সাহিত্য – প্ৰকৃতি সাহিত্য

India's first Nature writing literature conclave, organised by Sahitya Akademi in collaboration with Nature's Beckon at Srimanta Sankardeva Kalakshetra, Guwahati in October 2022.
WhatsApp Image 2024-08-20 at 22.01.54_4736f9f7

-       যুগল সন্দিকৈ

 সমাজ জীৱনৰ প্ৰকৃত ছৱি লিখিত ৰূপত প্ৰকাশ কৰাৰ মাধ্যমেই হৈছে সাহিত্য৷ সাহিত্যৰ সম্বন্ধ ঘাইকৈ মানুহৰ জীৱন আৰু কাৰ্যাৱলীৰ লগত৷ আনহাতে সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতপ্ৰোত, এটা আনটোৰ পৰিপূৰক৷ মানুহৰ জীৱন আৰু কাৰ্যাৱলী ভাষাৰ মাধ্যমেৰে সাহিত্যত প্ৰকাশ পায়৷ সমাজৰ বিভিন্ন ঘটনা–পৰিঘটনাৰ বাস্তৱ অথবা কল্পনাপ্ৰসূত প্ৰতিচ্ছৱি গদ্য, পদ্য, গীত নতুবা নাটকৰ মাধ্যমেৰে সাহিত্যত প্ৰস্ফুটিত হয়৷ সেয়ে সাহিত্যক সমাজৰ দাপোণ হিচাপে অভিহিত কৰা হয়৷ এই দাপোণস্বৰূপ সাহিত্যৰ যোগেদি সমাজত বৰ্তি থকা আৱেগ–অনুভূতি, বিদ্ৰোহ–আকাংক্ষা, মৰম–বিষাদ আদি বিভিন্ন দিশসমূহ প্ৰতিফলিত কৰা হয়৷ ভাষাৰ সহায়ত সামাজিক জনজীৱনৰ প্ৰতিটো দিশকে সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি৷ সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থকা অসম্ভৱ৷ একোটা ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত সাহিত্য চৰ্চাই প্ৰত্যক্ষভাৱে সহায় কৰে৷

Srimanta Sankardeva Kalakshetra organised 'Purvotar Prakriti Sahitya Sanmelan', the first literature conference on 'Prakriti Sahitya' in Northeast India, in February 2023.

সাহিত্য অভিধাই সাধাৰণতে কিছুমান কিতাপক বুজায়৷ কিন্তু কিতাপ মাত্ৰেই সকলোবোৰ সাহিত্য নহয়৷ যি কিতাপে মানুহক আকৰ্ষণ কৰিব পাৰে, আনন্দ দিব পাৰে সেইখনকহে সাহিত্য বুলিব পাৰি৷ সাহিত্যই সকলো শ্ৰেণীৰ মানুহকে আনন্দ দিব পাৰে৷ কিন্তু যিবোৰ কিতাপে কেৱল কোনো নিৰ্দিষ্ট শ্ৰেণীৰ লোককহে আনন্দ দিয়ে, সেইবোৰ কিতাপ সাহিত্যৰ ভিতৰত নপৰে৷ সেয়ে দেখা যায় যে মানৱ জীৱন আৰু কাৰ্যাৱলীৰ লগত সাহিত্যৰ সম্বন্ধ থকাৰ বাবেই প্ৰতিখন সাহিত্য নামৰ কিতাপৰ আঁৰত একোজন মানুহ থাকা পৰিলক্ষিত হয়৷ এখন ভাল কিতাপত কোনো মনীষীৰ জীৱনৰ বহুমূলীয়া জ্ঞান–অভিজ্ঞতা পুঞ্জিভূত হৈ থাকে আৰু এই পুঞ্জিভূত জ্ঞান–অভিজ্ঞতা পিছৰ যুগলৈকে আদৰ্শৰ চিনৰূপে সংৰক্ষিত হয়৷ প্ৰকৃত সাহিত্যই মানুহৰ মনত সুৰুচিৰ উদ্ভৱ কৰে, আধ্যাত্মিক আৰু মানসিক তৃপ্তি যোগায়, শক্তি আৰু গতি প্ৰদান কৰে৷

Pragjyotishpur Literature Festival 2024, 2025 spreading the light of contemporary Nature-writing literature and thoughts of nature conservation in Assam.

