

- গোলাপ বৰা
এখন কিতাপ পঢ়িলোঁ। কিতাপখনৰ নাম ‘উদ্ভাসিত মায়াবন‘। লেখক সৌম্যদ্বীপ দত্ত। পোন্ধৰ দিনত গ্ৰন্থখন পঢ়ি শেষ কৰিলোঁ। গ্ৰন্থখনে মোক বিমল আনন্দ প্ৰদান কৰিলে। লেখক সৌম্যদ্বীপ দত্ত মানুহজনৰ বিষয়ে মোৰ এক ধাৰণা জাগিল।
সৌম্যদ্বীপ দত্ত অৰণ্যৰ বাবে উচৰ্গিত এটি আত্মা। প্রেম ভক্তিৰে ভক্তজনে যিদৰে ঈশ্বৰ উপাসনা কৰে ঠিক সেইদৰেই ইজনেও কৰিছে অৰণ্য উপাসনা। সেয়ে তেওঁৰ জীৱন সাধনা। আমাৰ এটি লোকগীতে কৈছে– “ঘৰ ভৈলা বাহিৰ গুৰু মোৰ/বাহিৰ ভৈলা ঘৰ/পৰ ভৈলা আপোন গুৰুহে মোৰ/আপোন ভৈলা পৰ। নিবিৰ ঘন অৰণ্য আৰু তাতে বাস কৰা জীৱকুল এতিয়া তেওঁৰ হ‘ল বুকুৰ আপোন, সুহৃদ কুটুম। সিহঁতৰ প্ৰতি জাগিল দয়া আৰু প্রেম। ইয়াৰে ৰাগীত মতলীয়া হৈ ঘৰ এৰি অৰণ্যকে ঘৰ বুলি অঘৰীৰ জীৱন সাৱটিলে। অৰণ্যৰ সৈতে এই সম্বন্ধ জানো এইজনমৰ? নহয়, এই সম্বন্ধ জন্ম–জন্মান্তৰৰ। নহ‘লেনো দিন–ৰাতি একাকাৰ কৰি অৰণ্যৰ ৰূপ মাধুৰী পান কৰি ঘূৰি ফুৰেনে? নিজান বনত অকলে অকলে হিয়াৰ গীতিকা গোৱা সৌম্যদ্বীপ দত্ত এজন আজন্ম ‘বন বৈৰাগী‘।
হিমালয়ৰ পাদদেশ অৰুণাচলৰ পাক্কে অৰণ্যত প্ৰৱেশ কৰি তাত বসবাস কৰা বালিচাহী, পোক, পৰুৱা, পতঙ্গ আৰু পক্ষীকুলৰ বাৰ্তা আমাক দিছে। সিহঁতৰ বিচৰণ, আচৰণ আৰু জীৱন জীৱিকাৰ কথা আমাক জনাইছে। বন্যজন্তুৰ স্বভাৱ চৰিত্ৰ সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে। অৰণ্য অঞ্চলত বাস কৰা লোকসকলৰ জীৱনচৰ্য্যা অধ্যয়ন কৰি তেওঁলোকৰ সুখ দুখৰ কথা আমাক কৈছে। কৈছে আনৰ মাত হুবহু নকল কৰিব পৰা ভীমৰাজ পক্ষীৰ কথা। কৈছে পাক্কে অৰণ্যত দেখা বান্দৰ আৰু নেউলৰ ৰোমাঞ্চকৰ যুঁজখনৰ কাহিনী। গহীন অৰণ্যত নিশা কটাই তেওঁ শুনিছে নিশাচৰ পক্ষীৰ মাত; শুনিছে বন্য জন্তুৰ কলিজা কঁপোৱা চিঞৰ।

