কংকণা দাস
প্ৰাকৃতিক জলাশয় পুতি মানুহৰ অৰণ্য গঢ়াৰ পৰিণাম আমি দেখিলো, হৃদয়ংগম কৰিলোনে! কৰিলো যদি এতিয়া আমাৰ কৰণীয় কি হ’ব? নাই কৰা যদি ইয়াতকৈও বেছি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হম বুলি আমি নিজকে কোৱা উচিত। বৰষুণ পৃথিৱীৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা। বৰষুণে পৃথিৱীৰ ইকো চিষ্টেম সন্তুলিত ৰখাৰ লগতে পৃথিৱীৰ নান্দনিক সৌন্দৰ্য্যও বৃদ্ধি কৰে। কিন্তু মানুহৰ জনসংখ্যা বৃদ্ধি আৰু অপৰিকল্পিত চহৰৰ বিস্তাৰে বৰষুণক এক সমস্যাত পৰিণত কৰিছে। মাথো এজাক বৰষুণতেই অসমৰ গুৰুত্বপূৰ্ণ চহৰ গুৱাহাটী পানীময় হৈ উঠে। যি গুৱাহাটীৰ গাতে লাগি বৈ যায় আছে বিশাল ব্ৰহ্মপুত্ৰ, তেনে চহৰ এখন এজাক বৰষুণতেই পানীত ডুব যায়, খোৱাপানী আৰু দৈনন্দিন ব্যৱহাৰৰ পানীৰ বাবে প্ৰায় গোটেই বছৰ নাটনি হয়। কিন্তু কিয় এনে হয়! প্ৰাকৃতিক জলাশয় নাইকিয়া কৰি যধে মধে চহৰ বিস্তাৰিত হ’লে নিশ্চয় এনে সমস্যাৰ সৃষ্টি হয়। চহৰৰ এই সমস্যা আমাৰ গাওঁ সমূহলৈ বিয়পিব ধৰিছে। মই নিজেই গুৱাহাটীৰ দাঁতিকাষৰীয়া গাৱঁৰ বাসিন্দা। দীপৰ বিলৰ ঠিক ওচৰতেই অৱস্থিত আমাৰ অঞ্চল সমূহত অলপ বৰষুণ হ’ লেই পানীত বুৰ যায়। এই সমস্যাটো একেবাৰে নতুন। কিছু বছৰ আগলৈ এনে সমস্যা নাছিল। আমাৰ অঞ্চলত প্ৰতিটো ৰাস্তাৰ আগত প্ৰাকৃতিক জলাশয় আছিল আৰু ৰাস্তা বোৰৰ তলেৰে প্ৰতিটো জলাশয় সংলগ্ন হৈ আছিল। এই জলাশয় বোৰৰ পানী উফন্দি উঠিলেই ওচৰৰ কোনো তুলনামূলকভাৱে দ পথাৰত পানী বাগৰি গৈছিল। বিভিন্ন কাৰণত আমি আমাৰ পথাৰ বোৰ হেৰুৱালো। পথাৰবোৰৰ ঠাইত এতিয়া আকাশলংঘী ঘৰ আৰু বিভিন্ন কাৰুকাৰ্য্য। ৰাস্তাৰ সন্মুখৰ পিতনী বোৰত মাটি উঠাই ঘৰকে আদি কৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান। আমাৰ সুবিধাবোৰ সহজতে কৰি লওঁতে লওঁতে ভৱিষ্যতত হ’ব পৰা অসুবিধাবোৰ আওকাণ কৰি থাকিলো। কাৰণ আমি অদূৰদৰ্শী, তাতকৈও বেছি আমাৰ সামাজিক মূল্যবোধ কম। মোৰ সুবিধা হ’লেই হ’ল, বেলেগৰ যি হয় হওক মনোভাবেৰে আমি আমাৰ কাৰ্যকলাপবোৰ চলাই যাওঁতে যাওঁতে আজি এই পৰিস্থিতিৰ সন্মুখীন হ’লো। তাৰোপৰি প্ৰাকৃতিক অৰণ্য, বৃহৎ বৃহৎ গছ কটাৰ কথা নকলোৱেইবা আৰু কিছুদিন পিছত ইয়াতকৈও ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হ’ব। মানুহ প্ৰাকৃতিক মূল্যবোধৰে সচেতন নহ’লে এই মূৰ্খালিৰ শিকলি নিছিগে আৰু মানুহ নিজেই নিজৰ কৰ্মৰ জালত এদিন পৃথিৱীৰ পৰা নি:শেষ হৈ যাব।