মহৰীয়া দলনি সংৰক্ষণ কৰো আহক​

Photo Credit : Rituparna Sarma ©
WhatsApp Image 2022-12-07 at 10.47.41 PM

- গোলাপ চন্দ্র শৰ্মা

আৰ্দ্ৰভূমি এখনে এখন ঠাইৰ অৰ্থনৈতিক, পাৰিপাৰ্শ্বিক অৱস্থা আৰু জীৱন-জীৱিকাৰ মান নিৰূপণ কৰে। জলাহভূমিক লৈ পৰিবেশ পৰ্যটন গঢ়ি উঠিব পাৰে । ই প্ৰদূষণ নিয়ন্ত্রণতো উল্লেখযোগ্য ভূমিকা পালন কৰে। জলাহভূমি এখন জৈৱ-বৈচিত্ৰত অতিকে সমৃদ্ধ। আৰ্দ্ৰভূমি এখন লাখ-লাখ পোক পতঙ্গ, মাছ-কাছ, সৰীসৃপ, স্তন্যপায়ী বন্যপ্ৰানী, জলচৰ চৰাই আদিৰ বাসস্থান। 

মহৰীয়া, দৰং জিলাৰ ছিপাঝাৰ মৌজাৰ  অন্তৰ্গত তেনে এখন উল্লেখযোগ্য আৰ্দ্ৰভূমি। স্হানীয় ভাষাত মহৰীয়া দল । জিলা সদৰ মঙ্গলদৈৰ পৰা মাথো ১৮ কি.মি. দূৰৈত অৱস্থিত এইখন জলাহভূমি ইয়াৰ জৈৱ-বৈচিত্ৰৰ বাবে প্ৰসিদ্ধ। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘোঁৰাবান্ধা-গৰুখুটি পথেৰে প্ৰায় ৩ কি.মি.আহিলেই পোৱা যায় এই আৰ্দ্ৰভূমিখন। এই মহৰীয়া দলনি চুই বঠা বিলখন দলৰ-আগ গাওঁৰ ফালৰ পৰা আহি ঘোঁৰাবান্ধা-গৰুখুটি পথ অতিক্রম কৰি  চলা দলনি হৈ সানোৱাৰ ফালে গতি কৰিছে। প্ৰায় ৪০০ বিঘা মাটিকালিৰ এই আৰ্দ্ৰভূমিখন বহুতো স্হানীয় আৰু পৰিভ্ৰমী পক্ষীৰ ৰম্যভূমী। অসমৰ ৩,৫১৩খন আৰ্দ্ৰভূমিৰ এখন অন্যতম এই জলাহভূমিখন বছৰৰ সকলো সময়তে চৰাইৰ কলৰৱত মুখৰিত হৈ থাকে। ২০০৮ চনৰ পৰা মই উত্তৰ-পূব ভাৰতৰ পৰিবেশ সংৰক্ষণকাৰী সংস্থা নেচাৰ্চ বেকনৰ সতে এই আৰ্দ্ৰভূমিত পক্ষী নিৰীক্ষণ কৰি আহিছো। এতিয়ালৈ ১৩০ বিধৰো অধিক প্ৰজাতিৰ পক্ষী ইয়াত নথিভূক্ত কৰা হৈছে । যিহেতু এই দলনিখনৰ চাৰিওফালে হাতীমূৰীয়া, নিজ-ছিপাঝাৰ, ভুক্তাবাৰী, মাৰৈ, বিজুলীবাৰী আদি গাওঁ আছে, সেয়ে কাঠনিৰ চৰাইবোৰো ইয়াত প্ৰত্যক্ষ কৰা যায়। ইয়াত পোৱা চৰাইবোৰৰ ভিতৰত আছে – Steppe Eagle, Common Crane (কনুৱা কৰ্চণ), Crested Serpent Eagle (সাপকটা),  Greylag Goose (দেও ৰাজহাঁহ), Whiskered Tern (কজলা গঙাচিলনী), Marsh Harrier (মাছুৱৈ শেন), Long Legged Buzzard (দীঘল ঠেঙী শেন), Oriental Honey Buzzard (মৌ-খাপ), Osprey (শালখোৱা), Pallid Harrier, Pied Harrier (পখৰা মাছুৱৈ শেন), Red necked Falcon, Shikra (বাৰীশেন), White Eyed Eagle,  Bar headed Goose (ধৃতৰাজ), Northern Pintail (দীঘল নেজী হাঁহ), Northern Shoveler (খন্তীয়া হাঁহ), Lesser Whistling Duck (শৰালি হাঁহ), Common Teal (ঘিলা হাঁহ), Gadwall (মুগী হাঁহ), Common Pochard (গোধাকলী হাঁহ), Red Crested Pochard (ৰঙামূৰী হাঁহ), Garganey (কাজলবুলীয়া), Cotton Pygmy Goose (কিকি হাঁহ), Pied Avocet (ওপৰঠুঁটিয়া বগ),Grey Heron (হালখেদা), Purple Heron (আজান), Pond Heron (কনা মুচৰী), cattle Egret (গো-বগ), Great Egret (বৰ বগ), Intermediate Egret (মাজু বগ), Little Egret (টেটেৰী বগ), Cinnamon Bittern (ইটাগুৰীয়া), Black-Crowned Night Heron (সাজ বগ/ৱাক চৰাই), Little Grebe (পানীডুবি), Great Cormorant (দৈকলা), Little Cormorant (পানী কাউৰী), Darter (মনিয়ৰী),  Lesser Adjutant (হাড়গিলা), Greater Adjutant (বৰটোকোলা), Black Headed Ibis (আকুহী বগ), Glossy Ibis (ইটাগুৰীয়া আকুহী বগ), Asian Openbill (শামুক ভঙা), Black-necked Stork (তেলীয়া সাৰেং), Woolly Necked Stork (কনুৱা), Spot-Billed Pelican (ভেলা), Black Winged Stilt(), White Breasted Waterhen (ডাউক), Purple Swamphen (কাম চৰাই), Common Moorhen (কোৰা ঢেকৰ), Waterhen (কোৰা চৰাই), Common Coot (নল ঢেকৰ), Ruddy Breasted Crake (ৰঙা জিকৰ), Pheasant Tailed Jacana (দল ম’ৰা),  Bronze Winged Jacana (দল পুঙা),Common Kestrel(), Bluethroat (নীলকণ্ঠী), Blue Tailed Bee-eater (বাহপাতি), Grey backed Shrike (এৰাখাটী), Grey headed Lapwing (দলঘোঁৰা),  Northern Lapwing (শিলঘোঁৰা), Common Redshank (ৰঙা ঠেঙী), Common Greenshank (পাত ঠেঙী), Green Sandpiper (বালি বগুৱা), Wood Sandpiper (মূৰলৰি), Marsh Sandpiper (বোকাপানী খোচৰা), Black Winged Stilt (দীঘল ঠেঙী চহা), Greater Painted Snipe (ৰংচঙীয়া বালি খোচৰা), Pacific Golden Plover (সোনালী লৰিয়লি), Little Ringed Plover (লৰিয়লি), White Wagtail (বালিমাহী) , Yellow wagtail (হালধীয়া বালিমাহী) , Citrine Wagtail, Red Throated Thrush, Red Breasted Flycatcher, আদি অনেক। 

