বৰ্ষাৰণ্য

The Dihing Patkai rainforest pulsates with its rich biodiversity and picturisque perenial water streams like Tipam Nala. PC : Novanita Sharma.
Dr. Farida Ahmed

-       ° ফৰিদা  আহমেদ

চৌদিশে ডাঠ ঘন সেউজীয়া

আহলবহল এখন ডাঙৰ হাবি

গছ, লতা, ঘাঁহবন

ইমান ওখওখ গছ

আকাশ চুবলে যেন গৈ আছে গছবোৰ

মূৰ তুলি চালে আকাশ নেদেখি

সৰুগছ, জোপোহাৰ শাৰীও আছে

ওখ গছৰ ছাঁত নিশ্চিন্তে, নিৰাপদে

এখন দুতৰপীয়া হাবি!

মাথো গছবিৰিখেই নে?

আছে কীটপোক

ৰঙবিৰঙী পখিলা, চৰাইচিৰিকতি

সৰুডাঙৰ জীৱজন্তুৰ নিৰ্ভয় বিচৰণ

বৰ্ষাৰণ্য নামেৰে সুবিদিত

দিহিংপাটকাই

ঐশ্বৰ্য্যৰ পাৰ নাই

দশোদিশে বৈ গৰিমা অপাৰ

প্ৰাচ্যৰআমাজনৰত্নৰ আঁকৰ!!

সম্ভেদ ওলাল মাটিৰ তলতে কলা ৰতন

লালায়িত হল এচাম

চলিল খনন

বৰ্ষাৰণ্য ভুমিত হল কম্পন

অৰণ্য পৰিয়াল সচেতন

নুশুনা চৰাইৰ কুঞ্জন

দেওদিয়া পখিলাৰ উৰণঘুৰণ,

আতৰিল পৰিচিত হলগিবন

সম্বন্ধ বিচাৰি লে

আমাৰেই কুটুম

সাতাম পুৰুষীয়া বান্ধোন!

এজাক প্ৰকৃতিপ্ৰেমী আহিল ওলাই

জীৱকুলক নিৰ্ভয় দি ডংকা বজাই

ৰক্ষা কৰিলে বৰ্ষাৰণ্যৰ প্ৰাণ

ৰাখিলে দেশৰ মান

উজলাই অসমসম্পদ

সচাঁকৈয়ে আমাৰ সকলো আছিল

সকলো আছে আৰু থাকিবও

দেখিছো লৰাহঁতৰ সজাগ মন

বলৈ নিদিয়ে একো

ক্ষতিক্ষয়

সদা   বিৰাজিব দিহিং পাটকাই

বিশ্বখ্যাত   প্ৰাচ্যৰআমাজন।।