সম্পাদকীয় – এপ্রিল, ২০২৫

kankana

- কংকণা দাস

দ্য-চীর্ড ,এ নেচাৰ্চ বেকন ব্লগৰ সকলো পাঠকলৈ  নতুন বছৰৰ অলেখ শুভকামনা | নতুন বছৰৰ প্রাকক্ষণতেই  ‘নিয়মীয়া বাৰ্তা’ ৰ সম্পাদকীয় শিতানত প্রকাশ পোৱা পঞ্চৰত্ন-অজগৰ অভয়াৰণ্যৰ সংৰক্ষণৰ বতৰাই নেচাৰ্চ বেকনৰ বহুদিনীয়া দাবীক এক নতুন উদ্যম প্রদান কৰিছে । গোৱালপাৰা জিলাৰ শালবন সম্পূর্ণ এছিয়া মহাদেশৰ ভিতৰতে অন্যতম।  কিন্তু পৰিতাপৰ বিষয় যে আজিলৈ সমগ্র গোৱালপাৰা জিলাৰ এই শালবন তথা জৈৱ-বৈচিত্ৰ্য সংৰক্ষিত কৰিবলৈ এখনো অভয়াৰণ্য গঠন হোৱা নাই ৷ গোৱালপাৰা জিলাৰ অৰণ্য বন্যহস্তীৰ এক আদৰ্শ বাসস্থান  |  নেচাৰ্চ বেকনৰ  সর্বেক্ষণ  অনুসৰি গোৱালপাৰা জিলাৰ পঞ্চৰত্ন পাহাৰ তথা অৰণ্য হাতীৰ প্ৰসৱৰ এক গুৰুত্বপূর্ণ আৰু নিৰাপদ স্থান। সম্প্রতি বনৰীয়া হাতীৰ বাসস্থান ৰ অভাৱ আৰু হাতী মানুহৰ সংঘাতৰ এনে পর্যায়ত গোৱালপাৰাৰ এই দুই অৰণ্যৰ সংৰক্ষণে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব ৷ অসম চৰকাৰেও এই বিষয়টোক গুৰুত্ব  প্রদান কৰি অতি শীঘ্ৰে পঞ্চৰত্ন আৰু অজগৰ অৰণ্যক অভয়াৰণ্যৰ মর্যাদা প্রদান কৰা উচিত । নেচাৰ্চ বেকন  আগতেও  কৈ আহিছে যে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত বাসস্থান সংৰক্ষণৰ প্রয়োজনীয়তা অধিক ।  কিয়নো বাসস্থানৰ সংৰক্ষণে বন্যজীৱ সমূহক সুৰক্ষা আৰু নিৰাপত্তা প্রদান কৰে।  জনসংখ্যা বিস্ফোৰণৰ এই যুগত আমাৰ বাচি থকা প্রকৃতি প্রদত্ত জংঘল অর্থাৎ বন্যপ্ৰাণৰ বাসস্থান সমুহ সংৰক্ষণ নকৰিলে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ প্রকৃতাৰ্থত সম্ভৱ হৈ নুঠিব । সেয়ে নতুন বছৰত নেচাৰ্চ বেকনে আশা কৰিছে যে অতি শীঘ্রে পঞ্চৰত্ন আৰু অজগৰ  অভয়াৰণ্য গঠনৰ বাবে নেচাৰ্চ বেকনৰ কৰা দাবী পূৰণ হ’ব ।