পাহাৰখনত গজি আহে ঘৰবোৰ
প্ৰথমতে এটা ঘৰ,
তাৰপিছত ঘৰৰ পৰা গুটিবোৰ সৰে,
ঘৰৰ গুটি!
তাৰপৰা পুনৰাই ঘৰ গজে।
একা-বেঁকাকৈ ঘৰবোৰ বাঢ়ি আহে,
সেউজীয়াবোৰত চানি ধৰেগৈ ইটাৰঙী,
ৰঙা, নীলা,
আটকধুনীয়া ঘৰবোৰ।
ঘৰে পাহাৰখনত ঠন ধৰি উঠেগৈ!
মটিয়া ৰঙবোৰ ফেনেকি ফেনেকি
সেউজীয়াবোৰে বাট হেৰায় তাত।
মানুহজাকে কিৰিলিয়াই উঠে-
“সৌৱা চোৱাচোন, ঘৰৰ পাহাৰ!
ইমানযে ধুনীয়া!!”
ঘৰবোৰ টকলা পাহাৰখনৰ ঠিকনা হৈ পৰে।