সাহিত্য বিশ্বজনীন৷ সাহিত্যৰ কোনো সীমা বা পৰিধি নাথাকে৷ ভাল সাহিত্যই জাতি–বৰ্ণ, ধৰ্ম দেশ–কাল অতিক্ৰম কৰি সকলোৰে অন্তৰ স্পৰ্শ কৰিব পাৰে৷ ই কোনো জাতীয় বা সময় সীমাৰ মাজত আবদ্ধ নাথাকে৷ কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ মতে, ‘‘সাহিত্যই মিলন ঘটায়৷ এই মিলন ভাৱৰ লগত ভাষাৰ, ব্যাকৰণৰ লগত ছন্দৰেই নহয়, হৃদয়ৰ লগত হৃদয়ৰ, দূৰৈৰ সৈতে ওচৰৰ আৰু অতীতৰ সৈতে বৰ্তমানৰ মিল৷’’ গতিকে, সাহিত্য হ’ল এনে এক নিৰৱধি ধাৰা; যি ধাৰাই একোটা জাতি বা একোটা ভাষাৰঐতিহ্য, পৰম্পৰা, কৃষ্টি–সংস্কৃতি আদি উপাদানসমূহক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অহৰহ বহন কৰি লৈ ফুৰিব পাৰে আদিৰপৰা অনাদি কাললৈ৷

Nature's Beckon is leading a vibrant Nature-writing movement in Assam, strengthening its roots amongst the young generations of Assam.

        সাহিত্যৰ সৈতে প্ৰকৃতি ওতপ্ৰোতভাৱে জড়িত৷ প্ৰকৃতিক বাদ দি সাহিত্য সৃষ্টি হ’ব নোৱাৰে৷ পৃথিৱীৰ আদিমতম গ্ৰন্থ হিচাপে পৰিচিত ‘বেদ’, ‘উপনিষদ’ আদি গ্ৰন্থসমূহো প্ৰকৃতিকেই মূল পৃষ্ঠভূমি হিচাপে লৈ ৰচিত হৈছিল৷ প্ৰাচীন ভাৰতীয় শাস্ত্ৰ, ধৰ্মীয় গ্ৰন্থ, মৌখিক পৰম্পৰাই ভাৰতত প্ৰকৃতি সাহিত্যৰ শিপা বহন কৰে যিয়ে মানুহৰ সামূহিক চেতনাক প্ৰকৃতিৰ সৈতে বন্ধন গঢ়ি তোলাত ডাঙৰ ভূমিকা পালন কৰে৷ ভাৰতৰ সকলো সংস্কৃতি আৰু সম্প্ৰদায়ৰ বাবে এই কথা সত্য৷ অসমত প্ৰকৃতি–লেখা [Nature writing]ৰ বীজ সিঁচাৰ ক্ষেত্ৰত উনবিংশ শতিকাৰ ‘অৰুনোদই’, ‘জোনাকী’ আদি অসমৰ আদিম আধুনিক সাহিত্য–আলোচনীসমূহৰ অৱদান উল্লেখনীয়৷ মূলতঃ সাহিত্যত প্ৰকৃতি দুই ধৰণে উপস্থাপন হোৱা দেখা যায়৷ সেয়া হৈছে সাধাৰণভাৱে সাহিত্যত প্ৰকৃতি চিত্ৰণ আৰু প্ৰকৃতি সংৰক্ষণকামী চিন্তা–চেতনাৰে উদ্দেশ্যপ্ৰণোদিতভাৱে সাহিত্যত প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহৰ উপস্থাপন৷ কিন্তু সাহিত্যত কেৱল প্ৰকৃতি চিত্ৰণ বা অপৰূপ প্ৰকৃতিৰ ৰূপ–সৌন্দৰ্যৰ বৰ্ণনা থাকিলেই সেই সাহিত্যক প্ৰকৃতি সাহিত্য বুলি ক’ব পৰা নাযায়৷ প্ৰকৃতি সাহিত্য হ’বলৈ হ’লে সেই সাহিত্যই কেৱল প্ৰকৃতিৰ অপৰূপ ৰূপ–সৌন্দৰ্য তথা প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহৰ বিশদ বিৱৰণ দাঙি ধৰাৰ সমান্তৰালভাৱে সেইসমূহৰ যথোচিত সংৰক্ষণৰ দিশটোৰ প্ৰতিও সমানেই গুৰুত্ব আৰোপ কৰি মানুহৰ চিন্তন–মননত সংৰক্ষণকামী চিন্তা–চেতনা জাগ্ৰত কৰি তুলিব পাৰিব লাগিব৷

