Natural History & Its Unsolved Mysteries – ‘বুৰু’ কাহিনী

শিল্পী নেভ্ পাৰ্কাৰৰ কল্পনাত 'বুৰু'ৰ ছবি
WhatsApp Image 2023-05-13 at 7.22.05 PM

- ৰূপম বৰুৱা

‘বুৰু’ ৰ বিষয়ে প্ৰথম শুনিছিলো পণ্ডিত, সাহিত্যিক প্ৰয়াত ড° প্ৰফুল্ল দত্ত গোস্বামী ছাৰৰ মুখত। এদিন হিমালয়ৰ য়েতি, স্কটলেণ্ডৰ লকনেছ দানৱ আদি ৰহস্যময় প্ৰাণী সম্পৰ্কে কিবা এক আলোচনা প্ৰসংগত তেখেতে কৈছিল বুৰুৰ কথা। অৰুণাচল প্ৰদেশৰ আপাতানিসকলৰ মাজত হেনো জনবিশ্বাস আছে-বহুকাল আগতে এক প্ৰকাণ্ড সৰীসৃপ দানৱৰ বাস আছিল সেই অঞ্চলত, যাক আপাতানিসকলে বুৰু বুলি কৈছিল। অলপতে মই ‘ছাৰ্চিং ফৰ হিডেন এনিমেলছ’ নামৰ এখন কিতাপত এই ‘বুৰু’ ৰ বিষয়ে কিছু কথা জানিবলৈ পাইছোঁ। কিতাপখনৰ লিখক ড° ৰয় পি মেকেল।তেওঁ আমেৰিকাৰ এজন বিশিষ্ট প্ৰাণীতত্ত্ববিদ আৰু বিশেষকৈ ৰহস্যময় জীৱ জন্তু সম্পৰ্কে গৱেষণা, অনুসন্ধান আদিত তেওঁ ইতিমধ্যে যথেষ্ট খ্যাতি অৰ্জন কৰিছে। বহুতেই হয়তো জানে ১৯৮১ চনত মেকেল চাহাবে আফ্ৰিকাৰ কংগোৰ গভীৰ অৰণ্যত জীৱন্ত ডাইনোচৰ- স্থানীয় লোকৰ ভাষাত ‘মোকেলেম্বেম্বে’ – বিচাৰি ব্যাপক অনুসন্ধান চলাইছিল। সেই যাত্ৰাত মেকেলে ডাইনোচৰ বিচাৰি পোৱা নাছিল যদিও কংগোৰ গভীৰ দূৰ্গম এলেকাত- জুৰাছিক যুগৰ উদ্ভিদ বৰ্তি থকা সেই পৰিৱেশত ডাইনোচৰ জাতীয় প্ৰাগঐতিহাসিক জীৱ থকাৰ সম্ভাৱনাৰ কথা তেওঁ এতিয়াও বিশ্বাস কৰে। মেকেলৰ পৰিচয় দিওঁতে মূল প্ৰসংগৰ পৰা আঁতৰি আহিছোঁ। পুনৰ ‘বুৰু’ ৰ কথালৈ আহোঁ।

ৰাল্ফ ইজাৰ্ডৰ 'দা হান্ট ফৰ দা বুৰু' গ্ৰন্থখন

অৰুণাচলৰ আপাতানি জনগোষ্ঠীৰ মাজত চলি অহা কিম্বদন্তি মতে সেই উপত্যকাত একালত ‘বুৰু’ নামৰ সৰীসৃপ বিধৰ বাস আছিল। বহু যুগ আগতে হেনো এতিয়াৰ আপাতানি মালভূমিত এক বিশাল হ্ৰদ আছিল। তেতিয়া তাত মানুহৰ বাস নাছিল। সেই হ্ৰদৰ পানী আৰু কতাৰ আশে পাশে থকা জলাহবোৰত চৰি ফুৰিছিল বুৰুৱে। দীঘলে প্ৰায় ১৫ ফুট এইবিধ জীৱৰ গাৰ বৰণ হেনো নীলাভ ক’লা আছিল। পেটৰ ফালে বগা। জিভা আছিল সাপৰ জিভাৰ দৰে। ঠেঙত জোঙা নখ। দীঘল নেজেৰে মেৰিয়াই শত্ৰুক কাবু কৰিছিল। মাজে মাজে ষাড়গৰুৰ দৰে বিকট শব্দ কৰি হেম্বেলিয়াইছিল।’ বুৰু’ নামটোৰ উৎপত্তি খুব সম্ভৱ এই শব্দৰ পৰাই হৈছে বুলি মেকেলে অনুমান কৰিছে। বুৰুৰ সংখ্যা আছিল প্ৰচুৰ। পিছত আপাতানিসকল পূবৰ দিশৰ পৰা সেই উপত্যকালৈ আহি থাকিবলৈ লোৱাত আৰু শেষত খেতি বাতি আৰু অধিক বাসস্থান উলিয়াবলৈ হ্ৰদৰ পানী সিঁচিব ধৰাত দূৰ্ভগীয়া বুৰুৰ মৰণকাল উপস্থিত হয় আৰু ক্ৰমান্বয়ে মানুহৰ হাতত মৃত্যুবৰণ কৰি সিহঁত নি:চিহ্ন হৈ যায়।

