সম্পাদকীয় এপ্ৰিল ২০২৩

IMG_20210110_133024a

কংকণা দাস

কিছুদিনৰ পৰা দেশ বিদেশৰ প্ৰায়বোৰ মিডিয়াতেই সঘনেই প্ৰচাৰিত হৈছে তিব্বত সম্পৰ্কীয় খবৰ। তিব্বত আৰু তিব্বতীলোকসকলৰ স্বাধীনতাৰ হকে সমগ্ৰ বিশ্বৰে একাংশ লোকে আন্দোলন আৰম্ভ কৰিছে। কিয়নো তিব্বত বৰ্তমান এখন পৰাধীন ৰাষ্ট্ৰ । নিৰ্বাসিত তিব্বতী লোকসকলৰ ধৰ্মগুৰু পৰম পাৱন দালাই লামা, যাৰ নেতৃত্বত তেওঁলোকে স্বাধীনতাৰ সপোন ৰচে। । প্ৰাকৃতিক সম্পদেৰে ভৰপুৰ শান্তিপ্ৰিয় তিব্বত দেশৰ বাসিন্দা সকলে শ শ বছৰ নিজস্ব পৰম্পৰাৰে তাক সংৰক্ষণ কৰি আহিছিল। ভাৰতবৰ্ষৰ মহামনিষী গৌতম বুদ্ধৰ দ্বাৰা প্ৰৱৰ্তিত দৰ্শনত বিশ্বাসী এই মানুহ খিনিয়ে বৈষয়িক বিলাস আৰু ভোগবাদী চিন্তা পৰিহাৰ কৰি শান্তিপূৰ্ণভাৱে তিব্বতত বসবাস কৰি আছিল। ১৯৫৯ চনত তিব্বত কমিউনিষ্ট চীনৰ আগ্ৰাসনৰ বলি হয়। লাখ লাখ তিব্বতী লোকক তিব্বত এৰিবলৈ বাধ্য কৰোৱা হয়। প্ৰিয় স্বদেশ এৰি এক অজানা ভৱিষ্যত লৈ নিৰ্বাসিত হয় এই তিব্বতী লোকসকল। তিব্বতৰ হকে, তিব্বতী লোকসকলৰ হকে সেই সময়ত কোনো দেশেই মাত নামাতিলে। আজিও চীনে তিব্বতত কৰা জোৰ জুলুম শেষ হোৱা নাই। কমিউনিষ্ট চীনৰ তিব্বত ভূখণ্ডৰ লগতে ভাৰতৰ লেহ লাডাখ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা লালসাৰ একমাত্ৰ কাৰণ হ’ল ইয়াৰ প্ৰাকৃতিক সম্পদ। তিব্বতত উৎপত্তি হোৱা চাংপোকে আদি কৰি বিভিন্ন নদ নদী সমূহ আৰু ভূ গৰ্ভৰ তলৰ খনিজ সম্পদ সমূহৰ অপব্যৱহাৰ কৰি চীনৰ কমিউনিষ্ট চৰকাৰে পৃথিৱীৰ ভিতৰতে শক্তিশালী হ’ব বিচাৰে। ভয়াতুৰ চীনৰ সম্পদৰ এই লালসাই প্ৰকৃতিক ভগৱান বুলি বিশ্বাস কৰা তিব্বতী লোকসকলৰ জীৱন দুৰ্বিসহঃ কৰি তুলিছে।

 
আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ অৰ্থাৎ তিব্বতৰ চাংপো চীনৰ হাতত ইতিমধ্যেই. ক্ষতিগ্ৰস্ত। ব্ৰহ্মপুত্ৰ নোহোৱা হোৱা মানেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা নিশ্চিহ্ন হৈ যোৱা। আমাৰ অৰণ্য, জংঘল, প্লাৱনভূমি, আৰ্দ্ৰভূমি সকলো ব্ৰহ্মপুত্ৰৰ লগতে নিশ্চিহ্ন হৈ যাব। যদি আমি সঁচাই প্ৰকৃতি পৰিৱেশ সুৰক্ষাৰ প্ৰতি সমৰ্পিত তেনেহ’লে তিব্বতৰ বিষয়টোও আমি আওকাণ কৰিব নোৱাৰো। কাৰণ তিব্বতৰ নদী সমূহ সমগ্ৰ ভাৰতবৰ্ষৰ নদী সভ্যতাৰ মাতৃস্বৰূপ। তিব্বতৰ প্ৰাকৃতিক সম্পদৰ ওপৰত কৰা অত্যাচাৰ সমগ্ৰ ভাৰতবৰ্ষ তথা পৃথিৱীৰ সম্পদৰ বাবেই ভাবুকিস্বৰূপ। সেয়েহে ৰঙা চীনৰ কাৰচাজিৰ প্ৰতি জনা বা নজনাকৈ সমৰ্থন আগবঢ়োৱাটো নিজ জাতি, নিজ দেশৰ প্ৰতি কৰা অন্যায়। তিব্বতী ধৰ্মগুৰু পৰম পাৱন দালাই লামা কেৱল  ধৰ্মগুৰুৱেই নহয়, তেওঁৰ অহিংস দৰ্শন আৰু কৰুণা মৈত্ৰীৰ বাণী সমগ্ৰ জীৱকুলৰ বাবে জীৱনদায়ক। এনে স্থলত কমিউনিষ্ট চীনৰ নিৰ্দেশত প্ৰচাৰিত আৰু প্ৰসাৰিত কিছু উদ্দেশ্য প্ৰণোদিত বাৰ্তাৰ বিষবাষ্প সমাজত বিয়োপোৱাই সমগ্ৰ সমাজত অস্থিৰতাৰ সৃষ্টি কৰিলে, পৰোক্ষভাৱে তিব্বত তথা ভাৰতৰ পৰিস্থিতিতন্ত্ৰক তচনচ কৰি দিব পৰা যাব। সেয়ে আমি ভাৰতীয় সকল এনে কু অভিসন্ধি ৰ প্ৰতি  সজাগ হ’ব লাগে। তিব্বতৰ স্বাধীনতাই ভাৰতবৰ্ষৰো পৰিৱেশ সংৰক্ষণৰ দিশতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।