Pobitora Wild Birds Conservation Festival 2024, 2025, have sowed the thoughts and skills of effective nature-writing among students and youths through trainings and seminars.

সাম্প্ৰতিক সময়ত প্ৰকৃতি সাহিত্যই প্ৰকৃতি সংৰক্ষণৰ কাৰণক কেন্দ্ৰ কৰি উদ্দেশ্যপ্ৰণোদিত সাহিত্যৰ এক ধাৰা হিচাপে আত্মপ্ৰকাশ কৰিছে৷ প্ৰকৃতি সাহিত্য লিখিবৰ বাবে প্ৰকৃতি সংৰক্ষণৰ কামত লেখকৰ ব্যক্তিগত দায়বদ্ধতাৰ প্ৰয়োজন৷ প্ৰকৃতি সাহিত্য সৃষ্টি কৰাজন নিদ্ৰাহীন প্ৰকৃতিপ্ৰেমীৰপৰা সক্ৰিয় প্ৰকৃতি–কৰ্মীৰ অৱস্থালৈ বিকশিত হ’ব লাগিব৷ অৰণ্য, পাহাৰ, বন–বন্যপ্ৰাণ তথা প্ৰাকৃতিক জগতৰ প্ৰতি প্ৰেম আৰু আত্মীয়তা অনুভৱ নকৰাকৈ প্ৰকৃতি সাহিত্য সৃষ্টি কৰিব নোৱাৰি; আচলতে প্ৰকৃতি সাহিত্যৰ বাবে লেখকৰ মাজত প্ৰকৃতিপ্ৰেমীৰ পৰা প্ৰকৃতি–কৰ্মীলৈ অতিৰিক্ত মাইল খোজ কাঢ়িবলৈ সাহসৰ প্ৰয়োজন৷ প্ৰকৃতিৰ প্ৰতি প্ৰেম সন্তুষ্টিদায়ক আৰু শান্তিপূৰ্ণ হ’ব পাৰে যদিও প্ৰাকৃতিক জগতখনৰ সুৰক্ষাৰ বাবে সক্ৰিয়তা হৈছে প্ৰকৃতিৰ প্ৰতি আমাৰ প্ৰেমৰ আন্তৰিকতাৰ লগত খাপ খোৱা কাৰ্য৷ জৈৱ–বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আমাৰ বনাঞ্চল, নদ–নদী, সাগৰ, পাহাৰ আৰু সকলো প্ৰাকৃতিক বাসস্থানৰ সুৰক্ষা, সংৰক্ষণ আৰু সংৰক্ষণৰ বাবে আমাৰ কাৰ্যকলাপক ফলপ্ৰসূভাৱে পৰিচালিত কৰিবলৈ প্ৰকৃতি সাহিত্য হৈছে এক শক্তিশালী মাধ্যম৷

A collection of critical essays about the life and works of renowned environmentalist and writer Sri. Soumyadeep Datta. Edited by Dr. Arabinda Rajkhowa, published by Department of Assamese, North Lakhimpur College (Autonomous).

