কিশোৰ কুমাৰ চৌধুৰী
এনে এটা দিন আহিব, যেতিয়া আমি আমাৰ সন্তান বোৰক অৰণ্যলৈ লৈ যাম “তীৰ্থ ভ্ৰমণ কৰোৱাৰ উদ্দেশ্যে”। এদিন আমি সকলোৱে উপলব্ধি কৰিম, অৰণ্যবোৰেই প্ৰকৃততে আমাৰ মানৱ জাতিৰ মহাতীৰ্থ স্বৰূপ। অৰণ্যৰ গৰ্ভৰ পৰাই আমাৰ সভ্যতাৰ উন্মেষ। আজিকালি আমি বহুতেই অৰণ্যৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ পাহৰি গ’লো ;বহুতেই আজিকালি অৰণ্যলৈ হয়তো যায়, কিন্তু আমি শ্ৰদ্ধা আৰু মৈত্ৰী ভাৱ লৈ অৰণ্যলৈ যাব লাগিব। ভোগ বিলাসৰ চিন্তা কৰি যিসকলে অৰণ্যলৈ যায় তেওঁলোকে অৰণ্যৰ আত্মাক উপলব্ধি কৰিব নোৱাৰে ; ফলত অৰণ্যৰ মংগলময় দানৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে।”
উক্ত কথাখিনি এখন সদ্যপ্ৰকাশিত গ্ৰন্থৰ লেখকৰ দু আষাৰৰ একাংশ মাথো। কথাখিনিৰ পৰাই আমি উপলব্ধি কৰিব পাৰো যে লিখক অৰণ্যৰ প্ৰতি কিমান গভীৰ শ্ৰদ্ধাশীল। অৰণ্যক গভীৰভাৱে অধ্যয়ন আৰু অতি সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ লেখকে মাজে মাজে গভীৰ অৰণ্যত স্বইচ্ছাৰে বনবাস গ্ৰহণ কৰে। লিখকজন সাতসৰীৰ পাঠকৰ সৰ্বপৰিচিত, প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্ত। তেখেতৰ সদ্য প্ৰকাশিত গ্ৰন্থ “উদ্ভাসিত মায়াবন” হ’ল অৰণ্য এখনৰ বাস্তৱ অভিজ্ঞতা, সূক্ষ্ম নিৰীক্ষণ আৰু যুক্তি-যুক্ত পৰ্যালোচনাৰ সাৱলীল বৰ্ণনা। লেখকে কৈছে- “অৰণ্য দেৱীৰ বিশ্ববিদ্যালয়ত বাস্তৱ প্ৰশিক্ষণ নোলোৱাকৈ কোনেও একো শিকিব নোৱাৰে। এই সময়ত মোৰ” বায়ন’ কুলাৰ” মোৰ লগত সদায় থাকে, কাৰণ মই সদায় চৰাইবোৰৰ কাৰ্যকলাপ ওচৰৰ পৰা চাব বিচাৰোঁ।”
এই গ্ৰন্থৰ লেখক, প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্ত অতি সংবেদনশীল ব্যক্তি। তেখেতৰ লগত আমিও অৰণ্য ভ্ৰমণ কৰো। তেখেতৰ লগত থাকিলে অৰণ্য ভ্ৰমণৰ প্ৰতিটো ক্ষণৰ মাদকতা পোৱা যায়।” উদ্ভাসিত মায়াবন ” এই নামটোতেই এটা কাব্যিক সোৱাদ অনুভূত হয়। এই গ্ৰন্থৰ মূল বিষয়বস্তু হ’ল অৰণ্য ভ্ৰমণৰ অভিজ্ঞতা । অসম-অৰুণাচলৰ সীমান্তৱৰ্তী “পাক্কে অভয়াৰণ্য” হ’ল অৰুণাচল প্ৰদেশৰ তথা ভাৰতৰ আগশাৰীৰ এখন ব্যাঘ্ৰ প্ৰকল্প। এই অৰণ্যই হ’ল “উদ্ভাসিত মায়াবন” গ্ৰন্থৰ পটভূমি। এই গ্ৰন্থৰ বহুত অংশই একে নামেৰে সাতসৰী আলোচনীত ২০১৫ চনৰ জানুৱাৰী মাহৰ পৰা ধাৰাবাহিকভাবে প্ৰকাশ হৈছিল। এতিয়া পূৰ্ণাংগ গ্ৰন্থৰূপত