বন্যপ্রাণী সংৰক্ষণৰ কথা আমি কৈ থাকিলে কিবা লাভ হ‘ব জানো? যদি অৰণ্যই নাথাকে। আদিম কালৰে পৰা প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অৰণ্যত হে পক্ষীকুল, বন্যপ্রাণীসমূহে স্বছন্দে নিৰাপদে থাকি বংশ ৰক্ষা কৰিব পাৰিব। শ্যামলীমা প্ৰকৃতিৰ সংৰক্ষণৰ চেতনা জাগৃত কৰিবৰ কাৰণে এইজন সদ্য ব্যস্ত ব্যক্তিয়ে শেষত হাতত কলম তুলি ল‘লে। আমাৰে সৌভাগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃতি সংৰক্ষণ, অসমৰ বন্যজন্তু, উত্তৰ পূৰ্বাঞ্চলৰ পক্ষীকুল, অসমৰ অভয়াৰণ্যৰ বিষয়ে কেইবাখনো গ্রন্থ ইতিমধ্যে প্ৰকাশ হ‘ল। পিছে মোৰে দুৰ্ভাগ্য সেই গ্রন্থসমূহ পঢ়া নাই। সৌম্যদ্বীপ দত্তৰ “উদ্ভাসিত মায়াবন” পঢ়ি অনুভৱ কৰিছোঁ তেওঁৰ কিতাপবোৰ আনি পঢ়িম। “উদ্ভাসিত মায়াবন” পঢ়ি আমাৰ পুৰণি অসমখনৰ অৰণ্য আৰু তাত বাস কৰা জীৱকুলৰ সবিস্তাৰ বৰ্ণনা পালো। উল্লেখযোগ্য কথাটো এয়ে যে–লেখকে যিসমূহ অৰণ্যত পদার্পণ কৰিলে, সেই অঞ্চলৰ ইতিহাসৰ বিৱৰণো গ্ৰন্থখনিত সন্নিবিষ্ট কৰিছে। পবিতৰা অৰণ্যলৈ গৈ মায়ং অঞ্চলৰ ইতিহাসো বৰ্ণাইছে। নামেৰি বন অৰণ্যৰ মাজেৰে প্ৰবাহিত জীয়াভৰলী নদীখন। নদীখনৰ উৎপত্তিস্থল তিব্বত। কালিকা পুৰাণত উল্লেখ কৰা ভৈৰৱী নদীখনেই যে জীয়াভৰলী এই কথা গ্রন্থখন পঢ়িহে গম পালো। লুপ্তপ্রায় দেওহাঁহ জীয়াভৰলীত চৰেহি এই কথাৰো সন্ধান পালো।

সৌম্যদ্বীপ দত্তৰ আদৰ্শ পুৰুষ বুদ্ধদেৱ। এই কথা গ্রন্থখনি পঢ়ি মই নিশ্চিত হ‘লো। এটি সাক্ষাৎকাৰত তেওঁ কৈছিল— “মোৰ প্ৰকৃতি সংৰক্ষণৰ চেতনা বুদ্ধ চেতনাৰ দ্বাৰা প্ৰভাৱিত, ভাৰতীয় সংৰক্ষণ ধাৰাৰ দ্বাৰা সংপৃক্ত।”
ভাৰতীয় পুৰাণ শাস্ত্ৰত পাওঁ তাহানিৰ ঋষিমুণিসকলে নগৰীয়া কোলাহলৰ পৰা আঁতৰি নিবিৰ ঘন অৰণ্যকে তপস্যাৰ স্থান হিচাপে নিৰ্বাচন কৰি তাতে বাস কৰিছিল। অৰণ্যৰ জীৱকুলৰ প্ৰতি তেওঁলোকৰ আছিল দয়া। কন্বমুণিয়ে সেয়েহে সসৈন্যে চিকাৰ কৰিবলৈ অহা চন্দ্ৰবংশী ৰজা দুষ্মন্তক বন্যপ্রাণী হত্যা কৰি আশ্ৰমৰ শান্তি ভঙ্গ নকৰিবলৈ নির্দেশ দি বাধা প্রদান কৰিছিল।