WhatsApp Image 2022-12-01 at 11.21.19 PM (1)

বাৰিষাকালত জলস্তৰ বৃদ্ধি হৈ গোটেই অঞ্চলটো জলময় হৈ পৰে। দৰং জিলাৰ এই আৰ্দ্ৰভূমিখন থলুৱা মাছৰ বাবেও  প্ৰসিদ্ধ । এই আৰ্দ্ৰভূমিখনত পোৱা মাছবোৰৰ ভিতৰত কুঢ়ি মাছ (Labeo gonius), ৰৌ মাছ (Labeo rohita), মিৰিকা মাছ (Cirrhina mrigala), ককিলা মাছ (Gar pike/ Xenentodon cancila), বৰালি মাছ (Wallago attu), শিঙি মাছ (Heteropneustis fossilis),  মাগুৰ মাছ (Clarius batrachus), গৰৈ মাছ (Channa punctatus), শ’ল মাছ (Channa striatus), কাৱৈ মাছ (Anabas testudineus), চিতল মাছ (Notopterus chitala), কান্দুলি (Notopterus notopterus), চেলকণা (Salmostoma boopis), পুঠি মাছ (Puntius stigma),  কানি পুঠি (Puntius ticto), খলিহনা (Colisa asieata), ৰঙা খলিহনা (Colisa lalia), ভেচেলি বা বেছা মাছ (Colisa sota), কুচিয়া (Amphipnous cuchia), মোৱা মাছ (Ambly pharyngodonmola), চন্দা (Chanda nama), ডঁৰিকণা (Rasbora daniconius), পাটীমূতুৰা (Glossogobius giuris), শিঙৰা (Mystus vittatus), চেঙেলী(Channa gachua), তোৰা (Macrognathus aral), বটিয়া (Nemacheilus botia), বৰিয়লা (Barilius bola), আদি প্ৰধান । 

