ধেমাজি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত ‘পবা দিৱস’ৰ শুভাৰম্ভণি

(Field Reports & News)

 

Dr. Ranoj Pegu, Honorable Minister of Education, Welfare of Plain Tribe & Backward Classes (non-BTC) of Assam at the launching of Nature's Beckon led 'Joibo Boichitra Sanrakshan Chetna aru Vidyarthi Jagaran Yatra' mind movement in Guwahati, Assam. PC : NB Archives.

ধেমাজি – ১৯, ১৯ ডিচেম্বৰ ২০২৫ ঃ : 

সমগ্ৰ ভাৰতৰ ভিতৰতেই ধেমাজি জিলাৰ পবা অৰণ্য এখন সমৃদ্ধিশালী অৰণ্য৷ উল্লেখযোগ্য যে বৰ্তমানে ধেমাজি জিলাত ‘পবা’ নামৰ অৰণ্যখনহে জীয়াই আছে৷ উত্তৰ–পূব ভাৰতৰ পৰিৱেশ তথা বন্যপ্ৰাণী সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনে পোনপ্ৰথমবাৰ পবাক সংৰক্ষণ দিয়াৰ কাম আৰম্ভ কৰে আৰু পবা অৰণ্যৰ সংৰক্ষণৰ বাবে জনমত গঠন কৰে৷ নেচাৰ্চ বেকনৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত পবা সংৰক্ষণৰ বাবে জনমত গঠন হয়৷ নেচাৰ্চ বেকনে পবা অৰণ্যক অভয়াৰণ্য ৰূপত সংৰক্ষণৰ বাবে পৰামৰ্শ আগবঢ়ায় আৰু চৰকাৰক প্ৰস্তাৱ দিয়ে৷ নেচাৰ্চ বেকনৰ প্ৰচেষ্টাৰ ফলত ধীৰে ধীৰে পবা অৰণ্যৰ সমৃদ্ধিৰ কথা অসমৰ তথা ভাৰতৰ মানুহে অৱগত হয়৷ কালক্ৰমত বিভিন্ন দল–সংগঠন, অনুষ্ঠান, শিক্ষানুষ্ঠান, ছাত্ৰ সংগঠন আৰু অন্যান্য বে–চৰকাৰী প্ৰতিষ্ঠানে পবাক সংৰক্ষণৰ প্ৰস্তাৱ, সমৰ্থন কৰিবলৈ আৰম্ভ কৰে৷ অৱশেষত চৰকাৰেও পবাক অভয়াৰণ্য ৰূপত সংৰক্ষিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ মিচিং স্বায়ত্তশাসিত পৰিষদেও পবাক ‘পবা অভয়াৰণ্য’ ৰূপে সংৰক্ষণ দিয়াৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে৷ ২০১৫ চনৰ পৰা মিচিং স্বায়ত্তশাসতি পৰিষদৰ পৃষ্ঠপোষকতাত পবা সংৰক্ষণৰ জনসজাগতাৰ উদ্দেশ্যে ‘পবা বৰ্ষাৰণ্য মহোৎসৱ’ৰ সূচনা কৰা হয়৷ এই সংৰক্ষণ মহোৎসৱত বৰ্তমানৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া প্ৰথমৰ পৰাই যুক্ত হৈ আছে আৰু সমৰ্থন তথা পৃষ্ঠপোষকতা আগবঢ়াইছে৷ টি এম পি কে, এম এম কেকে প্ৰমুখ্য কৰি জোনাইৰ বিভিন্ন ছাত্ৰ–সংগঠন, জাতীয় দল–সংগঠনৰ নেতা–কৰ্মীসকলেও এই ‘পবা বৰ্ষাৰণ্য মহোৎসৱ’ত পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াই আহিছে৷ জোনাইৰ স্থানীয় বিধায়ক ভূৱন পেগুৱে ছাত্ৰ অৱস্থাৰ পৰা আজিলৈকে এই অৰণ্যক সংৰক্ষিত কৰাৰ বাবে, অভয়াৰণ্য ৰূপে সুৰক্ষিত কৰাৰ ঐকান্তিক প্ৰচেষ্টা চলাই আহিছে৷ পবা অৰণ্যক সংৰক্ষণ কৰাৰ বাবে যিসকল দল–সংগঠন, ৰাজনৈতিক নেতা, শিক্ষাবিদ, সাংবাদিক, ছাত্ৰ–সংগঠন আৰু বৌদ্ধিক সমাজে আগ্ৰহ প্ৰদৰ্শন কৰিছে নেচাৰ্চ বেকনে সকলোকে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

Dr. Ranoj Pegu with Sri. Soumyadeep Datta - Director, Nature's Beckon, Dr. Moromi Talukdar - Educationist, and Sri. Bhubon Pegu - Honorable Member of the Assam Legislative Assembly from Jonai constituency at Poba Barxaranya Mahotsav 2025. PC : NB Archives.

