গ্ৰন্থ আলোচনা –‘অসমৰ বৰ্ষাৰণ্য দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান’

The State Government of Assam honors Nature's Beckon with the Gazette notification for declaration of Dihing Patkai National Park in 2021.
WhatsApp Image 2024-08-20 at 22.01.54_4736f9f7

- যুগল সন্দিকৈ

বিশিষ্ট প্ৰকৃতিবিদ তথা অসমীয়া সাহিত্যৰ বিশিষ্ট লেখক সৌম্যদ্বীপ দত্তৰ শেহতীয়া কিতাপখন প্ৰকাশিত হৈছে অসমৰ বিখ্যাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি৷ দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যান ৰূপে চৰকাৰৰ দ্বাৰা ঘোষিত হোৱাৰ পিছত, অসমীয়া ভাষাত দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে এইখনে প্ৰথম কিতাপ৷ আমি প্ৰত্যেকেই অৱগত যে অসমৰ বৰ্ষাৰণ্যক, বৰ্ষাৰণ্য ৰূপে প্ৰথম চিনাক্ত কৰা ব্যক্তিজনেই হৈছে প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্ত৷ তেওঁ এই অৰণ্যক বৰ্ষাৰণ্য ৰূপে চিনাক্ত কৰিয়ে নিজৰ কৰ্তব্য শেষ বুলি ভবা নাছিল, বৰঞ্চ তেওঁ এই অমূল্য বৰ্ষাৰণ্যৰ চিৰস্থায়ী সংৰক্ষণৰ বাবে নিজৰ সংগঠন নেচাৰ্চ বেকনৰ মাধ্যমে জন আন্দোলন গঢ়ি তোলেযি আন্দোলনঅসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলননামে বিখ্যাত৷

WhatsApp Image 2024-08-22 at 21.41.12_8c8fac57
A sketch of the author Sri. Soumyadeep Datta by Rituparna Sarmah, Class IX, Maharishi Vidya Mandir, Mangaldai

 ‘‘অসমৰ বৰ্ষাৰণ্য দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যাননামৰ কিতাপখনত এই ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে লেখকে অভূতপূৰ্ব কিছুমান তথ্য প্ৰদান কৰিছে৷ মূলত ১৫ টা বেলেগ বেলেগ পাঠত এই তথ্যবোৰ প্ৰদান কৰা হৈছে৷ এই পাঠবোৰৰ শিৰোনামসমূহ ক্ৰমান্বয়ে এনেধৰণৰ — [] বৰ্ষাৰণ্যৰ বৈশিষ্ট্য, [] দিহিংপাটকাই অভয়াৰণ্যৰ/ৰাষ্ট্ৰীয় উদ্যানৰ জন্মৰ ইতিহাস, [] দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যান, [] হলৌ বচাওক : সংৰক্ষণ কৰক বৰ্ষাৰণ্যৰ বৈচিত্ৰ্য, [] দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ স্তন্যপায়ী প্ৰাণী, [] দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানত পোৱা কিছুমান স্তন্যপায়ী বন্যপ্ৰাণীৰ তালিকা, [] দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চৰাই, [] দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ গছবন, [] দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া মাছ, [১০] দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ উভচৰ আৰু সৰীসৃপ, [১১] দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পোকপতংগ, [১২] উজনি অসমৰ পৰ্যটন প্ৰাণকেন্দ্ৰ দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যান, [১৩] দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ জয়পুৰ, [১৪] ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সুবিধা আৰু [১৫] অসমত বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টা৷

  এইখন কিতাপত দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ জন্মৰ ইতিহাস ব্যক্ত কৰোঁতে লেখকে এনেকোৱা কিছুমান কথা ব্যক্ত কৰিছে যে, ইয়াৰ পূৰ্বে অসমৰ মানুহে সেই কথাবোৰ অলপো গম পোৱা নাছিল৷ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীসৰ্বানন্দ সোনোৱালৰ পৰা আৰম্ভ কৰি বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীফণিন্দ্ৰনাথ শৰ্মা, অসম প্ৰকাশন পৰিষদৰ সচীব শ্ৰীপ্ৰমোদ কলিতা, বিজেপিৰ মুখপাত্ৰ শ্ৰীপবিত্ৰ মাৰ্ঘেৰিটা আৰু অসমৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰীজয়ন্তমল্ল বৰুৱা ইত্যাদি ব্যক্তিসকলৰ ধনাত্মক কামকাজৰ কথা সৌম্যদ্বীপ দত্তই কিতাপখনত স্পষ্ট ভাষাত উল্লেখ কৰিছে৷ আমি প্ৰত্যেকেই অৱগত যে সৌম্যদ্বীপ দত্তই প্ৰতিটো কথা অত্যন্ত বলিষ্ঠ আৰু স্পষ্ট ভাষাত প্ৰকাশ কৰে৷ এই কিতাপখনতো তাৰ ব্যতিক্ৰম হোৱা নাই৷

Nature's Beckon led the local people and youth in its campaign to protect Joypur Reserve Forest with the upgradation & area expansion of the Dihing Patkai Wildife Sanctuary in 2020