২৬(ছাব্বিশ) টা অধ্যায়ৰ ৬৬৭ পৃষ্ঠাৰ গ্ৰন্থখনে ইটো অধ্যায়ৰ লগত সিটো অধ্যায়ৰ ধাৰাবাহিকতা ৰক্ষা কৰি কাহিনীভাগ সাৱলীলভাৱে আগুৱাই নিছে যাৰবাবে মইও পাঠক হিচাপে তেওঁ বৰ্ণনা কৰা চিত্ৰকল্প আৰু ঘটনাবোৰ মানস চকুৰে দেখি তেওঁৰ পিছে পিছে মন্ত্রমুগ্ধ হৈ গৈ আছো। মইও গৈ প্ৰৱেশ কৰিছো অৰুণাচলৰ নিছিসকলৰ গাঁও জুলি বস্তিত। জুইৰ উম লৈছোঁ “জোগেম তানাৰ জুইশালত।” লেখকৰ লগতে জোগেম তানাৰ পত্নী পোংনি বায়ে ৰন্ধা কচুগুটিৰ আঞ্জাখনৰ জুতি যেন মইও লৈছোঁ।
অৰুণাচলৰ বাসিন্দা (নিছি) সকলৰ মনত অপদেৱতাৰ প্ৰভাৱৰ বিষয়ে লেখকে এটি সুন্দৰ কাহিনী গ্ৰন্থখনত দিছে। অপদেৱতাটো বাঘৰ ৰূপ লৈ ঘূৰি ফুৰে আৰু সি সন্ত্ৰাসৰ সৃষ্টি কৰে। এয়ে বাসিন্দাসকলৰ দৃঢ় বিশ্বাস। তাত বাস কৰা ওজা (বেজ) জনেই তেওঁলোকৰ একমাত্র ত্রাণকর্তা। তেওঁ যি নির্দেশ দিয়ে তাকেই তেওঁলোকে মানি লয়। সেই বাঘৰূপ ধৰা দেৱতাটো আচলতে কি তাৰো ৰহস্য ভেদ কৰিলে লেখকে।
দোগেম তানাৰ ল‘ৰা হাৰে তানাই ‘আহ, আহ‘ বুলি মাতোতে অৰণ্যৰ পৰা ওলাই আহি হাৰে তানাৰ হাত চেলেকি নিমখ খোৱা মেঠোন পাঁচটাৰ মনোৰম বৰ্ণনাইও পঢ়ুৱৈক মুগ্ধ কৰিব। পূজা–পাতলত বিশ্বাসী নিছি জনগোষ্ঠীসকলে পাক্কে নদীক পূজা দিয়ে তেওঁৰ সংহাৰ ৰূপৰ পৰা পৰিত্ৰাণ পাবলৈ, সেই কথাও বৰ্ণনা কৰিছে লেখকে।

গ্রন্থখনিতে লগ পাও নিষ্ঠাবান বন বিষয়া ‘শ্যামলকান্তি সোমবাবুক‘। এই বিষয়াজনৰ কৰ্মনিষ্ঠা, বন্যজন্তুৰ প্ৰতি থকা তেওঁৰ কৰুণাৰ কথা গ্ৰন্থকাৰে বৰ্ণনা কৰিছে। পাক্কে নদীৰ পাৰৰ সাৰুৱা মাটিত খেতি কৰি টঙীঘৰত থকা অসমীয়া নেপালী ভগৱান মঘৰ। এওঁৰ লগত বন্ধুত্ব স্থাপন কৰি লেখকে কেইবাটিও নিশা টঙী ঘৰত কটাইছিল। তাৰো মনোৰম কাহিনী গ্রন্থখনত আছে।
গ্ৰন্থকাৰৰ লেখনিৰ কোনো কোনো অংশ কাব্যিকতাৰে ভৰা। প্ৰকৃতিৰ ৰূপ বৰ্ণনাত তেওঁ সিদ্ধহস্ত। তেওঁৰ লেখাত পোৱা বহু চিত্ৰকল্পৰ মাজৰে এটি উদাহৰণ পঢ়ুৱৈসকললৈ আগবঢ়ালো-“এখন মহাঅৰণ্যৰ মাজেৰে মই খোজকাঢ়ি আছো। বাটটো চিধা, যেন অসীম অৰণ্যৰ বুকু ভেদ কৰি সন্মুখৰ ফালে প্ৰসাৰিত। বাটৰ দুয়োপিনৰ নিবিৰ বন ৰাশিয়ে যেন বাটটোক ইফাল সিফাল কৰিবলৈ দিয়া