যোৱা বছৰ অৰ্থাৎ, ২০২৪ চনত ‘পবা বৰ্ষাৰণ্য মহোৎসৱ’ত আমাৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াই বিভিন্ন পৰামৰ্শৰ মাজতে অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা আমাক কৈছিল৷ তেওঁৰ মূল কথাটো আছিল যে, পবা বৰ্ষাৰণ্য মহোৎসৱৰ প্ৰধান লক্ষ্য হ’ল মানুহৰ মাজত পবাক লৈ জনসচেতনতাৰ সৃষ্টি কৰা আৰু পবাৰ চহকী জৈৱবৈচিত্ৰক সংৰক্ষিত কৰা, যাৰদ্বাৰা পবাৰ অৰণ্য সংৰক্ষিত হ’ব৷ পবা মহোৎসৱৰ লগে লগে তেওঁ স্থানীয় ছাত্ৰ–ছাত্ৰীৰ মাজত, বিভিন্ন স্থানীয় শিক্ষানুষ্ঠানত ‘পবা দিৱস’ পালনৰ পৰামৰ্শ আগবঢ়াইছিল৷ এই দিৱস কোনো এটা নিৰ্দিষ্ট দিনত পালনৰ পৰিৱৰ্তে, বিভিন্ন দিনত বিভিন্ন শিক্ষানুষ্ঠানত অনুষ্ঠিত কৰাৰ বাবে নেচাৰ্চ বেকনক পৰামৰ্শ দিছিল৷ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াই বিচাৰিছিল, পবা মহোৎসৱৰ দৰে উৎসৱসমূহ কেৱল উৎসৱমুখৰ হৈ নাথাকি সমান্তৰালভাৱে স্থানীয় ছাত্ৰ–ছাত্ৰীসকলে যাতে অৰণ্য সংৰক্ষণৰ গুৰুত্ব, পবাৰ প্ৰাণ–প্ৰাচুৰ্যৰ গুৰুত্ব উপলব্ধি কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি গুৰুত্ব দিয়ে৷ অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া এজন অকৃত্ৰিম প্ৰকৃতিপ্ৰেমী, তেওঁ অত্যন্ত ভাল ফটোগ্ৰাফাৰ৷ তেওঁ পবা অৰণ্য, দুলুং অৰণ্য তথা এই অঞ্চলৰ কিছুমান অসাধাৰণ বনৰীয়া চৰাইৰ ছবি তুলিবলৈ সক্ষম হৈছে৷ অসমৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনক তেওঁ বহু বছৰ আগৰেপৰা সমৰ্থন আৰু সহযোগিতা আগবঢ়াই আহিছে৷

'Poba Divas', launched in Assam, among the students of Dhemaji Higher Secondary School. PC : NB Archives.

অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াৰ উৎসাহ, পৰামৰ্শ আৰু অনুপ্ৰেৰণাত নেচাৰ্চ বেকনে ধেমাজি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীসকলৰ মাজত ১৮ ডিচেম্বৰ, ২০২৫ৰ পৰা ‘পবা দিৱস’ নামৰ এলানি দীৰ্ঘম্যাদী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ যোৱা ১৮ ডিচেম্বৰত ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ১০.০০ বজাত এইলানি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ পিছতে ১১.৩০ বজাত বাটঘৰীয়া উচ্ছতৰ মাধ্যমিক বিদ্যালয় আৰু দিনৰ ১.০০ বজাত কঢ়াকান উচ্ছ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ আনহাতে, ১৯ ডিচেম্বৰৰ পুৱা ১০.৩০ বজাত ধেমাজি টাউন হাইস্কুলত আৰু দিনৰ ১২.০০ বজাত কিৰণ একাডেমীত ‘পবা দিৱস’ৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ ধেমাজি সদৰৰ মুঠ ৫খন বিদ্যালয়ত অনুষ্ঠিত ‘পবা দিৱস’ৰ কাৰ্যসূচী নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই সঞ্চালনা কৰে৷ ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই ‘পবা দিৱস’ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে ছাত্ৰ–ছাত্ৰীসকলক অৱগত কৰাৰ লগতে পৰিৱেশ তথা প্ৰকৃতি সংৰক্ষণৰ বিভিন্ন দিশ সামৰি বক্তব্য ৰাখে৷ ধেমাজি জিলাৰ সমন্বয়ক যুগল সন্দিকৈয়ে ধেমাজি জিলাৰ পবা প্ৰস্তাৱিত অভয়াৰণ্যৰ এক সম্যক পৰিচয় দাঙি ধৰি পবা সংৰক্ষণৰ গুৰুত্ব আৰু এইক্ষেত্ৰত ছাত্ৰ–ছাত্ৰীসকলৰ কৰণীয় সম্পৰ্কত বক্তব্য আগবঢ়ায়৷ ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নবীন কামানে পবাৰ চৰাই সম্পৰ্কত বক্তব্য ৰখাৰ লগতে বিদ্যালয়খনৰ অধ্যক্ষা দেৱজ্যোতি কছাৰীয়ে অনুষ্ঠানৰ শেষত ‘পবা দিৱস’ৰ দৰে এক কাৰ্যসূচী তেওঁলোকৰ বিদ্যালয়ত শুভাৰম্ভ কৰাৰ বাবে নেচাৰ্চ বেকনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত বিদ্যালয়খনৰ স্নতকোত্তৰ শিক্ষক তথা নেচাৰ্চ বেকনৰ সদস্য সত্যব্ৰত গগৈ, বিদ্যালয়খনৰ সহঃ শিক্ষকদ্বয় জোনমণি হাজৰিকা আৰু কন্দৰ্প তামুলী উপস্থিত থাকে৷

Nature's Beckon team celebarting the 1st year of 'Poba Divas' at Batgharia Higher Secondary School, Dhemaji. PC: NB Archives.

ইয়াৰ পিছতেই বাটঘৰীয়া উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ‘পবা দিৱস’ৰ দ্বিতীয়টো আৰু কঢ়াকান উচ্ছ মাধ্যমিক বিদ্যালয়ত তৃতীয়টো কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ বাটঘৰীয়া উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ অধ্যক্ষ সুনীল কোঁচে আৰু কঢ়াকান উচ্ছ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক গোবিন দত্তই ছাত্ৰ–ছাত্ৰীসকলৰ সৈতে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত প্ৰমুখ্যে সদস্যদ্বয় ক্ৰমে যুগল সন্দিকৈ আৰু সত্যব্ৰত গগৈক পৰিচয় কৰাই দিয়াৰ পিছতেই নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই ‘পবা দিৱস’ৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে ছাত্ৰ–ছাত্ৰীসকলক অৱগত কৰাৰ লগতে পৰিৱেশ তথা প্ৰকৃতি সংৰক্ষণৰ বিভিন্ন দিশ সামৰি বক্তব্য ৰাখে৷ বিশেষকৈ তেওঁ এইক্ষেত্ৰত ছাত্ৰ–ছাত্ৰীসকলৰ চিন্তা আৰু মানসিক উত্তৰণৰ দিশত জোৰ দিয়ে৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নেচাৰ্চ বেকন ধেমাজিৰ সমন্বয়ক যুগল সন্দিকৈয়ে ধেমাজি জিলাৰ পবা প্ৰস্তাৱিত অভয়াৰণ্যৰ এক সম্যক পৰিচয় দাঙি ধৰাৰ লগতে পবা সংৰক্ষণৰ গুৰুত্ব আৰু এইক্ষেত্ৰত ছাত্ৰ–ছাত্ৰীসকলৰ কৰণীয় সম্পৰ্কত বক্তব্য আগবঢ়ায়৷ নেচাৰ্চ বেকনৰ সদস্য তথা ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক সত্যব্ৰত গগৈয়ে ছাত্ৰ–ছাত্ৰীসকলক পৰিৱেশ তথা প্ৰকৃতি সংৰক্ষণ চেতনাৰে সমৃদ্ধ হৈ পবা সংৰক্ষণৰ দিশত আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ অনুষ্ঠানৰ শেষত দুয়োখন বিদ্যালয়ৰ দুয়োগৰাকী মুৰব্বীয়ে তেওঁলোকৰ বিদ্যালয়ত এনে কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে নেচাৰ্চ বেকনক ধন্যবাদ জ্ঞাপন কৰে৷

'Poba Divas' at Dhemaji Town High School. PC : NB Archives.