এফালে কিছুমান দুৰ্নীতিপৰায়ণ বন বিষয়াৰ লোভৰ বাবে, কিদৰে আমাৰ আপুৰুগীয়া বৰ্ষাৰণ্য ধ্বংসৰ ফালে গতি কৰিছিল সেই কথা যেনেদৰে কিতাপখনত লেখা হৈছে ঠিক তেনেদৰে শ্ৰীপ্ৰদীপ্ত বৰুৱা, শ্ৰীআশীকুৰ ৰহমান, শ্ৰী টি. এছ. ৰঞ্চিত ৰাম ইত্যাদি বন সংমণ্ডল প্ৰাধিকাৰীৰ সংৰক্ষণমূলক কামকাজ আৰু সততাৰ প্ৰতিও লেখকে অকপটে কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ এইখন কিতাপৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় — ‘‘অসমৰ জয়পুৰ বৰ্ষাৰণ্য দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কেনেকৈ?’’ কিছুমান স্বাৰ্থপৰ লোভী ৰাজনৈতিক নেতা আৰু বন বিভাগৰ উচ্ছস্তৰীয় বিষয়া আৰু আমোলাৰ স্বাৰ্থপূৰণৰ উদ্দেশ্যে, সমৃদ্ধশালী জয়পুৰ বৰ্ষাৰণ্যক কিদৰে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰত ৰাখি ধ্বংস কৰি দিয়াৰ চক্ৰান্ত কৰা হৈছিল সেই বিষয়ে কিতাপখনত তথ্য প্ৰমাণৰ সৈতে উল্লেখ কৰা হৈছে৷অইল ইণ্ডিয়াআৰুকোল ইণ্ডিয়া ওচৰত বিজেপি চৰকাৰৰ আগৰ চৰকাৰখনে কিদৰে জয়পুৰ বৰ্ষাৰণ্যক বিক্ৰী কৰি থৈছিল সেই কথাও পাঠকে কিতাপখনত অৱগত ব৷ অসমৰ বৰ্ষাৰণ্য দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মঙ্গলৰ বাবে, অইল ইণ্ডিয়া আৰু কোল ইণ্ডিয়াই কিদৰে জয়পুৰ বৰ্ষাৰণ্যৰ অধিকাৰ এৰি দিছিল আৰু তাতে নেচাৰ্চ বেকনৰ ভূমিকাৰ কথাও কিতাপখনত উল্লেখ কৰা হৈছে৷অইল ইণ্ডিয়াআৰুকোল ইণ্ডিয়া অসমীয়া বিষয়াসকলৰ অসমৰ প্ৰকৃতি ৰক্ষা আন্দোলনত ইতিবাচক ভূমিকাৰ কথাও পাঠকে এইখন কিতাপত অৱগত ব৷

Nature's Beckon pioneered the conservation of Hoolock Gibbon in Assam, with the rainforest conservation movement of Assam.

ভাৰতৰ একমাত্ৰ বন মানুহ [Ape] হলৌৰ বিষয়ে কিতাপখনত বিস্তাৰিতভাৱে উল্লেখ কৰা হৈছে৷ হলৌৰ বাহিৰেও চল্লিশটা স্তন্যপায়ী বন্যপ্ৰাণীৰ বিষয়ে ৰঙীণ ছবিৰ লগতে তথ্য প্ৰদান কৰা হৈছে৷ দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানত সহজতেই দেখিবলৈ পোৱা ৪৫টা বনৰীয়া চৰাইৰ বিৱৰণৰ লগতে ৰঙীণ ছবি প্ৰদান কৰা হৈছে৷ তাৰ বাহিৰেও দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানত পোৱা ৬০ প্ৰজাতিৰ গছগছনি, ২৮ প্ৰজাতিৰ অৰণ্যকেৰু [Orchid], ৩৫ প্ৰজাতিৰ বনৰীয়া মাছ, ৪০ প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ, ৫০ প্ৰজাতিৰ পোকপতঙ্গ আৰু ১৫৫ প্ৰজাতিৰ পখিলাৰ কথা উল্লেখ কৰা হৈছে৷

 পৰ্যটন শিল্পৰ বিকাশৰ দৃষ্টিত দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাধ্যমে যে সমগ্ৰ উজনি অসমৰ পৰ্যটন শিল্পৰ বিকাশ হোৱাটো সম্ভৱ সেই কথা কিতাপখনত সদৰি কৰা হৈছে৷ শেষত, অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ আন্দোলন তথা প্ৰকৃতিৰক্ষাৰ কামকাজক নেচাৰ্চ বেকনৰ সদস্যসকলে কেনেদৰে অগ্ৰগতি প্ৰদান কৰি আছে তাৰ সংক্ষিপ্ত আভাষ প্ৰদান কৰা হৈছে৷

Chief Minister's message for the book.

এইখন গ্ৰন্থৰ প্ৰথমতেই শুভেচ্ছাবাণী প্ৰেৰণ কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনক উৎসাহ প্ৰদান কৰিছে৷ নেচাৰ্চ বেকনৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলন আৰু অসমৰ প্ৰকৃতি সাহিত্যৰ এগৰাকী বৌদ্ধিক পৃষ্ঠপোষক প্ৰয়াত কথাশিল্পী হোমেন বৰগোহাঞিৰ পবিত্ৰ স্মৃতিত এই কিতাপখন উৎসৰ্গা কৰা হৈছে৷ ১৪৪ পৃষ্ঠাৰ এই কিতাপখন সম্পূৰ্ণ ৰঙীণ আৰু পকাবন্ধা, মূল্য ৪৯৫ টকা৷ কলকাতাৰবিস্তাৰপ্ৰকাশনে প্ৰকাশ কৰা কিতাপখনৰ বেটুপাতত দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এখন অসাধাৰণ বৰ্ষাৰণ্যৰ ছবি সংলগ্ন কৰা হৈছে৷ অসমৰ ছাত্ৰছাত্ৰী, পৰ্যটক আৰু অৰণ্যপ্ৰিয় পাঠকৰ বাবে এইখন কিতাপ এখন মূল্যবান কিতাপ বুলি বিবেচিত ব৷

অসমৰ বৰ্ষাৰণ্য দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান’ - carries the spirit of the rainforest conservation movement of Assam, with its powerful narrative presnting the real stuggle behind this conservation milestone of Assam.