গুগলত পোৱা 'বুৰু'ৰ কেতবোৰ বৈশিষ্ট্য সম্পৰ্কীয় কিছু কথা

ড° মেকেলৰ মতে বুৰু ইন্দোনেছিয়াৰ জাভা দ্বীপপুঞ্জত আজিও বৰ্তি থকা ‘কোমোডো ড্ৰেগন’ নামৰ প্ৰকাণ্ড জেঠি বা গুইসাপবিধৰ নিকট গোষ্ঠীৰেই কোনো প্ৰাণী আছিল। চল্লিশৰ দশকত অসমত থকা বৃটিছ বিষয়া ফিলিপ মিলছ আৰু চাৰ্লছ ষ্টনৰ নামৰ এজন বৃটিছ ব্যক্তিয়ে এই সম্পৰ্কে যথেষ্ট অনুসন্ধান চলায়। হিমালয় অঞ্চলৰ জনগোষ্ঠী সম্পৰ্কে বিতংকৈ গৱেষণা চলোৱা প্ৰখ্যাত নৃতত্ত্ববিদ খৃষ্টোফাৰ হাইমেনডৰ্ফেও তেওঁৰ ৰচনাত ‘বুৰু’ ৰ উল্লেখ কৰিছে। অন্য এক অনুসন্ধিৎসু বৃটিছ অভিযাত্ৰী ৰালফ্ ইজাৰ্ডেও এই বিষয়ে ‘দা হাণ্ট অৱ দা বুৰু’ নামৰ এখন কিতাপ লিখি গৈছে।

অতি আশ্চৰ্য্যৰ কথা ‘বুৰু’ ৰ কোনো জঁকা বা হাৰ-মূৰ আজিলৈকে উদ্ধাৰ হোৱা নাই। অৱশ্যেই ইয়াৰ কাৰণ ব্যাপক খনন কাৰ্য্য বা অনুসন্ধানৰ অভাৱ বুলি মেকেলে মন্তব্য কৰিছে। কেৱল স্থানীয় লোকৰ মুখ বাগৰি চলি অহা কাহিনী আৰু বৰ্ণনাই ইয়াৰ সমল। স্টনৰ বিৱৰণত পোৱা যায় এতিয়াৰ পৰা প্ৰায় সাত পুৰুষ আগতে টাখে ছাহা নামৰ এজনে হেনো গাহৰিৰ মুৰৰ দৰে অথচ দীঘলীয়া মুখৰ কিবা জন্তুৰ লাওখোলা এটা পাইছিল। তাৰ পিছতে তেওঁৰ ল’ৰা এজন ঢুকোৱাত বস্তুটো অমংগলীয়া বুলি ভাবি তেওঁ দলিয়াই পেলাই দিয়ে। মেকেলৰ মতে স্থানীয় ৰাইজে অত পুৰুষ ধৰি বিশ্বাস কৰি অহা বুৰুক কেৱল কাল্পনিক কাহিনীৰ দানৱ বুলি উৰাই দিব নোৱাৰি। প্ৰাচীন পৃথিৱীৰ উৰিব নোৱাৰা অতিকায় চৰাই’ মোৱা’ৰ কথাও নিউজিলেণ্ডৰ স্থানীয় ৰাইজৰ মুখৰ কাহিনী বুলিয়েই ভবা হৈছিল। পিছত ‘মোৱা’ ৰ জকা আবিস্কাৰ হ’লতহে ইয়াৰ অস্তিত্ব প্ৰমাণিত হয়।

শিল্পী এলেছেণ্ড্ৰো লোনাটিৰ কল্পনাত 'বুৰু'ৰ ছবি(২০১২)

‘ বুৰু’ ৰ বৰ্ণনাৰ পৰা অনুমান কৰিব পাৰি হয়তো প্ৰাচীন পৃথিৱীৰ ঘঁৰিয়াল আৰু গুইজাতীয় সৰীসৃপৰ সংমিশ্ৰণৰ কোনো অদ্ভুত প্ৰাণী একালত অৰুণাচলৰ এই দুৰ্গম উপত্যকাত আছিল। স্থানীয় বহুতৰে বিশ্বাস, আজিও গভীৰ অৰণ্যৰ মাজৰ হ্ৰদ বা জলাহ, পিটনিত ‘বুৰ’ ৱে বাস কৰে। বহুতে ‘বুৰু’ নিজ চকুৰে দেখা বুলিও কয়। একমাত্ৰ ব্যাপক গৱেষণামূলক অভিযান আৰু অনুসন্ধান চলালে হয়তো ‘বুৰু’ ৰ ৰহস্য উদ্ঘাটন হ’ব। আৰু কোনে জানে হয়তো আগতে বিলুপ্ত বুলি ভাবি অহা ‘কোমোডো ড্ৰেগন’, ওকাপি বা ডাইনোচৰৰ যুগৰ চিলাকান্থ মাছ বিংশ শতিকাত জীৱন্ত অৱস্থাত পুনৰ আৱিষ্কাৰ হোৱাৰ ঘটনাৰ দৰে “বুৰু” ৱেও এদিন কিম্বদন্তিৰ জগতৰ পৰা বাস্তৱত বিচৰণ নকৰিব?

(‘প্ৰসংগ-প্ৰকৃতি’ গ্ৰন্থত পূৰ্বে প্ৰকাশিত। প্ৰকৃতি বিষয়ক বিভিন্ন তথ্য সম্বলিত প্ৰবন্ধৰে ৰূপম বৰুৱাৰ দ্বাৰা প্ৰণিত এই গ্ৰন্থখন নেচাৰ্চ বেকনৰ দ্বাৰা প্ৰকাশিত  ।)