সম্পাদকীয় জুন – ২০২২

IMG_20210110_133024a

কংকণা দাস

প্ৰাকৃতিক জলাশয় পুতি মানুহৰ অৰণ্য গঢ়াৰ পৰিণাম আমি দেখিলো, হৃদয়ংগম কৰিলোনে! কৰিলো যদি এতিয়া আমাৰ কৰণীয় কি হ’ব? নাই কৰা যদি ইয়াতকৈও বেছি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হম বুলি আমি নিজকে কোৱা উচিত। বৰষুণ পৃথিৱীৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা। বৰষুণে পৃথিৱীৰ ইকো চিষ্টেম সন্তুলিত ৰখাৰ লগতে পৃথিৱীৰ নান্দনিক সৌন্দৰ্য্যও বৃদ্ধি কৰে। কিন্তু মানুহৰ জনসংখ্যা বৃদ্ধি আৰু অপৰিকল্পিত চহৰৰ বিস্তাৰে বৰষুণক এক সমস্যাত পৰিণত কৰিছে। মাথো এজাক বৰষুণতেই অসমৰ গুৰুত্বপূৰ্ণ চহৰ গুৱাহাটী পানীময় হৈ উঠে। যি গুৱাহাটীৰ গাতে লাগি বৈ যায় আছে বিশাল ব্ৰহ্মপুত্ৰ, তেনে চহৰ এখন এজাক বৰষুণতেই পানীত ডুব যায়, খোৱাপানী আৰু দৈনন্দিন ব্যৱহাৰৰ পানীৰ বাবে প্ৰায় গোটেই বছৰ নাটনি হয়। কিন্তু কিয় এনে হয়! প্ৰাকৃতিক জলাশয় নাইকিয়া কৰি যধে মধে চহৰ বিস্তাৰিত হ’লে নিশ্চয় এনে সমস্যাৰ সৃষ্টি হয়। চহৰৰ এই সমস্যা আমাৰ গাওঁ সমূহলৈ বিয়পিব ধৰিছে। মই নিজেই গুৱাহাটীৰ দাঁতিকাষৰীয়া গাৱঁৰ বাসিন্দা। দীপৰ বিলৰ ঠিক ওচৰতেই অৱস্থিত আমাৰ অঞ্চল সমূহত  অলপ বৰষুণ হ’ লেই পানীত বুৰ যায়। এই সমস্যাটো একেবাৰে নতুন। কিছু বছৰ আগলৈ এনে সমস্যা নাছিল। আমাৰ অঞ্চলত প্ৰতিটো ৰাস্তাৰ আগত প্ৰাকৃতিক জলাশয় আছিল আৰু ৰাস্তা বোৰৰ তলেৰে প্ৰতিটো জলাশয় সংলগ্ন হৈ আছিল। এই জলাশয় বোৰৰ পানী উফন্দি উঠিলেই ওচৰৰ কোনো তুলনামূলকভাৱে দ পথাৰত পানী বাগৰি গৈছিল। বিভিন্ন কাৰণত আমি আমাৰ পথাৰ বোৰ হেৰুৱালো। পথাৰবোৰৰ ঠাইত এতিয়া আকাশলংঘী ঘৰ আৰু বিভিন্ন কাৰুকাৰ্য্য। ৰাস্তাৰ সন্মুখৰ পিতনী বোৰত মাটি উঠাই ঘৰকে আদি কৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান। আমাৰ সুবিধাবোৰ সহজতে কৰি লওঁতে লওঁতে ভৱিষ্যতত হ’ব পৰা অসুবিধাবোৰ আওকাণ কৰি থাকিলো। কাৰণ আমি অদূৰদৰ্শী, তাতকৈও বেছি আমাৰ  সামাজিক মূল্যবোধ কম। মোৰ সুবিধা হ’লেই হ’ল, বেলেগৰ যি হয় হওক মনোভাবেৰে আমি  আমাৰ কাৰ্যকলাপবোৰ চলাই যাওঁতে যাওঁতে আজি এই পৰিস্থিতিৰ সন্মুখীন হ’লো। তাৰোপৰি প্ৰাকৃতিক অৰণ্য, বৃহৎ বৃহৎ গছ কটাৰ কথা নকলোৱেইবা আৰু কিছুদিন পিছত ইয়াতকৈও ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হ’ব।  মানুহ প্ৰাকৃতিক মূল্যবোধৰে সচেতন নহ’লে এই মূৰ্খালিৰ শিকলি নিছিগে আৰু মানুহ নিজেই নিজৰ কৰ্মৰ জালত এদিন পৃথিৱীৰ পৰা নি:শেষ হৈ যাব।

