িত্ৰী তথা ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনীতা চৌধুৰী গাৰোডিয়া; ধেমাজি নগৰ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা বিষয়া, সমাজকৰ্মী ডাঃ লক্ষ্য কুমাৰ সন্দিকৈ; বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী, লেখক উমেশ খাণ্ডেলিয়া; গোগামুখ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক, লেখক, গীতিকাৰ, সমাজকৰ্মী দিগন্ত কুমাৰ কাকতি; ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দ্বিপেন দত্ত প্ৰমুখ্যে বিশিষ্ট অতিথিসকলে অংশগ্ৰহণ কৰে৷ সভাৰ অভ্যাগতসকলৰ নেচাৰ্চ বেকনৰ তৰফৰপৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধন জনোৱাৰ উপৰিও নেচাৰ্চ বেকনৰ অন্যতম এগৰাকী শুভাকাংশী তথা বয়োজ্যেষ্ঠ শিক্ষাবিদ-গৱেষক পণ্ডিত হিচাপে ড॰ পুষ্প গগৈক নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তদেৱে দত্তদেৱৰ নৱতম গ্ৰন্থ ‘অসমৰ অৰণ্য, অভায়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান’ শীৰ্ষক গ্ৰন্থখনেৰে বিশেষ সম্বৰ্ধনা জনায়৷ অনুষ্ঠানত মণ্ডল সমন্বয়ক যুগল সন্দিকৈয়ে নেচাৰ্চ বেকনৰ জন্ম ইতিবৃত্ত আৰু ৪০ বছৰীয়া পৰিক্ৰমা অতিক্ৰমি আগন্তুক দশকজোৰা সোণালী জয়ন্তী কাৰ্যসূচীৰ এক অন্যতম কাৰ্যসূচী হিচাপে ইতিমধ্যে সমগ্ৰ অসমতে ৰূপায়ণ কৰা অহম্‌ বসুধাম্‌ কৃতে মঙ্গলজনকঃ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক কাৰ্যসূচীৰ চমু আভাস দাঙি ধৰাৰ পিছতে এই জনপ্ৰিয় বক্তৃতানুষ্ঠানটি শুভ উদ্বোধন কৰে ধেমাজি জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাই৷ নিজৰ উদ্বোধনী ভাষণত শ্ৰীযুক্তা ডেকাই এই অনুষ্ঠানটো নেচাৰ্চ বেকনৰ এক সময়োপযোগী পদক্ষেপ বুলি উল্লেখ কৰি এই কাৰ্যসূচীৰ জৰিয়তে বিশেষকৈ বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে৷ ইয়াৰ পিছতে নেচাৰ্চ বেকনৰ এই কাৰ্যসূচীৰে সংযুক্ত হোৱা ধেমাজি শিক্ষা ৰেক্টিক্স স্কুলৰ অধ্যক্ষ ড॰ বনজিত ভট্টই নেচাৰ্চ বেকনৰ এই ব্যতিক্ৰমী কাৰ্যসূচী সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰি বক্তব্য ৰাখে৷ ভৱিষ্যত প্ৰজন্মক পৃথিৱীৰ বাবে মঙ্গলজনক একোগৰাকী ব্যক্তিৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত নেচাৰ্চ বেকনৰ এই পদক্ষেপে এক জনমুখী বলিষ্ঠ ভূমিকা পালন কৰিব বুলি ড॰ ভট্টই তেখেতৰ বক্তব্যত উল্লেখ কৰে৷ ইয়াৰ পিছতে জনপ্ৰিয় বক্তৃতানুষ্ঠানৰ মূল বক্তা সৌম্যদ্বীপ দত্তই নিজৰ বক্তৃতা আৰম্ভ কৰি বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি জৈৱ-বৈচিত্ৰ্য, জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা, প্ৰকৃতি সংৰক্ষণৰ দৰ্শন, ভাৰতীয় দৰ্শনত প্ৰকৃতি সংৰক্ষণ চেতনা আৰু বিশ্বৰ বিভিন্ন দেশৰ সংৰক্ষণ চেতনাৰ তুলনামূলক বিশ্লেষণ আদি বিভিন্ন দিশ উপস্থাপন কৰি এক মননশীল আৰু মনোগ্ৰাহী বক্তৃতা আগবঢ়ায়৷ লগতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰত্যেককে পৃথিৱীৰ বাবে মঙ্গলজনক একোগৰাকী ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিবলৈ আহ৩ান জনয়৷ নিজৰ বক্তৃতাৰ লগতে তেওঁ উপস্থিত ভালেকেইগৰাকী ছাত্ৰ-ছাত্ৰী আৰু বয়োজ্যেষ্ঠ লোকৰ কেইবাটাও প্ৰশ্নৰ বিশ্লেষণাত্মক উত্তৰ দি এক অন্তৰংগ আলাপতো মিলিত হয়৷ সৌম্যদ্বীপ দত্তৰ বক্তৃতাৰ পিছতে বিশিষ্ট অতিথিসকল ক্ৰমে বিনীতা চৌধুৰী গাৰোডিয়া, ড॰ উমাকান্ত শৰ্মা, ডাঃ লক্ষ্য কুমাৰ সন্দিকৈ, দিগন্ত কুমাৰ কাকতি আৰু ড॰ পুষ্প গগৈয়ে অনুষ্ঠানটি সন্দৰ্ভত তেখেতলোকৰ অনুভৱ ব্যক্ত কৰি বক্তব্য ৰখাৰ লগতে নেচাৰ্চ বেকনৰ এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে৷ অনুষ্ঠানৰ শেষত মণ্ডল সমন্বয়ক যুগল সন্দিকৈয়ে অনুষ্ঠানত অংশগ্ৰহণকাৰী সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে গ্ৰন্থমেলাৰ বাকৰিত নেচাৰ্চ বেকনক এই অনুষ্ঠানটি অনুষ্ঠিতকৰণৰ সুবিধা প্ৰদান কৰা বাবে অসম প্ৰকাশন পৰিষদৰ সন্মানীয় সচিব প্ৰমোদ কলিতা তথা আয়োজক সমিতিলৈ শলাগৰ শৰাই আগবঢ়ায় আৰু ‘অসম সংগীত’ পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয়৷ উল্লেখ্য যে গ্ৰন্থমেলা বাকৰিত অনুষ্ঠিত এই অনুষ্ঠানত ধেমাজি উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষয়িত্ৰী, লেখিকা কৰবী দেউৰী; অসম বিজ্ঞান সমিতি, ধেমাজি শাখাৰ সভানেত্ৰী লাৱণ্য লাহন চুতীয়া; তেলিজান শাখা সাহিত্য সভাৰ সভাপতি আনন্দ ৰাম বড়া, ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰাজুমণি ভূঞা, ধেমাজি উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী, লেখিকা, সংগঠক বন্দনা দত্ত হাজৰিকা; ধেমাজিৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়, ধেমাজি উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়, ধেমাজি টাউন হাইস্কুল, মাছখোৱা টাউন হাইস্কুল, ধেমাজি মহাবিদ্যালয়, ধেমাজি বাণিজ্য মহাবিদ্যালয়, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় আদি বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, গাইড, এন এছ এছৰ লগতে গ্ৰন্থমেলালৈ অহা ভালেসংখ্যক ৰাইজকে ধৰি প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠান পৰিচালনাত নেচাৰ্চ বেকন, ধেমাজি আঞ্চলিকৰ গিৰিণ কছাৰী, হোমেন শইকীয়া, নিৰ্মালী বৰশইকীয়া, মুনমী চুতীয়া, তুলিকা চুতীয়া প্ৰমুখ্যে চিত্ৰশিল্পী সদস্যসকলে সহযোগিতা আগবঢ়ায়৷