আনহাতে, দ্বিতীয় দিনা অৰ্থাৎ ১৯ ডিচেম্বৰত ধেমাজি টাউন হাইস্কুল আৰু কিৰণ একাডেমীতত অনুষ্ঠিত ‘পবা দিৱস’ৰ কাৰ্যসূচীত বিদ্যালয় দুখনৰ মুৰব্বী ক্ৰমে বেদান্ত জ্যোতিষ দলৈ আৰু পৰিচালন সঞ্চালক ৰঞ্জন কোঁচে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত আৰু ধেমাজিৰ সমন্বয়ক যুগল সন্দিকৈক ছাত্ৰ–ছাত্ৰীসকলৰ সৈতে পৰিচয় কৰাই দিয়াৰ পিছতেই সঞ্চালক সৌম্যদ্বীপ দত্তই ‘পবা দিৱস’ৰ লক্ষ্য আৰু উদ্দেশ্য অৱগত কৰাৰ লগতে অৰণ্য সংৰক্ষণ, ছাত্ৰ–ছাত্ৰীসকলৰ চেতনাৰ উত্তৰণ আৰু বৌদ্ধিক তথা মানসিক উত্তৰণ সন্দৰ্ভত বিশদ বক্তব্য আগবঢ়ায়৷ দুয়োখন বিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত নেচাৰ্চ বেকন ধেমাজিৰ সমন্বয়ক যুগল সন্দিকৈয়ে ধেমাজি জিলাৰ অৰণ্যসমূহৰ এটি আভাস দাঙি ধৰাৰ লগতে পবা বনাঞ্চলৰ বৈশিষ্ট্য আৰু গুৰুত্ব সম্পৰ্কে ছাত্ৰ–ছাত্ৰীসকলক অৱগত কৰাৰ লগতে পবা সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ–ছাত্ৰীসকলৰ দায়িত্ব আৰু কৰণীয় সম্পৰ্কেও অৱগত কৰে৷ কাৰ্যসূচৰ অন্তত দুয়োখন শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে ‘পবা দিৱস’ৰ কাৰ্যসূচী তেওঁলোকৰ শিক্ষানুষ্ঠানত অনুষ্ঠিত কৰাৰ বাবে নেচাৰ্চ বেকনৰ শলাগ লয়৷

'Poba Divas' celebration at Kiran Academy, Dhemaji. PC: NB Archives.

‘পবা দিৱস’ৰ দুয়োটি দিনৰ কাৰ্যসূচীত ধেমাজি জিলাৰ পাঁচোখন শিক্ষানুষ্ঠানৰ মুৰব্বীসকল ক্ৰমে ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দেৱজ্যোতি কছাৰী, বাটঘৰীয়া উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুনীল কোঁচ আৰু কঢ়াকান উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন দত্ত, ধেমাজি টাউন হাইস্কুলৰ প্ৰধান শিক্ষক বেদান্ত জ্যোতিষ দলৈ, ধেমাজি টাউন হাইস্কুলৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিগন্ত হাজৰিকা, কিৰণ একাডেমীৰ পৰিচালন সঞ্চালক ৰঞ্জন কোঁচ, শৈক্ষিক সঞ্চালক আশীস পালৰ লগতে আটাইকেইখন বিদ্যালয়ৰে শিক্ষক–শিক্ষয়িত্ৰী, ছাত্ৰ–ছাত্ৰীসকলে সহযোগিতা আগবঢ়ায়৷ ধেমাজিৰ এই পাঁচোখন শিক্ষানুষ্ঠানক ‘পবা দিৱস’ আয়োজনৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে নেচাৰ্চ বেকনৰ তৰফৰ পৰাও ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱা হয়৷ উল্লেখ্য যে, শিক্ষাৰ্থীসকলৰ মাজত ধেমাজি জিলাৰ একমাত্ৰ অস্তিত্ব বৰ্তাই ৰখা অৰণ্য ‘পবাক জনা আৰু জনোৱা তথা পবা সংৰক্ষণৰ চেতনা জাগ্ৰত কৰা’ৰ প্ৰয়াসেৰে অনুষ্ঠিত কৰা নেচাৰ্চ বেকনৰ এই ‘পবা দিৱস’ৰ কাৰ্যসূচী পৰৱৰ্তী সময়ত জিলাখনৰ আন আন শিক্ষানুষ্ঠানসমূহতো পৰ্যায়ক্ৰমে অনুষ্ঠিত কৰা হ’ব৷

Sri. Jugal Handique, Dhemaji Coordinator of Nature's Beckon speaking about the importance of Poba Conservation during 'Poba Divas'.
Nature's Beckon launched 'Poba Divas' with a series of educational talk on the 'Proposed Poba Wildlife Sanctuary' amid enthusiastic participation of students in different schools and educational institutions of Dhemaji. PC: NB Archives.