তাৰোপৰি নানা ধৰণৰ সাপ যেনে, Common bronzeback (কৰ্শলা সাপ), Banded Krait (গোৱালা), Monocled Cobra (চকৰী ফেঁটী), Indian Rat Snake (হুলাবৰীয়া/মচোৱা গোম), Rainbow Mud Snake (মেনী-সাপ), Copper Headed Trinket (ধুন্দুলী ফেঁটী), Buff Striped Keelback (বামুণী সাপ), Checkered Keelback (ঢোৰা), আদি ইয়াত বিদ্যমান। ইয়াত গুইসাপ (Monitor Lizard), Assam Roof Turtle (দুৰা কাছ) , Indian Flapshell Turtle (বাঘ দুৰা), আদিও পোৱা যায়। 

ছিপাঝাৰৰ পৰিবেশতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰ্দ্ৰভূমিখন  বচাবলৈ হ’লে ইয়াৰ ওচৰ পাজৰৰ পথাৰত কীটনাশক,  অপতৃননাশক, আদিৰ ব্যৱহাৰ কম কৰিব লাগিব। এই জলাহভূমিত বিচৰণ কৰা জলচৰ চৰাইবোৰৰ সংখ্যা দিনে দিনে কমি অহাৰ অন্যতম কাৰণ হৈছে – চিকাৰ আৰু অবৈধ ব্যৱসায়। পক্ষী নিৰীক্ষণ কৰিবলৈ যোৱাৰ সময়ত মহৰীয়াৰ ওচৰে পাজৰে লগ পোৱা প্ৰায়বোৰ লোকৰ লগত নেচাৰ্চ বেকনৰ সঘনাই আলোচনা হয় এই বিষয়ে। অনুভৱ হয় – আমি (নেচাৰ্চ বেকনে) লগ পোৱা যথেষ্ট সংখ্যক লোকে বৰ্তমান বুজি উঠিছে বনৰীয়া চৰাইৰ তথা আৰ্দ্ৰভূমিৰ গুৰুত্ব। এই জলাভূমিৰ বিষয়ে গৰখীয়া আৰু খেতিয়কসকলৰ পৰা বহু তথ্য পোৱা যায়। যোৱা শীতকালত অহা Common Crane (কনুৱা কৰ্চণ)ৰ বিষয়ে তেওঁলোকেই আমাক প্ৰথমে জনাইছিল । যোৱাবছৰ চোৰাং চিকাৰীয়ে চৰাই ধৰিবলৈ পাতি থোৱা ৭(সাত)খনকৈ জাল তেওঁলোকে নষ্ট কৰিছে। চোৰাং চিকাৰীৰ গ্ৰাহক কিন্তু আমাৰ সমাজৰে কিছু সংখ্যক শিক্ষিত লোক। 

নেচাৰ্চ বেকনৰ সোনালী জয়ন্তী দশক উৎযাপনৰ এক বৰ্ণিল যাত্রা “মই পৃথিবীৰ বাবে মঙ্গলজনক”ৰ সাতখলি-হাতীমূৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ১৪ নৱেম্বৰ, ২০২২ত অনুষ্ঠিত পুৰস্কাৰ বিতৰণ আৰু প্ৰকৃতি সংৰক্ষণৰ সজাগতা সভাত এই আৰ্দ্ৰভূমিখনৰ গুৰুত্বক লৈ আলোচনা হয়। লগতে এই জলাহভূমিখনত নেচাৰ্চ বেকনে অতি শীঘ্রে ছাত্র-ছাত্ৰীসকলক লৈ এটা প্ৰকৃতি শিবিৰ আয়োজনৰ পৰিকল্পনা কৰে।

এই অনন্য জলাহভূমিখন অসম চৰকাৰে অতি শীঘ্রে পক্ষী অভয়াৰণ্য (Bird Sanctuary) ঘোষনা কৰি সংৰক্ষণৰ বাবে যথাযথ ব্যৱস্থা লব লাগে। নহলে উন্নয়নৰ নামত এই আৰ্দ্ৰভূমিখন ধ্বংসৰ মুখলৈ গতি কৰিব। ইয়াৰ ৰক্ষণাবেক্ষণৰ বাবে সমূহ ছিপাঝাৰবাসীক আহ্বান জনালোঁ। ইতিমধ্যেই আমি বহুতো দুষ্প্রাপ্য বন্যপ্রাণ হেৰুৱাই পেলাইছো; গতিকে সময় থাকোতেই এই জলাহভূমিখন বচাও আহক।