সম্পাদকীয়-আগষ্ট,২০২৪

kankana

- কংকণা দাস

২০২০ ইং বৰ্ষৰ আগষ্ট মাহত নেচাৰ্চ বেকনে দ্য-চীড_ এ নেচার্চ বেকন ব্লগৰ আৰম্ভণি কৰিছিল৷ ‘প্রকৃতি সংৰক্ষণৰ বাবে প্রকৃতি সাহিত্য’- এই উদ্দেশ্য আগত ৰাখি দ্য চীডৰ আৰম্ভণি কৰা হৈছিল । যোৱা ৪ টা বর্ষত দ্য-চীডে বিভিন্ন জনৰ লেখাৰ মাধ্যমেৰে প্রকৃতি সংৰক্ষণৰ চেতনাৰ প্ৰসাৰ কৰি আহিছে  | দ্য চীডে নিৰন্তৰ ভাৱে প্রকৃতি সাহিত্য ইন্টাৰনেটৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ বিভিন্ন জনৰ মাজলৈ নিবলৈ সক্ষম হৈছে৷ প্রকৃতি সাহিত্যক নেচাৰ্চ বেকনে প্রকৃতি সংৰক্ষণৰ অন্যতম মাধ্যম হিচাপে বিবেচনা কৰে৷ কিয়নো জ্ঞান অবিহনে প্রকৃতি সংৰক্ষণৰ যাত্রা আধৰুৱা৷ নেচাৰ্চ বেকনে নিৰন্তৰ ভাবে চক্ৰশীলাৰ পৰা দিহিং পাটকাই, পবা লৈ বন্যপ্রাণৰ বাসস্থান সংৰক্ষণৰ কামত সফলতা লাভ কৰিছে৷ প্ৰকৃতিৰ বৰ্তমানৰ মূল সমস্যাই হৈছে প্রকৃতি প্রদত্ত অৰণ্যৰ অভাৱ৷ মানুহৰ জনসংখ্যা ইমান অভাৱনীয় হাৰত বৃদ্ধি পাইছে যে, ইয়াৰ প্রত্যক্ষ প্রভাব আমাৰ অৰণ্য সমূহত পৰিছে |  স্বাধীনতাৰ আগত ব্ৰিটিছৰ লুন্ঠন আৰু স্বাধীনতাৰ পিছত অনুপ্রৱেশকাৰীৰ সমস্যাই অসমীয়াৰ বন আৰু বন্যপ্রাণ দুয়োটাৰে যথেষ্ট ক্ষতি সাধন কৰিছে | বর্তমানো আমি যদি কেৱল বন্যপ্ৰাণ সম্পৰ্কীয় গৱেষণা আৰু গৱেষণা পত্ৰতেই সংৰক্ষণৰ কাম সীমাবদ্ধ ৰাখোঁ অচিৰেই এইবোৰ বিলুপ্ত হ’ব | হাতী ,বান্দৰকে ধৰি অইন সকলো বন্যপ্রাণীৰে সৈতে মানুহৰ সংঘাতৰ একমাত্র কাৰণ হ’ল প্রকৃতি প্রদত্ত অৰণ্যৰ অভাৱ | সেয়েহে প্রকৃতাৰ্থত প্রকৃতি সংৰক্ষণ হ’ল ইয়াৰ বাসস্থানৰ সংৰক্ষণ | নেচাৰ্চ বেকনে জন্মলগ্নৰ পৰাই বর্তমানলৈ বন্যপ্ৰাণৰ বাসস্থান সংৰক্ষণৰ  হকে কাম কৰি আহিছে | তাৰ সফলতাৰ উদাহৰণ দিবলৈ আজি হয়তো প্রয়োজন নাই | সদ্যঘোষিত চিকনাঝাৰ আৰু হ’বলগীয়া পবা এই সফলতাৰ তালিকাত সন্নিবিষ্ট হ’বলৈ গৈ আছে | গোৱালপাৰা জিলাৰ দুখন অভয়াৰণ্যৰ  হকে নেচাৰ্চ বেকনৰ জোৰদাৰ আন্দোলন চলি আছে | এই অৰণ্যইও অভয়াৰণ্যৰ মর্যাদা পাব বুলি আমি নিশ্চিত। ইয়াৰ সমান্তৰাল কৈ নেচাৰ্চ বেকনে সংৰক্ষণ সম্পৰ্কীয় সাহিত্যৰ কামো পূর্ণগতিত আগুৱাই লৈ গৈ আছে | যাৰ উদ্দেশ্য নতুন প্রজন্মক  সংৰক্ষণ সম্বন্ধে প্রকৃত জ্ঞান প্রেৰণ কৰা | দ্য চীড তাৰেই এক প্রতিফলন | ২০২৩ -২০২৪ বর্ষত নেচাৰ্চ বেকনে অসমৰ প্রতিটো অঞ্চলৰ হাজাৰ হাজাৰ ছাত্র-ছাত্রী  ‘অহম বসুধাম কৃতে মংগলজনক’ প্ৰকল্পৰ জড়িয়তে প্রকৃতি সংৰক্ষণৰ এই যাত্রাত জড়িত কৰাইছে | এইয়া অসমৰ প্রকৃতি সংৰক্ষণৰ বাবে অতি মংগলজনক | 

নেচাৰ্চ বেকনে নিজৰ সংৰক্ষণ সম্পর্কীয় কাম-কাজত সদায় যোগাত্মক চিন্তাক স্থান দিয়ে | ব্যক্তিগত নাম, যশস্যাৰ উর্দ্ধত নেচাৰ্চ বেকনৰ প্রতিগৰাকী সদস্যই কেৱল প্রকৃতি সংৰক্ষণক আগস্থান দিয়ে। আমি আশাকৰো নতুন প্রজন্মই প্রকৃতি সংৰক্ষণৰ প্রকৃত উদ্দেশ্য বুজি উঠি নিজকে একোজন নিঃস্বার্থ সেউজ সৈনিক ৰূপে গঢ় দিয়ক। শেষত দ্য চীডৰ এই সেউজ যাত্রাক সফল কৰা প্রতিগৰাকী ব্যক্তিলৈ আমাক আন্তৰিক শ্রদ্ধা আৰু মৈত্রী জ্ঞাপন কৰিলো | ভৱিষ্যতেও দ্য _চীডে নিজৰ  সেউজ যাত্রাত সফলতাৰে আগুৱাই গৈ থাকিব |