পাঠকৰ দ্বাৰা বহুল সমাদৃত। এই গ্ৰন্থই আমাক এক নতুন সোৱাদ প্ৰদান কৰিছে। লেখকৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু সৰল বৰ্ণনা মোৰ দৰে এজন সাধাৰণ পাঠকৰ বাবে বহুত পৰিমানে উপভোগ্য। লেখকে নিজৰ ভ্ৰমণ কালৰ প্ৰতিটো মূহুৰ্তৰ সূক্ষ্ম বৰ্ণনা দাঙি ধৰা বাবে মোৰ অনুভূতিয়ে মোক অৰণ্যৰ অন্তেষপুৰলৈ লৈ গৈছে। ময়ো যেন লেখকৰ লগত এখোজ দুখোজকৈ গৈ আছো। এই গ্ৰন্থৰ সজীৱ বৰ্ণনাই মোক অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাৰ পাক্কে ব্যাঘ্ৰ প্ৰকল্পৰ অৰণ্যলৈ পুনৰ লৈ গৈছে ।পূব হিমালয়ৰ এই অঞ্চল ৰহস্যময়ী সৌন্দৰ্য্যৰ আকৰ। পাক্কে অভয়াৰণ্যলৈ মই দুবাৰ গৈছিলো। এবাৰ নেচাৰ্চ বেকনৰ প্ৰকৃতি শিবিৰ (২০০৯) আৰু “Jungle trekking training” (২০১০)।এই গ্ৰন্থৰ প্ৰতিটো পৃষ্ঠাত লেখক দত্তদেৱৰ সূক্ষ্ম দৃষ্টিভংগীৰ প্ৰকাশ পাঠক সমাজে উপলদ্ধি কৰিব। বহুতো ঘটনা পৰিঘটনাৰ সাৱলীল বৰ্ণনাৰে পাঠকক শিহৰিত কৰি তুলিছে। এহাল কেৰ্কেটুৱাই জীৱজগতত নিজৰ প্ৰজাতিক বৰ্তাই ৰখাৰ বা বংশ ৰক্ষাৰ বাবে প্ৰকৃতিৰ ৰীতি অৱলম্বন কৰাৰ বৰ্ণনা, ঢেকীয়াপতীয়া বাঘৰ ওচৰৰপৰা লেখকে নিজৰ প্ৰাণৰক্ষা কৰিবলৈ ওখ গছত উঠি জীৱন ৰক্ষা কৰাৰ বৰ্ণনা, নাহৰফুটুকীৰ বান্দৰ চিকাৰ, গোবৰুৱা পোকৰ ৰহস্য বৰ্ণনা, নেউল পৰিয়ালৰ সাংসাৰিক জীৱন, সন্তানপ্ৰীতি, সন্তানক চিকাৰৰ প্ৰশিক্ষণ, আত্মৰক্ষা ইত্যাদি। বনকৰ্মীৰ ইশ্বৰ বিশ্বাস, পূজা পাৰ্বন আদিয়ে কেনেকৈ মনোবল বৃদ্ধি কৰেআৰু সেউজ প্ৰহৰী বনকৰ্মীসকলৰ জীৱন যাত্ৰা, সুখ দুখ ইত্যাদি সকলো কথা দাঙি ধৰিছে। বিভিন্ন চৰাইৰ প্ৰজাতিৰ মাজত পাৰস্পৰিক সম্পৰ্ক, বাহ সজাৰ পদ্ধতি, কৌশল ইত্যাদিৰ সূক্ষ্ম পৰ্যবেক্ষণ এই গ্ৰন্থত প্ৰকাশ পাইছে। চৰাই পৰ্যবেক্ষণৰ প্ৰয়োজনীয়তা, উপকাৰিতা, নিয়ম, কৌশল আদি বহু কথা এই গ্ৰন্থখনৰ জৰিয়তে নতুন প্ৰজন্মৰ শিকৰুসকলে উপকৃত হৈছে। লেখকে ভ্ৰমণৰ বিভিন্ন দিশ আলোচনা কৰিছে। নৈপাৰৰ টঙিঘৰত লেখকে কেইবাটাও নিশা কটাইছে, য’ৰ পৰা নিশাৰ এন্ধাৰত বন্যজগতখন পৰ্যবেক্ষণ কৰিছে আৰু পাঠকসকলক তাৰ ৰসস্বাদন কৰিবলৈ সুযোগ দিছে। কাব্যিক অনুভূতিৰে প্ৰকৃতিৰ বৰ্ণনা কৰিছে। দবালপিটা বৰষুণ, বিজুলী-ঢেৰেকণি ত তিতিবুৰিও লেখকে অকণো বিৰক্তিভাব প্ৰকাশ কৰা নাই। প্ৰকৃতিৰ সকলো ঘটনা একো – একোটা সুন্দৰ ব্যৱস্থাপনা।
“উদ্ভাসিত মায়াবন” গ্ৰন্থখন কেবল প্ৰকৃতি প্ৰেমীসকলৰ বাবেই নহয় সৰ্বসাধাৰণ পাঠকৰ বাবেও এখন উৎকৃষ্ট গ্ৰন্থ। এই গ্ৰন্থখনে প্ৰকৃতি সাহিত্যৰ ভড়াঁল চহকী কৰিছে। গ্ৰন্থখন কেৱল সুখপাঠ্যই নহয়, প্ৰকৃতি নিৰীক্ষণ কৰাৰ শিক্ষা, কৌশল আৰু প্ৰকৃতি সংৰক্ষণৰ কথা ইয়াত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। লেখকে তেখেতৰ ভ্ৰমণকালত যিমান খোজ মাটিত পেলাইছে বা আগবাঢ়ি গৈছে তাৰ প্ৰতিটো খোজেই যেন একো একোটা দীঘলীয়া ভ্ৰমণ, সেইকথা তেখেতৰ বৰ্ণনাৰ দ্বাৰাই প্ৰকাশ পাইছে। লেখকস এই ভ্ৰমণ আছিল দুঃসাহসিক, দুৰ্গম পথৰ কষ্টকৰ যাত্ৰা। শাৰিৰীক আৰু মানসিকভাৱে লেখক কিমান প্ৰস্তুত পাঠকসকলে সহজেই বুজি পাইছে। বনৰ জীৱজন্তু বোৰক একোটা উপন্যাসৰ চৰিত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে আৰু উপন্যাসোপম বৰ্ণনাৰে পাঠকসকলক শিহৰিত কৰিছে।
এই গ্ৰন্থখনত কেৱল বন বন্যপ্ৰাণীৰ কথাই যে কৈছে তেনে নহয়, লিখকে তেখেতৰ ভ্ৰমণকালত বহুতো মানুহ লগ পাইছে, যিসকলৰ কথা পাঠকক জনাইছে। লগপোৱা প্ৰত্যেকজন ব্যক্তিকেই তেওঁ আন্তৰিকতাৰে চুই গৈছে, আৰু একোজন ভাল মানুহ হিচাপে পাঠকৰ মনত প্ৰতিষ্ঠা কৰিছে। অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীৰ গাওঁত বিভিন্ন মানুহ লগ পাইছে।
“উদ্ভাসিত মায়াবন” গ্ৰন্থখন মুঠ ২৬ অধ্যায়েৰে সজাইছে। একেবাৰে শেষৰ অধ্যায়টো হ’ল- “অৰণ্য মহাকৰুণাৰ প্ৰতীক” । তাত লেখকে কৈছে-” অৰণ্য মহাকৰুণাৰ প্ৰতীক, অৰণ্য সকলো প্ৰাণীৰ আশ্ৰয়স্থল। অৰণ্য জীৱনদায়িনী খাদ্যৰ উৎস। আজি আমি যি বায়ু(অক্সিজেন) সেৱন কৰি জীয়াই আছো, অৰ্থাৎ শ্বাস প্ৰশ্বাসৰ বাবে আমি যি অক্সিজেন গ্ৰহণ কৰোঁ সেয়াও অৰণ্যৰে দান। – – – – অৰণ্যৰূপী এই মহাদাতাৰ প্ৰতি আমি চৰম অন্যায় কৰিছোঁ, চৰম অত্যাচাৰ সহ্য কৰিও এই মহান কৰুণাময়ীয়ে আমাৰ প্ৰতি কৰুণা বৰ্ষণত বিৰত থকা নাই। গ্ৰন্থখন প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ ক্ৰিয়েটিভ ডিজাইন প্ৰকাশন গোষ্ঠীয়ে। আটকধুনীয়া বেটুপাত সজাইছে দাদুল চলিহা আৰু আশীষ দেৱনাথে। গ্ৰন্থাকাৰ সৌম্যদ্বীপ দত্তদেৱে “উদ্ভাসিত মায়াবন” উচৰ্গা কৰিছে প্ৰকৃতিপ্ৰেমী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাদেৱৰ হাতত। পকাবন্ধা গ্ৰন্থখনৰ মূল্য চাৰিশ টকা। মূখ্য পৰিৱেশক বনলতা প্ৰকাশন গোষ্ঠী।