বৰ্তমান প্ৰকৃতি সাহিত্য, অধ্যয়ন তথা গৱেষণাৰ এক অন্যতম বিষয় হৈ পৰিছে৷ বিদ্যায়তনিক দিশত কিছুপৰিমাণে হ’লেও ই পাঠ্যক্ৰমৰ অন্তভুৰ্ক্ত হ’বলৈ সক্ষম হৈছে৷ অসমত প্ৰকৃতি সাহিত্যক এক অন্যতম বিষয় হিচাপে লৈ শিক্ষাদানৰ ক্ষেত্ৰত নৰ্থ লখিমপুৰ কলেজ [স্বতন্ত্ৰ]ৰ অসমীয়া বিভাগে বাটকটীয়াৰ ভূমিকা গ্ৰহণ কৰিছে৷ ইতিমধ্যে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগে এই বিষয়ত শিক্ষাদানৰ লগতে কেইবাটাও গৱেষণা প্ৰকল্প সম্পন্ন কৰিছে৷ প্ৰকৃতি সাহিত্যৰ সঠিক মূল্যায়নৰ দিশত ই নিশ্চয়কৈ এক আদৰ্শনীয় আৰু প্ৰশংসনীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ ইয়াৰোপৰি ‘সাহিত্য অকাডেমী’, ‘শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজ’, ‘প্ৰাগজ্যোতিষ সাহিত্য উৎসৱ–২০২৩’ আদি অনুষ্ঠানসমূহে ‘প্ৰকৃতি সাহিত্য’ক গুৰুত্ব প্ৰদান কৰি বৃহৎ কলেৱৰত আলোচনা সত্ৰ আদি অনুষ্ঠিত কৰাটোৱে অসমীয়া প্ৰকৃতি সাহিত্য ক্ষেত্ৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ বিশেষকৈ সৰ্বভাৰতীয় পৰ্যায়ৰ সাহিত্য সংগঠন ‘সাহিত্য অকাডেমী’য়ে উত্তৰ–পূৱ ভাৰতৰ প্ৰকৃতি সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ সহযোগত দেশৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে ১ অক্টোবৰ, ২০২১ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত ‘প্ৰকৃতি সাহিত্য’ক মূল বিষয় হিচাপে লৈ আলোচনা সত্ৰ আদি অনুষ্ঠিত কৰাটোৱে নিশ্চয়কৈ অসমৰ প্ৰকৃতি সাহিত্য চৰ্চাকাৰীসকলক মান্যতা প্ৰদান কৰিছে আৰু তেওঁলোকৰ মাজত এক নতুন আশাৰ সঞ্চাৰ ঘটাইছে৷ আনহাতে ‘সাহিত্য অকাডেমী’ৰ পিছতে অসমৰ ‘শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজে’ও অসম তথা উত্তৰ–পূৱ ভাৰতৰ প্ৰকৃতি লেখক–সাহিত্যিকসকলৰ লগতে বিদ্যালয়–মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ–ছাত্ৰীসকলৰ মাজত প্ৰকৃতি সাহিত্যৰ চেতনা জগাই তোলাৰ উদ্দেশ্যে ২৫ ফেব্ৰুৱাৰী,২০২৩ তাৰিখে ‘পূৰ্বোত্তৰ প্ৰকৃতি সাহিত্য সন্মিলন’ শীৰ্ষক বিদ্যায়তনিক আৰু মননশীল আলোচনা চক্ৰ অনুষ্ঠিত কৰি এইক্ষেত্ৰত সাৰ–পানী যোগাইছে৷ একেদৰে ২৯ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰ, ২০২৩ তাৰিখলৈকে গুৱাহাটীত অনুষ্ঠিত ‘প্ৰাগজ্যোতিষ সাহিত্য উৎসৱ–২০২৩’ৰ দৰে অনুষ্ঠানেও প্ৰকৃতি সাহিত্য বিষয়ত গাম্ভীৰ্যপূৰ্ণ আৰু মননশীল আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰি বিষয়টোৰ প্ৰতি সকলোকে সজাগ আৰু সচেতন কৰি তোলাত অৰিহণা যেগাইছে৷ তেনেদৰে অন্যান্যসকলৰ দৰে অসমৰ অগ্ৰণী প্ৰকৃতি সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনেও তেওঁলোকৰ ‘দ্য চীড’ নামৰ ডিজিটেল মাধ্যমৰ আলোচনীখনৰ জৰিয়তে বিভিন্ন প্ৰকৃতি–লেখা প্ৰকাশেৰে প্ৰকৃতি সাহিত্যৰ উত্তৰণত আত্মনিয়োগ কৰি আহিছে৷ এনেধৰণৰ পদক্ষেপসমূহে অসমত প্ৰকৃতি সহিত্যৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে৷

The Nature-writing literature in Assamese language is an extensively diverse and dynamically evolving genre which has richly contributed to the biodiversity conservation movement of Assam.