 
আমি মানুহ বোৰে এটা কথা মনত ৰখা উচিত পৃথিৱী এটা জীৱন্ত গ্ৰহ। যিদৰে পৃথিৱীৰ মংগলৰ বাবে ডাইনোচৰ বিলুপ্ত হৈছিল ঠিক তেনেদৰে অত্যধিক অশান্তি সৃষ্টি কৰা মানুহো আঁতৰ হ’ব। প্ৰাকৃতিক নদীক বান্ধ দি আমি  কিমান দিননো ৰাখিব পাৰিম। আমাৰ শক্তিয়েই বা কিমান!এটা সময়ত মানুহে নিজে নিজেই ঘৰ ভাঙি খাল খান্দিবলৈ ঠাই উলিয়াই দিবলৈ বাধ্য হ’ব। প্ৰকৃতিৰ লগত বিলীন হৈ প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবলৈ মানুহ এদিন নিজে নিজেই বাধ্য হ’ব অন্যথা বিলুপ্ত হ’ব। এই সমস্যা সমূহ যে কেৱল আমাৰেই সমস্যা তেনে নহয়। গোটেই পৃথিৱীয়েই বৰ্তমান এনে ধৰণৰ বিভিন্ন প্ৰাকৃতিক সমস্যাৰে জৰ্জৰিত। তৃতীয়বিশ্বৰ দেশ হেতু আমাৰ দেশত waste management ৰ কোনো বৈজ্ঞানিক পদ্ধতি নাই। ১২১ কোটি জনসংখ্যাৰ অধিক সংখ্যকৰে কোনো নাগৰিকত্ব বোধ নাই। পঢ়া শুনা কৰা ডাঙৰ ডাঙৰ গাড়ীত ঘূৰাৰ পৰা আৰম্ভ কৰি সমাজৰ আৰ্থিকভাৱে পিছপৰা লোকলৈ সকলোৱে ৰাস্তা ঘাট, নদী, খাল, বিল, পথাৰ ইত্যাদি লেতেৰা কৰাত সষ্টম ভূমিকা লয়। ৰাষ্টা, বিল নহয় যেন প্লাষ্টিকৰ সাগৰহে। এই প্লাষ্টিকৰ আৱৰ্জনা সমূহেও পানীৰ সমস্যাৰ মুখ্য কাৰক। গুৱাহাটী চহৰতেই দেখিছো পানীৰ মাজত দম দম প্লাষ্টিকৰ পাহাৰ। এইবোৰৰ পৰা পৰিত্ৰাণ পোৱা মানুহৰ পক্ষে সহজ নহ’ব। এই সমস্যা সমূহৰ সমাধান বিচাৰি দোষ ঠেলা ঠেলি কৰি থাকিলে কাৰ্যতঃ একো নহ’ব। দোষ মানুহৰেই এই সম্বন্ধে কাৰো দ্বিমত থাকিব নোৱাৰে। প্ৰকৃতিক বিস্তাৰৰ ঠাই মোকলাই দি মানুহে নিজৰ বাসস্থান সংকুচিত কৰিব লাগিব। জনসংখ্যা নিয়ন্ত্ৰণ নহ’লে এই সমস্যা দিনকদিনে বাঢ়ি গৈ থাকিব। 
 
প্ৰকৃতিক বুঢ়া আঙুলি দেখুৱাই, পৰিস্থিতিতন্ত্ৰক আওকাণ কৰি,মানুহে কেতিয়াও কোনো কামেই কৰিব নোৱাৰে। এইয়া প্ৰকৃতিৰ সংবিধানৰ অঘোষিত, অলিখিত নিয়ম। সাময়িক ভাৱে কোনো বাধা নেদেখিলেও এই ধ্বংসাত্মক কাৰ্যকলাপৰ ফলাফল আমিয়েই ভোগ কৰিব লাগিব। সময় অতি তাকৰ, এতিয়াই সমাধানবোৰ অভ্যাস কৰি গঢ়ি নুতুলিলে মানৱ সভ্যতা কোনো মোহৰত পৃথিৱীৰ গৰ্ভত অৱশেষ স্বৰূপে ৰৈ যাৱ। 

share with friends