নাই। এখন ডাঙৰ কেনভাছত যেন এখন অৰণ্যৰ ছবি কোনোবাই আঁকি থৈছে; তাতে মোৰ সন্মুখত থকা আকাশখনত বগা বগা ডাঙৰ মেঘৰ টুকুৰা ভাহি আছে। এই মেঘবোৰ যেন আকাশৰ শোভা। সমগ্ৰ বাটটো সৰু সৰু ঘাঁহনিৰে পৰিপূৰ্ণ হৈ আছে। ঘাঁহবোৰৰ মাজত ঠায়ে ঠায়ে সৰু সৰু ফুল ফুলি আছে। কাষে কাষে শাৰীবদ্ধভাৱে ডাঙৰ ডাঙৰ গছ; এই গছবোৰৰ কাণ্ডবোৰে অৰণ্যক যেন প্রাচীনতা প্ৰদান কৰিছে। গছবোৰৰ পাতে পাতে যেন সেউজ যৌৱনৰ শিহৰণ আৰু গছবোৰৰ কাণ্ডবোৰৰ পিনে দৃষ্টি দিলে অনুভৱ হয়, যেন যুগ যুগ ধৰি সেইবোৰ অৰণ্যৰ আদিশক্তিৰূপে তাত থিয় দি আছে। মাজে মাজে বনৰীয়া চৰাইৰ মাতেৰে গুঞ্জৰিত হৈছে অৰণ্য। মই আগুৱাই গৈ আছো, স্থিৰ সেউজীয়া এখন চিত্ৰৰ মাজত মই যেন এটা চলমান প্রাণী।” (পৃষ্ঠা–২৯৪)

গ্ৰন্থখনত পোৱা এটি ঘটনা উল্লেখ কৰিলো। পাক্কে অৰণ্যত গৈ কিছুদিন দীঘলীয়াকৈ লেখকে বাহৰ পাতিব। যাৱতীয় সামগ্ৰী কিনিবলৈ তেওঁ তেজপুৰলৈ আহিল। সামগ্ৰী কিনিবৰ কাৰণে অৰ্থৰ অভাৱ হোৱাত ৯০০০/- (ন হেজাৰ) টকাত হাতৰ আঙঠিটো বিক্ৰী কৰি সামগ্ৰী কিনি উলটি গ‘লগৈ। কথাখিনি পঢ়ি অভিভূত হ‘লো।
গ্ৰন্থখনৰ ঠায়ে ঠায়ে পোৱা তেওঁৰ বক্তব্য মূল্যবান একো একোটা বাণীয়ে এনে অনুভৱ হয়; যেনে– “অৰণ্য সমগ্ৰ প্ৰাণীকুলৰ মাতৃ গৰ্ভস্বৰূপ। পৃথিৱীৰ প্ৰাণীবোৰে যুগ যুগ ধৰি অহা যোৱা কৰিছে অৰণ্যক অৱলম্বন কৰি।অৰণ্যৰ গৰ্ভৰ পৰাই সকলো সভ্যতাৰ আৰম্ভণি; আকৌ অৰণ্যতেই সকলো লুপ্ত সভ্যতাৰ শেষ অৱস্থান।” গ্ৰন্থখনৰ পৰিবেশক ‘বনলতা‘ ডিব্ৰুগড়–১০, গুৱাহাটী–১। প্রকাশক ‘ক্রিয়েটিভ ডিজাইন‘। প্রচ্ছদ অলংকৰণ আশীষ দেৱনাথ, দাদুল চলিহা, ডিব্ৰুগড়। মূল্য–৪০০.০০ (চাৰিশ) টকা মাত্ৰ। অৰণ্য সংৰক্ষণ, অৰণ্যৰ জীৱকুলৰ হিত সাধনৰ হকে নৱপ্ৰজন্মৰ যিসকল ডেকা–গাভৰু আগবাঢ়ি আহিছে তেওঁলোকে এই গ্ৰন্থখনি অধ্যয়ন কৰিলে উপকৃত হ‘ব।
শাক্যমুণি সিদ্ধার্থ প্রভু গৌতম বুদ্ধই অক্লান্ত সৈনিক সৌম্যদ্বীপ দত্তক শক্তি আৰু আশিস প্রদান কৰি কুশলে ৰাখক। ইয়াকে কামনা কৰিলো।