        মুঠ কথাত প্ৰকৃতি–সাহিত্যক প্ৰকৃতি সংৰক্ষণৰ পৰা পৃথক কৰাটো অসম্ভৱ৷ এই দুয়োটাই দয়া আৰু ত্যাগৰ দৰ্শনৰ ওপৰত নিৰ্ভৰশীল৷ আমি বনাঞ্চলৰ মংগলৰ বাবে আমাৰ বনাঞ্চলসমূহক সুৰক্ষা দিওঁ, আমি এই পৃথিৱীখনক আমাৰ বাবে সুন্দৰ কৰি তোলা লাখ লাখ প্ৰজাতিৰ প্ৰাণীৰ সংৰক্ষণ আৰু সংৰক্ষণৰ দিশত চিন্তা আৰু কাৰ্যক আগুৱাই নিবলৈ প্ৰকৃতি–লেখা বা প্ৰকৃতি সাহিত্য সৃষ্টি কৰোঁ৷ মানুহৰ লাভ আৰু উপকাৰৰ নৃতত্ত্বৰ চিন্তাধাৰাক এই লেখাসমূহৰ জৰিয়তে প্ৰকৃতিক সন্মান জনোৱাৰ বাবে লিখা হয়৷ লেখকে এই লেখাবোৰৰ জৰিয়তে পাঠকক প্ৰকৃতি সংৰক্ষণৰ বিষয়ে লেখকৰ প্ৰত্যয়ৰ পৰ্যায়লৈ লৈ যায়৷ এই লেখা সৃষ্টিৰ প্ৰত্যাহ্বানটো আৰম্ভ হয় লেখকৰ মাজত এজন প্ৰকৃতিকৰ্মীৰ জন্মৰ পৰাই কাৰণ লেখকজন যিমানেই দক্ষ আৰু সূক্ষ্ম নহওক কিয়, মনটো উত্থান নহ’লে কলমে প্ৰকৃতি লেখাৰ সৃষ্টি নকৰে৷ প্ৰকৃতি–লেখা এটা মনৰ গতি, ই লেখকৰ আত্মতৃপ্তিৰ কথাও নহয়, পাঠকৰ ইন্দ্ৰিয়সুখৰ কথাও নহয়৷ ইয়াৰ ৰূপ যিয়েই নহওক কিয়, প্ৰকৃতি–সাহিত্যই প্ৰকৃতি সংৰক্ষণৰ বাবে প্ৰকৃত দয়ালু কাৰ্যৰ সৃষ্টি কৰিব পাৰিব লাগিব৷ এই সাহিত্যই প্ৰকৃতি সংৰক্ষণৰ বাবে এক মানসিক আন্দোলন সৃষ্টি কৰিব লাগিব, ই সাহিত্যৰ সংকীৰ্ণ আত্মসন্তুষ্টিদায়ক জগতখনৰ বাহিৰলৈ যাব পাৰিব লাগিব৷ আমি আশাবাদী এই প্ৰত্যাহ্বান আৰু বিতৰ্কৰ মাজতে প্ৰকৃতি–সাহিত্যই জনপ্ৰিয় সাহিত্যৰ ভৱিষ্যত হিচাপে আত্মপ্ৰকাশ কৰিব৷ আমাৰ সামূহিক দায়িত্ব সম্পৰ্কে আমাৰ ভৱিষ্যত প্ৰজন্মৰ সৈতে আলোচনা স্থাপন কৰাত প্ৰকৃতি–সাহিত্য তাৎপৰ্যপূৰ্ণ বিবেচিত হ’ব আৰু ই ভৱিষ্যতৰ বিশ্ব নাগৰিকসকলক প্ৰাকৃতি জগতৰ সৈতে আমাৰ আধ্যাত্মিক, দাৰ্শনিক আৰু মানৱীয় প্ৰমূল্যবোধৰ সংযোগ ঘটোৱাৰ অন্যতম ফলপ্ৰসূ মাধ্যম হৈ উঠিব৷

'Pobitora Wildlife Sanctuary', a book published to mark the second edition of the Pobitora Wild Birds Conservation Festival in January 2025 is the latest contribution of Nature's Beckon to the nature writing movement of Assam.